গুৱাহাটীত অপাৰেচন সেন্দুৰৰ পেণ্ডেলেৰে গণেশ চতুৰ্থী উদযাপন; উত্তৰ-পূবৰ সৰ্ববৃহৎ গণেশ মূৰ্তি স্থাপন

Story by  atv | Posted by  [email protected] • 3 h ago
উত্তৰ-পূবৰ সৰ্ববৃহৎ গণেশ মূৰ্তি
উত্তৰ-পূবৰ সৰ্ববৃহৎ গণেশ মূৰ্তি
 
গুৱাহাটী
 
আজি হিন্দু ধৰ্মৰ অন্যতম বৃহৎ উৎসৱ গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। এই দিনটোৰ বাবে সমগ্ৰ ভাৰততে উখল-মাখল পৰিৱেশ দেখা গৈছে, গুৱাহাটীও ইয়াৰ ব্যতিক্ৰম নহয়। দেশৰ বিভিন্ন প্ৰান্তত গণেশ পূজাৰ বিভিন্ন আচাৰ-অনুষ্ঠান আৰু ৰীতি-নীতি পালন কৰা হৈছে। মন্দিৰসমূহ সজাই পৰাই তোলা হৈছে, ভক্তৰ ভিৰ আৰু ধর্মীয় অনুষ্ঠানৰ প্রস্তুতি অব্যাহত আছে৷
 
ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন গণেশ মন্দিৰসমূহ ৰঙীন পোহৰ আৰু ফুলেৰে সজাই তোলা হৈছে। মহানগৰীৰ ৰাজপথত পেণ্ডেল নিৰ্মাণ, প্ৰসাদ বিতৰণ আৰু নিৰাপত্তাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে।
 
উত্তৰ-পূবৰ সৰ্ববৃহৎ গণেশ মূৰ্তিৰ কিছু দৃশ্য
 
ইফালে, ফটাশিল আমবাৰীত উত্তৰ-পূবৰ সৰ্ববৃহৎ গণেশ মূৰ্তি স্থাপন কৰা হৈছে। এই বিশাল গণেশ মূৰ্তিৰ উচ্চতা ৪১ ফুট ৯ ইঞ্চি। এই মূৰ্তিটো  ড° বি আৰ আম্বেদকাৰ যুৱ ক্লাব আৰু তেলেগু এছ’চিয়েশ্যনৰ যৌথ উদ্যোগত আয়োজিত পূজাভাগৰ মুখ্য আকৰ্ষণ হৈছে ‘অপাৰেচন সেন্দুৰ পেণ্ডেল’ৰ আৰ্হিত নিৰ্মাণ কৰা পেণ্ডেল। ‘অপাৰেচন সেন্দুৰ পেণ্ডেল’ গুৱাহাটীবাসীৰ বাবে এক অনন্য আৰু স্মৰণীয় উৎসৱৰ অভিজ্ঞতা। আয়োজকসকলৰ মতে, এই পদক্ষেপৰ লক্ষ্য হৈছে ধৰ্মীয় আৰু সামাজিক ঐক্য আৰু সমন্বয়ৰ বাৰ্তা প্ৰচাৰ কৰা।
 
এই পদক্ষেপৰ জৰিয়তে আয়োজক সংস্থাদ্বয়ে কেৱল ফটাশিল আমবাৰীৰ নিউ কলনিৰ বাসিন্দাকে নহয়, ইয়াৰ আশে-পাশে থকা সকলো অঞ্চলৰ বাসিন্দাসকলক একত্ৰিত কৰাৰ লক্ষ্য লৈছে। সমগ্ৰ পেণ্ডেলৰ বিষয়বস্তু হৈছে ‘ঐক্য আৰু সামাজিক সম্প্ৰীতি’, যাৰ জৰিয়তে তেওঁলোকে সমাজত শান্তিপূৰ্ণ সহাৱস্থানৰ বাৰ্তা প্ৰচাৰ কৰাৰ লক্ষ্য লৈছে।
 
গুৱাহাটীত অপাৰেচন সেন্দুৰৰ পেণ্ডেলেৰে গণেশ চতুৰ্থী উদযাপন
 
আয়োজক দলৰ এজন সদস্যই কয়, "এই পূজা অনুষ্ঠানৰ বাবে মুঠ বাজেট প্ৰায় ১৩ৰ পৰা ১৪ লাখ টকা বুলি অনুমান কৰা হৈছে। পেণ্ডেল নিৰ্মাণৰ পৰা আৰম্ভ কৰি মূৰ্তি, লাইট আৰু সাংস্কৃতিক অনুষ্ঠানলৈকে আমি সকলো কামতে উচ্চ মানদণ্ড বজাই ৰাখিবলৈ চেষ্টা কৰিছো।"
 
এই উদযাপন উপলক্ষে সাংস্কৃতিক অনুষ্ঠান, ভক্তিমূলক গীত আৰু প্ৰসাদৰ ব্যৱস্থা কৰা হ’ব বুলিও জনা গৈছে। উদ্যোক্তাসকল আশাবাদী যে এই উৎসৱ কেৱল ধৰ্মীয় উদযাপন নহয়, সামাজিক সমন্বয়ৰো এক ভেটি হিচাপে পৰিগণিত হ’ব।