খেলৰ মাজত ধৰ্মক জড়িত কৰাৰ বাবে পাকিস্তান এদিনীয়া দলৰ নেতৃত্বৰ পৰা বৰ্খাস্ত হ'ল মহম্মদ ৰিজৱান

Story by  atv | Posted by  [email protected] • 3 h ago
মহম্মদ ৰিজৱান
মহম্মদ ৰিজৱান
 
ইছলামাবাদ

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মহম্মদ ৰিজৱানক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্তক বহুতে অকালপক্ক বুলি গণ্য কৰিছে, যিহেতু উইকেটৰক্ষক বেটছমেনগৰাকীয়ে মাত্ৰ এবছৰহে এই দায়িত্বত আছিল আৰু সেই সময়ছোৱাত পাকিস্তানে তুলনামূলকভাৱে কম এদিনীয়া মেচ খেলিছিল।
 
চলিত বৰ্ষৰ আৰম্ভণিতে আইচিচি চেম্পিয়নছ ট্ৰফীত দলটোৰ দুৰ্বল প্ৰদৰ্শনে তেওঁৰ পদচ্যুতিত ভূমিকা লোৱা বুলি কোৱা হৈছে যদিও বিশেষকৈ ধৰ্মৰ সৈতে জড়িত অন্যান্য কাৰকৰ বাবেহে প্ৰকৃতাৰ্থত পাকিস্তান ক্ৰিকেট ব'ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। দাবী উত্থাপন হৈছে যে ৰিজৱানে ক্ৰিকেটৰ সময়ত সঘনাই ধৰ্মীয় আলোচনাত লিপ্ত হয় আৰু তেওঁৰ এই কাণ্ডই পাকিস্তান দলৰ একাংশ সতীৰ্থক অস্বস্তিকৰ কৰি তুলিছিল।
 
সোমবাৰে পিচিবিয়ে নিশ্চিত কৰে যে ৪-৮ নৱেম্বৰলৈ ফৈছালাবাদত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত পাকিস্তানক নেতৃত্ব দিব শ্বাহীন শ্বাহ আফ্ৰিদীয়ে। ব’ৰ্ডে কয় যে ইছলামাবাদত ৰাষ্ট্ৰীয় নিৰ্বাচক, পৰামৰ্শদাতা ব’ৰ্ডৰ সদস্য, আৰু বগা বলৰ মুখ্য প্ৰশিক্ষক মাইক হেছন উপস্থিত থকা এখন বৈঠকত এই সিদ্ধান্ত চূড়ান্ত কৰা হৈছে। শ্বাহীনে পাকিস্তানৰ হৈ ৬৬খন এদিনীয়া আৰু ৯২খন টি-২০ মেচ খেলিছে, লগতে ৩২খন টেষ্ট মেচো খেলিছে।
এই পদক্ষেপে অৱশ্যে পাকিস্তান ক্ৰিকেট মহলৰ ভিতৰত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। পাকিস্তান ছুপাৰ লীগৰ ঠিক পিছতেই মে’ মাহৰ শেষৰ ফালে হোৱাইট বলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা হেছনে ৰিজৱানক মাত্ৰ এখন এদিনীয়া শৃংখলাতহে পৰিচালনা কৰিছে। সেয়া আছিল--তিনিখন এদিনীয়া মেচৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ। 
 
ক্ৰিকেট বিশ্লেষক ওমাইৰ আলাভিয়ে মন্তব্য কৰে যে উইকেটকীপাৰ-বেটছমেনগৰাকীৰ সফলতাৰ হাৰ ৪৫ শতাংশ হোৱাৰ পিছত মাত্ৰ এখন ছিৰিজৰ পিছত হেছনে ৰিজৱানৰ অধিনায়কত্বৰ বিষয়ে মতামত গঠন কৰাটো আচৰিত কথা, আৰু তেওঁ পাহৰি যোৱা উচিত নহয় যে ৰিজৱানৰ নেতৃত্বত পাকিস্তানে অষ্ট্ৰেলিয়া, জিম্বাবুৱে আৰু দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলা জয় কৰিছিল।
 
২০খন এদিনীয়া মেচত পাকিস্তানক নেতৃত্ব দি ৰিজৱানে ৯ খনত জয় আৰু ১১ খন পৰাজয়ৰ অভিলেখ গঢ়িছিল। এই সময়ছোৱাত আইচিচি চেম্পিয়নছ ট্ৰফীত হতাশাজনক প্ৰদৰ্শন আৰু পৰৱৰ্তী সময়ত নিউজিলেণ্ড আৰু ৱেষ্ট ইণ্ডিজত পৰাজয়ো অন্তৰ্ভুক্ত হৈ আছে। তদুপৰি, প্ৰতিবেদন অনুসৰি ৰিজৱানৰ ঠাইত শ্বাহীন শ্বাহ আফ্ৰিদীক এদিনীয়া দলৰ নেতৃত্বৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত কেৱল হেছনৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল বৰঞ্চ পিচিবিৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰাও ব্যাপক সমৰ্থন লাভ কৰিছিল। এই সদস্যসকলৰ ভিতৰত আছে হাই পাৰফৰমেন্স চেণ্টাৰৰ সঞ্চালক আকিব জাভেদ আৰু পিচিবিৰ অধ্যক্ষ মহছিন নাকভিৰ পৰামৰ্শদাতা ব’ৰ্ডত থকা দুজন প্ৰাক্তন অধিনায়ক ছাৰফৰাজ আহমেদ আৰু মিছবাহ উল হক।
পিচিবিয়ে এতিয়াও এই পৰিৱৰ্তনৰ আনুষ্ঠানিক কাৰণ উল্লেখ কৰা নাই যদিও আভ্যন্তৰীণ সূত্ৰসমূহে প্ৰকাশ কৰিছে যে প্ৰশিক্ষক হেছনৰ পৰামৰ্শ অনুসৰিয়ে এই ডাঙৰ পৰিৱৰ্তন সাধন কৰা হৈছে। ৰিজৱানে ড্ৰেছিং ৰুমৰ আলোচনাত ধৰ্মক জড়িত কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবে ক্ৰিকেট ব’ৰ্ডৰ ভিতৰৰ একাংশই উদ্বিগ্ন হৈ পৰা বুলিও বাতৰি প্ৰকাশ পাইছে, যাৰ ফলত একাংশ খেলুৱৈৰ মাজত অস্বস্তিৰ সৃষ্টি হৈছিল।
 
পাকিস্তানৰ বেটছমেন ইমাম উল হকৰ মতে, ৰিজৱানে দলীয় হোটেলত বিশেষ ধৰ্মধ্বনি (sermons)ৰ ব্যৱস্থা কৰি খেলুৱৈসকলক দিনটোত পাঁচবাৰ নামাজ পঢ়িবলৈ আহ্বান জনায়। ২০০৪ চনৰ পৰা ২০০৭ চনৰ ভিতৰত প্ৰাক্তন অধিনায়ক ইনজামাম উল হকৰ কাৰ্যকালৰ সময়তো এইধৰণৰ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেওঁ দলৰ খেলুৱৈসকলৰ মাজত ধৰ্ম কেন্দ্ৰিক কথা-বতৰা বেছিকৈ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল।