ভক্তি চলিক
মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ কাৰাড নামৰ এখন চহৰত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত কয়না নদীৰ পাৰত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় আৰু গণেশ উৎসৱত বিক্ৰীৰ বাবে ভগৱান গণেশৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অহা শিল্পীসকলৰ মাজত হাহাকাৰ লাগে। শ শ গণেশৰ মূৰ্তি আৰু তেওঁলোকৰ মাহজোৰা কষ্ট-পৰিশ্ৰম বাঢ়ি অহা পানীয়ে উটুৱাই নিব বুলি তেওঁলোকে আশংকা কৰিছে।
ঠিক তেতিয়াই চহৰখনৰ হোৱাটছএপ গ্ৰুপৰ মাজত তেওঁলোকৰ দুৰ্দশাৰ খবৰ বিয়পি পৰিল। তাৰ পিছতে ঐক্য-সংহতিৰ পৰিচয় দাঙি ধৰি অজস্ৰ হিন্দু আৰু মুছলমান যুৱকে ভগৱান গণেশৰ মূৰ্তি বচাবলৈ ঠাইখনলৈ লৰালৰিকৈ আহি একগোট হয়।
বিভিন্ন সম্প্ৰদায়ৰ স্থানীয় কৰ্মীসকলে একত্ৰিত হৈ শিল্পীসকলৰ পৰিশ্ৰমৰ ফল গণেশ মূৰ্তিসমূহ সুকলমে উদ্ধাৰৰ অভিযানত নামি পৰে আৰু প্ৰতিটো মূৰ্তিক নিৰাপদ স্থানলৈ লৈ যায়। উদ্ধাৰকাৰী দলটোৰ নেতা মহছিন কাগদীয়ে নিজৰ গুদামটো মুকলি কৰি মূৰ্তিবোৰ ৰখাৰ ব্যৱস্থা কৰে। ‘ব্রাদার্ছ ফাউণ্ডেশ্যন’ৰ বহুধর্মী সদস্যসকলৰ এই নিস্বাৰ্থ কার্যই এতিয়া সকলোতে প্রশংসা লাভ কৰিছে৷
সেইদিনাৰ পৰিঘটনা স্মৰণ কৰি ফাউণ্ডেশ্যনৰ সদস্য জয় সূৰ্য্যবংশীয়ে কয় যে, “২০১৯ চনত মহাৰাষ্ট্ৰৰ কাৰাডত এক ভয়াৱহ বানপানী হৈছিল যিয়ে নদীৰ পাৰৰ গাঁওসমূহত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই অঞ্চলত মৃৎশিল্পী সম্প্ৰদায়ৰ বহু সংখ্যক লোকে বাস কৰে। সেই বানপানীৰ সময়ত তেওঁলোকৰ বহু গণেশ মূৰ্তি পানীয়ে উটুৱাই নিয়ে, যাৰ ফলত তেওঁলোকৰ বৃহৎ লোকচান হৈছিল। পাইকাৰী বিক্ৰেতাই বুকিং কৰা প্ৰতিমূৰ্তিৰ অৰ্ডাৰসমূহ তেওঁলোকে সময়মতে আগবঢ়োৱাত ব্যৰ্থ হৈছিল।”
মহাৰাষ্ট্ৰৰ বানপানীৰ এক দৃশ্য
জয় সূৰ্য্যবংশীয়ে কয়, "এইবাৰো যেন একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অবিৰত বৰষুণৰ বাবে পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছিল। ইতিহাসৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি উপলব্ধি কৰি আমি সকলো কৰ্মীয়ে সেই স্থানলৈ লৰালৰিকৈ গৈ মূৰ্তিবোৰক নিৰাপদ স্থানলৈ লৈ গ’লোঁ। আমি হিন্দু-মুছলমান সকলোৱে একেলগে মূৰ্তিসমূহ উদ্ধাৰৰ কাম কৰিছিলো। সেইটোৱেই আমাৰ গ্ৰুপৰ বিশেষত্ব।”
তেওঁ গৌৰৱেৰে কয়, "আমাৰ কাৰাড চহৰ কেতিয়াও ধৰ্ম বা জাতিৰ ৰাজনীতিৰ চিকাৰ নহয়। আমি সকলোৱে সমন্বয়ৰ পথত খোজ দিওঁ, আৰু ইয়াত বৈষম্যৰ কোনো স্থান নাই। সেইবাবেই আমাৰ ফাউণ্ডেশ্যনৰ কোনো সভাপতি নাই; প্ৰতিটো ধৰ্মৰ প্ৰতিজন সদস্য আমাৰ নেতা।"
গণেশ মূৰ্তিৰ বাবে নিজৰ গুদাম খালী কৰা ব্যক্তি মহছিন কাগদীয়ে কয়, "সেইদিনা মৃৎশিল্পী সমাজৰ পৰা সহায়ৰ বাবে আমালৈ ফোন আহিছিল। তাত প্ৰায় ৩০০ মূৰ্তি আছিল। ডাঙৰ প্ৰশ্নটো আছিল আমি মূৰ্তিবোৰ নিৰাপদে ক’লৈ লৈ যাম। মোৰ দোকানখন ওচৰতে আছিল, গতিকে এক মুহূৰ্তো নষ্ট নকৰাকৈয়ে মই দোকানৰ সামগ্ৰীবোৰ খালী কৰিলোঁ আৰু আমি তাত শ শ মূৰ্তি মজুত কৰিব পাৰিলোঁ।”
তেওঁ লগতে কয়, "আমাৰ ব্ৰাদাৰ্ছ ফাউণ্ডেচনে সদায় ধৰ্মীয় সম্প্ৰীতি আৰু সমাজ সেৱাৰ বাবে থিয় দি আহিছে। আমি জাতি বা ধৰ্মৰ কথা নাভাবো, আমি একেলগে কাম কৰো। গতিকে, আমি কোনো অসাধাৰণ কাম কৰা যেন অনুভৱ নকৰো। যদি আমি পুনৰ এনে কাম কৰাৰ সুযোগ পাওঁ তেন্তে আমি সন্মানেৰে কৰিম।”
মহছিনে উদ্বেগ প্ৰকাশ কৰি কয়, "মই মাত্ৰ আশা কৰিছো যে এনে পৰিস্থিতি আৰু কেতিয়াও নহওক। লগতে চৰকাৰক আহ্বান জনাইছো যে মৃৎশিল্পী সমাজৰ লোকচানৰ বাবে পৰ্যাপ্ত আৰ্থিক সাহায্য প্ৰদান কৰক। সেইদিনা তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল, ধাৰাসাৰ বৰষুণত ট্ৰেক্টৰ আৰু ক্ৰেন ভাড়াত ল’বলগীয়া হৈছিল, যাৰ বাবে তেওঁলোকৰ বহু টকা খৰচ হৈছিল। আমাৰ বন্ধুৰ দলটোৱেও কিছুমান বাহনৰ ব্যৱস্থা কৰাত সহায় কৰিছিল, যাৰ ফলত তেওঁলোকে কিছু সকাহ পাইছিল।”
ব্ৰাদাৰ্ছ ফাউণ্ডেশ্যনৰ মুছলমান কৰ্মী সমীৰ পাটৱেকাৰে কয়, "মৃৎশিল্পী সম্প্ৰদায়ে বহু বছৰ ধৰি কয়নাৰ পাৰত গণেশৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে। গণেশোৎসৱৰ পাঁচ-ছমাহ আগতে তেওঁলোকৰ কাম আৰম্ভ হয়। এইবাৰো মূৰ্তিবোৰ ৰং কৰি বিক্ৰীৰ বাবে সাজু কৰা হৈছিল। কিন্তু হঠাৎ হোৱা বৰষুণে তেওঁলোকক বিপদত পেলাইছিল। ইয়াৰ পূৰ্বেও এনেকুৱা হৈছে, যাৰ ফলত মৃৎশিল্পীসকলৰ বাবে বৃহৎ লোকচান হৈছে। আমি সকলোৱে মাথোঁ এইটো বিচাৰিছিলো যাতে সকলোৱে আনন্দৰে উৎসৱটো উদযাপন কৰিব পাৰে।”
উল্লেখ্য যে, উৎসৱৰ আঁৰৰ মূল ধাৰণাটো হৈছে সমাজক একত্ৰিত কৰা, যিটো উদ্দেশ্য আজি প্ৰায়ে হেৰাই যোৱা যেন লাগে। অৱশ্যে কাৰাডৰ এই ঘটনাই পুনৰবাৰ সেই সত্যক চৰ্চালৈ আনিছে। ই এনে এক পৰিঘটনা যিয়ে আমাৰ সমাজ ব্যৱস্থাক শক্তিশালী কৰি তুলিছে আৰু প্ৰমাণ কৰিছে যে মানৱতা আৰু ভাতৃত্ববোধে যিকোনো বিভাজনৰ বিৰুদ্ধে জয়লাভ কৰিব পাৰে।