দিল্লী আৰক্ষীৰ অভিযান 'অপাৰেচন নিউ ইয়েৰ'; জব্দ ১০০ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
দিল্লী

দিল্লী আৰক্ষীৰ বিশেষ শাখাই নতুন বছৰৰ পূৰ্বে চলোৱা 'অপাৰেচন নিউ ইয়েৰ' অভিযানৰ জৰিয়তে এটা বৃহৎ ড্ৰাগছৰ নেটৱৰ্ক ধ্বংস কৰি ১০০ কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। অভিযানকালত দিল্লী আৰু বেংগালুৰুৰ পৰা মুঠ ৪ টা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। বিশেষ শাখাৰ দলটোৱে দিল্লীৰ পৰা ৩ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে এজনক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰে।

এই লোকসকলে দিল্লীত এটা ম’বাইল ড্ৰাগছ নিৰ্মাণ কাৰখানা স্থাপন কৰিছিল, য’ত কৃত্ৰিম ঔষধ প্ৰস্তুত কৰা হৈছিল। তদন্তত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে৷ কাৰখানাত বিশেষ শাখাৰ দলে অভিযান চলাই যন্ত্ৰপাতিৰ লগতে বৃহৎ পৰিমাণৰ ৰাসায়নিক সামগ্ৰী জব্দ কৰে।
 
দিল্লী আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত এই নেটৱৰ্কৰ লগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ছিণ্ডিকেট জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে। তদন্তকাৰী দলে সম্প্ৰতি বিদেশৰ পৰা পৰিচালিত ছাপ্লাই ছেইন আৰু ডিজিটেল লেনদেনৰ বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
 
জানিব পৰা মতে, উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ সামগ্ৰীসমূহ নতুন বছৰ উদযাপন, ৰেভ পাৰ্টী আৰু বৃহৎ হাই-প্ৰফাইল অনুষ্ঠানত যোগান ধৰাৰ বাবে অনা হৈছিল। এই নেটৱৰ্কটো ধ্বংস নকৰা হ’লে, উৎসৱৰ সময়ত দিল্লী-NCR আৰু দক্ষিণ ভাৰতত শ শ কোটি টকাৰ অবৈধ সৰবৰাহ হ'লহেঁতেন বুলি আৰক্ষীয়ে সদৰি কৰিছে।
 
বিশেষ শাখাৰ দলে আগন্তুক দিনত নেটৱৰ্কৰ বাকী সদস্যসকলক আটক কৰিবলৈ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে।