ঐক্য-সংহতিক আঘাত নকৰাকৈ ঐতিহ্য ৰক্ষাৰ প্ৰতিশ্ৰুতি লওকঃ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 17 h ago
স্বাধীনতা দিৱসৰ ভাষণ দিয়াৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
স্বাধীনতা দিৱসৰ ভাষণ দিয়াৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীৰ সন্মুখত উদাত্ত ভাষণ দিয়ে। তেওঁ দেশৰ ঐক্য-সংহতি আৰু ঐতিহ্যক লৈ গৌৰৱ প্ৰকাশ কৰি কয় যে প্ৰতিজন দেশবাসীয়ে ভাৰতৰ ঐক্য-সংহতিক আঘাত নকৰাৰ প্ৰতিশ্ৰুতি লোৱা উচিত।  স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দাসত্ব কেতিয়াও ভাৰতৰ ডি এন এৰ অংশ হ’ব নোৱাৰে। 
 
পাকিস্তানৰ সৈতে সিন্ধু জল সন্ধি ভংগ কৰাৰ সন্দৰ্ভত মোদীয়ে কয় যে সেয়া অন্যায় আৰু একপক্ষীয়। ‘আমাৰ পানীৰ ওপৰত কেৱল ভাৰতীয় কৃষকৰহে অধিকাৰ আছে। সিন্ধু চুক্তি কিমান অন্যায় আৰু একপক্ষীয় সেই কথা আমাৰ দেশৰ জনসাধাৰণে স্পষ্টকৈ বুজি পাইছে। ভাৰতৰ পৰা উৎপত্তি হোৱা নদীৰ পানীয়ে আমাৰ শত্ৰুৰ পথাৰত জলসিঞ্চন কৰি আহিছে, আনহাতে আমাৰ খেতিয়ক আৰু দেশৰ মাটি পানী নোহোৱাকৈয়ে পিয়াহত মৰি আছে। এইখন এনে এক চুক্তি আছিল যিয়ে যোৱা সাতটা দশক ধৰি মোৰ দেশৰ কৃষকসকলৰ কল্পনাতীত ক্ষতিসাধন কৰি আহিছে। এতিয়া পানীৰ ওপৰত অধিকাৰ কেৱল ভাৰতীয় কৃষকৰ।"
ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক বেয়া হোৱাকে ধৰি বিশ্ব সংকট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতীয়সকলে ইয়াক লৈ বহি বিলাপ কৰা উচিত নহয়। "আজি যেতিয়া গোলকীয় পৰিস্থিতিত অৰ্থনৈতিক স্বাৰ্থপৰতা দিনক দিনে বৃদ্ধি পাইছে, তেতিয়া সেই সংকটবোৰক লৈ আমি কান্দি বহি থাকিব নালাগে। আমি সাহসেৰে আমাৰ পথ মুকলি কৰিব লাগিব।"-এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।
 
তেওঁ কয়, "আমি আমাৰ শক্তি আনক দেখুৱাই নষ্ট কৰিব নালাগে, বৰঞ্চ আমাৰ উন্নয়নক আগুৱাই নিবলৈ এই শক্তি বিনিয়োগ কৰিব লাগে"। তেওঁ অপাৰেচন সেন্দুৰত জোৱানসকলৰ সাহসিকতাৰ ভূয়সী প্ৰশংসা কৰে আৰু কয় যে পহলগামত সংঘটিত হোৱা নিৰ্মম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ভাৰতীয়সকলৰ সামূহিক ক্ষোভক অপাৰেচন সেন্দুৰ-এ প্ৰতিফলিত কৰে। ভাৰতীয় সুৰক্ষা জোৱানসকলৰ বীৰত্বক প্ৰণাম জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “শত্ৰুক তেওঁলোকে কল্পনা কৰিব নোৱাৰা ধৰণে শাস্তি দিয়া হৈছে।”
"আমি আমাৰ প্ৰতিৰক্ষা বাহিনীক কৌশল, উদ্দেশ্য আৰু সময় নিৰ্ধাৰণ কৰিবলৈ মুক্ত হাত দিলোঁ। আমাৰ সেনা বাহিনীয়ে এক অভূতপূৰ্ব প্ৰত্যুত্তৰ আগবঢ়াইছিল, যিটো দশক দশক ধৰি দেখা পোৱা নাছিল।"-সন্ত্ৰাসবাদী ঘাটি আৰু পাকিস্তানৰ সামৰিক আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়।
 
পাকিস্তানৰ নীতি সন্দৰ্ভত মোদীয়ে কয়, "পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। যি পানী প্ৰকৃততে ভাৰত আৰু ভাৰতীয় কৃষকৰ হ’ব লাগিছিল, সেয়া কেৱল আমাৰেই হ’ব৷ আৰু আমি সিন্ধু জল সন্ধি মানি নলওঁ। সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকসকলকো একে শাস্তি প্ৰদান কৰা হ’ব। আমি এটা নতুন নীতি প্ৰতিষ্ঠা কৰিলোঁ যে সন্ত্ৰাসবাদী আৰু তেওঁলোকক নিৰাপদ আশ্ৰয় প্ৰদান কৰাসকলৰ লগত একে ব্যৱহাৰ কৰা হ’ব। উভয়ে মানৱতাৰ শত্ৰু। ভাৰতে সংকল্প লৈছে যে আমি পাৰমাণৱিক ভাবুকি বা ব্লেকমেইলৰ আগত শিৰনত নকৰো। যদি আমাৰ শত্ৰুৱে এনে আক্ৰমণ অব্যাহত ৰাখে, তেন্তে আমাৰ প্ৰতিৰক্ষা বাহিনী ইয়াৰ প্ৰত্যুত্তৰ বাবে সাজু আছে।”
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি দেশৰ প্ৰতিটো কোণত স্বাধীনতাৰ গান আৰু শ্লোগান উচ্চাৰিত হৈছে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে, "যেতিয়া আমি ৩৭০ অনুচ্ছেদৰ দেৱাল ভাঙি এখন দেশ, এখন সংবিধানৰ মন্ত্ৰ উপলব্ধি কৰিলোঁ, তেতিয়া আমি এখন দেশ, এখন সংবিধানক জীৱনৰ মন্ত্ৰ হিচাপে মানি লৈছিলো। এয়া আছিল শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।"
 
প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত দেশবাসীক জি এছ টি হ্ৰাস কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। "এইবাৰৰ দীপাৱলী মই আপোনালোকৰ বাবে দুগুণ আনন্দজনক হিচাপে গঢ়ি তুলিবলৈ ওলাইছো। যোৱা আঠ বছৰত আমি জি এছ টিৰ এক বৃহৎ সংস্কাৰ হাতত লৈছো। আমি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আনিছো। ইয়াৰ ফলত সমগ্ৰ দেশতে কৰ বোজা হ্ৰাস পাব"।