দাৰুল-উলুম দেওবন্দ হৈ পৰিছে উগ্ৰ ইছলামিক প্ৰৱণতাৰ বিৰুদ্ধে ভাৰতৰ নৰম শক্তি

Story by  atv | Posted by  [email protected] • 2 h ago
দেওবন্দৰ দাৰুল-উলুমত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী
দেওবন্দৰ দাৰুল-উলুমত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী
 
 অদিতি ভাদুৰী
 
আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী মোল্লা আমিৰ খান মুত্তাকীৰ শেহতীয়া ভাৰত ভ্ৰমণৰ অন্যতম আকৰ্ষণ আছিল ১৮৬৬ চনত নিৰ্মিত এছিয়াৰ সৰ্ববৃহৎ ইছলামিক মাদ্ৰাছা দাৰুল-উলুম দেওবন্দ। এই বছৰৰ মে' মাহৰ আৰম্ভণিতে আমি কাজাখস্তানৰ আস্তানাত তালিবানৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছিলো। আমি উৰ্দু আৰু হিন্দী ভাষাত কথা পাতিছিলো।
 
তেওঁ মোক ক'লে যে ভাৰত ভ্ৰমণৰ তেওঁৰ এক ডাঙৰ আকাংক্ষা আছে, কাৰণ তেওঁৰ অন্যতম সপোন আছিল দাৰুল উলুম দেওবন্দ ভ্ৰমণ কৰা। সেয়ে মুত্তাকীৰ এই ভ্ৰমণ অপ্ৰত্যাশিত নাছিল। তালিবানৰ অধিকাংশই পাকিস্তানৰ দাৰুল উলুম হাক্কানিয়াৰ স্নাতক। তেওঁলোকে দেওবন্দত বহু শতিকাৰ পূৰ্বে স্থাপন কৰা পাঠ্যক্ৰম অনুসৰণ কৰে। সেয়েহে, তেওঁলোকৰ স্নাতকসকলেও ইছলামৰ দেওবন্দ বিদ্যালয়ৰ অনুগামী।
 
দেওবন্দত সমবেত হোৱা বিশাল জনতা, তালিবান আৰু বহুতো আফগানীৰ মাজত মাদ্ৰাছাখনে লাভ কৰা গভীৰ সন্মানে দেওবন্দৰ শক্তিশালী প্ৰভাৱ আৰু বিশ্বব্যাপী স্থিতিক প্ৰতিফলিত কৰে। ইয়াৰ দ্বাৰা দেওবন্দ ভাৰতৰ নৰম শক্তিৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে পৰিগণিত হ'ব পাৰে। কেৱল তালিবানৰ সৈতে নহয়, বিশ্বৰ আন বহু মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰৰ সৈতেও আলোচনা আৰু বুজাবুজিৰ সেতু হিচাপে ই কাম কৰিব পাৰে।
 
এগৰাকী প্ৰসিদ্ধ ইছলামিক পণ্ডিত মওলানা কাছিম নানটুৱে ৰছিদ আহমদ গংগোহীৰ সৈতে ইছলামৰ শুদ্ধ শিক্ষাক পুনৰুজ্জীৱিত কৰিবলৈ আৰু মুছলমান পৰিচয় ৰক্ষা কৰিবলৈ ১৮৬৬ চনত দাৰুল উলুম দেওবন্দ ধৰ্মশালা প্ৰতিষ্ঠা কৰিছিল।
 
সেই সময়ত, ভাৰতীয় উপমহাদেশত মুছলমান শাসন ক্ষয়প্ৰাপ্ত হৈ আছিল, আৰু সম্প্ৰদায়টোৱে এক গভীৰ ক্ষতি আৰু প্ৰতিবিম্বৰ অনুভূতিৰ সন্মুখীন হৈছিল। বিশ্বব্যাপীও মুছলমানৰ শক্তি দুৰ্বল হৈ আছিল।  মধ্য প্ৰাচ্যত অটোমান সাম্ৰাজ্য ভাগি পৰিছিল, আৰু ভাৰতত মোগল সাম্ৰাজ্য পতন হৈছিল।
 
বহুতো পণ্ডিতে বিশ্বাস কৰে যে এই পতনৰ কাৰণ হৈছে ইছলামিক মূল্যবোধৰ হ্ৰাস আৰু মুছলমানসকলে বিদেশী ৰীতি-নীতি গ্ৰহণ কৰা। দাৰুল উলুম দেওবন্দৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল প্ৰকৃত ইছলামিক শিক্ষা আৰু নৈতিক নিৰ্দেশনা প্ৰদান কৰা।
 
দাৰুল উলুম দেওবন্দ চৌহদ
 
ছেমিনাৰীয়ে ইছলামৰ এক কঠোৰ, প্যুৰাইটান (আত্ম-সন্তুষ্টি বা যৌনতাৰ প্ৰতি অতি কঠোৰ বা নিন্দাশীল নৈতিক মনোভাৱ থকা বা প্ৰদৰ্শন কৰা) ব্যাখ্যা অনুসৰণ কৰে।  ই নবী মহম্মদ (ছাঃ) ৰ জন্মদিন উদযাপন নকৰে, আৰু কেৱল দুটা ঈদক ইয়াৰ চৌহদত ধৰ্মীয় উৎসৱ হিচাপে পালন কৰা হয়।
 
একে সময়তে দেওবন্দৰ প্ৰতিষ্ঠা ব্ৰিটিছ ঔপনিবেশিক শাসনৰ প্ৰতি মুছলমানৰ প্ৰতিক্ৰিয়াও আছিল। সেই অৰ্থত ই কেৱল এক আধ্যাত্মিক পুনৰুজ্জীৱনকে প্ৰতিনিধিত্ব কৰা নাছিল, বৰঞ্চ এক প্ৰতিৰোধৰ আন্দোলনো আছিল। ই আছিল গভীৰভাৱে ঔপনিবেশিক বিৰোধী আৰু সম্প্ৰদায়ৰ বিশ্বাস আৰু স্বাধীনতা ৰক্ষাৰ আকাংক্ষাত প্ৰতিষ্ঠিত।
 
২০১০ চনত মই দাৰুল উলুম দেওবন্দ ভ্ৰমণ কৰিছিলো। ৯/১১ৰ পৰিপ্ৰেক্ষিতত আৰু পাকিস্তানৰ দেওবন্দ বিদ্যালয়ত পঢ়া তালিবানৰ উত্থান সন্দৰ্ভত এটা প্ৰবন্ধ লিখিবলৈ মই তালৈ গৈছিলো। সেই সময়ত ইয়াত ৩৫০০ ছাত্ৰ-ছাত্ৰী আছিল। এই ছেমিনাৰীয়ে এক লাখৰো অধিক স্নাতক সৃষ্টি কৰিছে। প্ৰতি বছৰে প্ৰায় ৮০০-১০০০ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিষ্ঠানৰ পৰা শিক্ষা ত্যাগ কৰে আৰু দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ আদৰ্শ কঢ়িয়াই লৈ যায়।
 
সমাজৰ বাবে ছেমিনাৰীয়ে আগবঢ়োৱা এটা প্ৰধান অৱদান আছিল ইয়াৰ সকলো ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা, বৰ্ডিং, বাসস্থান আৰু স্বাস্থ্যসেৱা প্ৰদান কৰা। ভৱন আৰু স্থাপত্য সুন্দৰ আৰু বিস্তৃত আছিল, কিন্তু ছাত্র-ছাত্রীৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আছিল অতি সংকুচিত। ইয়াত সকলো বিনামূলীয়া আছিল আৰু  ভাৰতৰ বিভিন্ন ঠাইৰ দুখীয়া পৰিয়ালৰ ছাত্র-ছাত্রী আছিল। ইয়াত বাংলাদেশ, আফগানিস্তান আৰু আন কিছুমান মুছলিম দেশৰ ছাত্ৰ-ছাত্ৰীয়েও অধ্যয়ন কৰিছিল।
 
এই পাঠ্যক্ৰমত তিনিটা ভাগ আছিল। প্ৰথম পাঁচ বছৰ মৌলিক শিক্ষাৰ বাবে উৎসৰ্গা কৰা হয়, য'ত সামাজিক বিজ্ঞান, আৰবী, হিন্দী, ইংৰাজী আৰু উৰ্দু শিক্ষাৰ মাধ্যম অন্তৰ্ভুক্ত কৰা হয়। ইছলামী আইনবিজ্ঞান হ'ল পৰৱৰ্তী সাত বছৰৰ বাবে শিকোৱা বিষয়, যি স্নাতক ডিগ্ৰীলৈ লৈ যায়। ছাত্ৰ-ছাত্ৰীসকলে ইছলামিক বিচাৰবিজ্ঞান বা আৰবী সাহিত্য বা যুক্তিৰ ওপৰত দুবছৰীয়া বিশেষীকৰণৰ বিকল্প লাভ কৰিছিল। প্ৰাক্তন শিক্ষাৰ্থীসকলে মদীনা আৰু মানচেষ্টাৰৰ দৰে স্থানত কাম কৰিছিল।
 
উপাচাৰ্য মাৰ্ঘেবুৰ ৰহমানৰ অনুপস্থিতিত তেওঁৰ ব্যক্তিগত সহায়ক আদনান উছমানীয়ে দাৰুল-উলুমৰ পাঠ্যক্ৰম কেনেকৈ অন্যান্য ছেমিনাৰীসমূহৰ বাবে এক আদৰ্শ হৈ পৰিছে সেয়া ব্যাখ্যা কৰে।
 
দাৰুল উলুম দেওবন্দত আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে মৌলানা আৰ্ছাদ মাদনী
 
"আমাৰ পাঠ্যক্ৰম অত্যন্ত জনপ্ৰিয়। ভাৰত আৰু বিদেশৰ বহুতো ছেমিনাৰীয়ে আমাক অনুসৰণ কৰে। দাৰুল-উলুম দেওবন্দ দক্ষিণ এছিয়াৰ প্ৰথমটো এনে পৰ্যায়ৰ ছেমিনাৰী আছিল। ইয়াৰ পাঠ্যক্ৰম পৰবৰ্তী কালৰ ধৰ্মশালাৰ বাবে আদৰ্শ হৈ পৰিছিল। প্ৰথমে অন্যান্য ছেমিনাৰীয়ে তেওঁলোকৰ প্ৰতিনিধিসকলক ইয়াত অধ্যয়ন কৰিবলৈ পঠিয়াইছিল। লাহে লাহে আমাৰ ছেমিনাৰীসমূহৰ পৰা স্নাতকসকলে বিভিন্ন ঠাইলৈ গ'ল আৰু অন্যান্য ছেমিনাৰী স্থাপন কৰিলে বা ইতিমধ্যে থকা ছেমিনাৰীসমূহত কাম কৰিবলৈ আৰম্ভ কৰিলে," উছমানীয়ে মোৰ সন্মুখত ব্যাখ্যা কৰিছিল।
 
ইয়াত নিয়মবোৰ আছিল অতি কঠোৰ। এই শিক্ষানুষ্ঠানত যৌথ শিক্ষাদান নিষিদ্ধ, ইয়াত কোনো মহিলা শাখা নাই আৰু কোনো মহিলা কৰ্মচাৰীও নাই। দাৰুল-উলুমত পুৱা ৪ বজাত নামাজ আৰম্ভ হয় আৰু তাৰ পিছত ১০.৩০ বজালৈকে পাঠদান চলি থাকে। মধ্যাহ্ন ভোজনৰ বাবে এটা বেল বাজি উঠে। আহাৰ আৰু বিশ্ৰামৰ পিছত দুপৰীয়া ২ বজাত প্ৰাৰ্থনা অনুষ্ঠিত হয়, তাৰ পিছত দ্বিতীয় ছিফটৰ অধ্যয়ন আৰম্ভ হয়। সন্ধিয়া ৫ বজাত প্ৰাৰ্থনা কৰাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰা হয়।
 
সন্ধিয়া ৭ বজাত পুনৰ প্ৰাৰ্থনা কৰা হয়, তাৰ পিছত আলোচনা আৰু বিতৰ্ক হয়। পুৱা ৯ বজাত অন্তিম প্ৰাৰ্থনাই দিনটোৰ সমাপ্তি ঘটাই আৰু ছাত্ৰ-ছাত্ৰীসকল নিজৰ কোঠালৈ উভতি যায়। ছাত্র-ছাত্রীসকলে খেল বা সংগীত খেলিব পৰাকৈ কোনো ব্যৱস্থা নাছিল। টেলিভিছন চোৱা নিষেধ আছিল। কিন্তু দাৰুল উলুম দেওবন্দতো পৰিৱৰ্তনৰ বতাহ ব'বলৈ আৰম্ভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যালোচনাই কৰ্তৃপক্ষক এই কাৰ্যসূচীৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰায়, যদিও ইছলামিক অধ্যয়নৰ পাঠ্যক্ৰম অক্ষত থাকে।
 
২০০১ চনত ইয়াত ইংৰাজী ভাষাৰ এটা পাঠ্যক্ৰম আৰম্ভ কৰা হয়। যদিও ছাত্র-ছাত্রীসকলে কেৱল দুবছৰৰ বাবেহে ইংৰাজী শিকিছিল, এই পাঠ্যক্ৰমৰ যোগেদি তেওঁলোকে স্নাতক হোৱাৰ পাছত আন শিক্ষানুষ্ঠানত নামভর্তি কৰিবলৈ সক্ষম হৈছিল।
 
২০০০ চনত এটা কম্পিউটাৰ শাখা স্থাপন কৰা হয়। দেওবন্দৰ স্নাতক আব্দুল ৰহিম তেতিয়া এই দায়িত্বত আছিল। এই এবছৰৰ পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলক ডেস্কটপ পাবলিচিং, ফটোচ'প, ক'ৰেল এপ্লিকেচন, পেজমেকাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়া হয়।
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধই সংবাদ মাধ্যমৰ আগ্ৰহ সৃষ্টি কৰিছিল। ইয়াৰ ফলত এখন সাংবাদিকতা অনুষদ স্থাপন কৰা হয়। সাত বছৰীয়া ইছলামিক আইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত, ছাত্ৰসকলে দুবছৰ ধৰি সাংবাদিকতা অধ্যয়ন কৰিব পাৰে। এইদৰেই, দেওবন্দৰ ছাত্ৰ-ছাত্ৰীসকলে মূলতঃ ধৰ্মগুৰু হোৱাৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ কেৰিয়াৰৰ বাবে অধিক বিকল্প লাভ কৰিছে।
 
আমোদজনক কথাটো হ'ল, ১৯৮০ৰ দশকত দেওবন্দত অধ্যয়নৰত আফগানিস্তানৰ এজন সাংবাদিক জন বাট( John Butt)-এ মুত্তাকীৰ ভ্ৰমণৰ পিছত লিখিছিলঃ "মাদ্ৰাছা স্নাতকসকলৰ বাবে কেৰিয়াৰৰ বিকল্পৰ প্ৰয়োজন। শৈক্ষিক আৰু বৃত্তিমূলক এই বিকল্পসমূহ ভাৰতত বিদ্যমান। আফগানিস্তান আৰু ভাৰতৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ এক সুবিধা হ'ব যে এনে বিকল্পসমূহ আফগানিস্তানলৈও বিয়পি পৰিব। লগতে মাদ্ৰাছা স্নাতকসকলে বিভিন্ন ক্ষেত্ৰত লাভজনক আয় কৰিব পাৰিব।
 
এইটো এটা শিক্ষা আফগানিস্তানে ভাৰতৰ পৰা আমদানি কৰিব পাৰে। আফগান ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিবলৈ দেওবন্দলৈ আহিবই লাগিব বুলি ক’ব নোৱাৰি। বিশেষকৈ এতিয়া দেওবন্দী স্কুলীয়া শিক্ষাৰে তালিবান ক্ষমতাত থকাৰ বাবে আফগানিস্তানৰ মাদ্ৰাছাসমূহে এই শিক্ষা ব্যৱস্থা আমদানি কৰিব পাৰে।
 
অৱশ্যে, দেওবন্দৰ উপযোগীতা বহুদূৰ অতিক্ৰম কৰিব পাৰে। ভাৰতৰ সীমান্তৰ বাহিৰৰ মাদ্ৰাছাসমূহ যেনে পাকিস্তানৰ হাক্কানিয়াই দেওবন্দৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছে, কিন্তু জিহাদী কাৰখানাৰ দৰে কুখ্যাত হৈ পৰিছে। তেওঁলোকৰ বিপৰীতে দেওবন্দে নিজৰ সকলো কঠোৰতাৰে উজ্জ্বলভাৱে জিলিকি উঠে, কেৱল সন্ত্ৰাসবাদকে নহয় আনকি ৰাজনীতিৰ পৰাও ই নিজকে আঁতৰাই পেলালে। এই সিদ্ধান্ত প্ৰতিষ্ঠানখনে সচেতনভাৱে লৈছিল, তাকো স্বাধীনতাৰ আগতেই। স্বাধীনতাৰ দৌৰত দাৰুল উলুম দেওবন্দে বিভাজনৰ বিৰুদ্ধে শক্তিশালী জনমত গঢ়িছিল।
 
২০০৮ চনত যেতিয়া সন্ত্ৰাসবাদৰ বিষয়টো কেন্দ্ৰীয় মঞ্চত আছিল, তেতিয়া ছেমিনাৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক ফতোৱা জাৰি কৰিছিল, য'ত কোৱা হৈছিলঃ "ইছলামত, সামাজিক বিবাদ বা অশান্তি সৃষ্টি কৰা, শান্তি ভংগ কৰা, সংঘাত, ৰক্তপাত, লুণ্ঠন আৰু নিৰ্দোষী লোকক হত্যা কৰা সকলোবোৰ অতি অমানৱীয় অপৰাধ হিচাপে গণ্য কৰা হয়।"
 
সংবাদ মাধ্যমৰ হিচাপ মতে, এই সন্মিলনত উপস্থিত থকা প্ৰায় ৬০,০০০ জন ধৰ্মগুৰুয়ে এই নিৰ্দেশত স্বাক্ষৰ কৰিছিল। দাৰুল-উলুমৰ কৰ্তৃত্বৰ অৰ্থ হৈছে যে ইয়াৰ মতামতক উচ্চ প্ৰাধান্য দিয়া হয়। প্ৰতিষ্ঠান আৰু ব্যক্তিসকলে গো-হত্যা, তিনি তালাকৰ বৈধতা, পুৰুষ আৰু মহিলাই মছজিদত একেলগে প্ৰাৰ্থনা কৰিব পাৰে নে নোৱাৰে আদি বিভিন্ন বিষয়ত ছেমিনাৰীৰ মতামত বিচাৰে। এনেধৰণৰ প্ৰশ্নৰ সংখ্যা ইমানেই বেছি যে ইয়াৰ বাবে এটা পৃথক বিভাগ গঠন কৰা হৈছে।
 
ইয়াত দেওবন্দে যদি ইচ্ছা কৰে, এটা গুৰুত্বপূৰ্ণ আৰু প্ৰগতিশীল ভূমিকা পালন কৰিব পাৰে। তালিবানৰ নেতাসকলৰ বাবে দেওবন্দৰ গুৰুত্ব স্পষ্ট। বহুতো বিশ্লেষকে মত প্ৰকাশ কৰিছে যে দেওবন্দে তালিবানক পাকিস্তানৰ পৰা ধৰ্মীয়ভাৱে পৃথক কৰাত সহায় কৰিব পাৰে। নিশ্চিতভাৱে যদি ভাৰতে তালিবানৰ সৈতে সম্পৰ্ক গঢ়ি তোলা অব্যাহত ৰাখে তেন্তে আৰু অধিক নেতাই ভাৰত ভ্ৰমণ কৰিব পাৰে। দেওবন্দৰ আদেশবোৰ তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব।
 
উদাহৰণস্বৰূপে, মাদ্ৰাছাৰ পৰা ৰাজনীতি আৰু জেহাদৰ সংযোগ বিচ্ছিন্ন কৰাটো পাকিস্তানত নিয়ম হৈ পৰিছে, য'ত তালিবানক লালন-পালন কৰা হৈছিল। সেয়া এক মূল্যবান পাঠ হ'ব য'ত দেওবন্দে তালিবান আৰু আফগানিস্তানক শিক্ষা দিব পাৰে।
 
দেওবন্দ ভাৰতীয় ইছলামৰ এক ব্ৰেণ্ডক প্ৰতিনিধিত্ব কৰে। দেওবন্দৰ সৈতে একত্ৰিত হৈ তালিবানে ভাৰত আৰু আফগানিস্তানক এক ঐশ্বৰিক কাঠামোৰ ভিতৰত একত্ৰিত কৰাত সহায় কৰিব পাৰে। দেওবন্দৰ নিৰ্দেশনাৱলীৰ সৈতে তালিবানে ইয়াৰ নিৰ্দেশনাৱলী পালন কৰিব আৰু শ্ৰদ্ধা কৰিব।
 
প্ৰগতিশীল নিৰ্দেশনাই দাৰুল-উলুম দেওবন্দক আফগানিস্তানলৈ অতি প্ৰয়োজনীয় পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিব আৰু একে সময়তে নিজকে এছিয়াৰ সৰ্ববৃহৎ ইছলামিক ছেমিনাৰী হিচাপেই নহয়; সমাজত প্ৰগতিশীল ভূমিকা পালন কৰা ছেমিনাৰী হিচাপেও প্ৰতিষ্ঠা কৰিব।