আৰ্ছলা খান / নতুন দিল্লী
আমি যদি জামিয়া নগৰ, আবুল ফজল এনক্লেভ, শ্বাহীন বাগ, জাসোলা বিহাৰ, মৌলানা আজাদ ৰোডৰ দৰে অঞ্চলত বিৰিয়ানীৰ বিষয়ে কথা পাতো আৰু তাত আলম বিৰিয়ানী হাউছৰ কথা উল্লেখ নকৰো, তেন্তে সেই কথাবোৰ আধৰুৱা হৈ ৰব। কিয়নো যোৱা ১২ বছৰে এই বিৰিয়ানীৰ বিপণিখনে কেৱল বিৰিয়ানী বিক্ৰী কৰাই নহয়, ই সকলোৰে বাবে এক বিশেষ সোৱাদৰ ৰুচি হৈ পৰিছে।
২০১২ চনত জামিয়া নগৰত এখন সৰু বিপণিৰে আৰম্ভ হৈছিল আলম বিৰিয়ানী হাউচৰ। লাহে লাহে ইয়াৰ সোৱাদ আৰু সুগন্ধিয়ে মানুহক ইমানেই মোহিত কৰি তুলিছিল যে, এতিয়া এই নামটো কেৱল এখন দোকানৰ নাম হৈ থকা নাই, ই এটা ব্ৰেণ্ডত পৰিণত হৈছে।
সুস্বাদু চিকেন বিৰিয়ানী
মালিক আলতাফ আলমে কয় যে, প্ৰথম অৱস্থাত তেওঁ নিজেই বিৰিয়ানী বনাইছিল আৰু বাইকৰে ডেলিভাৰী কৰিছিল। কিন্তু আজি তেওঁৰ কেইবাগৰাকীও কৰ্মচাৰী আছে আৰু দোকানৰ বাহিৰেও অনলাইন অৰ্ডাৰৰ ভাল নেটৱৰ্ক গঢ়ি উঠিছে।
দিনেই হওঁক বা ৰাতি হওঁক, ইয়াৰ দোকানত খাদ্য ৰসিকসকলে সদায়ে ভিৰ কৰি থকা পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰী, স্থানীয় বাসিন্দা, পৰিয়াল আৰু কাৰ্যালয়লৈ যোৱা লোক আদি সকলোৰে মাজত এই বিৰিয়ানীকৰ ছাহিদা খুবেই বেছি। বন্ধৰ দিনত আলম বিৰিয়ানী হাউচৰ বাহিৰত গ্ৰাহকৰ ইমানেই ভিৰ হয় যে, মানুহে কুপন লৈ শাৰী পাতি থিয় হবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
ওচৰৰ ওখলা বিহাৰৰ পৰা অহা ইয়াৰ নিয়মীয়া গ্ৰাহক ফৈজান আহমেদে কয় যে, আন ঠাইৰ বিৰিয়ানীত কেৱল মছলাহে থাকে। কিন্তু আলমৰ বিৰিয়ানীত হৃদয়েৰে প্ৰস্তুত কৰাৰ সোৱাদ সন্নিবিষ্ট হৈ আছে। বিৰিয়ানীত থকা কুকুৰাৰ মাংস ইমানেই কোমল হয় যে, ইয়াক হাড়ৰ পৰা পৃথক কৰাৰ প্ৰয়োজনেই নাই।
ডম দি বনোৱা বিৰিয়ানী – এই বিধ বিৰিয়ানী কয়লাৰ কম জুইত ডম কৰি প্ৰস্তুত কৰা হয়। যাৰ বাবে ইয়াৰ প্ৰতিটো দানা সুগন্ধি আৰু মছলাৰে ভৰি থাকে।
ঘৰতে বনোৱা মছলা – এই বিৰিয়ানী কোনো কাৰখানাত প্ৰস্তুত কৰা ৰেডিমেড মছলাৰে তৈয়াৰ কৰা নহয়। ইয়াত ব্যৱহৃত প্ৰতিবিধ মছলা থেতেলিয়াই ঘৰতে গুড়ি কৰি প্ৰস্তুত কৰা হয়।
আলম বিৰিয়ানী হাউছ বিপণিৰ ভিতৰৰ দৃশ্য
সৰিয়হৰ তেলৰ গোন্ধ – এই বিৰিয়ানী খোৱা মানুহে প্ৰায়ে কয় যে, বিৰিয়ানী মুখত দিয়াৰ লগে লগে ইয়াৰ এক অনন্য সুগন্ধিয়ে অবৰি ধৰে। যিটো সৰিয়হৰ তেলৰ পৰা আহে। এই কাৰণেই ই আন বিৰিয়ানীতকৈ পৃথক হয়।
বিৰিয়ানীৰ বিভিন্ন প্ৰকাৰ - চিকেন, মাটন আৰু এগ বিৰিয়ানীৰ লগতে ইয়াত বিশেষ নাজাকাত বিৰিয়ানীও উপলব্ধ। য’ত কাজু, কিচমিচ আৰু কেশৰ যোগ কৰা হয়।
আলম ষ্টাইলৰ বিশেষ চিকেন ডম বিৰিয়ানী ৰেচিপি :
উপাদান (৫ গৰাকী লোকৰ বাবে):
বাছমতী চাউল – ৫০০ গ্ৰাম
কুকুৰা মাংস – ৭৫০ গ্ৰাম (পৰিষ্কাৰ কৰা)
দৈ – ১ কাপ
পিঁয়াজ – ৩ টা মিহিকৈ কাটি ভাজি লোৱা
আদা-নহৰুৰ পেষ্ট – ২ চামুচ
নেমুৰ ৰস – ২ চামুচ
জলকীয়াৰ গুড়ি – ১ চামুচ
হলধী – আধা চামুচ
গৰম মছলা – ১ চামুচ
বিৰিয়ানী মছলা – ২ চামুচ
ধনীয়া পাত আৰু পদিনা পাত – এমুঠিকৈ
ঘিউ – ৩ চামুচ
সৰিয়হৰ তেল – ২ চামুচ
কেশৰ – ১ চিকুট (গৰম গাখীৰত তিয়াই ৰখা)
নিমখ – সোৱাদ অনুসৰি
গোটা মছলা - তেজপাত, ডালচেনি, লং
পদ্ধতি:
প্ৰথমে কুকুৰাৰ মাংস দৈ, আদা-নহৰু পেষ্ট, নেমু ৰস, জলকীয়াৰ গুড়ি, হালধী, বিৰিয়ানী মছলা আৰু ভজা পিঁয়াজৰ সৈতে কমেও ২ ঘণ্টা মেৰিনেট কৰিব লাগে।
আলম বিৰিয়ানী হাউছৰ বিপণি
ইয়াৰ পিছত চাউলখিনি সিজাই লব, কিন্তু সম্পূৰ্ণকৈ নহয়, মাত্ৰ ৭০%লৈকে সিজাই লব। এটা কেৰাহী ঘিউ আৰু তেল অলপ দি মেৰিনেট কৰা চিকেনখিনি দি ১০ মিনিট ভাজিব।
এতিয়া তাৰ ওপৰত আধা সিজোৱা ভাত দিব, তাৰ পিছত ধনীয়া পাত, পদিনা আৰু কেশৰ মিহলি গাখীৰ দি এটা তাৰপ সম্পূৰ্ণ কৰিব। তাৰ পিছত আকৌ বাকী থকা ভাতখিনিৰ এটা তৰপ দি ওপৰত কিছু ঘিউ দিব। শেষত কেৰাহীটো এখন ঢাকনিৰে বন্ধ কৰি কাষবোৰ আটাৰে বন্ধ কৰি দিব।
এতিয়া অতি কম জুইত ডমত ৰাখিব – প্ৰথমে উচ্চ জুইত ১০ মিনিট আৰু তাৰ পিছত কম জুইত ২০-২৫ মিনিট ৰান্ধিব। প্ৰস্তুত কৰা বিৰিয়ানীখিনি ভালদৰে খুলি গৰম ৰাইটাৰ সৈতে পৰিবেশন কৰক।
উল্লেখ্য যে, জামিয়া নগৰ মেইন ৰোডৰ জামিয়া মেট্ৰ' ষ্টেচনৰ ওচৰত, আবুল ফজল এনক্লেভৰ ২নং গেটৰ ওচৰত, শ্বাহীন বাগৰ খালিদ মছজিদৰ সন্মুখত, জাসোলা বিহাৰৰ মাদ্ৰাছা ৰোডৰ সমীপত, মৌলানা আজাদ ৰোডৰ বাটলা হাউচ চ'কৰ ওচৰত আলম বিৰিয়ানী হাউচৰ শাখাবোৰ আছে।
যিসকলে প্ৰকৃত দেশীয় ডম বিৰিয়ানীৰ প্ৰতি আকৰ্ষিত, তেওঁলোকৰ বাবে আলম বিৰিয়ানী হাউচ কেৱল এখন ৰেষ্টুৰেণ্ট নহয়, ই হৃদয়ৰ এক অতি চিনাকী স্থান হৈ পৰিছে। যদি আপুনিও বিৰিয়ানীৰ অনুৰাগী হয়, তেনেহ'লে এবাৰ জামিয়া বা শ্বাহীন বাগলৈ যাব। তাত থকা বিৰিয়ানীৰ সুগন্ধি আৰু সোৱাদে আপোনাক আপ্লুত কৰি তুলিব।