কলকাতা
কেন্দ্ৰীয় চৰকাৰৰ ধনাত্মক পদক্ষেপ আৰু উচ্চতম ন্যায়ালয়ৰ দৃঢ় হস্তক্ষেপৰ ফলত গৰ্ভৱতী সোণালী খাতুন অৱশেষত তেওঁৰ ৮ বছৰীয়া পুত্ৰৰ সৈতে বাংলাদেশৰ পৰা ভাৰতলৈ ঘূৰি আহিবলৈ সক্ষম হয়। চলিত জুন মাহত বিদেশী বুলি সন্দেহ কৰি প্ৰেৰণ কৰা এই মহিলা শ্রমজীৱী গৰাকীক শুকুৰবাৰে পশ্চিম বংগৰ মালদা জিলাৰ মহাদীপুৰ সীমান্তৰ মাজেৰে পুনৰ নিজৰ ভূমিলৈ উভতাই অনা হৈছে।
উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক মানৱীয়তাৰ দোহাই দি তেওঁক উভতি আহিবলৈ অনুমতি প্ৰদান কৰিবলৈ কোৱাৰ দুদিনৰ পাছতে এই প্ৰত্যাৱৰ্তন সম্ভৱ হৈ উঠিছে। সম্পূৰ্ণ মানৱীয় ভিত্তিত গ্ৰহণ কৰা এই সিদ্ধান্তই প্ৰমাণ কৰিছে যে, আইনীৰ লগতে মানৱীয় মূল্যবোধো সমান গুৰুত্বপূর্ণ।
স্মৰ্তব্য যে, কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কৈছে যে, মানৱীয় কাৰণত সোণালী খাতুন আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰক বাংলাদেশৰ পৰা ঘূৰাই আনিবলৈ প্ৰস্তুত। চলিত বৰ্ষৰ জুন মাহত সোণালী খাতুনক তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকক বিদেশী নাগৰিক বুলি সন্দেহ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল। সেই সময়ত কোৱা হৈছিল যে, সোণালী গৰ্ভৱতী আছিল আৰু দিল্লীত দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰি আছিল।
ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠক জনায় যে, তেওঁলোকক ঘূৰাই অনাৰ সিদ্ধান্ত মানৱীয় ভিত্তিত লোৱা হ’ব আৰু ইয়াৰ ফলত কেন্দ্ৰৰ আইনী স্থিতি বা তেওঁলোকক নিৰীক্ষণত ৰখাৰ অধিকাৰত কোনো প্ৰভাৱ নপৰে।
বাংলাদেশী বিষয়াৰ সৈতে সোণালী খাতুন আৰু তেওঁৰ পুত্ৰ
এই বক্তব্য লিপিবদ্ধ কৰাৰ সময়ত আদালতে নিজৰ আদেশত কয় যে, ভাৰত চৰকাৰে সোণালী খাতুন আৰু তেওঁৰ পুত্ৰ ছাবিৰক ঘূৰাই আনিবলৈ ইচ্ছুক। যিহেতু সোণালীক দিল্লীত আটক কৰি ৰখা হৈছিল। তেওঁক পুনৰাই ইয়ালৈ ঘূৰাই অনা হ’ব। অৱশ্যে বিচাৰপীঠে এইটোও উল্লেখ কৰে যে উত্তৰদাতাসকলৰ অধিবক্তাই তেওঁলোকক পিতৃৰ জন্মস্থান পশ্চিমবংগৰ বীৰভুমলৈ স্থানান্তৰিত কৰাটো ভাল হ’ব বুলি পৰামৰ্শ দিছে।
গৰ্ভৱতী মহিলা সোণালীক বিনামূলীয়াকৈ সকলো চিকিৎসা সা-সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰেও যাতে সন্তানৰ যত্ন লয় তাৰবাবে বিচাৰপীঠে পশ্চিমবংগৰ বীৰভুম জিলাৰ মুখ্য চিকিৎসা বিষয়াক নিৰ্দেশ দিয়ে।
উচ্চতম ন্যায়ালয়ে এক আবেদনত এই বিষয়টোৰ শুনানি গ্ৰহণ কৰা হৈছিল। য'ত এই গোচৰত কেন্দ্ৰীয় চৰকাৰে কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰোধিতা কৰি বাংলাদেশৰ পৰা বিতাড়িত হোৱা একাংশ লোকক ঘূৰাই পঠোৱাৰ নিৰ্দেশ দিছিল। কাৰণ তেওঁলোকৰ বিতাড়নৰ বাবে সঠিক আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা হোৱা নাছিল।
ভূডু শ্বেইখৰ দ্বাৰা দাখিল কৰা হেবিয়াছ কৰ্পাছ আবেদনৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। ভূডু শ্বেইখে আদালতক কয় যে, তেওঁ পশ্চিমবংগৰ স্থায়ী বাসিন্দা আৰু তেওঁৰ কন্যা সোণালী খাতুন আৰু তেওঁৰ পৰিয়ালো ভাৰতীয় নাগৰিক। চলিত বৰ্ষৰ জুন মাহত দিল্লী আৰক্ষীয়ে তেওঁলোকক ৰোহিনীৰ পৰা উদ্ধাৰ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। য'ত তেওঁ দৈনিক মজুৰিৰ শ্ৰমিক হিচাপে কাম কৰিছিল।
উচ্চতম ন্যায়ালয়ে ১ ডিচেম্বৰৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেলক নিৰ্দেশনা গ্ৰহণ কৰি সোণালী খাতুন আৰু তেওঁৰ পুত্ৰক মানৱীয় ভিত্তিত ঘূৰাই আনিব পৰা যাব নেকি সেই কথা উল্লেখ কৰিবলৈ কৈছিল।