ছাকিনা খাতুনঃ প্ৰতিগৰাকী মহিলাৰ বাবে এক প্ৰেৰণাদায়ক কাহিনী

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পেৰা পাৱাৰলিফ্টাৰ ছাকিনা খাতুন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পেৰা পাৱাৰলিফ্টাৰ ছাকিনা খাতুন
 
দেবকিশোৰ চক্ৰৱৰ্তী

২০২৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত পুনৰ ভাৰতৰ পতাকা উত্তোলন কৰিছে পেৰা পাৱাৰলিফ্টাৰ ছাকিনা খাতুনে। আহমেদাবাদত অনুষ্ঠিত পেৰা পাৱাৰলিফটিং বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ সাহস আৰু অধ্যৱসায়ৰ এক অনন্য প্ৰতীক হৈ পৰিছে।

ছাকিনা খাতুনৰ জীৱন কেতিয়াও সহজ নাছিল। শাৰীৰিক অক্ষমতা আৰু আৰ্থিক সংকটৰ মাজতো তেওঁ আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীৰ খেলুৱৈ হিচাপে পৰিচয় গঢ়ি তুলিছে। বিগত সময়ত তেওঁৰ সাফল্যই ভাৰতীয় ক্ৰীড়াৰ ইতিহাসতো স্থান দখল কৰিছে। ২০২৪ চনত তেওঁ পেৰা পাৱাৰলিফটিং বিশ্বকাপ (পাটায়া, থাইলেণ্ড)ৰ পৰা দুটা ব্ৰঞ্জৰ পদক (বেষ্ট লিফ্ট আৰু টোটেল লিফ্ট শাখা) লাভ কৰিবলৈ সক্ষম হয়। সেই বছৰতে পেৰিছ পেৰালিম্পিকত ছাকিনাই মহিলাৰ ৪৫ কেজি শাখাত সপ্তম স্থান দখল কৰে।
 
টকিঅ' পেৰা অলিম্পিকত পঞ্চম স্থান দখল কৰাৰ পিছত ছাকিনা
 
এই সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি তেওঁ ২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। যদিও তেওঁ প্ৰতিযোগিতাখনত পদক লাভ কৰিব নোৱাৰিলে, তথাপিও তেওঁৰ দৃঢ় মনোবল আৰু যুঁজাৰু মানসিকতাই আজি দেশৰ লাখ লাখ যুৱক-যুৱতীৰ বাবে এক প্ৰেৰণা হৈ পৰিছে। 
 
ছাকিনাই কয়—“ক্ৰীড়াই মোক জীয়াই থাকিবলৈ নতুন শক্তি দিছে। মই বিচাৰো যে মোৰ দৰে আনসকলে বুজি পাওক যে যিমানেই বাধা আহিলেও আমি যুঁজি থাকিব লাগিব।” ছাকিনা খাতুন আজি ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত এক অনন্য নিদৰ্শনস্বৰূপ হৈ পৰিছে। এগৰাকী মুছলমান মহিলা হিচাপে তেওঁ বাধা অতিক্ৰম কৰি দেখুৱাইছে যে সঠিক পথ প্ৰদৰ্শন, ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা সম্ভৱ।
 
ক্ৰীড়াৰ মাজত পাৱাৰলিফটিং বাছি লোৱাৰ কাৰণ সন্দৰ্ভত ছাকিনাই আৱাজ দ্য ভইচক কয়, ‘মই সদায় ভাবো যে দূৰ্বলতা নহয়, মোৰ শক্তিয়েহে মোক পৃথক কৰি তুলিব। শৰীৰ চৰ্চাৰ মাধ্যমেৰে মই নিজকে প্ৰমাণ কৰিব বিচাৰিছিলো। প্ৰশিক্ষকে মোক কৈছিল যে মই যদি বহুত চেষ্টা কৰো তেন্তে মই এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পাৰিম।'
 
পদকৰ সৈতে ছাকিনা খাতুন
 
তেওঁ যিখন সমাজৰ পৰা আহিছে, তাত বহু ছোৱালীয়ে খেলা-ধূলা কৰিবলৈ পৰিয়ালৰ অনুমতিৰ বাবে যুঁজিবলগীয়া হয়। অভিজ্ঞতাৰ বিষয়ে সোধাত ছাকিনাই কয়, "সঁচা কথা ক'বলৈ গ'লে আৰম্ভণিতে বহু বাধা আহিছিল। বহুতে বিশ্বাস কৰিব বিচৰা নাছিল যে ছোৱালীয়ে খেলিব পাৰিব। কিন্তু মোৰ মাই মোক সদায় সমৰ্থন কৰিছিল। তেওঁ মোক যি ভাল পায় তাকে কৰিবলৈ উৎসাহিত কৰে। মাৰ কথাবোৰে মোক শক্তি দিছিল।"
 
উল্লেখ্য যে, ছাকিনা খাতুন কেৱল এগৰাকী পাৱাৰলিফ্টাৰ নহয়; তেওঁ এগৰাকী আইকন যিয়ে প্ৰমাণ কৰিছে যে অধ্যৱসায় আৰু সংগ্ৰামেই হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত সফলতাৰ প্ৰকৃত চাবিকাঠি। তেওঁৰ জীৱনটো কেৱল এগৰাকী খেলুৱৈৰ কাহিনী নহয়, ই সংগ্ৰাম আৰু আশাৰ কাহিনী। বাধা ভাঙি তেওঁ প্ৰমাণ কৰিছে যে অধ্যৱসায় আৰু ইচ্ছাশক্তিৰে কোনো বাধা অসম্ভৱ নহয়। আজি কেৱল পশ্চিমবংগতে নহয়, সমগ্ৰ দেশৰ ছোৱালীৰ বাবেও তেওঁ এক অনন্য নিদৰ্শন।