আজি মক্কাত সম্পন্ন হ'ব 'গুছল-ই-কাবা' অনুষ্ঠান

Story by  atv | Posted by  [email protected] • 17 h ago
আজি মক্কাত সম্পন্ন হ'ব 'গুছল-ই-কাবা' অনুষ্ঠান
আজি মক্কাত সম্পন্ন হ'ব 'গুছল-ই-কাবা' অনুষ্ঠান
 
আৱাজ-দ্য ভইচ ব্যুৰ'
 
গুছল-ই-কাবা, অৰ্থাৎ পবিত্ৰ কাবা শ্বৰীফ ধোৱাৰ বিশেষ আৰু পবিত্ৰ অনুষ্ঠান। এইবাৰ  ইছলামিক কেলেণ্ডাৰৰ ১৪৪৭ হিজৰী চনৰ মহৰম মাহৰ ১৫ তাৰিখে অনুষ্ঠিত হ'ব। অৰ্থাৎ ২০২৫ চনৰ ১০ বা ১১ জুলাই তাৰিখে অনুষ্ঠিত হ'ব। এই বছৰ ১০ জুলাই বৃহস্পতিবাৰ অৰ্থাৎ আজি হোৱাৰ সম্ভাৱনা বেছি।
 
এই ঐতিহাসিক অনুষ্ঠানত ইছলামিক বিশ্বৰ জ্যেষ্ঠ বিষয়া, আলিম-উলামা আৰু বিশিষ্ট অতিথিসকল উপস্থিত থাকে। এই সময়ত পবিত্ৰ কাবা শ্বৰীফৰ ভিতৰৰ দেৱালসমূহ জমজমৰ পানী, গোলাপজল আৰু উত্তম সুগন্ধিৰ (আঁতৰ) মিশ্ৰণেৰে ধোৱা হয়।
 
গুছল-ই-কাবা অনুষ্ঠানৰ কিছু দৃশ্য
 
এই অনুষ্ঠান কেৱল এক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাৰ্য্য নহয়। ই হৈছে আধ্যাত্মিকতা, শ্ৰদ্ধা আৰু এক নতুন সজাগতাৰ প্ৰতীক। সমগ্ৰ  বিশ্বৰ মুছলমানসকলে কাবা-শ্বৰীফৰ পিনে মুখ কৰি নামাজ পঢ়ে। এই ৰীতি বা অনুষ্ঠান সাধাৰণতে বছৰত দুবাৰকৈ কৰা হয়। এবাৰ ৰমজানৰ আগতে আৰু দ্বিতীয়বাৰ হজ্বৰ পিছত, মহৰমৰ মাহত।
 
এই ৰীতিৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ ক্ষেত্ৰত, ছৌদি জেনেৰেল প্ৰেচিডেন্সিৰ নিযুক্ত সদস্যসকলে বিশেষভাৱে ধোৱাৰ বাবে মিশ্ৰণ প্ৰস্তুত কৰে।
 
ইয়াৰ ভিতৰত আছে গোলাপজল, আউদ আৰু দামী সুগন্ধি দ্ৰব্য। এই সামগ্ৰীবোৰ উৎকৃষ্ট মানৰ হয় আৰু ইয়াৰ মূল্য হাজাৰ হাজাৰ ছৌদি ৰিয়াল পৰ্যন্ত হয়।
বহু সময়ত, এই পৰম্পৰাত অংশগ্ৰহণ কৰিবলৈ নিদিয়াৰ বাবে সাধাৰণ মানুহে আপত্তি কৰা দেখা যায়। এই পৰম্পৰাত অংশগ্ৰহণৰ সুযোগ কেৱল কিছুমান নিৰ্বাচিত উচ্চ পদস্থ ব্যক্তি আৰু বিশিষ্ট ব্যক্তিকহে দিয়া হয় আৰু সাধাৰণ হজযাত্ৰী আৰু স্থানীয় মুছলমানসকলক ইয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়।
 
কিন্তু সুৰক্ষা আৰু নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা, সকলোকে ইয়াত অংশগ্ৰহণ কৰোৱাটো কাৰ্য্যকৰী নহয়। যিহেতু হাৰাম শ্বৰীফ বা কাবা শ্বৰীফত যিকোনো সময়তে হাজাৰ হাজাৰ লোক উপস্থিত থাকে। যদি সকলোকে ভিতৰলৈ যাবলৈ অনুমতি দিয়া হয়, যিকোনো ধৰণৰ অঘটন ঘটিব পাৰে। যাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিব পাৰে।
 
যদিও এই অনুষ্ঠানটো এটা সীমিত সংখ্যক লোকৰে অনুষ্ঠান। কিন্তু প্ৰতিবছৰে ইয়াৰ ছবি আৰু ভিডিঅ'ই সমগ্ৰ বিশ্বৰ মুছলমানৰ হৃদয় স্পৰ্শ কৰে আৰু এই পবিত্ৰ মুহূৰ্তটো সমগ্ৰ মুছলমানৰ বাবে এক আধ্যাত্মিক অভিজ্ঞতা হৈ পৰে।
 
গুছল-ই-কাবা- আধ্যাত্মিক ঐতিহ্য, ঐক্য আৰু সন্মানৰ প্ৰতীক