নতুন দিল্লী
আজি গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশজুৰি আজি স্মৰণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীক। মহাত্মা গান্ধীৰ জন্ম বৰ্ষপূৰ্তিত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনায়। গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীক প্ৰণাম জনোৱাৰ লগতে তেওঁৰ আদৰ্শৰ কথা স্মৰণ কৰে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালো উপস্থিত থাকে।
গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে গান্ধী জয়ন্তী বাপুৰ অসাধাৰণ জীৱনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন। যাৰ আদৰ্শই মানৱ ইতিহাসৰ দিশ সলনি কৰিলে। তেওঁ দেখুৱাই দিলে যে কেনেকৈ সাহস আৰু সৰলতা এক বৃহৎ পৰিৱৰ্তনৰ মাধ্যমত পৰিণত হ’ব পাৰে। তেওঁ সেৱা আৰু মমতাক মানুহক সবলীকৰণৰ এক অপৰিহাৰ্য উপায় বুলি গণ্য কৰিছিল। আমি উন্নত ভাৰত গঢ়ি তোলাৰ অভিযানত তেওঁ দিয়া পথ অনুসৰণ কৰি যাম।
জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলিৰ জোনাৱৰ পিছত প্ৰধানমন্ত্ৰী মোদী বিজয় ঘাটত উপস্থিত হয়। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ আগতে তেওঁ এক্সত লিখে যে লাল বাহাদুৰ শাস্ত্ৰী জী এজন অসাধাৰণ ৰাজনীতিবিদ আছিল। যাৰ সততা, নম্ৰতা আৰু দৃঢ়তাই প্ৰত্যাহ্বানজনক সময়তো ভাৰতক শক্তিশালী কৰি তুলিছিল। তেওঁ আছিল আদৰ্শ নেতৃত্ব, ক্ষমতা আৰু নিৰ্ণায়ক কাৰ্য্যৰ প্ৰতীক। ‘জয় জৱান জয় কিষান’ তেওঁৰ এই আহ্বান আমাৰ মানুহৰ মাজত দেশপ্ৰেমৰ ভাৱ উত্থাপন কৰিলে। তেওঁ আমাক এক শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰি আহিছে।
ইফালে মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে দেশবাসীক মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি পৰিষ্কাৰ, অধিক দক্ষ আৰু সমৃদ্ধিশালী ভাৰত গঢ়িবলৈ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে গান্ধীজীয়ে অস্পৃশ্যতা, নিৰক্ষৰতা আৰু নিচাযুক্ত দ্ৰব্যৰ দৰে সামাজিক দুষ্টতাৰ অন্ত পেলাবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।