অভিষেক কুমাৰ সিং/বাৰানসী
ভাৰতবৰ্ষত খান ছাৰক চিনি নোপোৱা ছাত্ৰ-ছাত্ৰী নাই বুলিয়ে ক'ব পাৰি। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে খান ছাৰক চিনি পাই বা তেওঁৰ নাম শুনিছে। খান ছাৰ হৈছে বিহাৰৰ পাটনাৰ এগৰাকী বিখ্যাত শিক্ষক তথা ইউটিউবাৰ। নিজৰ অনন্য শিক্ষণ শৈলী আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া বা কম খৰচত শিক্ষা প্ৰদানৰ বাবে জনাজাত খান ছাৰ। কিন্তু তেওঁ এতিয়া এক নতুন দিশত অগ্ৰসৰ হৈছে। শিক্ষা খণ্ডত বিপ্লৱ অনাৰ পিছত খান ছাৰে এতিয়া চিকিৎসা খণ্ডত প্ৰৱেশ কৰিছে।
খান ছাৰৰ উদ্দেশ্য হৈছে, বিহাৰৰ প্ৰতিখন জিলাৰ জনসাধাৰণে যাতে সুলভ, সহজলভ্য আৰু অত্যাধুনিক স্বাস্থ্য সেৱা লাভ কৰিব পাৰে। চিকিৎসাৰ বাবে সাধাৰণ লোকসকলে যাতে অন্য চহৰলৈ গৈ ব্যয় বহন কৰিব নালাগে। খান ছাৰে শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ বিহাৰৰ প্ৰতিখন জিলাত ডায়েলিছিছ চেন্টাৰ, ব্লাড বেংক, ডায়াগনষ্টিক চেন্টাৰ আৰু এখন বিশ্বমানৰ চিকিৎসালয় খুলিব।
খান ছাৰ
আমোদজনক কথাটো হ'ল যে খান চাৰে এই কামটো কোনো চৰকাৰী সাহায্য অবিহনেই কৰিব। তেওঁ শিক্ষাৰ্থীসকলক শিক্ষা প্রদানৰ বিনিময়ত যি টকা পাই, সেই টকাৰে এই মহান কাম কৰিব ওলাইছে। তেওঁ বিশ্বাস কৰে যে এই মাচুল কেৱল শিক্ষাৰ বিনিময়ত লোৱা মাচুল নহয়, তেওঁৰ বাবে এই মাচুল সমাজলৈ ঘূৰাই দিয়াৰ দায়িত্বও আছে।
খান ছাৰে কয় যে কিডনি বিকল হোৱা ৰোগীৰ বাবে ডায়েলিছিছ এক ডাঙৰ প্ৰত্যাহ্বান। এবাৰ ডায়েলিছিছ কৰাৰ বাবদ প্ৰায় ৪০০০ টকা খৰচ হয় আৰু মাহত ৫০,০০০ টকা খৰচ হয়। যিটো দুখীয়া পৰিয়ালৰ বাবে অসম্ভৱ।
খান ছাৰে সিদ্ধান্ত লৈছে যে বিহাৰৰ প্ৰতিখন জিলাতে ডায়েলিছিছ কেন্দ্ৰ স্থাপন কৰিব, য'ত অত্যাধুনিক মেচিনৰ সহায়ত অতি কম খৰচতে এই সুবিধা প্ৰদান কৰা হ'ব। প্ৰতিখন জিলাত কমেও ১০ টা ডায়েলিছিছ মেচিন স্থাপন কৰা হ'ব। ইয়াৰে প্ৰথম ১০টা মেচিন ইতিমধ্যে অনা হৈছে আৰু মেচিনকেইটাৰ লগোৱাৰ কাম আৰম্ভ কৰা হৈছে।
দৰিদ্ৰৰ বেদনা বুজা খান ছাৰ
এই যন্ত্ৰসমূহ জাৰ্মানী আৰু জাপানৰ পৰা অৰ্ডাৰ কৰা হৈছে। খান ছাৰৰ পৰিকল্পনা কেৱল ইয়াতেই সীমাবদ্ধ নহয়। তেওঁ ঘোষণা কৰিছে যে বিহাৰৰ জনসাধাৰণে প্ৰতিটো উৎসৱতে এক নতুন স্বাস্থ্যসেৱাৰ উপহাৰ লাভ কৰিব।
নৱৰাত্ৰিৰ প্ৰথম দিনা খান ছাৰে জাপানৰ আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তিৰে সজ্জিত এটা ব্লাড বেংকৰ শুভাৰম্ভ কৰিব। এই ব্লাড বেংকটো এনেধৰণে তৈয়াৰ কৰা হৈছে যাতে ৰক্তৰ অভাৱত কোনো লোকে মৃত্যুক আঁকোৱালি ল'ব লগা নহয় আৰু প্ৰয়োজনত ৰক্তৰ অভাৱত ৰোগীয়ে তাৎক্ষণিকভাৱে আৰু সহজলভ্য ভাৱে ৰক্ত লাভ কৰে।
ঠিক সেইদৰে, দিপাৱলীৰ দিনা খান ছাৰে বিহাৰক উপহাৰ দিব এখন বিশ্বমানৰ চিকিৎসালয়। এই চিকিৎসালয়খন চৰকাৰীৰ দৰ হ'ব, কিন্তু ইয়াৰ সা-সুবিধাসমূহ হ'ব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ দৰেই।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই চিকিৎসালয়খনত কাম কৰা চিকিৎসকসকল হ'ব এনে লোক যিসকলে খান ছাৰৰ কোচিং লৈছিল আৰু বৰ্তমান চিকিৎসা বৃত্তিৰ সৈতে জড়িত। খান ছাৰৰ এই শিক্ষা আৰু সেৱাৰ সংমিশ্ৰণে সমাজক যথেষ্ট প্ৰেৰণা দিব।
তাৰপাছত ছট পূজাৰ শুভক্ষণত খান ছাৰে এটা অত্যাধুনিক ডায়েগনষ্টিক কেন্দ্ৰ উদ্বোধন কৰিব য'ত সকলো প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা উপলব্ধ থাকিব। জাপান, জাৰ্মানী আৰু আমেৰিকাৰ পৰাই এই যন্ত্ৰপাতিসমূহ অনা হৈছে, যাৰ ফলত এই কেন্দ্ৰটো প্ৰযুক্তিৰ ক্ষেত্ৰত কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানতকৈ কম নহ’ব।
এই সকলোবোৰ পৰিকল্পনাৰ বাবে খান ছাৰে আৰাস্থিত ক'ইলভাৰ মৌজাত ৯৯ কট্টা মাটি ক্ৰয় কৰিছে। য'ত এই চিকিৎসা সুবিধাসমূহৰ আধাৰশিলা স্থাপন কৰা হ'ব। বাতৰি অনুসৰি, তেওঁ কোনো প্ৰচাৰ নকৰাকৈ পঞ্জীয়ক কাৰ্যালয়লৈ যায় আৰু মাত্ৰ ৩০ মিনিটৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ কৰে। এয়াই হৈছে তেওঁৰ সৰলতা আৰু নিষ্ঠাৰ প্ৰতীক।
খান ছাৰৰ শ্ৰেণীকোঠা
প্ৰতিটো উৎসৱক সেৱাৰ সৈতে সংযুক্ত কৰাৰ সংকল্পই খান ছাৰৰ এই চিন্তাধাৰাক অধিক বিশেষ কৰি তুলিছে। তেওঁ কয় যে যেনেকৈ মানুহে উৎসৱৰ সময়ত তেওঁলোকৰ প্ৰিয়জনক উপহাৰ দিয়ে, তেনেকৈ তেওঁ বিহাৰৰ জনসাধাৰণক প্ৰতিটো উৎসৱতে স্বাস্থ্য সেৱাৰ উপহাৰ দিব।
তেওঁ লগতে স্পষ্ট কৰি দিছে যে এই সমগ্ৰ অভিযানত কোনো চৰকাৰী পুঁজি বা সহায় লোৱা নহয়। এই সকলোবোৰ সম্ভৱ হৈ উঠিছে তেওঁৰ শিক্ষাৰ্থীসকলে দিয়া মাচুলৰ জৰিয়তে। এই ঘোষণাৰ সময়ত খান ছাৰে শিৱভক্তৰ ৰূপত আত্মপ্ৰকাশ কৰে।
কপালত তিলক আৰু ত্ৰিপুণ্ড লৈ তেওঁ শাওণৰ শেষ সোমবাৰে এই সংকল্প লৈ কৈছিল যে "যদি শিক্ষাৰ দ্বাৰা পৰিৱৰ্তন সম্ভৱ, তেনেহ'লে সেৱাৰ দ্বাৰা কিয় নহয়? বিহাৰৰ দৰে এখন ৰাজ্যত, য'ত এতিয়াও গ্ৰাম্য অঞ্চলত স্বাস্থ্যসেৱা সীমিত, খান ছাৰৰ এই পদক্ষেপ সুস্থ ভৱিষ্যতৰ দিশত এক ডাঙৰ পদক্ষেপ।
তেওঁৰ শিক্ষা প্ৰদানৰ জৰিয়তে যুৱক-যুৱতীসকলক স্ব-নিৰ্ভৰশীল কৰি তুলিছে আৰু এতিয়া তেওঁ স্বাস্থ্য সেৱাৰ জৰিয়তে সমাজত অৱদান আগবঢ়োৱাৰ চিন্তা-চৰ্চা কৰিছে। খান ছাৰৰ এই পদক্ষেপ কেৱল বিহাৰৰ বাবেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবেও এক প্ৰেৰণাৰ আৰ্হি হ'ব পাৰে।
খান ছাৰৰ এই সংকল্প কেৱল এজন ব্যক্তিৰ চিন্তা নহয়, বৰঞ্চ ই হৈছে সমাজৰ এখন দাপোন। য'ত শিক্ষকসকল কেৱল শিক্ষাদানতেই সীমাবদ্ধ নহয়, বৰঞ্চ প্ৰয়োজন হ'লে সমাজৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তাসমূহো তেওঁলোকৰ কান্ধত তুলি ল'ব পাৰে। এয়া হৈছে শিক্ষাৰ পৰা সেৱালৈ এটা পদক্ষেপ, যি অনাগত দিনত লাখ লাখ লোকৰ জীৱন সলনি কৰিব পাৰে।
খান ছাৰে প্ৰমাণ কৰি দিছে যে যদি ভাল উদ্দেশ্য থাকে আৰু চিন্তা-চৰ্চা শুদ্ধ হয়, তেন্তে চৰকাৰী সহায়ৰ প্ৰয়োজন নাই আৰু কোনো ডাঙৰ মঞ্চৰো প্ৰয়োজন নাই। এজন শিক্ষকেও সমাজত বিপ্লৱ আনিব পাৰে।