গুৱাহাটী
বিজয়দশমী উপলক্ষে মহানগৰীত লাচিত ঘাটত প্ৰতিমা বিসৰ্জনৰ সময়ত যান- বাহন সুচাৰুৰূপে চলাচল আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে মূৰ্তি কঢ়িয়াই অনা বাহন চলাচলৰ ক্ষেত্ৰত গুৱাহাটী আৰক্ষীয়ে এক নিৰ্দেশনা জাৰি কৰিছে।
বাহন চলাচল প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিবলৈ স্থানীয়তা অনুসৰি পথসমূহ বিভক্ত কৰা হৈছে। পৰামৰ্শ অনুসৰি, চান্দমাৰীৰ পৰা অহা বাহনসমূহ গুৱাহাটী ক্লাবত নিয়ন্ত্ৰণ কৰি এম চি ৰোড (বৰুৱাৰী)– এফ চি ৰোড– হাই ক’ৰ্ট ইষ্ট– এম জি ৰোড হৈ লাচিত ঘাটলৈ ডাইভাৰ্ট কৰা হ’ব।
আৰ্য্য নগৰ– এ কে আজাদ পথ– নেপালী মন্দিৰ– গোধূলি বজাৰ– বিশাল পইণ্ট– পানবজাৰ ROB (N.O. Bridge)– পানী টাংকি– এম জি (MG) পথ হৈ লাচিত ঘাটলৈ ডাইভাৰ্ট কৰা হ’ব।
একেদৰে কুমাৰপাৰা আৰু লালমাটিৰ পৰা অহা যান-বাহনৰ বাবে বিষ্ণুপুৰ পথ– চাপিবুল– আৰ্য নগৰ– এ কে আজাদ পথ– নেপালী মন্দিৰ– গোধূলি বজাৰ– বিশাল পইণ্ট– পানবজাৰ আৰ অ’ বি– পানী টাংকি– এম জি পথৰ পৰা লাচিত ঘাটলৈ ডাইভাৰ্ট কৰা হ’ব।
উলুবাৰী আৰু দক্ষিণ শৰণীয়াৰ পৰা অহা বাহনসমূহে জি এছ ৰোড– অপছাৰা– জনতা পইণ্ট– নেপালী মন্দিৰ– গোধূলি বজাৰ– বিশাল পইণ্ট– পানবজাৰ আৰ অ' বি– পানী টাংকি– এম জি ৰোড অনুসৰণ কৰিব।
ৰাজগড়, ভঙাগড়, আৰু খ্ৰীষ্টানবস্তিৰ পৰা অহা সকল জি এছ ৰোড–ভঙাগড়– ৰাজগড় ৰোড– কমাৰ্চ কলেজ পইণ্ট– চান্দমাৰী– গুৱাহাটী ক্লাব– এম চি ৰোড– এফ চি ৰোড– এম জি ৰোড হৈ বিসৰ্জন পইণ্টলৈ যাব।
গণেশগুৰি, দিছপুৰ, আৰু কাহিলীপাৰাৰ পৰা অহা বাহনসমূহে আৰ জি বৰুৱা পথ (চিৰিয়াখানা পথ)– জি এন বি ৰোড– গুৱাহাটী ক্লাব– এম চি ৰোড– এফ চি ৰোড– এম জি ৰোড লৈ লাচিত ঘাটলৈ যাব।
পানবজাৰৰ পৰা অহা যান-বাহনৰ বাবে এই পথ হ’ব এইচ বি ৰোড–মহামায়া পইণ্ট–পানী টাংকি– এম জি ৰোড, আনহাতে ভৰালুমুখ আৰু শান্তিপুৰৰ পৰা অহা বাহনসমূহ ডি জি ৰোড– ভৰালুমুখ পইণ্ট– এ টি ৰোড– পানবজাৰ আৰ অ' বি– পানী টাংকি– এম জি ৰোড হৈ যাব।
উলুবাৰীৰ পৰা টিচি পইণ্টলৈ বি বি ৰোডত মূৰ্তি কঢ়িওৱা বাহন চলাচল কৰিব নোৱাৰিব বুলিও আৰক্ষীয়ে ঘোষণা কৰিছে। বিসৰ্জনৰ পিছত সকলো মূৰ্তি কঢ়িয়াই নিয়া বাহন এম জি ৰোড– ডি জি ৰোড বা এ টি ৰোডৰ জৰিয়তে বাহিৰলৈ ওলাই আহিব লাগিব।
বিসৰ্জনৰ সময়ত সাধাৰণ যাতায়তৰ গতিবিধিও নিয়ন্ত্ৰণ কৰা হ’ব। চান্দমাৰীৰ পৰা জালুকবাৰী অভিমুখে অহা যান-বাহন সমূহক টি চি পইণ্ট, জি এন বি ৰোড (জিলা লাইব্ৰেৰী পইণ্ট), কে এল বি ৰোড (হাণ্ডিক কলেজৰ সন্মুখত), এইচ বি ৰোড (পানবজাৰ পুলিচ পইণ্টৰ ওচৰত), মাছখোৱা, আৰু ভৰালুমুখৰ মাজেৰে মহানগৰীত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।
গুৱাহাটী আৰক্ষীয়ে জনসাধাৰণ আৰু ভক্তসকলক এই পথসমূহ অনুসৰণ কৰি যান-বাহন কৰ্মীসকলৰ সৈতে সহযোগিতা কৰি বিজয়দশমীৰ নিৰাপদ আৰু মসৃণ উদযাপন নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।