নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি....

Story by  atv | Posted by  Munni Begum • 1 h ago
প্রাণৰ শিল্পী জুবিন গাৰ্গ
প্রাণৰ শিল্পী জুবিন গাৰ্গ
 
  অনুপমা ডেকা 
 
নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি...
মন আকাশত ডাৱৰৰে ফুল ফুলক আজি .....
 
ডাৱৰৰ পুষ্পবৃষ্টিৰ আশাত এতিয়া অসমবাসীয়ে নীলিম আকাশলৈ বাট চাইছে। কিজানিবা ডাৱৰৰ ফুল হৈ খেলায়ী মনৰ জুবিন গাৰ্গ ধৰালৈ উভতি আহে। অসমৰ প্রাণৰ শিল্পী জুবিন গাৰ্গ বিহীন দুমাহ হোৱাৰ পথত। 'জনকন্ঠ' জুবিন গাৰ্গৰ অবৰ্তমানত আহি পালে ১৮ নৱেম্বৰৰ বিশেষ দিনটো। জুবিন বিহীন অসমত কেওদিশে কেৱল নীৰৱতা, বিষন্নতা আৰু হুমুনিয়াহ। এতিয়া যেন প্ৰাণহীন হৈ পৰিছে অসম।  
 
১৮ নৱেম্বৰটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে এটা পৰিচিত দিন। ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোতে উত্তৰ-পূৰ্বাঞ্চলৰ শ্যামল পাহাৰৰ বুকুত জন্ম হৈছিল এটা জ্যোতিস্কৰ। জ্যোতিস্কটোৱে এখোজ দুখোজ কৈ শ্ৰম আৰু সাধনাৰ বলত কেৱল অসম বা ভাৰততে নহয় সমগ্ৰ বিশ্বকে দি গ'ল নিজৰ সুকীয়া পৰিচিতি। অসমবাসীক সুমধুৰ গান, সুৰ, কথা, ছবি, সৃষ্টিশীল কৰ্ম, প্ৰকৃতি প্ৰেম, মানৱ প্ৰেমৰ নিদৰ্শন দি এদিন হঠাৎ অসমৰ আকাশ আন্ধাৰ কৰি চিৰবিদায় ললে।
 
শিল্পী জুবিন গাৰ্গ বানাক্ৰান্তলোকৰ বাবে পুজি সংগ্ৰহ কৰাৰ এক দৃশ্য
 
কলীয়া ডাৱৰে এতিয়া ঘেৰি ধৰিছে অসম। জগত পোহৰাই থকা সেই জোতিস্কটো যে এতিয়া নাই। অসমবাসীৰ কলিজাত সুকীয়াকৈ আসন দখল কৰি থকা জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন। ওপজা দিন পালন কৰিবলৈ কায়িকভাৱে অসমবাসীৰ মাজত নাই জুবিন গাৰ্গ। এইবাৰ নিশা ১২ বজাত তেওঁৰ অনুৰাগীয়ে লৈ যোৱা কেকবোৰ নাকাটে জুবিন গাৰ্গে। প্ৰতিবাৰৰ দৰে এইবাৰ আনন্দ স্ফূৰ্তিৰে তেওঁৰ অনুৰাগীসকলে ওপজা দিনটো পালন নকৰে। কাৰণ প্রাণৰ শিল্পী জনক হঠাৎতে হেৰুৱাই আজি বাক্ৰুদ্ধ তেওঁৰ অনুৰাগী, গুণমুগ্ধসকলৰ লগতে অসমবাসী। 
 
এইবাৰ অসমৰ প্রাণৰ শিল্পী  জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ অনুৰাগী, গুণমুগ্ধ তথা শিল্পীসমাজে ৫৩ বছৰীয়া ওপজা দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁৰ গীতেৰে, তেওঁৰ সৃষ্টিশীল কৰ্মৰাজিৰ মাজেৰে পালন কৰিব। অসমৰ সুবাস  জুবিন গাৰ্গ আজি জীয়াই থকাহেঁতেন নিশ্চয়কৈ নিজৰ ওপজাদিনটোত নতুন ছবিৰ নাম ঘোষণা কৰিলেহেঁতেন। কিয়নো জীৱনৰ বেছিভাগ সময় গানৰ বাবে অৰ্পন কৰা জুবিন গাৰ্গে পাছলৈ ছবি নিৰ্মাণত অধিক গুৰুত্ব আৰোপ কৰিবলৈ লৈছিল। 
 
কেৱল ছবি নিৰ্মাণেই নহয়, নায়কৰ লগতে বিভিন্ন চৰিত্ৰত অভিনয় কৰি জুবিন গাৰ্গ নিজৰ অভিনয় দক্ষতাৰ প্ৰমাণ দি গৈছে। কেৱল গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পীয়ে নহয় এজন অভিনেতা হিচাপেও তেওঁ সমাজত সুকীয়া পৰিচিতি দিব বিচাৰিছিল আৰু সেয়া বাস্তৱত ৰূপায়িত কৰি থৈ গ'ল। সময়ক অতিকৈ ভয় কৰা জুবিন গাৰ্গে নানা অসাধ্য সাধন কৰি থৈ গৈছে।
 
জুবিন গাৰ্গৰ সৈতে লেখিকা আৰু তেওঁ ভগ্নী
 
য'ত নাহৰ থাকিব তাত জুবিন গাৰ্গ থাকিব। নাহৰ গছ ৰোপনৰ বাবে  অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিখন বিহু মঞ্চ, সাংস্কৃতিক অনুষ্ঠানত সদায় মানুহক অনুপ্রাণিত কৰি আহিছিল। কেতিয়াবা সাক্ষাৎকাৰ আন কেতিয়াবা সামাজিক মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গে প্ৰকৃতি সংৰক্ষণৰ কথা কৈছিল। প্ৰায়ে নাহৰ ৰোপনৰ কথা কৈছিল। নাহৰ ৰোপনৰ উপকাৰিতাৰ কথা কৈছিল। তেওঁ নাহৰক লৈ গাইছিল বিহু গীত। নাহৰক লৈ গোৱা তেওঁৰ এটা জনপ্ৰিয় বিহু গীত হ'ল  
 
ঐ নাহৰ ফুলাৰ  বতৰ
ঐ নাহৰ মোৰ মৰমৰ
ঐ নাহৰ ঐ নাহৰ ঐ নাহৰ
 আনিলি তই ব'হাগৰে খবৰ।
 
অসমীয়াৰ প্ৰাণৰ শিল্পী  জুবিন গাৰ্গৰ অতি প্ৰিয় গছ নাহৰ। এতিয়া সোণাপুৰৰ কমাৰকুচিৰ 'জুবিন ক্ষেত্ৰ'ৰ পৰা জাগীৰোডলৈ হ’ব নাহৰবন। নাহৰবনৰ মাজত জুবিন সুখেৰে থাকিব পাৰিব। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে, ডিমৰীয়াৰ সকলো গাঁৱৰ অলিয়ে-গলিয়ে ৰোপণ কৰা হ'ব নাহৰৰ পুলি। নাহৰৰ দেশ হিচাপে ডিমৰীয়াক গঢ়িবলৈ যেন আৰম্ভ হ'ল এটি যাত্রা। গুৱাহাটীৰ খানাপাৰাৰ পৰা টোপাতলীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে নাহৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ সপোন বাস্তৱায়িত কৰা হ'ব।  'নাহৰৰ সুবাস সকলোতে বিয়পি পৰক। হৈ পৰক জুবিনময়, নাহৰময়। জুবিনে যিদৰে সেউজীয়াৰ মাজত জীৱন অতিবাহিত কৰিব বিচাৰিছিল, সেইদৰে নাহৰ বনেৰে জুবিন ক্ষেত্ৰৰ চাৰিওদিশ হৈ পৰক সেউজীয়া। এতিয়াৰ পৰা সেউজীয়াৰ উপত্যকাত থাকিব অসমৰ ৰজা। সেউজীয়া ভালপোৱা অসমৰ ৰজাই নাহৰবনত নিজৰ উপস্থিতিৰ উমান দি থাকিব। 
 
এক সংস্কৃতিক অনুষ্ঠানৰ মঞ্চত জুবিন গাৰ্গ
 
এজন শিল্পীৰ পৰা ঈশ্বৰ পুত্ৰৰ স্থান লাভ কৰা জুবিন গাৰ্গক 'জুবিন ক্ষেত্ৰত' তেওঁৰ গীতেৰে জীপাল কৰি ৰাখিছে তেওঁৰ অনুৰাগীসকলে। এই তীৰ্থভূমি হৈ পৰিছে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ স্থান। 'জুবিন ক্ষেত্ৰ'লৈ যাবলৈ কোনো জাতি-জনগোষ্ঠীক কোনোৱে বাধা নিদিয়ে। তাত যদি হিন্দুৱে চাকি জ্বলাই , মুছলমানে জ্বলাই মমবাতি। সকলো জাতি-জনগোষ্ঠীৰ যে প্রাণৰ শিল্পী আছিল জুবিন গাৰ্গ। সকলোকে সম চকুৰে চাব পৰা জুবিন গাৰ্গ আছিল জাতি-ধৰ্মৰ উৰ্ধ্বত, এজন সঁচা হৃদয়ৰ মানৱ। মানৱতাৰ
পূজাৰী। সেয়েহে তেওঁৰ ৰহস‍্যজনক মৃত্যুক আজিও সহজভাৱে লব পৰা নাই বিভিন্ন জাতি-জনগোষ্ঠীয়ে।  
 
সোণাপুৰৰ জনগোষ্ঠীয় মহিলাসকলে, কোনো কোনোৱে পিঠিত কেঁচুৱা বান্ধি লৈ হলেও তীৰ্থস্থানৰ চৌহদ পৰিস্কাৰ কৰিছে। এইসকল মহিলাই প্ৰাণৰ শিল্পীজনক শেষ মঞ্চখনৰ চৌদিশ পৰিস্কাৰ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে। জীৱন কালত জুবিন গাৰ্গে প্ৰায়ে কৈছিল- 'মই মৰিলে ব্ৰহ্মপুত্ৰত উটাই দিলেই হ'ল।'  তেওঁ বিচৰা ধৰণেৰে অৱশেষত তেওঁ মিলি গ’ল লুইতৰ বহল বুকুত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্মও তেওঁৰ প্রিয় লুইতত বিলীন হৈ  যায়। 
 
সংবাদ মাধ্যমৰ সৈতে জড়িত হোৱাৰ পাছৰে পৰা জুবিন গাৰ্গ নামৰ সত্বাজনক মই বহুবাৰ লগ পালো, বহু সাক্ষাৎকাৰ ললোঁ। তেওঁক যিমানেই লগ পালো, সিমানেই তেওঁৰ শিশু সুলভ মনটো বুজি উঠিছিলোঁ। এটা মিনিটো অবাবত নষ্ট নকৰা এজন মহান শিল্পী যি কেৱল নিজৰ কৰ্মক লৈ ব্যস্ত, মানৱ সেৱাকলৈ ব্যস্ত। আমাক তেওঁ 'তই' বুলি সম্বোধন কৰি ঘৰৰ মানুহৰ দৰে হৈ পৰিছিল। সকলো যেন তেওঁৰ পৰিয়ালৰ লোক। তেওঁৰ দৰে এজন তাৰকাই দেখা পালেই উপযাচি মাত এষাৰ দিছিল। আমি আন কোনো তাৰকাৰ পৰা এইধৰণৰ কথা কল্পনাও কৰিব নোৱাৰো। 
 
জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ এক দৃশ্য
 
এবাৰ তেওঁৰ খাৰঘুলিৰ ঘৰখনত এটা বাতৰি সংগ্ৰহৰ কামত যোৱাত তেওঁ প্ৰথমে তেঁওৰ ঘৰখন দেখুৱালে, ঘৰৰ চৌহদ দেখুৱালে, এটা খেৰি ঘৰ আছিল সেইটোও দেখুৱালে। ঘৰৰ চৌহদত থকা গছবোৰ দেখুৱালে। কেইবাবাৰো সুধিলে কি খাবি ক? এনেকুৱা শিশু সুলভ গুণৰ লগতে অতিথি পৰায়ণো আছিল জুবিন গাৰ্গ। তেওঁ এজন শিশু সুলভ গুণৰ অধিকাৰী হোৱাৰ উপৰিও আছিল অত্যন্ত ধেমেলীয়া। 
 
অত‍্যন্ত ইতিবাচক,মেধাৱী প্ৰকৃত জুবিন গাৰ্গজনক আমি হয়তো ভালদৰে চিনিয়েই নাপালোঁ, বুজিয়েই নাপালোঁ তেওঁৰ মহানুভৱতাক। এটা চক্ৰবেহুৱে কেনেকৈ ঘেৰি ধৰি তিলতিলকৈ আমাৰ প্রাণৰ শিল্পীজনক আমাৰ মাজৰ পৰাই আঁতৰাই লৈ গ'ল সেয়া সকলোৰ বাবে সাঁথৰ হৈ ৰ'ল। জুবিন গাৰ্গ আৰু নাই, নাই আমি মানি নলওঁ কিয়নো জুবিন গাৰ্গ আছে অসমীয়াৰ প্রাণত এটা মিঠা সুৰ হৈ। সুৰীয়া জুবিন গাৰ্গ শিৰে শিৰে বৈ আছে অসমবাসীৰ মাজত।অসমীয়াৰ আবেগ, অসমীয়াৰ উশাহ জুবিন গাৰ্গ। তেওঁ কায়িকভাৱে আৰু নাই- এই অপ্ৰিয় সত‍্যটো বুকুত সামৰি অসম আৰু অসমীয়াই জীয়াই আছে, যদিও আজিও কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অধীৰ অপেক্ষা কৰিছে। 
 
জনকন্ঠ জুবিন গাৰ্গ উজ্জীৱিত চেতনাৰ প্ৰতীক। য'ত শেষ তাৰ পৰাই চিন্তা কৰিব পৰা গুণৰ অধিকাৰী আছিল জুবিন গাৰ্গ। পাহাৰত উদিত হৈ সাগৰত অস্ত যোৱা সুৰুযৰ  বিকিৰণ এতিয়া সমগ্ৰ বিশ্বজুৰি পৰিছে। তেওঁৰ প্ৰতিটো কথাই এতিয়া মানুহৰ শিৰে শিৰে বৈ গৈছে। তেওঁ কৈ গৈছিল-জীয়াই থাকোঁতে মই এনেকুৱা এটা কাম কৰি যাম যাতে আৰু কোনেও এশ বছৰলৈ সেই কামটো কৰিব নোৱাৰিব। এইবোৰ কথাই এতিয়া সূৰ্যকন্ঠ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ হৃদয় বাৰুকৈয়ে স্পৰ্শ কৰি গৈছে। 
 
জুবিন ক্ষেত্ৰৰ এক দৃশ্য
 
জুবিন বিহীন অসমখন আজি স্থবিৰ হৈ পৰিছে। জনসমুদ্ৰত থাকি ভালপোৱা জুবিন গাৰ্গ আজিও বিশ্বৰ আটাইতকৈ ধনী মানুহ। কাৰণ তেওঁক জনগণে আৱৰি ৰাখে। মানৱ ধনৰ অধিকাৰী কেৱল ঈশ্বৰ প্ৰদত্ত গুণৰ বাবে লাভ কৰা যায়। এতিয়া চৌদিশে মাথোঁ বলিছে জুবিন ধুমুহা। এই ধুমুহা প্ৰাণৰ শিল্পীজনে প্ৰকৃত ন্যায় পোৱাৰ দিনা ক্ষান্ত হ'ব। 
 
শিল্পীৰ পৰা ঈশ্বৰপুত্ৰ হৈ পৰা জুবিন গাৰ্গৰ অবৰ্তমানত এইবাৰ অসমবাসীয়ে আজি অস্ৰুসিক্ত নয়নেৰে পালন কৰিব তেওঁৰ ওপজা দিনটো। এতিয়া সোণাপুৰ, খাৰঘুলি, কাহিলীপাৰাৰ লগতে সমগ্ৰ অসমত সীমাহীন ব্যস্ততা। সকলো আছে কিন্তু নাই যদি নাই কেৱল জুবিন গাৰ্গ নাই। অসমৰ ৰাজহাড় নাই, অসমৰ সাহস নাই। তেওঁক তেওঁৰ সৃষ্টিৰে জীয়াই তোলাৰ বাবে তেওঁৰ গুণমুগ্ধ, অনুৰাগী আৰু অসমবাসীয়ে এতিয়া জুবিন গাৰ্গৰ ওপজা দিনটোৰ পৰা ইতিবাচক কাম কৰাৰ বাবে সংকল্পবদ্ধ হ'ব।
 
লুইট বৈ থকা লৈকে,  জোন-বেলি-তৰাই আকাশ শুৱনি কৰি থকা লৈকে অসমীয়াই প্ৰতিটো উশাহত জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰি যাব। 
 
(লেখিকা এগৰাকী সাংবাদিক। আজি প্রাণৰ শিল্পী জুবিন গাৰ্গৰ  ওপজা দিন উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে।)