মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ হিচাপে ঘোষণা NDAৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন
 
নতুন দিল্লী
 
অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (NDA) মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।
 
ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত দলৰ সংসদীয় ব’ৰ্ডৰ বৈঠকৰ পিছত অনুষ্ঠিত এক সংবাদমেলৰ সময়ত এই কথা ঘোষণা কৰিছে।
 
নাড্ডাই কয়, "সংসদীয় ব’ৰ্ডৰ বৈঠকত আমি সকলোৱে সৰ্বসন্মতিক্ৰমে উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ বাবে চিপি ৰাধাকৃষ্ণৰ বিষয়ে সিদ্ধান্ত লৈছিলো। আমি আগতেও আমাৰ সকলো মিত্ৰজোঁট দল (NDA)ৰ সৈতে উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ বিষয়ে আলোচনা কৰিছিলো। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন মসৃণ কৰিবলৈ আমি আমাৰ বিৰোধী দলৰ বিষয়েও আলোচনা কৰিম।" 
 
চন্দ্ৰপুৰম পন্নুছামি ৰাধাকৃষ্ণনে বৰ্তমান মহাৰাষ্ট্ৰৰ ২৪ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। যিটো পদ তেওঁ ২০২৪ চনৰ ৩১ জুলাইত গ্ৰহণ কৰিছিল। পূৰ্বতে তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৪ চনৰ জুলাইলৈকে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০২৪ চনৰ মাৰ্চৰ পৰা জুলাই মাহৰ ভিতৰত তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপেও অতিৰিক্ত দায়িত্ব পালন কৰিছিল।
 
কইম্বাটুৰৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱা এগৰাকী প্ৰবীণ বিজেপি নেতা ৰাধাকৃষ্ণনে ইয়াৰ পূৰ্বে তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
ইয়াৰপূৰ্বে নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে, ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। একেদিনাই ভোট গণনাৰ দিনও ধাৰ্য কৰা হৈছে। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট। আনহাতে প্ৰাৰ্থীসকলে ২৫ আগষ্টলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।
 
২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণত জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পিছৰে পৰা উপ-ৰাষ্ট্ৰপতি পদ খালী হৈ পৰে।  
 
স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসাৰ পৰামৰ্শ মানি চলিবলৈ মই  ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে পদত্যাগ কৰিছো। সংবিধানৰ ৬৭(ক) অনুচ্ছেদ অনুসৰি তৎক্ষণাত কাৰ্যকৰী হব ধনখড়ৰ পদত্যাগ পত্ৰ।