ডানিছ আলী
এসময়ত বান্দিপৰা জিলা আছিল কাশ্মীৰৰ এক দুৰ্গম কোণ। য'ত উগ্ৰপন্থীয়ে মানুহৰ সপোনক দিঠক হ'বলৈ দিয়া নাছিল আৰু শিক্ষা আছিল এক দূৰৈৰ বিলাসিতা। তেনে পৰিস্থিতিত এগৰাকী মহিলাৰ সাহস আৰু দৃঢ়তাই এটা বিশৃংখল পৰিৱেশক এক সমৃদ্ধিশালী শৈক্ষিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিছে।
বান্দিপৰাৰ সেনাবাহিনীৰ গুডৱিল স্কুলৰ (এজিএছ) অধ্যক্ষ শ্ববনম কৌছৰে কেৱল এখন বিদ্যালয়ৰ যাত্ৰাৰ গতিপথ সলনি কৰাই নহয়, হাজাৰ হাজাৰ লোকৰ হৃদয়ত এক নতুন আশাৰ দ্বীপ জ্বলাইছে। মাত্ৰ চাৰিগৰাকী শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি ভাৰতীয় টেলেণ্ট অলিম্পিয়াডৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰধান শিক্ষকৰ সন্মান লাভ কৰা পৰ্যন্ত তেওঁৰ যাত্ৰা আছিল ব্যতিক্ৰমী। বান্দিপৰাৰ গুণ্ডবল কালুছাৰ নামৰ এখন ভিতৰুৱা গাঁৱত শ্ববনমৰ জন্ম হৈছিল। শ্ববনমৰ শৈশৱ কাশ্মীৰৰ সংঘৰ্ষৰ বিশৃংখল পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল।
আৰ্মি গুডউইল স্কুলৰ খেলপথাৰত বিদ্যালয়খনৰ অধ্যক্ষ শ্ববনম কৌছাৰ
তেওঁ জিলাখনৰ স্থানীয় শিক্ষানুষ্ঠানসমূহত শিক্ষা গ্ৰহণ কৰিছিল। এই শিক্ষা পৰৱৰ্তী সময়ত তেখেতৰ সৱলীকৰণৰ আটাইতকৈ শক্তিশালী সঁজুলি হিচাপে পৰিগণিত হয়। ২০০৪ চনত, যেতিয়া কাশ্মীৰ উপত্যকাত বিদ্ৰোহীসকলে দৈনন্দিন জীৱন ব্যাহত কৰি ৰাখিছিল, ভাৰতীয় সেনাৰ ১৪ ৰাষ্ট্রীয় ৰাইফলছে, খাৰপোৰা বান্দিপৰাত শিক্ষাক পুনঃস্থাপন কৰাত সহায় কৰিবলৈ এখন বিদ্যালয় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। এনেদৰেই বান্দিপৰাত শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ জন্ম হৈছিল আৰ্মী গুডৱিল স্কুলৰ (এজিএছ)।
শ্ববনমে কয় যে, "নতুনকৈ মুকলি কৰা বিদ্যালয়খনৰ বাবে শিক্ষকৰ প্ৰয়োজন হৈছিল আৰু তাৰবাবে বিজ্ঞাপন ওলাইছিল। বিজ্ঞাপন ওলোৱাৰ সময়ত মই নিজেই ছাত্র আছিলো। মোৰ ভিতৰৰ অন্তৰাত্মাই মোক শিক্ষকৰ পদৰ বাবে আবেদন কৰিবলৈ বাধ্য কৰিছিল।" এনেদৰে শ্ববনমে লিখিত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু শিক্ষক হিচাপে যোগদান কৰে। আন এগৰাকী জ্যেষ্ঠ প্ৰাৰ্থীক বিদ্যালয়ৰ প্ৰথম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।
প্ৰথমতে কেৱল চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাৰ বাবে, মনোবল নিম্নগামী হৈছিল। বিদ্যালয় খোলাৰ মাত্ৰ ২০ দিন পিছতেই বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে পদত্যাগ কৰিছিল। "তেওঁ মোক চাবিটো দিলে আৰু ক'লে, চাৰিজন ছাত্ৰ-ছাত্ৰীৰে এখন বিদ্যালয় চলাব নোৱাৰি। এই চাবিটো মেনেজমেণ্টক দিয়া আৰু কলেজলৈ উভতি যোৱা", শ্ববনমে কয়। সেই সময়ত শ্ববনমেও বিদ্যালয় এৰি যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনেকুৱা নকৰিলে।
শ্ববনমে কোনো কাৰণতেই হাৰ মনা নাছিল, তেওঁ অকলে হলেও স্কুললৈ আহি আছিল। বিদ্যালয়খনত সেইসময়ত কোনো শ্ৰেণী নাছিল, আন কোনো কৰ্মচাৰী নাছিল আৰু মৌলিক আন্তঃগাঁথনিও নাই। কেৱল কেইখনমান প্লাষ্টিকৰ চকী, দুকখন ঘূৰণীয়া মেজ আৰু এখন ব্লেক ব'ৰ্ড। য'ত অন্য লোকে বিফলতা দেখিছিল, তথাপিও তাৰ মাজতে শ্ববনমে সম্ভাৱনাৰ সন্ধান কৰিছিল।
বিদ্যালয়খনৰ কাৰ্যালয়ত অধ্যক্ষ শ্ববনম কৌছাৰ
শ্ববনমৰ এই সমৰ্পণৰ ওপৰত বিদ্যালয় কৰ্তৃপক্ষৰ চকু পৰিছিল। তেওঁক প্ৰধান শিক্ষকৰ পদলৈ উন্নীত কৰা হৈছিল। তাৰ লগে লগে বান্দিপৰাৰ এজিএছ বিদ্যালয়খনৰ পৰিৱৰ্তনৰ আৰম্ভণি হৈছিল। কোনো অভিজ্ঞতা, কোনো সম্পদ আৰু কোনো সমৰ্থন নোহোৱাকৈ শ্ববনমে ঘৰে ঘৰে গৈ এক আক্ৰমণৰ অভিযান আৰম্ভ কৰি অভিভাৱকসকলক তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনাইছিল।
"মানুহবোৰে হাঁহিছিল। ভাল আন্তঃগাঁথনি, ইতিহাস আৰু কোনো কৰ্মচাৰী নথকা এখন বিদ্যালয়ৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল", শ্ববনমে কয়। কিন্তু মানুহে যিটোকলৈ ঠাট্টা কৰিছিল, সেয়া আছিল শ্ববনমৰ সংকল্প। ২০০৪ চনৰ অক্টোবৰত শ্ববনমে এক সফলতা লাভ কৰিছিল। কিয়নো ২৯ জন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত নামভৰ্তি কৰিছিল। এনে সফলতা দেখি শ্ববনমে বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আয়োজন কৰিছিল। এয়া এখন নতুন আৰু সংগ্ৰামী প্ৰতিষ্ঠানৰ বাবে এক নজিৰবিহীন ঘটনা আছিল।
এই অনুষ্ঠানটো স্থানীয় কেব'ল টিভি চেনেলত সম্প্ৰচাৰ কৰা হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া অতিশয় ব্যাপক আছিল। "পৰৱৰ্তী বৰ্ষত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল", শ্ববনমে কয়। সংৰক্ষণবাদী আৰু সংঘৰ্ষপূৰ্ণ অঞ্চলত সেনাৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ৰ নেতৃত্ব দিয়া এগৰাকী যুৱতী হিচাপে শ্ববনমে বিভিন্ন দিশৰ পৰা শত্ৰুতাৰো সন্মুখীন হৈছিল।
"মোক ৰাজহুৱাকৈ ভাবুকি দিয়া হৈছিল, হাৰাশাস্তি কৰা হৈছিল আৰু সমালোচনা কৰা হৈছিল। মানুহে মোৰ বিষয়ে বিভিন্ন নেতিবাচক কথা কৈছিল। মোৰ পিতৃ-মাতৃয়েও আৰম্ভণিতে মোক সমৰ্থন কৰা নাছিল। তেওঁলোকে মোৰ সুৰক্ষাৰ বাবে ভয় কৰিছিল।" শ্ববনমে কয়।
শ্ববনমৰ খুড়াক বান্দিপৰাৰ এজন সন্মানীয় শিক্ষক আছিল। তেওঁক খুড়াকে তেওঁক আগবঢ়াই নিছিল আৰু শ্ববনমৰ সামৰ্থ্যত দৃঢ় বিশ্বাস কৰিছিল। "তেওঁ মোক সদায়েই কৈছিল, তুমি এই বিদ্যালয়খনক জিলাখনৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বিদ্যালয় হিচাপে গঢ়ি তুলিবা আৰু সেই বিশ্বাসেই সেই অন্ধকাৰ দিনবোৰত মোক পোহৰ দিছিল", শ্ববনমে কয়।
তাজামুল ইছলাম
শ্ববনমৰ আটাইতকৈ প্ৰভাৱশালী সিদ্ধান্তটো আছিল ছাত্ৰীসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। "সেই সময়ত, সাধাৰণ ৰাইজে নিজৰ কন্যা সন্তানসকলক স্থানীয় বিদ্যালয়ত নামভৰ্তি কৰাবলৈ অনিচ্ছুক আছিল, জিলা বা ৰাজ্যৰ বাহিৰলৈ যাব দিয়াটো দূৰৰে কথা", শ্ববনমে কয়। কিন্তু শ্ববনমে সেই সীমা অতিক্ৰম কৰাৰ চেষ্টা সদায়ে কৰিছিল।
তেওঁ কেৱল শৈক্ষিক উৎকৃষ্টতা নিশ্চিত কৰাই নহয়, নিজৰ ছাত্ৰ-ছাত্ৰীসকলক, বিশেষকৈ ছোৱালীসকলক, সহ-শিক্ষাগত আৰু বহিঃশিক্ষাগত কাৰ্যকলাপত জড়িত কৰাক এটা মিছন হিচাপে গঢ়ি তুলিছিল। সেই মিছনক তেওঁ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিল।
"এতিয়া, আমি প্ৰতিটো ডাঙৰ অনুষ্ঠানত সৰ্বাধিক সংখ্যক মহিলা অংশগ্ৰহণকাৰী লাভ কৰো", শ্ববনমে গৌৰৱেৰে কয়। বান্দিপৰাৰ এজিএছ বিদ্যালয়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো শ্ববনমে শিক্ষা গ্ৰহণ বন্ধ কৰা নাছিল। তেওঁ নিজৰ বৃত্তিমূলক প্ৰতিশ্ৰুতিৰ সমান্তৰালভাৱে অধ্যয়ন অব্যাহত ৰাখিছে আৰু আজি তেওঁৰ দুটা স্নাতকোত্তৰ ডিগ্ৰী আছে আৰু এগৰাকী বি.এড ডিগ্ৰীধাৰী।
"শিক্ষাই মোক শক্তি প্ৰদান কৰিছে আৰু মই সেই শক্তি মোৰ সমাজলৈ উভতাই দিব বিচাৰিছো", তেওঁ কয়। চলিত বৰ্ষত, তেওঁৰ দুই দশকজোৰা সংগ্ৰামৰ ফলস্বৰূপে তেওঁ ভাৰতীয় টেলেণ্ট অলিম্পিয়াড (আইটিঅ') ৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰধান শিক্ষক বঁটা লাভ প্ৰদান কৰা হয়।
সমগ্ৰ ভাৰতৰ ১.৫ লাখতকৈও অধিক বিদ্যালয়ৰ ভিতৰত মাত্ৰ ১০০০ প্ৰধান শিক্ষকক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে। "এয়া কেৱল মোৰ প্ৰাপ্তি নহয়, এয়া এজিএছ, বান্দিপৰাৰ জয়, যিসকল ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত হৈছিল, যিসকল পিতৃ-মাতৃয়ে সপোন দেখিবলৈ সাহস কৰা নাছিল, এয়া তেওঁলোকৰ জয়", শ্ববনমে কয়।
বিদ্যালয়খনৰ কাৰ্যালয়ত অধ্যক্ষ শ্ববনম কৌছাৰ
এই বঁটাত নগদ ধন, এটা ট্ৰফী আৰু এটা প্ৰিমিয়াম উপহাৰ অন্তৰ্ভুক্ত আছে। কিন্তু সামগ্ৰিক পুৰস্কাৰতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয় হৈছে স্বীকৃতি। যিগৰাকী যুৱতীয়ে চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে অকলে এখন বিদ্যালয় পৰিচালনা কৰিছিল, তেওঁৰ বাবে এয়া বাস্তৱত পৰিণত হোৱা এটা সপোন।
বান্দিপৰাৰ এজিএছ বিদ্যালয় এতিয়া আৰু সংগ্ৰামী সত্তা নহয়। এতিয়া ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্র-ছাত্রীসকলে নিয়মিতভাৱে সন্মান লাভ কৰে। ইয়াৰ শিক্ষকসকল নিষ্ঠাবান আৰু ইয়াৰ শ্রেণীকোঠাসমূহ হাঁহি আৰু শিক্ষাৰে ভৰপূৰ হৈ থাকে।
এই বিদ্যালয়খন কাশ্মীৰৰ স্থিতিস্থাপকতা, পৰিৱৰ্তন আৰু শৈক্ষিক পুনৰুজ্জীৱনৰ প্ৰতীকলৈ ৰূপান্তৰিত হৈছে। এই পৰিৱৰ্তনৰ অধিকাংশই ভাগৰি নপৰা যুৱতী শ্ববনমৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁৰ এই কাহিনীয়ে কেৱল বান্দিপৰা বা কাশ্মীৰৰ বাসিন্দাসকলক নহয়, সমগ্ৰ দেশৰ মহিলাসকলক অনুপ্ৰাণিত কৰিব। তেওঁক প্ৰায়ে সন্মিলনত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা হয়। শ্ববনমে শিক্ষাবিদসকলক পৰামৰ্শ দিয়ে, আৰু নেতৃত্বৰ ভূমিকাত পদাৰ্পণ কৰিবলৈ ইচ্ছুক যুৱতীসকলক নিৰ্দেশনা দিয়ে।
"মই সদায়েই কওঁ, আন কোনেও তোমাক বিশ্বাস নকৰিলেও, তুমি নিজৰ ওপৰত বিশ্বাস ৰাখিবা। কাৰণ যেতিয়া আপুনি সততা, আন্তৰিকতা আৰু দৃঢ়তাৰে কাম কৰে, তেতিয়া বিশ্বই আপোনাক স্বীকৃতি দিব", শ্ববনমে কয়। যি সময়ত শিক্ষানুষ্ঠানসমূহক আন্তঃগাঁথনি আৰু উন্নত সা-সুবিধাৰ দ্বাৰা মূল্যায়ন কৰা হয়, সেই সময়ত শ্ববনম কৌছৰ আৰু বান্দিপোৰৰ এজিএছ বিদ্যালয়ৰ কাহিনীয়ে আমাক শিক্ষাৰ প্ৰকৃত সাৰ্থকতাৰ কথা সোঁৱৰাই দিয়ে।
পৰিত্যক্ত স্কুলৰ চাবি হাতত লোৱাৰ পৰা ৰাষ্ট্ৰীয় পুৰস্কাৰলৈ, শ্ববনমৰ যাত্ৰাই এজন ব্যক্তিৰ ইচ্ছাশক্তিৰ গভীৰতাক প্ৰতিফলিত কৰে। কাশ্মীৰৰ হৃদয়ত, তেওঁ কেৱল এগৰাকী শিক্ষক হিচাপে নহয়, পৰিৱৰ্তনৰ প্ৰধান শক্তি হিচাপেও থিয় দিছে।