নতুন দিল্লী
দিল্লীৰ যমুনা নদীৰ জলপৃষ্ঠই বিপদৰ সীমা অতিক্ৰম কৰা বুলি সোমবাৰে সংবাদ সংস্থাই প্ৰকাশ কৰিছে। এই বাৰিষাত প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ হাতীকুণ্ড বেৰেজৰ আঠাইশখন গেট মুকলি হোৱাৰ সময়তে এই কথা প্ৰকাশ কৰিছে। কৰ্তৃপক্ষই প্ৰতি ঘণ্টাত ৱাজিৰাবাদ আৰু হাতীকুণ্ড বেৰেজৰ পৰা পানী এৰি দিয়াৰ কাৰণ দিল্লীৰ যমুনাৰ জলপৃষ্ঠ বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে।
দেওবাৰে কেন্দ্ৰীয় জল আয়োগে জাৰি কৰা এক পৰামৰ্শত প্ৰকাশ কৰা অনুসৰি দিল্লীৰ যমুনা নদীৰ বিপদৰ সীমা ২০৫.৩৩ মিটাৰ অতিক্ৰম কৰি ১৯ আগষ্টৰ ভিতৰত ২০৬ মিটাৰত উপনীত হোৱাৰ সম্ভাৱনা আছিল।
১৭ আগষ্টত হাতীকুণ্ড বেৰেজৰ পৰা নিৰ্গত পানীৰ পৰিমাণ আৰু উচ্চ যমুনা অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণৰ পৰিপ্ৰেক্ষিতত জনোৱা হৈছে যে, ২০২৫ চনৰ ১৯ আগষ্টৰ পুৱা ০২ বজাৰ ওচৰত দিল্লী ৰেলৱে দলঙৰ পানীয়ে ২০৬.০০ পাৰ হ’ব পাৰে বুলি সংবাদ সংস্থাইয়ে পৰামৰ্শৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় জল আয়োগে জনোৱা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত যমুনা নদীখনে সতৰ্কবাণী স্তৰ অতিক্ৰম কৰি পুৰণি ৰেলৱে দলঙত ২০৪.৬০ মিটাৰৰ সীমা অতিক্ৰম কৰে।
দিল্লীৰ বাবে সতৰ্কবাণী চিহ্ন ২০৪.৫০ মিটাৰ হোৱাৰ বিপৰীতে বিপদৰ চিহ্ন ২০৫.৩৩ মিটাৰ আৰু ২০৬ মিটাৰৰ পৰা মানুহক খালী কৰাৰ কাম আৰম্ভ হয়। দিল্লীৰ আই এণ্ড এফ চি বিভাগৰ মতে, পানী ২০৬ মিটাৰ হ’লেই নিম্নভূমিৰ পৰা খালী কৰা আৰম্ভ হ’ব, অৱশ্যে এনে অঞ্চলত নিয়মিতভাৱে ঘোষণা কৰা হৈছে যে, মানুহক খালী কৰি ওখ ঠাইলৈ যাবলৈ কোৱা হৈছে।
দিল্লীৰ যমুনাৰ ওপৰত থকা পুৰণি ৰেলৱে দলঙে নদীখনৰ সোঁত আৰু সম্ভাৱ্য বানপানীৰ আশংকা অনুসৰণৰ বাবে এক মূল পৰ্যবেক্ষণ বিন্দু হিচাপে কাম কৰে। চি ডব্লিউ চিয়ে কয় যে, বান সদৃশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সংশ্লিষ্ট সকলো সংস্থাক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। কেন্দ্ৰীয় বান কক্ষৰ এজন বিষয়াই জনোৱা মতে, জলপৃষ্ঠ বৃদ্ধিৰ কাৰণ বেছিভাগেই প্ৰতি ঘণ্টাত ৱাজিৰাবাদ আৰু হাথনিকুণ্ড বেৰেজৰ পৰা অধিক পৰিমাণৰ পানী নিৰ্গত হোৱা।
বান নিয়ন্ত্ৰণ বিভাগৰ তথ্য অনুসৰি হাথনিকুণ্ডৰ বেৰেজে প্ৰায় ১ লাখ ২৭ হাজাৰ ৩০ কিউচেক পানী এৰি দিছে, যিটো এই বতৰত সৰ্বাধিক আৰু ৱাজিৰাবাদে প্ৰতি ঘণ্টাত ৪৫,৬২০ কিউচেক পানী এৰি দিছে। বেৰেজৰ পৰা নিৰ্গত পানী সাধাৰণতে দিল্লী পোৱাত ৪৮ৰ পৰা ৫০ ঘণ্টা সময় লাগে। শুকুৰবাৰে দুপৰীয়া ১ বজাত জলপৃষ্ঠ ২০৪.৬৫ মিটাৰত উপনীত হয়, আৰু শনিবাৰে ২০৫.১১ মিটাৰ হয়।