কাশ্মীৰৰ সুস্বাদু আপেল ছিঙা প্ৰক্ৰিয়া আৰম্ভ; মাত্ৰ ১০ শতাংশ শস্যহে নষ্ট হৈছে

Story by  atv | Posted by  [email protected] • 2 h ago
কাশ্মীৰৰ সুস্বাদু আপেল ছিঙি থকাৰ এক মুহূৰ্ত
কাশ্মীৰৰ সুস্বাদু আপেল ছিঙি থকাৰ এক মুহূৰ্ত
 
এহছান ফাজিলি / বান্দিপোৰা

উত্তৰ কাশ্মীৰৰ বান্দিপুৰৰ চৰকাৰী কৰ্মচাৰী নাজিৰ আহমেদ সম্প্ৰতি খুৱ ব্যস্ত। কাৰণ, চাকৰিৰ উপৰিও তেওঁ বান্দীপুৰত থকা নিজৰ পূৰ্বপুৰুষৰ বাগিচাত আপেল ছিঙা আৰু পেকিং কৰাৰ তদাৰক কৰিবলগীয়া হৈছে। তেওঁৰ ফলৰ বাগিচাত সাজু হৈছে সুস্বাদু আপেলকে ধৰি কেইবাবিধো ফলৰ থলুৱা জাত। 
 
অক্টোবৰ মাহত সাধাৰণতে দিনত গৰম, আৰু পুৱা মৃদু ঠাণ্ডা অনুভৱ কৰা যায়। এনে সময়তে তেওঁৰ বাগিচাত থকা আপেলৰ সুস্বাদু জাতটো পকি উঠিছে আৰু সেইবোৰ ছিঙিবলৈ সাজু হৈছে। শ্ৰমিকসকলে গধুৰ ডালবোৰৰ পৰা ৰঙা, ৰসাল আপেলবোৰ সাৱধানে ছিঙিবলৈ আৰম্ভ কৰিছে। 
 
ছিঙাৰ পাছত আপেলবোৰ আকাৰ আৰু গুণগত মান অনুসৰি বাছনি কৰা হয়। তাৰ পিছত কাঠৰ বাকচত ভৰাই দিল্লীৰ আজাদপুৰ মণ্ডীলৈ ট্ৰাকত ভৰাই নিয়া হয়। এই কামৰ সময়ত অধিকাংশ স্থানীয় শ্ৰমিকে গৰম ফেৰাণ আৰু উলন পৰিধান কৰে। নাজিৰ আহমেদৰ দৰে আপেল খেতিয়কৰ বাবে এয়া বছৰৰ সবাতোকৈ ব্যস্ত সময়। দীপাৱলী উৎসৱৰ পূৰ্বে তেওঁলোকে আপেল বজাৰলৈ পঠাবলৈ তৎপৰ হয়।
 
আপেলসমূহ পেকেজিঙৰ বাবে সাজু কৰা হৈছে 
 
উল্লেখ্য যে, নাজিৰৰ ককাকে ৬০ বছৰৰ আগতে এই বাগিছাত প্ৰথম আপেল গছ ৰোপণ কৰিছিল। তেওঁৰ পিতৃয়ে পিছত এই বাগিছাখন পাঁচ একৰলৈ সম্প্ৰসাৰিত কৰিছিল। নাজিৰে স্মৰণ কৰে যে, যুৱক হিচাপেও এই ঋতুৱে সদায় এক বিশেষ শক্তি আনিছিল। দীপাৱলী আৰু দছেৰাৰ পূৰ্বে দিল্লী আৰু অন্যান্য চহৰলৈ আপেল প্ৰেৰণ কৰিবলৈ সকলোৱে দ্ৰুতগতিত কাম কৰিছিল।
 
বিগত ২০ বছৰ ধৰি নাজিৰে সকলো কাম পৰিচালনা কৰি আহিছে। গছপুলি ৰোপণ আৰু পৰিচৰ্যাৰ পৰা আৰম্ভ কৰি আপেল বিক্ৰী কৰালৈ সকলো কামত তেওঁ ব্যস্ত হৈ পৰে। কিন্তু এই ব্যৱসায়ত কিছুমান প্ৰত্যাহ্বান আছে। জলবায়ু পৰিৱৰ্তন, প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টি, আৰু ফলৰ ৰোগে প্ৰায়েই খেতিয়কসকলক ক্ষতি কৰে। পথৰ দুৰাৱস্থাইও ডাঙৰ সমস্যাৰ সৃষ্টি কৰে।
 
শেহতীয়াকৈ কাশ্মীৰৰ পৰা ভাৰতৰ বাকী অংশলৈ সংযোগ কৰা প্ৰধান ঘাইপথ NH-44ত ভূমিস্খলনৰ ফলত পথটো বন্ধ হৈ পৰে। ২৬ আগষ্টৰ পৰা ছেপ্তেম্বৰৰ মাজভাগলৈ হাজাৰ হাজাৰ আপেল ভৰ্তি ট্ৰাক প্ৰায় তিনি সপ্তাহ ধৰি আৱদ্ধ হৈ আছিল। ট্ৰাকৰ ভিতৰত বহুতো আপেল পচি গৈছিল। 
 
বাগিচাৰ পৰা ছিঙি অনা হৈছে কাশ্মীৰৰ সুস্বাদু আপেল 
 
"আমি ভাবিছিলো যে পথটো শীঘ্ৰে মুকলি হ'ব, কিন্তু ইয়াৰ বাবে প্ৰায় ২০ দিন লাগিছিল", শ্ৰীনগৰৰ ফলৰ মণ্ডীৰ অধ্যক্ষ বছিৰ আহমেদে কয়। তেওঁ লগতে কয় যে বেছিভাগ নষ্ট হোৱা ফল গালা জাতৰ আছিল, যি উচ্চ ঘনত্ব (এইচডি) কৃষি পদ্ধতি ব্যৱহাৰ কৰি গঢ়া হয়। "কেৱল ট্ৰাকত থকা আপেলেই নহয়, বাৰীত সংৰক্ষিত বহুতো ফল-মূল আৰু শীতল ভঁৰালসমূহো ধ্বংস কৰা হৈছে", তেওঁ কয়। এই ঘাইপথ অৱৰোধে কৃষক, ব্যৱসায়ী আৰু আগতেই ধন দি থৈ যোৱা ক্ৰেতাসকলৰ বাবে বৃহৎ ক্ষতিৰ সৃষ্টি কৰে।
 
কাশ্মীৰত প্ৰতি বছৰে প্ৰায় ২০-২২ লাখ মেট্ৰিক টন আপেল উৎপাদন হয় আৰু এই বৰ্ষত ২৫ লাখ মেট্ৰিক টন আপেল উৎপাদন হোৱাৰ আশা কৰা হৈছিল। প্ৰচণ্ড বৰষুণ আৰু পথ বন্ধৰ ফলত প্ৰায় ১০ শতাংশ গালা আপেল ক্ষতিগ্ৰস্ত হয়। কাশ্মীৰৰ আপেল বাগিচাসমূহে প্ৰায় ১.৭২ লাখ হেক্টৰ ভূমি আৱৰি আছে, য'ত ভাৰতৰ মুঠ আপেলৰ প্ৰায় ৭৮ শতাংশ উৎপাদন হয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ ভিতৰত ১,০০০ৰ পৰা ৩,০০০ হেক্টৰ উচ্চ ঘনত্বৰ গালা জাতৰ তলত আছে।