ভাৰতীয় মূলৰ মুছলমান জোহৰাণ মামদানী নিউয়ৰ্ক চিটীৰ মেয়ৰ হিচাপে নিৰ্বাচিত

Story by  atv | Posted by  Munni Begum • 2 h ago
জোহৰাণ মামদানী
জোহৰাণ মামদানী
 
নিউয়ৰ্ক 
 
মঙলবাৰে নিউয়ৰ্ক চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয় ভাৰতীয় মূলৰ জোহৰাণ মামদানী। এই জয় লাভৰ লগতে ডেম'ক্ৰেট ছ'চিয়েলিষ্ট মামদানী চহৰখনৰ প্ৰথমগৰাকী মুছলমান মেয়ৰ হিচাপে পৰিগণিত হয়। ডেম'ক্ৰেটিক দলৰ প্ৰগতিশীল শাখাৰ পৰা জয়লাভ কৰা মামদানীয়ে নিৰ্দলীয় প্ৰাৰ্থী এণ্ড্ৰু কুমো আৰু ৰিপাব্লিকান কাৰ্টিছ শ্লিৱাক পৰাস্ত কৰিছে। 
 
মেয়ৰ হিচাপে নিৰ্বাচিত হোৱা ৩৪ বছৰীয়া বিধায়কগৰাকীয়ে এক নতুন ইতিহাসৰ সূচনা কৰিছে। দক্ষিণ এছিয়া মূলৰ প্ৰথমগৰাকী আৰু আফ্ৰিকাত জন্মগ্ৰহণ কৰা প্ৰথম মেয়ৰ হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে মামদানীয়ে। জোহৰান মামদানীয়ে ২০০৪ চনৰ হিন্দী ব্লকবাষ্টাৰ ছবি 'ধূম'ৰ অতি জনপ্ৰিয় ট্ৰেক 'ধূম মাচালে' ব্যক্ত কৰি নিজৰ বিজয়ী ভাষণৰ সামৰণি মাৰিছে। 
নিউয়ৰ্কৰ সৈতে শ শ সমৰ্থকৰ সন্মুখত মমদানীয়ে বিজয়ী ভাষণৰ সামৰণি মাৰি কয়, "এই ক্ষমতা আপোনালোকৰ। এই চহৰখন আপোনালোকৰ। ধন্যবাদ সকলোকে।" ইয়াৰ লগে লগে অভিষেক বচ্চন, জন আব্ৰাহাম অভিনীত হিন্দী অতি জনপ্ৰিয় ছবি ধুমৰ টাইটেল ট্ৰেকটো পটভূমিত বজাবলৈ আৰম্ভ কৰে। 
 
ভাষণ শেষ হোৱাৰ লগে লগে তেওঁৰ সৈতে মঞ্চত উপস্থিত হয় তেওঁৰ পত্নী ৰামা দুৱাজী আৰু তেওঁৰ পিতৃ-মাতৃ। পটভূমিত গোটেই সময়খিনি বাজি থকে স্পন্দনশীল সুৰটো। মামদানী হৈছে বিশ্বৰ বিত্তীয় ৰাজধানীৰ প্ৰশাসনৰ নেতৃত্ব দিয়া প্ৰথমজন দক্ষিণ এছিয়াৰ প্ৰথমজন মুছলমান আৰু আটাইতকৈ কম বয়সীয়া মেয়ৰ। 
 
উগাণ্ডাৰ কাম্পালাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা আৰু ৭ বছৰ বয়সত পৰিয়ালৰ সৈতে নিউয়ৰ্ক চহৰলৈ গুচি যোৱা মামদানীয়ে হিন্দী চিনেমাৰ জনপ্ৰিয়তাৰ প্ৰতি আকৰ্ষিত হৈছিল। নিউয়ৰ্কৰ ভাৰতীয় আমেৰিকান ভোটাৰসকলৰ ওচৰলৈ যোৱাৰ বাবে তেওঁৰ  নিৰ্বাচনী প্ৰচাৰৰ কেইবাটাও ভিডিঅ'ত হিট হিন্দী চিনেমাৰ গীত আৰু সংলাপৰ ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে ভিডিঅ'বোৰত "দীৱাৰ", "কাৰ্জ" আৰু "ওম শান্তি ওম" আদিৰ হীট গীত আৰু সংলাপ ব্যৱহাৰ কৰা হৈছিল।  
মামদানীৰ এই ঐতিহাসিক জয়ৰ কেইঘণ্টামান পিছতে মামদানীয়ে সমৰ্থকৰ সন্মুখত ভাষণ দি কয় যে, তেওঁৰ বিজয়ে এটা ৰাজনৈতিক বংশক উফৰাই পেলালে আৰু লগতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয়, "আপোনাৰ সন্মুখত থিয় হৈ জৱাহৰলাল নেহৰুৰ কথাবোৰ মোৰ মনলৈ আহে যে, ইতিহাসত এটা মুহূৰ্ত আহে যিটো খুব কমকৈহে, যেতিয়া আমি পুৰণিৰ পৰা নতুনলৈ ওলাই যাওঁ, তেতিয়া এটা যুগৰ শেষ হয় আৰু বহুদিন ধৰি দমন কৰা এখন ৰাষ্ট্ৰৰ আত্মাই কণ্ঠ বিচাৰি পায়। আজি ৰাতি আমি পুৰণিৰ পৰা নতুনলৈ ওলাই আহিছো।" 
 
ইফালে, ১ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁ চহৰখনৰ আটাইতকৈ কম বয়সীয়া মেয়ৰ হিচাপেও পৰিগণিত হ’ব। সেয়েহে এতিয়া সকলোৰে দৃষ্টি মামদানীৰ ওপৰত, কিয়নো আমেৰিকাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ অন্তহীন দাবীসমূহক তেওঁ পূৰণ কৰিব লাগিব আৰু তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়া অভিলাষী আঁচনিসমূহ পূৰণ কৰিব লাগিব।   
 
সমৰ্থকৰ বিজয় উল্লাস
 
কেথী হোচুলে এক্সত এক পোষ্টত কয় যে, "আমাৰ চহৰখনক অধিক সুলভ আৰু বসবাসযোগ্য কৰি তুলিবলৈ তেওঁ মামদানীৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। লগতে মামদানীক চহৰখনৰ সৰ্বাধিক ভোটদানেৰে নিৰ্বাচনসমূহৰ ভিতৰত অভিলেখ সৃষ্টিকাৰী অন্যতম বিজয়ৰ বাবেও অভিনন্দন জনায়।" 
 
নিউয়ৰ্কৰ ২০ লাখতকৈ অধিক লোকে এই নিৰ্বাচনত ভোটদান কৰিছে, যিটো ৫০ বছৰতকৈও অধিক সময়ৰ ভিতৰত মেয়ৰৰ দৌৰত সৰ্বাধিক ভোটদানৰ হাৰ বুলি চহৰখনৰ নিৰ্বাচন পৰিষদে প্ৰকাশ কৰিছে।
ইতিমধ্যে তেওঁ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে ধৰি ৰাষ্ট্ৰীয় ৰিপাব্লিকানসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। তেওঁলোকে মামদানীক এক বিপজ্জনক আৰু অতি কট্টৰপন্থী ডেম'ক্ৰেট হিচাপে উল্লেখ কৰিছে। ট্ৰাম্পে বাৰে বাৰে ভাবুকি দিছে যে, যদি মামদানী জয়ী হয় তেন্তে চহৰখনলৈ ফেডাৰেল পুঁজি কৰ্তন কৰা হ’ব। আনকি ইয়াকো কৈছে যে, তেওঁ চহৰখনৰো সম্পূৰ্ণ দায়িত্ব ল’ব। 
 
আনহাতে, ট্ৰাম্পে চহৰখনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ভাবুকি দিয়াই নহয়, জয়ী হ’লে মামদানীক গ্ৰেপ্তাৰ কৰি বিতাড়িত কৰাৰ চেষ্টা কৰিব পাৰে বুলিও সংকেত দিয়া ট্ৰাম্পৰ সৈতে মামদানীয়ে পৰৱৰ্তী সময়ত কেনেদৰে মোকাবিলা কৰিব সেই প্ৰশ্নও উত্থাপন হৈছে। উগাণ্ডাত জন্মগ্ৰহণ কৰা মামদানীয়ে শৈশৱ তাতেই কটায় যদিও নিউয়ৰ্ক চহৰত তেওঁ ডাঙৰ-দীঘল হয় আৰু ২০১৮ চনত আমেৰিকান নাগৰিকত্ব লাভ কৰে। 
 
ইফালে, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত ব্ৰুকলিনত মামদানীৰ সমৰ্থকসকলে বিজয় উল্লাস কৰে আৰু তেওঁক সাৱটি ধৰে। কিছুমানৰ চকুৰে আনকি আনন্দৰ চকুলোও নিগৰে। মামদানীৰ এক্স একাউণ্টত চিটী হল ষ্টেচনত ৰখি থকা এখন মেট্ৰ' ৰে'লৰ ভিডিঅ' পোষ্ট কৰি কোৱা হৈছে, "পৰৱৰ্তী আৰু অন্তিম লক্ষ্য হ’ল চিটী হল।" 
 
নিউয়ৰ্ক চিটীৰ মেয়ৰ নিৰ্বাচিত জোহৰাণ মামদানী
 
মামদানীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে বিনামূলীয়া শিশু যত্ন, বিনামূলীয়া চিটিবাছ সেৱা, চহৰখনৰ দ্বাৰা পৰিচালিত হোৱা গেলামালৰ দোকান আৰু নতুন সম্প্ৰদায় সুৰক্ষা বিভাগ, যিয়ে আৰক্ষী বিষয়াৰ পৰিৱৰ্তে কিছুমান জৰুৰীকালীন ফোন চম্ভালিবলৈ মানসিক স্বাস্থ্যসেৱা কৰ্মীক পঠিয়াব। মামদানীৰ প্ৰচাৰ অভিযানৰ মূলতে আছিল চহৰখনৰ প্ৰতি তেওঁৰ আশাবাদী দৃষ্টিভংগী আৰু ইয়াৰ মধ্যবিত্ত আৰু নিম্নবিত্ত শ্ৰেণীৰ জীৱনৰ মান উন্নত কৰাৰ প্ৰতিশ্ৰুতি।  
 
মামদানীয়ে নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল এজন তুলনামূলকভাৱে অপৰিচিত ৰাজ্যিক বিধায়ক হিচাপে। আনকি নিউয়ৰ্ক চহৰৰ ভিতৰতো তেওঁৰ জনপ্ৰিয়তা নিচেই কম আছিল। ডেম'ক্ৰেটিক প্ৰাইমাৰীত কুমো আছিল প্ৰায় সৰ্বজন স্বীকৃত আৰু গভীৰ ৰাজনৈতিক সংযোগৰ সৈতে এক পৰিচিত নাম।  
 
কিন্তু নিৰ্বাচনী দৌৰ আগবাঢ়ি যোৱাৰ লগে লগে মামদানীৰ স্বাভাৱিক মনোমুগ্ধতা, আকৰ্ষণীয় ছ'চিয়েল মিডিয়াৰ ভিডিঅ' আৰু জনপ্ৰিয়তাবাদী অৰ্থনৈতিক মঞ্চই চহৰখনৰ ভোটাৰসকলৰ মনত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। তেওঁৰ জনপ্ৰিয়তা বাঢ়ি অহাৰ লগে লগে তেওঁ বাহিৰৰ লোকসকলৰ দৃষ্টিও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অৱশেষত প্ৰাইমাৰীত মামদানীয়ে কুমোক প্ৰায় ১৩ পইণ্টেৰে পৰাস্ত কৰিছে।