ছিৰাজ আনোৱাৰ / পাটনা
সঠিক সময়ত সঠিক মানুহে কাৰোবাৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। বিহাৰৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান জাবিৰ আনছাৰীয়ে মেণ্টৰশ্বিপৰ শক্তি আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ বলত যুদ্ধ কলাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।
বিহাৰৰ জামুই জিলাৰ নক্সাল প্ৰভাৱিত ঝাঝা ব্লকৰ সৰু গাঁও টুম্বা পাহাৰৰ পৰা ওলাই আহি তেওঁ দেশৰ কাৰাটেৰ জগতত সুনাম গঢ়ি সমগ্ৰ বিহাৰক গৌৰৱান্বিত কৰিছে। বিভিন্ন প্ৰতিযোগিতাত একাধিক স্বৰ্ণ পদক লাভ কৰি জাবিৰে নিজৰ দক্ষতা আৰু প্ৰতিভা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।
জাবিৰ আনছাৰীয়ে ট্ৰফী গ্ৰহণ কৰাৰ এক মূহুৰ্ত
তেওঁৰ এই যাত্ৰাত তিনিজন ব্যক্তিয়ে মুখ্য ভূমিকা পালন কৰিছিল। তেওঁলোকে হৈছে প্ৰশিক্ষক ৰাহুল কুমাৰ, বলীউডৰ তাৰকা অক্ষয় কুমাৰ আৰু পাছমাণ্ডা সম্প্ৰদায়ৰ নেতা ডাঃ ফায়াজ ফাইয়ী। ৰাহুল কুমাৰে জাবিৰ আনছাৰীৰ ক্ৰীড়া কেৰিয়াৰ গঢ়াত পথ প্ৰদৰ্শকৰ দৰে কাম কৰিছে। একেদৰে, অভিনেতা অক্ষয় কুমাৰ হৈছে জাবিৰৰ প্ৰেৰণা আৰু আদৰ্শ। আনহাতে, ডাঃ ফায়াজ ফাইয়ীয়ে তেওঁৰ কেৰিয়াৰক সমৰ্থন কৰিছে।
জাবিৰ আনছাৰীয়ে কয়, “পাটনা বিশ্ববিদ্যালয়ত পঢ়াটো মোৰ বাবে এক ডাঙৰ সন্মান। ইয়াত পোৱা সমৰ্থন আৰু পথ প্ৰদৰ্শনে মোক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰিলে। এই প্ৰতিষ্ঠানটোৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ থাকিম।”
এখন দুৰ্গম গাঁৱৰ পৰা বিশ্ব মঞ্চলৈ জাবিৰৰ যাত্ৰা হৈছে সপোন, নিষ্ঠা আৰু সঠিক সময়ত সঠিক সমৰ্থনৰ এক মনোমোহা কাহিনী।
উল্লেখ্য যে, ২০২৪ চনৰ জুন মাহত নেপালৰ ঝাপাৰ মেচিনগৰৰ কাকাৰভিটাত অনুষ্ঠিত মেয়ৰ কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত জাবিৰ আনছাৰীয়ে ৭৫ কেজি ওজনৰ শাখাত অংশগ্ৰহণ কৰে। পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, ভূটান, আফগানিস্তান, নেপালক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ পৰা তেওঁ কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল। এই প্ৰত্যাহ্বান নেওঁচি তেওঁ ভাৰতৰ হৈ স্বৰ্ণ পদক দখল কৰে।
যুদ্ধ কলাৰ চমকপ্ৰদ দক্ষতাই তেওঁক শ্ৰীলংকা, থাইলেণ্ড, চীন, তুৰস্ক, ইজিপ্তৰ প্ৰতিযোগিতালৈ লৈ গৈছে। ২০১৭ চনত শ্ৰীলংকাত অনুষ্ঠিত দক্ষিণ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। একেদৰে, ইণ্ডোনেছিয়াত অনুষ্ঠিত এছিয়ান গেমছৰ বাবে সম্ভাৱ্য খেলুৱৈ হিচাপে তেওঁক ভাৰতীয় দলত চৰ্টলিষ্ট কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিল।
এখন চেম্পিয়নশ্বিপত জাবিৰ আনছাৰী
১৯৯৭ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা জাবিৰৰ জীৱনটো চিনেমাৰ কাহিনীৰ দৰে প্ৰেৰণাদায়ক। তেওঁৰ পিতৃ মহম্মদ ইমটিয়াজ আনছাৰীয়ে গাঁৱৰ এখন বিদ্যালয়ত অধ্যাপনা কৰাৰ বিপৰীতে মাতৃ ফাহিমা খাতুনে সমাজত দৃষ্টান্তমূলক ভূমিকা গ্ৰহণ কৰাৰ বাবে ২০১৮ চনত ৰাষ্ট্ৰীয় বীৰমাতা জিজাবাই বঁটা লাভ কৰে।
চাৰিজন ভাই-ভনীৰ ভিতৰত ডাঙৰ জাবিৰে প্ৰথম বছৰবোৰত একচন ছবিৰ প্ৰতি আকৰ্ষণ গঢ়ি তুলিছিল আৰু প্ৰায়ে লুকাই চুৰকৈ অক্ষয় কুমাৰৰ যুদ্ধ কলাৰে ভৰা চিনেমাসমূহ উপভোগ কৰিছিল। উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাটনালৈ যোৱাৰ সময়ত তেওঁ কাৰাটেৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰে। ইয়াৰ লগে লগে জাবিৰ আনছাৰীৰ শৈশৱৰ সপোনবোৰে গতি লাভ কৰিবলৈ আৰম্ভ কৰিছিল।
২০১৫ চনত জাবিৰ আনছাৰীয়ে প্ৰথমটো ডাঙৰ সাফল্য অৰ্জন কৰিছিল, যেতিয়া তেওঁ প্ৰথমখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিছিল। এই সাফল্যই তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰে।
তাৰ পৰাই তেওঁ দ্ৰুতগতিত আৰোহণ কৰি ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপত ৬টা সোণৰ পদক লাভ কৰাৰ লগতে ২০১৭ চনত ৰূপ আৰু ২০১৯ চনত ব্ৰঞ্জৰ পদক লাভ কৰে। জাবিৰৰ সফলতাৰ বহুখিনি কৃতিত্ব প্ৰশিক্ষক ৰাহুল কুমাৰক দিব পাৰি, যিয়ে তেওঁক দৈনিক ছয়ৰ পৰা আঠ ঘণ্টাকৈ কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল।
জাবিৰ আনছাৰীক সম্বৰ্ধনা জনোৱা এক মূহুৰ্ত
জাবিৰৰ ওপৰত প্ৰশিক্ষক ৰাহুলৰ বিশ্বাস পুনৰ দৃঢ় হৈ উঠে যেতিয়া যুৱ খেলুৱৈগৰাকীয়ে সৰ্বভাৰতীয় বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত ১৮৮খন বিশ্ববিদ্যালয়ৰ প্ৰতিযোগীক চেৰ পেলাই সোণৰ পদক লাভ কৰে।
প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ ধনৰ অভাৱত ভুগি থকা সময়তে জাবিৰে পাছমাণ্ডা সম্প্ৰদায়ৰ বিশিষ্ট নেতা আৰু কৰ্মী ডাঃ ফৈয়াজ আহমদ ফাইজীৰ সমৰ্থন লাভ কৰে।
উল্লেখ্য যে, জাবিৰে সহায় বিচাৰি ছ'চিয়েল মিডিয়াত আহ্বানে জনাইছিল আৰু জাতি, ধৰ্ম নিৰ্বিশেষে দেশৰ সকলো শ্ৰেণীৰ লোকৰ কৰি তেওঁ ব্যাপক সমৰ্থন লাভ কৰিছিল। জাবিৰে দেশবাসীৰ সেই বিশ্বাসক সন্মান জনাই নেপালত অনুষ্ঠিত সৰ্বভাৰতীয় বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত গৌৰৱেৰে ভাৰতৰ পতাকা উত্তোলন কৰে।
বৰ্তমান পাটনা বিশ্ববিদ্যালয়ত উৰ্দু বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি থকা জাবিৰৰ সফলতাক বহুলভাৱে উদযাপন কৰা হৈছে।
উৰ্দু বিভাগৰ মুৰব্বী অধ্যাপক চাহাব জাফৰ আজমীয়ে ইয়াক সমগ্ৰ প্ৰতিষ্ঠানটোৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰাৰ বিপৰীতে ক্ৰীড়া সম্পাদক ড০ দীপ নাৰায়ণে তেওঁক এক ধাৰাবাহিক প্ৰেৰণা হিচাপে প্ৰশংসা কৰে। বছৰ বছৰ ধৰি জাবিৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুয়োটা সংস্থাৰ পৰা একাধিক বঁটাৰে সন্মানিত হৈছে।
এখন চেম্পিয়নশ্বিপৰ মঞ্চত জাবিৰ আনছাৰী
ইয়াৰ ভিতৰত আছে: বিহাৰ চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় খেলৰত্ন, চম্পাৰণ সত্যগ্ৰহ বঁটা, মহাত্মা গান্ধী বঁটা, মহাত্মা বুদ্ধ বঁটা, শ্বাহ আজীমাবাদ খেলৰত্ন, বিহাৰ প্ৰতিভা সন্মান, বিহাৰ বৈভৱ সন্মান।
আজি জাবিৰ কেৱল এজন প্ৰতিষ্ঠিত খেলুৱৈ নহয়—তেওঁ এজন প্ৰেৰণাদায়ক প্ৰশিক্ষক আৰু প্ৰতিশ্ৰুতিবদ্ধ সমাজকৰ্মীও। ২০২৪ চনৰ ডিচেম্বৰত চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত উত্তৰ-পূব আন্তঃবিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপৰ বাবে পাটনা বিশ্ববিদ্যালয়ৰ কাৰাটে দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। তেওঁৰ মেণ্টৰশ্বিপত অনুৰাগ পাছৱান নামৰ খেলুৱৈজনে পদক লাভ কৰিবলৈ সক্ষম হৈছে।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত জাবিৰে ইনষ্টিটিউট অৱ ডাইনামিক মাৰ্শ্বেল আৰ্টছৰ জৰিয়তে ছোৱালীৰ বাবে বিনামূলীয়া আত্মৰক্ষা আৰু কাৰাটে প্ৰশিক্ষণৰ পদক্ষেপ আৰম্ভ কৰে। ইয়াৰ লক্ষ্য আছিল যুৱতীসকলক আত্মবিশ্বাস আৰু দক্ষতাৰে সৱলীকৰণ কৰা।
ডাঃ ফৈয়াজ ফাইজীয়ে বিশ্বাস কৰে যে জাবিৰৰ দৰে খেলুৱৈয়ে পদক লাভ কৰাতকৈও অধিক কাম কৰে, সেয়া হৈছে তেওঁলোকে প্ৰকৃতাৰ্থত সমাজৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটায়। ‘আহক আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ যে এদিন জাবিৰে অলিম্পিকত স্বৰ্ণ পদক জয় কৰি ভাৰত মাতৃক গৌৰবান্বিত কৰিব,'--ফাইজীয়ে কয়।
জাবিৰ আনছাৰীৰ এই কাহিনীটো হৈছে দৃঢ়তা আৰু ৰূপান্তৰৰ কাহিনী। সীমিত সা-সুবিধা আৰু প্ৰত্যাহ্বানমূলক পৰিৱেশৰ মাজতো তেওঁ প্ৰমাণ কৰিলে যে অনুশাসন আৰু আবেগে সকলো বাধা ভংগ কৰিব পাৰে। তেওঁৰ এই যাত্ৰাই গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ অগণন যুৱক-যুৱতীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।