ছাত্ৰপতি সম্ভাজিনগৰ
বহু দশক ধৰি নিস্তব্ধ হৈ পৰা মহাৰাষ্ট্ৰৰ ধৰশিৱ জিলাৰ এখন সৰু বন্যপ্ৰাণী অভয়াৰণ্যলৈ পুনৰ নবজীৱন সঞ্চাৰ হৈছে। বিদৰ্ভৰ অঞ্চলৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰি এটা পোৱালী মতা বাঘে ইয়েদশী ৰামলিং ঘাট অভয়াৰণ্যত নিজৰ নতুন ঘৰ সাজিছে।
বহু দশক ধৰি এই অভয়াৰণ্যখনত কোনো বাঘে বসতি স্থাপন কৰা পৰিলক্ষিত হোৱা নাছিল। ৰামলিংত এই বাঘটোৰ উপস্থিতিয়ে কেৱল অভয়াৰণ্যখনলৈ বনজীৱনৰ সৌন্দৰ্য পুনৰাই প্ৰতিষ্ঠা কৰাই নহয়, অঞ্চলটোৰ স্বাস্থ্যকৰ পৰিৱেশৰো এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
ইয়েদশী ৰামলিং অভয়াৰণ্যৰ দুৱাৰ
সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত এজন বন বিষয়াই কয় যে, বিচৰণকাৰী এই বাঘটোৰ বয়স প্ৰায় তিনি বছৰ। বাঘটোৱে বিদৰ্ভৰ টিপেশ্বৰৰ পৰা দীঘলীয়া যাত্ৰা কৰি আহিছিল আৰু যোৱা বছৰৰ ডিচেম্বৰ মাহত এই সৰু অভয়াৰণ্যখনৰ ভূখণ্ডত নিজৰ বসতি স্থাপন কৰিছিল।
২২.৫০ বৰ্গ কিলোমিটাৰ বিস্তৃত অঞ্চলে আৱৰি থকা এই বনাঞ্চলখন ১৯৯৭ চনত ইয়েদশী ৰামলিং অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। যিখন নাহৰফুটুকী, ভালুক (ভাৰতীয় ভালুক), শিয়াল, কুকুৰনেচীয়া বাঘ, মনিটৰ লিজাৰ্ড, হৰিণ আৰু শহাপহু আদিৰ বাসস্থান। ইয়াৰোপৰি ইয়াত ১০০ টা প্ৰজাতিৰ চৰাইও দেখিবলৈ পোৱা যায় বুলি ৰেঞ্জ ফৰেষ্টৰ বিষয়া আমোল মুণ্ডেই জানিবলৈ দিয়ে।
মুণ্ডে কয় যে, স্থানীয়ভাৱে বনকৰ্মীসকলে বাঘটোক ওচৰৰ বিখ্যাত ভগৱান শিৱৰ মন্দিৰ 'ৰামলিং'ৰ নামেৰে নামাকৰণ কৰিছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰথমবাৰৰ বাবে বাঘটো দেখা পোৱা গৈছিল। বন্যপ্ৰাণী বিশেষজ্ঞসকলে এই ঘটনাটো অধ্যয়ন কৰি এই সিদ্ধান্তত উপনীত হৈছিল যে, বাঘটোৱে যৱতমালৰ টিপেশ্বৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা যাত্ৰা কৰি আহিছিল। ইয়েদশীত তোলা কেমেৰা ফান্দৰ ছবিবোৰ টিপেশ্বৰৰ পূৰ্বৰ ফটোৰ সৈতে মিলাই বাঘটোৰ পৰিচয় আৰু উৎপত্তি নিশ্চিত কৰা হৈছে।
ইয়েদশী ৰামলিং ঘাট বন্যপ্ৰাণী অভয়াৰণ্য
৪৫০ কিলোমিটাৰ যাত্ৰাৰ সময়ত বাঘটোৱে চুবুৰীয়া তেলেংগানাৰ আদিলাবাদত বিচৰণ কৰি নন্দেদ আৰু আহমেদপুৰত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছত ইয়েদশী ৰামলিং ঘাট বন্যপ্ৰাণী অভয়াৰণ্যত উপস্থিত হৈছিল। তুলনামূলকভাৱে এই সৰু অভয়াৰণ্যখনৰ কাষৰ অঞ্চলবোৰতো বাঘটোৱে বিচৰণৰ কৰাৰ গতিবিধি পৰিলক্ষিত হৈ আহিছে বুলি মুণ্ডেই জনায়।
মুণ্ডে কয়, "আমাৰ ইয়েদশী ৰামলিং ঘাট বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে এখন অতি সৰু অভয়াৰণ্য। যি প্ৰয়োজনীয় ঠাইৰ মাত্ৰ এক চতুৰ্থাংশ। গতিকে বাঘটোৱে বৰ্শী, ভূম, তুলজাপুৰ আৰু ধৰশিৱ তালুকলৈ বিচৰণ কৰি থাকে। অৱশ্যে তেওঁ এতিয়ালৈকে কোনো মানুহক আক্ৰমণ কৰা নাই।"
ইয়াৰ পূৰ্বে বন বিভাগে বাঘটোক কলাৰ ফিট কৰিবলৈ উদ্ধাৰ কৰি সাহ্যাদ্ৰী বাঘ সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰিত কৰাৰ চেষ্টা চলাইছিল আৰু জানুৱাৰীৰ পৰা এপ্ৰিললৈকে ৭৫ দিনীয়া অভিযান আৰম্ভ কৰিছিল, যদিও সফল হব পৰা নাছিল। কিয়নো বাঘটো ভূ-প্ৰকৃতিৰ মাজত নোহোৱা হৈ গৈছিল। সমগ্ৰ অভিযানৰ সময়ছোৱাত মাত্ৰ মুষ্টিমেয় পৃষ্ঠ নিৰ্ধাৰণহে কৰা হৈছিল বুলি মুণ্ডেই জনায়।
শিৱৰ মন্দিৰ 'ৰামলিং'
বাঘটোক অনুসৰণ কৰিবলৈ ড্ৰ’ন ব্যৱহাৰ কৰা হৈছিল। কিন্তু সমগ্ৰ অভিযানৰ সময়ছোৱাত বাঘটোক মাত্ৰ দুবাৰ বা তিনিবাৰহে দেখা গৈছিল। এই বাঘৰ পোৱালিটোৱে নিজকে লুকুৱাই ৰখাত যথেষ্ট নিপুণ বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰিছে।
আভয়াৰণ্যখনত বনৰীয়া গাহৰি, সাম্বাৰ হৰিণ, নিলগাই আৰু চিংকাৰাৰ দৰে চিকাৰৰ উপস্থিতিয়ে তেওঁৰ থকাৰ সময়খিনি আৰামদায়ক কৰি তুলিছে বুলিও মুণ্ডেই কয়।
আৰম্ভণিতে বাঘটোৱে গৰু-ম'হ মাৰিছিল যদিও এপ্ৰিল মাহৰ পৰা সি চিকাৰ কৰিবলৈ নিজৰ অঞ্চলটো নিৰ্ধাৰণ কৰি লৈছে। সি ৰাতিপুৱা ঘুৰা-ফুৰা কৰে যাৰবাবে পুৱাৰ ভাগত বাঘটোৰ বিৰল আবিৰ্ভাৱ ঘটে বুলি মুণ্ডে কয়। বিষয়াগৰাকীয়ে জনোৱা মতে, ১৯৭১ চনৰ পিছত মাৰাথৱাড়াত উপস্থিত হোৱা চতুৰ্থটো বাঘ হৈছে এই পোৱালী বাঘটো।
প্ৰতিনিধিত্বমূলক ছবি
মুণ্ডে কয় যে, এই অঞ্চলত বাঘৰ উপস্থিতি শেষবাৰৰ বাবে নিশ্চিত হৈছিল ১৯৭১ চনত গৌতলা বন্যপ্ৰাণী অভয়াৰণ্যত আৰু ২০২০ চনতহে গৌতলাত পুনৰ চমুকৈ আন এটা বাঘৰ আবিৰ্ভাৱ ঘটিছিল। বৰ্তমান আন দুটা বাঘৰ বাবে মাৰাথৱাড়াৰ নন্দেদ আৰু বিদৰ্ভৰ টিপেশ্বৰ হৈছে বিচৰণ ভূমি।
ইয়েদশী অভয়াৰণ্যত বাঘটোৰ উপস্থিতিয়ে অভয়াৰণ্যখনৰ স্বাস্থ্যকৰ পৰিৱেশৰ সূচক বুলি বিষয়াগৰাকীয়ে জনায়। তেওঁ কয়, "অঞ্চলটোৰ কৃষকসকলে শস্য ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা অতি কম তীব্ৰতাসম্পন্ন বৈদ্যুতিক বেৰৰ বাহিৰে ৰাজহুৱা স্থানত চলাচল কৰাৰ ক্ষেত্ৰত বাঘটোৱে তেনে কোনো প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। আমি টহলদাৰী দল গঠন কৰিছো, যিয়ে বাঘটোৰ স্থান নিৰীক্ষণ কৰি আছে।"