নতুন দিল্লী
পাকিস্তানে সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদক উৎসাহিত কৰি আহিছে৷ এই বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে পাকিস্তানৰ নেতা চৌধুৰী আনোৱাৰুল হকে৷ নেতাগৰাকীয়ে কয় যে সন্ত্ৰাসবাদী গোটসমূহে লালকিল্লাৰ পৰা কাশ্মীৰৰ বনাঞ্চললৈকে ভাৰতৰ ওপৰত আক্ৰমণ চলাই আছে।
হকে তেওঁৰ মন্তব্যত ১০ নৱেম্বৰৰ লালকিল্লাৰ প্ৰসিদ্ধ স্মৃতিসৌধৰ সমীপত সংঘটিত গাড়ী বিস্ফোৰণৰ কথা উল্লেখ কৰিছে, য'ত ১৪ জন লোকৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড জইছ-ই-মহম্মদ (JeM)ৰ সদস্য ডাঃ উমৰ আন নবী 'হোৱাইট কলাৰ' সন্ত্ৰাসবাদী মডিউলৰ লগত জড়িত আছিল, যিটো আক্ৰমণৰ কেইদিনমান পূৰ্বে ফৰিদাবাদত উৎখাত কৰা হৈছিল।
এটা ভাইৰেল ভিডিঅ'ত, হকে কয়, "মই আগতে কৈছিলো যে যদি আপোনালোকে বেলুচিস্তানত ৰক্তপাত কৰি থাকে, আমি লালকিল্লাৰ পৰা কাশ্মীৰৰ বনাঞ্চললৈ ভাৰত আক্ৰমণ কৰিম। কিন্তু আল্লাহৰ অনুগ্ৰহত আমি সেয়া কৰিব পাৰিলো, তেওঁলোকে এতিয়াও মৃতদেহৰ সংখ্যা গণনা কৰিব পৰা নাই।’’
পাকিস্তানে নিজৰ অৰ্থনৈতিক দুৰৱস্থাক আওকাণ কৰিবলৈ আৰু সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদক উৎসাহিত কৰাৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ বেলুচিস্তানৰ অশান্তিৰ বাবে বাৰে ভাৰতক দোষাৰোপ কৰি আহিছে। নতুন দিল্লীয়ে ইছলামাবাদৰ এই অভিযোগ খণ্ডন কৰিছে।
পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে আৰু সিন্ধু জল চুক্তি স্থগিত ৰখাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। নতুন দিল্লীয়ে কৈছিল যে ইছলামাবাদে সীমান্তৰ সন্ত্ৰাসবাদক সমৰ্থন কৰাটো বন্ধ কৰিলেহে এই চুক্তিখন পুনৰুজ্জীৱিত কৰা হ'ব।