হিজাব পিন্ধা পেছাদাৰী ফ্ৰীষ্টাইল ফুটবলাৰ হাদিয়া হাকিমৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 14 h ago
হাদিয়া হাকিম
হাদিয়া হাকিম
 
শ্ৰীলাথা মেনন/ থ্ৰিছুৰ
 
“FOR THE GIRLS OUT THERE...” – এইটো হৈছে পেছাদাৰী ফ্ৰীষ্টাইল ফুটবলাৰ হাদিয়া হাকিমৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টৰ এক কেপচন। ইনষ্টাগ্ৰামত প্ৰকাশ কৰা ভিডিঅ’টোত হিজাব পিন্ধা হাদিয়াই নিপুণতাৰে ফুটবল খেলি আছে আৰু তেওঁৰ পিছফালে আছে ডুবাইৰ বুৰ্জ খলিফা। 
 
হাদিয়া এগৰাকী পেছাদাৰী ফ্ৰীষ্টাইল ফুটবলাৰ হোৱাৰ সমান্তৰালকৈ হৈছে এগৰাকী শিল্পী। নিজৰ কলা প্ৰদৰ্শন কৰিবলৈ তেওঁক ১১ জনীয়া সম্পূৰ্ণ দল এটাৰ প্ৰয়োজন নাই। কেৰালাৰ কোঝিকোডৰ হাদিয়াই ১২ বছৰ বয়সতে ফ্ৰীষ্টাইল ফুটবলৰ প্ৰেমত পৰিছিল। সেই সময়ত তেওঁ কাটাৰত থাকি স্কুলত ফুটবল খেলিছিল। যেতিয়া তেওঁৰ পৰিয়ালটো কেৰালালৈ উভতি আহিছিল, তেতিয়াও হাদিয়াই ফুটবলৰ প্ৰতি থকা আৱেগ এৰিব পৰা নাছিল। কিন্তু তেওঁৰ ঘৰ বা স্কুলৰ ওচৰত ছোৱালীৰ কোনো ফুটবল দল নাছিল। তথাপি তেওঁ আশা হেৰুওৱা নাছিল, কাৰণ তেওঁ ফুটবল খেলি খুব ভাল পাইছিল।
 
ডুবাইত হাদিয়া হাকিম
 
ইয়াৰ পিছত তেওঁ ইউটিউবত ফ্ৰীষ্টাইল টিউটৰিয়েল আৱিষ্কাৰ কৰে আৰু ইয়াৰ পৰা তেওঁ নিজাববীয়াকৈ ফ্ৰীষ্টাইল ফুটবল শিকিবলৈ আৰম্ভ কৰিলে। বছৰ বছৰ ধৰি তেওঁ ঘৰৰ ভিতৰতে অতি নিষ্ঠাৰে ইয়াৰ অনুশীলন কৰে। লাহে লাহে তেওঁ নিজৰ ফ্ৰীষ্টাইল ভিডিঅ’বোৰ ইউটিউবত পোষ্ট কৰিবলৈ ধৰিলে। 
 
এইদৰে লাহে লাহে হাদিয়াৰ ভিডিঅ’বোৰে হাজাৰ হাজাৰ ভিউ লাভ কৰিবলৈ ধৰিলে। বহু যুৱক-যুৱতীয়ে তেওঁক অনুসৰণ কৰিবলৈ ধৰিলে আৰু হাদিয়া এগৰাকী প্ৰভাৱশালী মহিলা হৈ পৰিল। ২০২২ চনত কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ সময়ত তেওঁৰ ভিডিঅ’ই আয়োজকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু বিশ্বকাপত তেওঁ ইনফ্লুৱেন্সাৰ হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰিত হৈছিল।
 
আনকি হাদিয়াই খেলৰ বিৰতিৰ সময়ত ৪০ হাজাৰ লোকৰ সন্মুখত ফ্ৰীষ্টাইল ফুটবল প্ৰদৰ্শনৰো সুযোগ লাভ কৰিছিল। ফ্ৰীষ্টাইল ফুটবল প্ৰায়ে দক্ষিণ এছিয়াৰ কিছুমান পৰম্পৰাগত খেলৰ সৈতে জড়িত। আগতে ইয়াক যাদু প্ৰদৰ্শনতো পৰিবেশন কৰা হৈছিল।পিছলৈ মাৰাডোনাৰ দৰে বিখ্যাত ফুটবলাৰে ইয়াক অধিক জনপ্ৰিয় কৰি তুলিছিল। আজি এই খেলবিধে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে, আৰু ইয়াৰ বাবে চেম্পিয়নশ্বিপ আয়োজন কৰা হৈছে।
 
হাদিয়াই কয় যে এতিয়ালৈকে তেওঁৰ যাত্ৰা অতি সন্তুষ্টিদায়ক। ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁ লিখিছে, “ফ্ৰীষ্টাইল ফুটবলাৰ হিচাপে মই ক্ৰীড়া, শিল্প আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে এক সংমিশ্ৰিত অভিজ্ঞতা অনুভৱ কৰিছো। ই মোক বিভিন্ন ভূমিকা দিছে – এজন পাৰফৰমেন্স আৰ্টিষ্ট, এজন এথলীট, আৰু এজন কন্টেন্ট ক্ৰিয়েটৰৰ ৰূপত মানুহে মোক আঁকোৱালি লৈছে।” বুৰ্জ খলিফাৰ বাহিৰত নিজৰ প্ৰদৰ্শন দাঙি ধৰি তেওঁ আনন্দৰে কয় যে এই পোষ্টটোৱে ইতিমধ্যে ১০ লাখ লাইক পাইছে।
 
হাদিয়া হাকিমে অনুশীলন কৰি থকা এক দৃশ্য
 
ফ্ৰীষ্টাইল ফুটবলৰ প্ৰতিও তেওঁ কৃতজ্ঞতা অনুভৱ কৰে। এই ক্ৰীড়াৰ জৰিয়তে তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ মাজলৈ যাব পাৰিছে আৰু লগতে ফুটবল, ফ্ৰীষ্টাইল ফুটবল, আৰু ক্ৰীড়া সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ সৈতেও তেওঁৰ এক শক্তিশালী সম্পৰ্ক গঢ়ি উঠিছে। হাদিয়াৰ গৌৰৱৰ আন এটা ক্ষণ আছিল যে তেওঁ দোহাত ২০২৩ চনৰ ফিফা বিশ্বকাপৰ সময়ত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত ষ্টেডিয়ামত অনুষ্ঠান পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছিল। 
 
কেৰালাৰ কোঝিকোডত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এতিয়া তেওঁ অভিনয় আৰু ছ’চিয়েল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰ হিচাপে ব্যস্ত হৈ আছে। ইনষ্টাগ্ৰামৰ এটা পোষ্টত তেওঁ লিখিছে: "মই মোৰ শক্তি আৰু উদ্দেশ্যৰ সৈতে এটা ফুটবল কঢ়িয়াই লৈ ফুৰো। এয়া কেৱল মোৰ বাবেই নহয়; মোক চাই থকা প্ৰতিগৰাকী ছোৱালীৰ বাবে।" 
 
তেওঁৰ বেছিভাগ পোষ্টতে #WomenEmpowerment আৰু #WomenInSports আদি হেচটেগ দেখিবলৈ পোৱা যায়। এইবোৰে তেওঁৰ ফ্ৰীষ্টাইল ফুটবলৰ প্ৰতি থকা আকৰ্ষণৰ আঁৰৰ বাৰ্তাক প্ৰতিফলিত কৰে। এই খেলবিধে হাদিয়াক এক সুকীয়া পৰিচয় দিছে, স্বাধীনতা দিছে আৰু আকাশৰ তলত নিজৰ স্থান দিছে।
 
হাদিয়া হাকিম
 
হাদিয়াই সদায় নিজৰ স্বাধীনতা আৰু ব্যক্তিত্ব প্ৰকাশ কৰি আহিছে আৰু কেতিয়াও পৰম্পৰা বা সংস্কৃতি ভংগ কৰা নাই। হিজাব গাউন পিন্ধি তেওঁ নিজকে সহজে ফ্ৰীষ্টাইলিং কৰি দেখুৱাইছে। বিশ্ব হিজাব দিৱসত তেওঁ পোষ্ট কৰিছিল-“হিজাব ধুনীয়া, ইয়াক মৰমেৰে আৰু গৌৰৱেৰে পিন্ধক।” ভিডিঅ’টোত হাদিয়াক সদায়ৰ দৰেই স্কাৰ্ফ পিন্ধি ফুটবল খেলি থকা দেখা গৈছে।
 
বেছিভাগ সময়তে তেওঁ ট্ৰাউজাৰ, লুজ টপ আৰু হেডস্কাৰ্ফ পিন্ধি ফ্ৰীষ্টাইল কৰে। এনে কাপোৰৰ বাবে তেওঁ বিজ্ঞাপনো কৰে। এটা পোষ্টত তেওঁ লিখিছে: “মোৰ ফুটবল অনুৰাগীৰ বাবে নিখুঁত সাজ-পোছাক বিচাৰি পালোঁ!”
 
উল্লেখ্য যে, হাদিয়া এতিয়া স্থায়ীভাৱে ইউ এ ইলৈ গুচি গৈছে। তাত তেওঁ নিজৰ আবেগক অনুসৰণ কৰি আছে। এতিয়া তেওঁ বিবাহপাঁশত আৱদ্ধ হৈছে আৰু হাস্যৰসেৰে কৈছে যে, “যুগ্ম জীৱন কটাবলৈ কোনোবা এজন বিচাৰি পালোঁ...”। কিন্তু তেওঁৰ সকলো পোষ্টৰ মূল বাৰ্তাটো একেই আছে: “আপুনি চাব বিচৰা পৰিৱৰ্তন প্ৰথমে নিজৰ মাজতে কৰক।” (Be the change you want to see…)