পঞ্জাৱৰ বানবিধ্বস্ত পৰিয়ালৰ দায়িত্ব ল'লে হকী তাৰকা হাৰ্দিক সিঙে; এছিয়া কাপৰ পুৰস্কাৰৰ ধনেৰে পুনৰ নিৰ্মাণ কৰিব দূৰ্গতজনৰ ঘৰ

Story by  atv | Posted by  [email protected] • 2 h ago
বানবিধ্বস্ত পৰিয়ালটোৰ কাষত হকী তাৰকা হাৰ্দিক সিং
বানবিধ্বস্ত পৰিয়ালটোৰ কাষত হকী তাৰকা হাৰ্দিক সিং
 
আৱাজ দ্য ভইচ ব্যুৰ'

জলন্ধৰৰ ঘৰৰ পৰা ১০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত অৱস্থিত ৰবি নদীৰ পাৰৰ এখন গাঁওলৈ গাড়ী চলাই যোৱাৰ সময়ত হাৰ্দিক সিঙে অনুভৱ কৰিলে যে তেওঁ দেখা বাস্তৱতা সংবাদ মাধ্যমত দেখাতকৈ বহু বেছি হৃদয় বিদাৰক। যোৱা সপ্তাহত এছিয়া কাপ হকী প্ৰতিযোগিতাত বিজয়ী হৈ দেশবাসীৰ প্ৰিয়পাত্ৰ হৈ পৰা ভাৰতীয় হকী দলৰ উপ-অধিনায়ক হাৰ্দিক সিঙে বুধবাৰে প্ৰতিযোগিতাখনৰ পৰা লাভ কৰা সকলো মেচ ফী আৰু পুৰস্কাৰৰ ধন বানপীড়িত লোকসকলৰ জীৱন পুনৰ গঢ় দিয়াত দান কৰে।
 
২৬ বছৰীয়া খেলুৱৈজনে পঞ্জাৱৰ সীমান্তৱৰ্তী চহৰ আজনলাৰ ৰামদাস নামৰ এখন গাঁৱত চাৰিজনীয়া পৰিয়াল এটাৰ দায়িত্ব লয়। হাৰ্দিকে কয় যে তেওঁ গুৰচন সিং, তেওঁৰ মাতৃ আৰু দুটা সন্তানক বানপানীত ধ্বংসপ্ৰাপ্ত ঘৰটো পুনৰ নিৰ্মাণ কৰাত সহায় কৰিব। তেওঁ আনকি পৰিয়ালটোৰ বাবে সকলো ঘৰুৱা আচবাব, ফেন, টেলিভিছন আদি ক্ৰয় কৰিব। বুধবাৰে যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে এই দূৰ্ভগীয়া পৰিয়ালটোক লগ পাইছিল, তেতিয়া তেওঁলোকে এসময়ত তেওঁলোকৰ ঘৰটো থকা ঠাইৰ পৰা ৬০ মিটাৰ দূৰত্বত এটা তম্বুত আশ্ৰয় লৈ আছিল।
 
সংবাদ মাধ্যমৰ সন্মুখত হাৰ্দিকে কয়, “পৰিয়ালৰ ওচৰ পাওঁতে গুৰচন সিঙে আনক সহায় কৰিবলৈ এঠাইলৈ ওলাই গৈছিল। মোৰ লগত এনেকুৱা দূৰ্যোগ সংঘটিত হ’লে ঘৰতে থাকি হুমুনিয়াহ কাঢ়িলোহেঁতেন যে ‘মোৰ লগতহে কিয় এনেকুৱা হ’ল!’ কিন্তু নিজৰ ঘৰখন ধ্বংস হৈ যোৱাৰ পিছতো গুৰচনে আনক সহায় কৰিবলৈ চেষ্টা চলাই আছে, সেয়া মোৰ বাবে অত্যন্ত প্ৰেৰণাদায়ক আছিল।”

উল্লেখ্য যে, দুসপ্তাহতকৈও অধিক সময় ধৰি হাৰ্দিক আৰু তেওঁৰ ভাৰতীয় সতীৰ্থসকলে এছিয়া কাপৰ খিতাপ দখলৰ লক্ষ্যৰে বৰ্হিবিশ্বৰ সৈতে নিজকে বিচ্ছিন্ন কৰি ৰাখিছিল। ২০২৬ চনৰ বিশ্বকাপৰ কোৱালিফায়াৰ হিচাপে এই প্ৰতিযোগিতাখনৰ তাৎপৰ্য্য দুগুণে বৃদ্ধি পায়। হাৰ্দিক আছিল ভাৰতৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী। মালয়েছিয়াৰ বিৰুদ্ধে তেওঁ ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিছিল আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ফাইনেলত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল। ফাইনেলত ভাৰতে ৪-১ গ’লত জয়লাভ কৰি আঠ বছৰৰ পাছত মহাদেশীয় খিতাপ পুনৰ দখল কৰিবলৈ সক্ষম হয়।

দলটোৱে নিজৰ কামত লাগি থকাৰ সময়তে অবিৰত বৰষুণে পঞ্জাৱত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। মন কৰিবলগীয়া যে, ভাৰতীয় হকী দলটোৰ আধাতকৈ অধিক খেলুৱৈ পঞ্জাৱৰ পৰা আহে। বৰ্তমানলৈকে ৫০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱা আৰু প্ৰায় ১৯০০ খন গাঁও ক্ষতিগ্ৰস্ত হোৱা প্ৰলয়ংকৰী বানপানীৰ খবৰে খেলুৱৈসকলক বিচলিত কৰিছিল। হাৰ্দিকে কয় যে তেওঁ খেলৰ ব্যস্ততাৰ মাজতে ছ’চিয়েল মিডিয়াত নিজৰ গৃহ ৰাজ্যৰ পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছিল।
 
ঘৰ পোৱাৰ লগে লগে মিডফিল্ডাৰগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিজে গাড়ী চলাই আৰ্তজনক সহায় কৰে। হাৰ্দিকে কয়, "বহু দূৰ-দূৰণিলৈ মানুহে পথৰ ওপৰত তম্বু টানি শুই থাকিবলগীয়া হৈছে। খাদ্য আৰু পানীকে ধৰি মানুহৰ মৌলিক প্ৰয়োজনীয়তাসমূহৰ সুবিধা সীমিত হৈ পৰা দেখিছো।"
ইনিচিয়েটাৰ্ছ অৱ চেঞ্জ (Initiators of Change) নামৰ এক স্বেচ্ছাসেৱী সংগঠনে গুৰচন আৰু তেওঁৰ পৰিয়ালৰ সৈতে চিনাকি কৰাই দিছিল। “তেওঁলোকৰ জৰিয়তে মই এই পৰিয়ালটোক লগ পালোঁ, যিয়ে বানপানীত সকলো হেৰুৱাইছে। যোৱা ১০ দিন ধৰি তেওঁলোকে ঘৰৰ পৰা ৬০ মিটাৰ দূৰৈৰ শিবিৰ এটাত আশ্ৰয় লৈ আছে। কোনোবাই এদিন তেওঁলোকক খাদ্য দিয়ে, আৰু দুই এজনে আন আন মৌলিক সুবিধাখিনি দিয়ে। জীৱনটো পুনৰ গঢ়ি তুলিবলৈ তেওঁলোকৰ হাতত কোনো উপাৰ্জনৰ উৎস বা আন কোনো সম্পদ নাই। তেওঁলোকে কি অৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে সেয়া মই কল্পনাও কৰিব পৰা নাছিলো।"-হাৰ্দিকে কয়।
 
ভাৰতৰ হকী খেলুৱৈয়ে এটা সময়ত দেশৰ হৈ খেলাৰ বাবে মেচ ফী লাভ নকৰাৰ বিপৰীতে ২০২২ চনত হকী ইণ্ডিয়াই প্ৰতিখন মেচত জয়ী হোৱাৰ সময়ত প্ৰতিজন খেলুৱৈৰ বাবে ৫০ হাজাৰ টকাৰ বোনাছ ঘোষণা কৰিছিল। এছিয়া কাপত জয়লাভ কৰি খেলুৱৈসকলে চৰকাৰৰ পৰা নগদ ধনৰ পুৰস্কাৰো লাভ কৰে।
 
হাৰ্দিকে কয় যে তেওঁ পোৱা পুৰস্কাৰৰ ধন গুৰচন আৰু তেওঁৰ পৰিয়ালক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হ’ব। “সেই টকাখিনি মই ঘড়ী বা তেনেকুৱা কিবা এটা কিনিবলৈ খৰচ কৰিলোঁহেঁতেন। কিন্তু যদি মই কাৰোবাৰ জীৱনত সৰু সৰু পৰিৱৰ্তন আনিব পাৰো তেন্তে সেয়া অধিক সন্তুষ্টিদায়ক হ’ব। ই এটা সাধাৰণ মানৱতাৰ কাম, আন একো নহয়।”