চৈয়দ ছাদুল্লা -- এটি ইম্প্ৰেছন

Story by  atv | Posted by  [email protected] • 1 Months ago
চৈয়দ ছাদুল্লা
চৈয়দ ছাদুল্লা
 
  স্বপ্না দাস 

মৃত্যু চিৰাচৰিত সত্য। জন্মিলে এদিন মৃত্যু অনিবাৰ্য। তথাপি বিদায় মানেই যেন বিষাদ। কিন্তু সময়েতো ৰৈ নিদিয়ে, সময়ে নিৰ্ধাৰণ কৰা সময়তে আহে বিদায়ৰ সময়! কিছুমানৰ বিদায়ত বিষাদৰ সমানেই অপূৰণীয় ক্ষতিও হয় পৰিয়াল-পৰিজনৰ লগতে একোখন সমাজৰ, একোখন ক্ষেত্ৰৰ। পিছে হৃদয় ভাঙিলেও, অপূৰণীয় ক্ষতি হ'লেও সময়ে লৈ আহে তেনে দুঃখবৰ। এটি চিনাকি আৰু জনপ্ৰিয় কন্ঠ চিৰদিনৰ বাবে ৰুদ্ধ হৈ পৰাৰ এক দুখৰ বাৰ্তা লৈ ২০২৫ চনৰ ৩০ অক্টোবৰৰ দিনৰ ভাগতে আহিল নিষ্ঠুৰ সময়। 

আকাশবাণী ডিব্ৰুগড়ৰ ঘোষক চৈয়দ ছাদুল্লা এটা চিনাকি কণ্ঠ, যি আছিল আমাৰ অলেখৰ মাজত সমাদৃত৷ বিশিষ্ট সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী তথা নাট্যকাৰ হিচাপে পৰিচিত চৈয়দ ছাদুল্লাই ২০২৫ বৰ্ষৰ ৩০ অক্টোবৰৰ পুৱা ১০ বাজি ৩৩ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইহসংসাৰৰ পৰা বিদায় লয়।
 
১৯৭১ চনৰ পৰা ১৯৭৫ চনলৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষক হিচাপে কৰ্মৰত চৈয়দ ছাদুল্লাই ১৯৭৫ চনৰ পৰা ১৯৮৩ চনলৈ  আকাশবাণী ডিব্ৰুগড়ৰেই ষ্টাফ আৰ্টিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পৰিবেশক হোৱাৰ উপৰি আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী ইংৰাজী বাতৰি পৰিৱেশকো আছিল তেখেত। তেখেতৰ গলগলীয়া গম্ভীৰ মাতৰ বাবে দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্ক'ভাৰী চেনেলত প্ৰায় ১০০ৰো অধিক তথ্যচিত্ৰৰ ঘোষক হিচাপে কাম কৰিবলৈও  সুবিধা লাভ কৰিছিল ছাদুল্লাই।
 
চৈয়দ ছাদুল্লা
 
১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈ মুম্বাই ৰেডিঅ'ৰ ষ্টাফ আৰ্টিষ্ট আৰু ১৯৮৫ চনৰ পৰা ২০০৮ চনলৈকে ডিব্ৰুগড় ৰেডিঅ'ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৮ চনৰ ১ ফেব্ৰুবাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চৈয়দ ছাদুল্লা আছিল অনেক প্ৰতিভাসম্পন্ন ব্যক্তিত্বৰ গৰাকী। চৈয়দ ছাদুল্লা সংগীত শিল্পী হোৱাৰ সমানেই এগৰাকী নাট্যকাৰ, কবি, লেখক হিচাপেও খ্যাতিসম্পন্ন ব্যক্তি আছিল।
 
প্ৰায় ১৮০ৰো অধিক গীতৰ স্ৰষ্টা আছিল চৈয়দ ছাদুল্লা। তেওঁ 'অল ইণ্ডিয়া ৰেডিঅ'ৰ এ-গ্ৰেড গীতিকাৰো আছিল। গীটাৰ বাদক হিচাপে খ্যাতি অৰ্জন কৰা চৈয়দ ছাদুল্লাই ড৹ ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ, অনুপ জালোতা, পাৰবিন চুলতানা আদি বিখ্যাত কণ্ঠশিল্পীৰ গীতৰ বাবে গীটাৰ বজাইছিল। ডিব্ৰুগড় ৰেডিঅ’ৰ পৰা সম্প্ৰচাৰিত ‘বৰ্ণালী’ আৰু ‘ডাক-পখিলি’ শীৰ্ষক অনুষ্ঠান দুটা ১৯৭৬ চনৰ পৰা দীৰ্ঘদিন ধৰি পৰিবেশন কৰি তেওঁ যথেষ্ট সমাদৰ লাভ কৰিছিল।
 
প্ৰায় তিনি দশক ধৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰা চৈয়দ ছাদুল্লাই আকাশবাণী ডিব্ৰুগড়ৰ পৰা দুকুৰিৰো অধিক তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাৰ লগতে কেইবাখনো অনাতাঁৰ নাটক আৰু ধাৰাবাহিকৰ বাবে গল্প ৰচনা কৰিছিল। তেখেতে ৰচনা কৰা কেইবাখনো নাটকে বঁটাও লাভ কৰিছিল। 'অলপ সুৰ বিচাৰি’, ‘দেৱতা’, ‘গান্ধী’, ‘বিচাৰ’, ‘উৰুখা’ আদি তথ্যচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিতও হয়।
 
চৈয়দ ছাদুল্লা
 
চৈয়দ ছাদুল্লা আছিল এগৰাকী মানৱতাবাদী ব্যক্তিত্বৰ অধিকাৰী লোক, যাৰ বাবেই আনকি তেওঁ মৃত্যুৰ পূৰ্বে নিজৰ চকুৰ কৰ্নিয়াও দান কৰি গৈছে। ছাদুল্লাৰ তেজৰ কৰ্কট ৰোগৰ গুৰুতৰ ৰূপ ক্ৰনিক লিম্ফোচাইটিক লিউকেমিয়া (CLL) ধৰা পৰিছিল, যাৰ ফলত হাইপ’ক্সিয়া সম্পৰ্কীয় জটিলতাই তেওঁৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সৃষ্টি কৰিছিল।
 
সেই ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত চৈয়দ ছাদুল্লাই নিয়তিৰ ওচৰত নিয়ম অনুসৰিয়েই হাৰ মানিলে। অসমৰ প্ৰতি, এই মাটিৰ প্ৰতি, অসমবাসীৰ প্ৰতি থকা  চাদুল্লাৰ ভালপোৱা তেওঁৰ সৃষ্টিৰাজিত প্ৰতিফলিত হৈছিল। অসমক মনে-প্ৰাণে ভালপোৱা এনে এগৰাকী ব্যক্তিৰ দেহাৱসান অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে জনজীৱনৰ বাবে অপূৰণীয় ক্ষতি। তেওঁ আমাৰ মাজত আৰু নাই।
 
এয়া নিয়তিৰ এক নিষ্ঠুৰ পৰিহাস, যি কথা আমি মানিবই লাগিব। কিন্তু তেওঁৰ গম্ভীৰ কণ্ঠ প্ৰতিগৰাকী শ্ৰোতাৰ কাণত চিৰদিন গুঞ্জৰিত হৈ থাকিব। চৈয়দ ছাদুল্লা, তেওঁৰ কৰ্ম, তেওঁৰ সৃষ্টিৰাজি এনেদৰেই ৰৈ যাব সকলোৰে মাজত। এইদৰেই আমাৰ মাজত চৈয়দ ছাদুল্লাও প্ৰোজ্জ্বল হৈ থাকিব চিৰদিনলৈ।

(স্বপ্না দাস  এগৰাকী স্বতন্ত্ৰ লেখক)