পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ বাবে অবিবাহিত হৈ ৰোৱা জমীল আখতাৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
জমীল আখতাৰ
জমীল আখতাৰ
 
মালিক আছগাৰ হাচমী / নতুন দিল্লী / ঔৰংগাবাদ (বিহাৰ)
 
শিক্ষাৰ জৰিয়তে অভাৱগ্ৰস্ত শিশুৰ জীৱন আলোকিত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এজন ব্যক্তি হৈছে বিহাৰৰ জমীল আখতাৰ। এই মানৱদৰদী ব্যক্তিজন নেচনেল থাৰ্মেল পাৱাৰ কৰ্প'ৰেশ্যন (এন টি পি চি)ৰ উপ-মহাপ্ৰবন্ধকৰ দৰে উচ্চ পদত অধিষ্ঠিত হৈ আছে। 
 
অভাৱগ্ৰস্ত শিশুক উচিত শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ ইমানেই প্ৰতিশ্ৰুতি আৰু উৎসৰ্গিত যে তেওঁ এই অভিযানত বাধাৰ সৃষ্টি হ'ব পাৰে বুলি ভাবি গোটেই জীৱন অবিবাহিত হৈ থকাৰ সিদ্ধান্ত লয়। আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আখতাৰে কয়, ‘যদি মই বিয়া পাতো, তেন্তে ৫৫০ টা সন্তানৰ শিক্ষা আৰু যত্ন পৰিচালনা কৰাটো কঠিন হৈ পৰিব।'
 
জমীল আখতাৰ (বাওঁফালৰ পৰা তৃতীয়) নিজৰ বিদ্যালয়ৰ কৰ্মচাৰীৰ সৈতে
 
উল্লেখ্য যে, এন টি পি চিত জ্যেষ্ঠ পদত থকাৰ সময়তে তেওঁৰ হৃদয়খন এই বৃহত্তৰ কামৰ বাবে আগ্ৰহী হৈ উঠিছিল। শিক্ষাৰ জৰিয়তে তেওঁ পৰৱৰ্তী প্ৰজন্মক উন্নীত কৰিব বিচাৰিছিল। 
 
আখতাৰ এগৰাকী চৰকাৰী বিষয়াতকৈও বেছি; তেওঁ এজন নিৰৱ সেৱক, যাৰ নিস্বাৰ্থ প্ৰচেষ্টাই পিছপৰা অঞ্চলৰ শ শ শিশুৰ বাবে সুযোগ আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। এই অভিযানৰ সৈতে কাম কৰি থকা তেওঁৰ এতিয়া এদশক হ’ল৷ তেওঁ কয়, “পৰিচয়ৰ পিছত খেদি ফুৰোতে মানুহে প্ৰায়ে নিজৰ উদ্দেশ্যৰ প্ৰতি দৃষ্টি হেৰুৱাই পেলায়। সেয়ে মই চৰ্চাৰ পৰা আঁতৰত নীৰৱে কাম কৰাটো পছন্দ কৰো।" 
 
এটা সাধাৰণ পৰিয়ালৰ পৰা অহা আখতাৰে দৃঢ়ভাৱে বিশ্বাস কৰে যে শিক্ষাৰ জৰিয়তে মানুহৰ জীৱন ৰূপান্তৰিত হয়। তেওঁ নবীনগৰৰ এন টি পি চি প্লাণ্টত নিজৰ কৰ্তব্যৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে জীৱনৰ আৰম্ভণিৰ সময়ছোৱা কটোৱা চহৰ ডেহৰী-অন-ছ’ন (Dehri-on-Sone)ত বঞ্চিত শিশুৰ বাবে এখন বিদ্যালয় চলায়। তেওঁৰ ন'বেল পাব্লিক স্কুলখন আশা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতীকলৈ পৰিণত হৈছে, য’ত হিন্দু, মুছলমান, খ্ৰীষ্টান পৰিয়ালৰ শিশুসকলে সমান সুযোগ আৰু সন্মান উপভোগ কৰি অধ্যয়ন কৰে।
 
নিজৰ বিদ্যালয়ৰ পুৱাৰ প্ৰাৰ্থনা সভাত জমীল আখতাৰ
 
উল্লেখ্য যে, কানপুৰৰ হাৰক’ৰ্ট বাটলাৰ টেকনিকেল ইউনিভাৰ্চিটিৰ পৰা অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰী লাভ কৰা আখতাৰে ২০০১ চনত এন টি পি চিত যোগদান কৰে। তেওঁৰ প্ৰথম পোষ্টিং আছিল দিল্লীত। অৱশ্যে ২০১৪ চনত তেওঁৰ নবীনগৰলৈ বদলি হয় আৰু এয়াই তেওঁৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট হৈ পৰে। 
 
২০১৫ চনত তেওঁ দীৰ্ঘদিনীয়া সপোনৰ ওপৰত কাম কৰাৰ সিদ্ধান্ত লয় আৰু নিজৰ গৃহ চহৰত পিছপৰা শ্ৰেণীৰ শিশুৰ বাবে এখন বিদ্যালয় মুকলি কৰে। ভাড়াতীয়া ভৱন এটাত তেওঁ নাৰ্চাৰীৰ পৰা সপ্তম শ্ৰেণীলৈকে পাঠদান কৰিবলৈ আৰম্ভ কৰে। বিদ্যালয়খনে কিতাপ আৰু শিক্ষণ সামগ্ৰীকে ধৰি সম্পূৰ্ণ বিনামূলীয়া শিক্ষা প্ৰদান কৰিছিল, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক দ্ৰুতভাৱে আকৰ্ষিত কৰিছিল। আজি ৫৫০ টাতকৈও অধিক শিশুৱে নামভৰ্তি কৰিছে আৰু বিদ্যালয়খনত সকলোৱে বিনামূলীয়াকৈ পঢ়া-শুনা কৰিছে।
 
আখতাৰে কয়, “সকলো খৰচ মই নিজৰ পকেটৰ পৰাই বহন কৰো। আমাৰ ১৪ জন শিক্ষক আছে যাৰ দৰমহা মই নিজে দিওঁ। মই সকলো অপাৰেচনেল খৰচো বহন কৰো।।” ইয়াৰ ফলত তেওঁৰ ওপৰত আৰ্থিক হেঁচা পৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আখতাৰে মৃদু হাঁহি এটা মাৰি উত্তৰ দিয়ে: “মই অবিবাহিত, আৰু মোৰ পৰিয়ালটোও ভালকৈ থিতাপি লৈছে। গতিকে মোৰ একো অভাৱ নাই।” 
 
এটা শ্ৰেণীকোঠাত জমীল আখতাৰ
 
তেওঁৰ প্ৰয়াত পিতৃ মেহবুব আখতাৰ উত্তৰ প্ৰদেশৰ সোণভদ্ৰাত কনিষ্ঠ অভিযন্তা আছিল। মাক আৰু চাৰিজন ভাতৃয়ে তেওঁৰ মিছনক সম্পূৰ্ণৰূপে সমৰ্থন কৰে। বিভিন্ন ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত তেওঁৰ ভাতৃসকলে মাজে সময়ে তেওঁক সহায় কৰে যদিও জমীল আখতাৰে বৰঙণি খুব কমেইহে বিচাৰে। বৰঞ্চ তেওঁ খৰচ কম কৰাৰ ব্যৱহাৰিক উপায় কিছুমান বিচাৰি উলিয়াইছে, যেনে মধ্যভোগীক বাদ দি প্ৰকাশকৰ পৰা পোনপটীয়াকৈ কিতাপ ক্ৰয় কৰা আদি।
 
ভাল চাকৰি লাভৰ পিছতো আখতাৰ ব্যক্তিগতভাৱে বিদ্যালয়ৰ প্ৰতিটো দিশৰ সৈতে জড়িত। তেওঁ কয়, “আমাৰ যোগ্য শিক্ষক আছে, কিন্তু মই ব্যক্তিগতভাৱে প্ৰতিটো শিশুৰ অগ্ৰগতি নিৰীক্ষণ কৰো। মই বিচাৰো কোনেও পিছ পৰি থাকিব নালাগে।” তেওঁৰ বিদ্যালয়খনে কেৱল শৈক্ষিক দিশত নহয়, সামগ্ৰিক বিকাশ আৰু চৰিত্ৰ গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। 
 
বিদ্যালয়খনে লালন-পালন কৰা সাম্প্ৰদায়িক ঐক্যক লৈ আখতাৰে অপৰিসীম গৌৰৱ অনুভৱ কৰে। তেওঁ কয়, “হিন্দু, মুছলমান আৰু খ্ৰীষ্টান শিশুসকলে একেলগে শিকি থকা দেখি মই গভীৰ সন্তুষ্টি অনুভৱ কৰো। এইটোৱেই আমাৰ দেশৰ প্ৰকৃত গংগা-জামুনি সংস্কৃতি।”
 
জমীল আখতাৰৰ কৰ্মচাৰীয়ে ৰেচন বিতৰণৰ বাবে সাজু কৰাৰ এক মূহুৰ্ত
 
স্থানীয় লোকে তেওঁৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। ৩৬ নং ৱাৰ্ডৰ প্ৰাক্তন কাউন্সিলাৰ গিৰিজা দেৱীয়ে বিদ্যালয়খনক “দৰিদ্ৰ শিশুৰ বাবে আশীৰ্বাদ” বুলি অভিহিত কৰে, যিয়ে আৰ্থিক বোজা নোহোৱাকৈ গুণগত শিক্ষা প্ৰদান কৰে। শিক্ষক আৰতি কুমাৰী আৰু টাবাচ্ছুমে কয় যে বিদ্যালয়খনে কেৱল শক্তিশালী শৈক্ষিক দিশ প্ৰদান কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ দিশ আৰু আশাও প্ৰদান কৰে। 
 
চৰকাৰী বিদ্যালয়ৰ সীমাবদ্ধতাৰ বিষয়ে আখতাৰ গভীৰভাৱে সচেতন। তেওঁ কয়, “শিক্ষাৰ মানদণ্ড চিন্তাৰ বিষয় হৈয়েই আছে। আমাৰ বিদ্যালয়ে ভাল শিক্ষাক মূল্য দিয়ে আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ খৰচ বহন কৰিব নোৱাৰা অভিভাৱকসকলৰ বাবে এক আশাৰ ৰেঙি প্ৰদান কৰে।”
 
নিজৰ অক্লান্ত কৰ্মৰ জৰিয়তে জমীল আখতাৰে ৫৫০ জনতকৈ অধিক শিশুৰ জীৱন সলনি কৰি প্ৰমাণ কৰিছে যে এজন ব্যক্তিৰ সংকল্পই এখন সমাজক কিদৰে ৰূপান্তৰিত কৰিব পাৰে। তেওঁ কিয় অবিবাহিত হৈ থাকিবলৈ সিদ্ধান্ত ল'লে বুলি পুনৰ সোধাত তেওঁ গহীন হৈ কয়, “মই বিয়া পতা হ’লে ৫৫০টা সন্তানৰ শিক্ষা আৰু যতন ল’ব নোৱাৰিলোহেঁতেন।” 
 
শিক্ষাৰ পোহৰেৰে পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন আলোকিত কৰিব বিচৰা জমীল আখতাৰৰ অদম্য দায়বদ্ধতা আৰু নিৰৱ ত্যাগ সঁচাকৈয়ে অনন্য আৰু ব্যতিক্ৰম।