ঢাকা
সুদীর্ঘ পাঁচ মাহৰ অন্তত ভাৰতৰ পৰা পিঁয়াজ ৰপ্তানি প্রক্রিয়া আৰম্ভ কৰা হৈছে প্রতিবেশী ৰাষ্ট্ৰ বাংলাদেশলৈ। দিনাজপুৰ হিলী স্থল বন্দৰৰ জৰিয়তে ভাৰতে চুবুৰীয়া দেশখনলৈ পিঁয়াজ ৰপ্তানি প্রক্রিয়া দেওবাৰৰ পৰা আৰম্ভ কৰিছে। মুঠ ৭ টা আমদানিকাৰক প্রতিষ্ঠানক ২৩০ মেট্রিকটন পিঁয়াজ ভাৰতৰ পৰা আমদানিত অনুমোদন জনাইছে বাংলাদেশে।
সেই প্রতিষ্ঠানকেইটা হৈছে- মেছাৰ্ছ সততা বাণিজ্যালয়, মেছাৰ্ছ নাছাৎ ট্রেডাৰ্ছ, এম এছ আল মক্কা ইমপ্রেছ, মেছাৰ্ছ জগদীশ চন্দ্র ৰায়, ক্রাউন ট্রেডিং ইণ্টাৰনেচনেল, অ'নাৰ্ছ গ্রুপ প্রাঃ লিমিটেড আৰু ৰাধেশ্যাম এণ্ড ছন্ছ। ইয়াৰে ৰাধেশ্যাম এণ্ড ছন্ছক ৫০ মেট্রিকটনৰ আৰু আন ছটা প্রতিষ্ঠানক ৩০ টনকৈ পিঁয়াজ আমদানিত অনুমোদন দিয়া হৈছে।
এই সন্দর্ভত বাংলাদেশৰ বন্দৰ আৰু বাণিজ্য বিভাগৰ ঊর্ধ্বতন বিষয়াবৰ্গৰ মাজত অনুষ্ঠিত বৈঠকৰ পাচত যাৱতীয় অনুমতি প্রদান কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা ২ মার্চত হিলী স্থল বন্দৰেৰে ভাৰতৰ পৰা ৩০ মেট্রিকটন পিঁয়াজ বাংলাদেশে সৰবৰাহ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতৰ পিঁয়াজৰ মূল্য ঊর্ধ্বগামী হোৱাৰ লগতে অন্যান্য একাধিক কাৰণত ভাৰতৰ পৰা পিঁয়াজ সৰবৰাহ দেশখনলৈ বন্ধ হৈ আছিল। কিন্তু শেহতীয়াকৈ বাংলাদেশত পিঁয়াজৰ মূল্য অধিক ঊর্ধ্বমুখী হোৱাত ভাৰতৰ পৰা পিঁয়াজ ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে চুবুৰীয়া দেশখন।
বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা আক্রমণ, পাকিস্তানৰ সৈতে বাংলাদেশৰ নতুন চৰকাৰৰ সম্পর্ক পূর্বতকৈ উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সৈতে ৰাজনৈতিক সম্পর্কত ফাট মেলিবলৈ ধৰিছে। ইয়াৰ মাজতে চুবুৰীয়া দেশখনে বাণিজ্যৰ সম্পর্ক উন্নষ্ট কৰিবলৈ আগবাঢ়ি অহাটো যথেষ্ট গুৰুত্বপূর্ণ বিষয়ৰূপে চিহ্নিত হৈছে। দেশখনৰ ঠাই বিশেষত পিঁয়াজৰ মূল্যই ৭০ টাকাৰ ঘৰ অতিক্রম কৰিছে। এই লৈ দেশখনৰ সাধাৰণ জনতাৰ মাজত ব্যাপক ক্ষোভ তথা প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাত ভাৰতৰ পৰা পিঁয়াজ আমদানিৰে মূল্য সুস্থিৰ কৰাৰ প্রয়াস চলাইছে