গুৱাহাটী
মানৱ-হাতী সংঘাত প্ৰশমনৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ সহাবস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অসমৰ পূৱ প্ৰান্তৰ পাঁচখন জিলাৰ বিভিন্ন গাঁৱত নিৰলসভাৱে কাম কৰি আহিছে। এই সামগ্ৰিক প্ৰচেষ্টাৰ অংশ হিচাপে ক্ষতিগ্ৰস্ত গাঁওবাসীক জীৱিকাৰ ক্ষেত্ৰত সহায় আগবঢ়াই বন্যহস্তীয়ে কৰা ক্ষতিৰ জোৰা মৰা আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাত সহায় কৰাৰ উদ্দেশ্যে আৰণ্যকে ব্ৰিটিছ এচিয়ান ট্ৰাষ্ট আৰু এলিফেন্ট ফেমিলীয়ে ডাৰউইন ইনিচিয়েটিভৰ সহায়ত গাঁওবাসীয়ে স্থানীয়ভাৱে উৎপাদন কৰা সামগ্ৰীবোৰৰ বাবে এখন বজাৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ইয়াৰ সৈতে সংগতি ৰাখি অলপতে “সোপান” অৰ্থাৎ “উত্তৰণৰ জখলা” শীৰ্ষক এলানি ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত কৰা হয়। গ্ৰাম্য উৎপাদকসকলক তেওঁলোকৰ সামগ্ৰীবোৰ প্ৰত্যক্ষভাৱে গ্ৰাহকক প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এখন নিৰ্ভৰযোগ্য আৰু সুচল মঞ্চ দিয়াৰ উদ্দেশ্য পাঁচোখন জিলাত এই কাৰ্যসূচীলানি অনুষ্ঠিত কৰা হয়।
যোৰহাট জিলাৰ জাঁজীমুখ বজাৰত ১৪ জুনত ২৭ গৰাকী লোকৰ অংশগ্ৰহণেৰে এই কাৰ্যসূচীলানিৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ সফলতাৰ পাছত মাজুলী জিলাৰ মঙলবৰীয়া বজাৰত ১৭ জুনত অনুষ্ঠিত দ্বিতীয়টো কাৰ্যসূচীত ওচৰৰ প্ৰকল্প গাঁৱৰ ২৩ গৰাকী বিক্ৰেতাই অংশগ্ৰহণ কৰে। ১৯ জুনত তিনিচুকীয়া জিলাৰ ছাপাখোৱা বজাৰত ১৩ গৰাকী স্থানীয় অংশগ্ৰহণকাৰীক লৈ তৃতীয়টো; ১১ গৰাকী গ্ৰাম্য বিক্ৰেতাৰ অংশগ্ৰহণেৰে ২২ জুনত শিৱসাগৰৰ ৰাজমাই বজাৰত চতুৰ্থটো আৰু প্ৰকল্প গাঁৱৰ ১১ গৰাকী লোকৰ অংশগ্ৰহেণেৰে ২৪ জুনত ডিব্ৰুগড় জিলাৰ বিভিএফচিএল বজাৰত অন্তিম তথা পঞ্চমটো কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এই সন্মিলনসমূহত চাদৰ-মেখেলা, হাতীৰ ছবি সন্নিবিষ্ট গামোচা আৰু মোনা, মৃৎ সামগ্ৰী, কেচুসাৰ, জৈৱ সাৰ, জৈৱিকভাৱে উৎপাদিত পাছলি, আচাৰ, বাঁহৰ সামগ্ৰী আৰু বেকাৰীত উৎপাদিত সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয়।
গ্ৰাম্য কলা-কুশলী, বোৱনী আৰু কৃষকসকলক এখন বহল বজাৰৰ সৈতে সংযোগ কৰাই দিয়াৰ লগতে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰা এই পদক্ষেপ স্থানীয় সমুদায়ৰ বহনক্ষম উন্নয়নৰ আৰু গাঁওবাসীৰ অৰ্থনৈতিক স্বতন্ত্ৰতাক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ হিচাপে পৰিগণিত হৈছে।
বিপনীবোৰত প্ৰদৰ্শিত সামগ্ৰীবোৰৰ প্ৰতি দৰ্শনাৰ্থীসকলে অভাৱনীয়ভাৱে ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোক বিভিন্ন বিপনীৰ পৰা সামগ্ৰী ক্ৰয় কৰে। প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা হিতাধিকাৰীসকলে এই সুযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি লগতে কয় যে, এই পদক্ষেপে তেওঁলোকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰাই নহয়, তেওঁলোকৰ মনত গৌৰৱ আৰু অনুপ্ৰেৰণাৰ ভাৱো জগাই তুলিছে।
'সোপান'ৰ মাধ্যমেৰে আৰণ্যক গ্ৰাম্য সমুদায়ৰ সবলীকৰণৰ অৰ্থে তেওঁলোকক এখন বহল বজাৰৰ সৈতে সংযোগ কৰাই দিয়াৰ লগতে স্থানীয় দক্ষতা আৰু সম্পদক আধাৰ হিচাপে লৈ বহনক্ষম জীৱিকাক উদগনি যোগোৱাৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ।