শ্ৰীনগৰত হুমা কুৰেশ্বীৰ গ্ৰন্থ ‘জেবা: এণ এক্সিডেণ্টেল ছুপাৰহিৰো’ উন্মোচন

Story by  atv | Posted by  [email protected] • 1 d ago
ইণ্ডিয়া চেম্বাৰ অৱ কমাৰ্চৰ অনুষ্ঠানত খালিদ ৱানীৰ সৈতে বাৰ্তালাপৰ সময়ত হুমা কুৰেশ্বী
ইণ্ডিয়া চেম্বাৰ অৱ কমাৰ্চৰ অনুষ্ঠানত খালিদ ৱানীৰ সৈতে বাৰ্তালাপৰ সময়ত হুমা কুৰেশ্বী
 
শ্ৰীনগৰ

বলীউডৰ অভিনেত্ৰী হুমা কুৰেশ্বীয়ে শ্ৰীনগৰত শেহতীয়াকৈ তেওঁৰ নতুন গ্ৰন্থ 'জেবা: এণ এক্সিডেণ্টেল ছুপাৰহিৰো' (Zeba: An Accidental Superhero) উন্মোচন কৰে। ইণ্ডিয়া চেম্বাৰ অৱ কমাৰ্চ (আই চি চি)ৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে কুৰেশ্বীৰ গ্ৰন্থখন উন্মোচন কৰা হয়। বহু নেতা, উদ্যোগী, গ্ৰন্থপ্ৰেমীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
 
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত হুমা কুৰেশ্বীয়ে তেওঁৰ কিতাপখনৰ বিষয়বস্তুৰ বিষয়ে এটা ইংগিত দিয়ে। কাহিনীটোত এগৰাকী ছোৱালীৰ ছুপাৰহিৰো হোৱাৰ যাত্ৰাৰ বিষয়ে কোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ পাহাৰৰ মাজত ভূমি-আৱদ্ধ এখন দেশৰ কথা কল্পনা কৰিছে, য'ত তেল আছে আৰু এজন দুষ্ট ৰজাই ইয়াক শাসন কৰে। ছোৱালীজনীয়ে এই ৰজাক কেনেকৈ পৰাস্ত কৰে, কাহিনীটোত সেই কথা কোৱা হৈছে।
হুমাই লগতে কয় যে কিতাপখনত ৰজাৰ বংশধৰ, ৰাজ্য আৰু ইয়াৰ ইতিহাসৰ বিষয়েও কোৱা হৈছে। তেওঁ কয় যে কাহিনীটো আচলতে মাকৰ ওপৰত আধাৰিত এটা চৰিত্ৰৰ পৰা আৰম্ভ হয়। কাশ্মীৰী মহিলাৰ কথা কওঁতে হুমাই কয়, "মই কাশ্মীৰৰ ছোৱালী। মই মোৰ পৰিয়ালৰ মহিলা সকলক চাই ডাঙৰ হৈছো। তেওঁলোক বহুত শক্তিশালী। শক্তি বহু দিশত দেখুৱাব পাৰি। কেতিয়াবা ধৈৰ্য্যও শক্তি, কেতিয়াবা মৌনতাও শক্তি হ'ব পাৰে। এই গুণবোৰ মই কাশ্মীৰৰ মহিলাসকলৰ পৰা আৰু নিজৰ পৰিয়ালৰ পৰা শিকিলোঁ।"
 
আই চি চি কাশ্মীৰ বিজনেছ কাউন্সিল (ICC Kashmir Business Council)ৰ অধ্যক্ষ খালিদ ৱানীয়ে হুমাৰ সৈতে এক আলোচনাত মিলিত হয়। তেওঁ কয় যে এই কথা-বতৰাৰ পৰা তেওঁৰ ছবিৰ যাত্ৰাৰ গভীৰ দৃষ্টি নিক্ষেপ কৰা হৈছে। অভিনয়ৰ পৰা লেখকলৈ তেওঁৰ যাত্ৰা কেনেকৈ আগবাঢ়িল, আৰু দুয়োটা ক্ষেত্ৰতে কেনেকৈ শক্তিশালী ষ্টৰীটেলিঙৰ প্ৰয়োজন হয়, সেই বিষয়েও তেওঁলোকে আলোচনা কৰে। দৰ্শকে তেওঁৰ কথা আৰু অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত অনুভৱ কৰে। 
ইফালে, ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ (Toronto International Film Festival 2025)ৰ বাবে নিৰ্বাচিত হৈছে হুমাৰ আগন্তুক ছবি ‘বায়ান’ (‘Bayaan’)। ইয়াৰ প্ৰিমিয়াৰ হ’ব এই উৎসৱৰ ডিস্কভাৰী ছেকচনত। এই শিতানত ‘বায়ন’ একমাত্ৰ ভাৰতীয় ছবি। ইয়াৰ পূৰ্বে বঁটা বিজয়ী ছবি চৌৰাংগা নিৰ্মাণ কৰা বিকাশ ৰঞ্জন মিশ্ৰৰ পৰিচালক এই ছবিখন।
 
উল্লেখ্য যে, হুমা ছবিখনৰ কাৰ্যবাহী প্ৰযোজকো। পৰিচালক মিশ্ৰই কয় যে ছবিখনত আজিৰ ভাৰতৰ এক মাৰ্মান্তিক প্ৰতিফলন ঘটিছে। ইয়াত দেখুওৱা হৈছে যে ক্ষমতা আৰু লিংগৰ মাজত প্ৰায়ে কঠিন আৰু লুকাই থকা ধৰণে সংঘৰ্ষ হয়।