গুৱাহাটী
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জৰিত থকা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু গায়িকা অমৃতপ্ৰভা মহন্তক৷ চি আই ডিয়ে কৰা ছয়দিনীয়া সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় দুয়োকে৷
ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সাগৰত থকা য়টখনত দুয়োগৰাকী উপস্থিত আছিল। অৱশ্যে প্ৰথমে এই কথা স্বীকাৰ কৰা নাছিল অমৃতপ্ৰভাই৷ চাৰিদিনীয়া জেৰাৰ অন্তত চি আই ডিৰ আগত এই কথা স্বীকাৰ কৰে গায়িকা অমৃতপ্ৰভাই৷
তদুপৰি সামাজিক মাধ্যমত কোনো থ্ৰীলাৰ ছিৰিজৰ দৰে খণ্ড খণ্ডকৈ প্ৰকাশ পোৱা জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ’সমূহো অমৃতপ্ৰভাৰ ম’বাইলৰে শ্বুট কৰাৰ কথা জেৰাত স্বীকাৰ কৰিছে৷
শেখৰ আৰু অমৃতপ্ৰভাক অসম আৰক্ষীৰদ্বাৰা গ্ৰেপ্তাৰৰ লগে লগে জুবিনৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নাম সাঙোৰ খোৱা আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা মুঠ চাৰিজনলৈ বৃদ্ধি পায়৷
এই কাণ্ডৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে। চি আই ডিৰ উচ্চস্তৰীয় সূত্ৰই নিশ্চিত কৰিছে এই তথ্য।