আৱাজ-দ্য ভইচ অসম ব্যুৰো
চুলি আমাৰ সকলোৰে সৌন্দৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু উত্তৰ ভাৰতত অধিক ঘাম ওলোৱাৰ ফলত মূৰত উফি বা ডেণ্ড্ৰাফৰ সৃষ্টি হয়। যি চুলিৰ বাবে একপ্ৰকাৰৰ বিষৰ দৰে কাম কৰে। কিয়নো উফিয়ে চুলিকোছা ৰুক্ষ কৰি তোলে আৰু সৰিবলৈ ধৰে। খ্যাতনামা হেয়াৰ এক্সপাৰ্ট জাৱেদ হাবিবৰ মতে, মানুহে দীঘল চুলি ভালে ৰাখিবলৈ কোনো ব্যয়বহুল প্ৰসাধন ব্যৱহাৰ কৰিব নালাগে। কিয়নো আমাৰ ঘৰতে সহজে উপলব্ধ উপাদানতে ইয়াৰ সমাধান লুকাই আছে।
২৩ আগষ্টত নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত চুলিৰ বিশেষজ্ঞ জাৱেদ হাবিবে ভাৰতত বিশেষকৈ উত্তৰ ভাৰতত সাধাৰণভাৱে চুলিৰ যত্ন লোৱা পদ্ধতিৰ বিষয়ে আলোচনা কৰিছে।
জাৱেদ হাবিব হেয়াৰ এণ্ড বিউটিৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষগৰাকীয়ে কয় যে, উত্তৰ ভাৰতত ঘামৰ ফলত প্ৰায়ে উফিৰ সৃষ্টি হয়, যাক তেওঁ চুলিৰ বাবে ‘বিষ’ বুলি অভিহিত কৰিছে। তেওঁ কয়, "বহু মানুহে দীঘল চুলি সঘনাই নোধোৱে, যিটো এটা ভুল ধাৰণা। কাৰণ দীঘল চুলি সঘনাই নোধোৱাৰ ফলতে চুলিৰ গুৰিত খজুৱতি হয় আৰু পিছত চুলি সৰা আৰম্ভ হয়।"
গতিকে, ইয়াৰ সমাধান কি? জাৱেদ হাবিবে দৈনিক সৰিয়হৰ তেল ব্যৱহাৰ কৰি চুলি ধোৱাৰ পৰামৰ্শ দিয়ে। তেওঁ কয়, "যদি আপুনি চুলি ধোৱাৰ পূৰ্বেই তিতা চুলিত ৫-১০ মিনিট সময়ৰ বাবে সৰিয়হৰ তেল লগাই, পিছত চেম্পু, চাবোন তথা ৰীথা (ভাৰতীয় চাবোনবেৰী) ৰে ধুই দিয়ে। তেন্তে অপোনাৰ চুলিকোছাৰ স্বাস্থ্য উন্নত হব।"
তেওঁ কয় যে, দৈনিক চুলি ধোৱাৰ ফলত চুলি নসৰে। তেওঁ ৫০ বছৰ বয়সৰ আগতেই স্বাভাৱিকভাৱে চুলি সৰাৰ ধাৰণাটোক নস্যাৎ কৰিছে।
জাৱেদ হাবিবে কয়, "আমাৰ উত্তৰ ভাৰতত বিশেষকৈ উত্তৰ-পূৱত বহুত ঘাম ওলায়, আৰু এই ঘামৰ ফলত আমাৰ চুলিৰ ভিতৰত আৰু ছালত এক প্ৰকাৰৰ উফিৰ সৃষ্টি হয়। আমি ইয়াক উফি বুলি কওঁ। আৰু এই উফি চুলিৰ বাবে এক প্ৰকাৰৰ বিষ সদৃশ। ইয়াৰ সমাধান কি? বাৰু, আৰম্ভণিতে বহুত অন্ধবিশ্বাস আছিল যে – মানুহে চুলি দীঘল কৰি ৰাখিব বিচাৰে, কিন্তু সদায় ধুব নোৱাৰে। যাৰ বাবেই চুলিগুৰিত খজুৱতি আৰম্ভ হয় আৰু আমাৰ চুলিখিনি সৰা আৰম্ভ হয়। সেয়েহে ইয়াৰ সমাধান এটায়ে হৈছে যে, আপুনি নিতৌ চুলি ধুব লাগিব। কিন্তু কেনেকৈ ধুব?"
প্ৰতিনিধিত্বমূলক ছবি
তেওঁ কয়, "প্ৰথমে চুলিকোছা তিয়াই লওঁক, কাৰণ শুকান চুলিত তেলে কোনো ধৰণৰ উপকাৰ সাধন নকৰে। সেয়েহে আপুনি মোৰ পদ্ধতিৰে চুলি ধুৱক। কিন্তু সেই পদ্ধতিটো কি? প্ৰথমে চুলিখিনি তিয়াই লওঁক। ইয়াৰ পিছত সৰিয়হৰ তেল ব্যৱহাৰ কৰক। যিহেতু আমাৰ ইয়াত যথেষ্ট পৰিমানে সৰিয়হ উপলব্ধ। ভগৱানেও নিশ্চয় কিবা নহয় কিবা কাৰণতে সৰিয়হ দিছে, গতিকে সৰিয়হৰ তেল চুলিত লগাওঁক। কিন্তু এই তেলেৰে চুলিত মালিচ নকৰিব। মাত্ৰ ৫-১০ মিনিট মান সময় চুলিত লগাই ৰাখিব। তাৰ পিছত চুলিখিনি ধুই দিব। চুলিখিনি ধুবলৈ আপুনি আপোনাৰ পছন্দৰ যিকোনো চেম্পু, চাবোন বা ৰীথা ব্যৱহাৰ কৰিব পাৰিব। কিন্তু দৈনিক চুলি ধুব লাগিব। এই প্ৰক্ৰিয়াটো দৈনিক কৰিলে আপোনাৰ চুলি কেতিয়াও নসৰে। ৫০ বছৰ বয়সৰ আগতে সাধাৰণতে কাৰো চুলি নসৰে। যদি কোনো লোকৰ চুলি সৰিছে, তেন্তে তেওঁলোকে মোৰ এই পদ্ধতিটো অৱলম্বন কৰক।"
তেওঁ লগতে কয়, "সৰিয়হৰ তেলত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু ফেটি এচিড থাকে, যিয়ে চুলিক হাইড্ৰেটিং আৰু কণ্ডিচনিং কৰাত সহায়ক হয় আৰু আপোনাৰ চুলিৰ স্বাস্থ্য উন্নত কৰে।"