দীপাৱলী পোহৰ, ৰং আৰু আনন্দৰ উৎসৱ, কিন্তু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বুদ্ধিমান সিদ্ধান্ত লোৱাৰ এয়া উপযুক্ত সময়। প্ৰতি বছৰে টন টন সজ্জাগত সামগ্ৰী, প্লাষ্টিকৰ লাইট, থাৰ্মোকল আৱৰ্জনা হিচাপে মাটিত পেলাবলগীয়া হয়।
কিন্তু আমি যদি আমাৰ ঘৰত ইতিমধ্যে থকা সামগ্ৰী যেনে পুৰণি বাল্ব, চিডি, প্লাষ্টিকৰ বটল বা কাপোৰ ব্যৱহাৰ কৰিলে কেৱল ধন ৰাহি হোৱাই নহয়, পৃথিৱী গ্ৰহটোক সকাহো প্ৰদান কৰিব পাৰো। পুৰণি বাল্ববোৰত ৰঙীন ৰঙেৰে ৰং কৰি বা গ্লিটাৰ লগাই সুন্দৰকৈ দিয়া বা চাকি বনাব পাৰি।
খালী কাঁচৰ জাৰ এটাত সৰু লাইট এটা দি ৰঙীন কাপোৰ বা পাটৰ ডোঙাৰে বান্ধি লওক। এই মিনি লেম্পবোৰে যিকোনো চুক উজ্জ্বল কৰি তুলিব। পুৰণি বাতৰি কাকত আৰু আলোচনীৰ পৃষ্ঠাৰ সহায়ত কাগজৰ ফুল, বন্তি, দেৱালত ওলমি থকা বস্তু তৈয়াৰ কৰিব পাৰি।
একেদৰে ফটা কাপোৰ ব্যৱহাৰ কৰি ৰঙীন ট'ৰান বা বান্টিং তৈয়াৰ কৰিব পাৰি, যাৰ ফলত আপোনাৰ দুৱাৰখনে পৰম্পৰাগত আৰু গাঁৱলীয়া ৰূপ লাভ কৰিব।