পল্লৱ ভট্টাচাৰ্য্য
দিল্লীৰ লালকিল্লাৰ সমীপত ২০২৫ চনৰ ১০ নৱেম্বৰৰ সন্ধিয়া সংঘটিত বিস্ফোৰণটো কেৱল চহৰখনৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাই নাছিল, বৰং এই ঘটনাই মুহূৰ্ততে এক ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিছিল, যিটো ভাৰতবাসীয়ে ইয়াৰ পূৰ্বে বহুবাৰ প্ৰত্যক্ষ কৰিছে৷ এটা মৰ্মান্তিক বাস্তৱ ঘটনাক টিভি চেনেলসমূহে নাটকীয় ঘটনাত পৰিণত কৰিবলৈ তৎপৰ হৈ পৰাৰ লগতে সমগ্ৰ ঘটনাটোত সংবাদ মাধ্যমক বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছিল৷
বগা হুণ্ডাই i20 বাহনখন যেতিয়া বিস্ফোৰিত হৈ কমেও দহজন লোক নিহত আৰু বহুলোক আহত হৈছিল, তেতিয়া সংবাদ মাধ্যমসমূহ ছবি, তত্ত্ব, নাম আৰু কাহিনীৰে তথ্যৰ শূন্যতা পূৰাবলৈ তৎপৰ হৈ পৰে৷ তেওঁলোকে টেলিভিছন আৰু ছ’চিয়েল মিডিয়া ছবি, অনুমানেৰে নাম আৰু নাটকীয় কাহিনীৰে পৰ্দা উপচাই পেলায়। তদন্তকাৰী সংস্থা বা আদালতে কথাবোৰ নিশ্চিত কৰাৰ বহু পূৰ্বেই তেওঁলোকে জনমত গঠন কৰিবলৈ আৰম্ভ কৰে।
দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ পিছৰ এক দৃশ্য
মিডিয়া ট্ৰায়েলৰ দৰে দীৰ্ঘদিনীয়া সমস্যাৰ মূলতে হ'ল স্বাধীন সংবাদ মাধ্যমৰ অধিকাৰ আৰু প্ৰতিজন ব্যক্তিয়ে ন্যায়সংগত বিচাৰ পোৱাৰ অধিকাৰৰ মাজত সৃষ্টি হোৱা সংঘাত। সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত প্ৰতিজন ব্যক্তিক মুক্তভাৱে কথা কোৱা আৰু মত প্ৰকাশৰ অধিকাৰ দিয়া হৈছে। কিন্তু এই স্বাধীনতা ১৯ (২) অনুচ্ছেদত সীমাবদ্ধ কৰা হৈছে, যিয়ে ন্যায় বিচাৰৰ স্বাৰ্থত আৰু ৰাজহুৱা শৃংখলা ৰক্ষাৰ বাবে যুক্তিসংগত নিষেধাজ্ঞাৰ প্ৰদানৰ অনুমতি দিয়ে।
আদালত অৱমাননা আইন, ১৯৭১-ত এই কথা আৰু স্পষ্টকৈ কোৱা হৈছে যে, যিকোনো প্ৰকাশনক, যিয়ে বিচাৰাধীন গোচৰত প্ৰভাৱ পেলায় বা ক্ষতি কৰে, তাক ফৌজদাৰী আদালত অৱমাননা বুলি গণ্য কৰা হ’ব। এই আইনে সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ থকা প্ৰতিজন ব্যক্তিৰ ন্যায়সংগত আৰু নিৰপেক্ষ বিচাৰ পোৱাৰ অধিকাৰক সুৰক্ষিত কৰাত সহায় কৰে। আদালতে বাৰে বাৰে সকীয়াই দিছে যে, জনস্বাৰ্থৰ বাতৰি হিচাপে ভুৱা চাঞ্চল্যকৰ বাতৰি প্ৰচাৰ কৰি নিৰ্দোষিতাৰ অনুমানক প্ৰাথমিক স্তৰত নিঃশেষ কৰিব নোৱাৰি।
ৰাও হৰনাৰাইন সিং শেওজী সিং বনাম গুমনি ৰাম আৰ্য গোচৰত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰায় দি কয় যে, সন্দেহজনক বা সাক্ষীৰ বিষয়ে অনুমানযোগ্য তথ্য প্ৰকাশ কৰাটো ন্যায়িক স্বচ্ছতাৰ সৈতে আপোচ কৰাৰে নামান্তৰ। শেহতীয়াকৈ জেচিকা লালৰ গোচৰত উচ্চতম ন্যায়ালয়ে সংবাদ মাধ্যমৰ ক্ষমতাৰ কথা স্বীকাৰ কৰি সতৰ্ক কৰি দিয়ে যে, এনে ক্ষমতাই কেতিয়াও প্ৰতিৰক্ষাৰ অধিকাৰক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে বা নিৰপেক্ষ তদন্তত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।
আনহাতে, ছাহাৰা ইণ্ডিয়া ৰিয়েল ইষ্টেট কৰ্পৰেচন বনাম SEBIৰ গোচৰত আদালতে ন্যায়িক প্ৰক্ৰিয়াটোক দূষিত কৰাৰ পৰা সংবাদ মাধ্যমক বাধা প্ৰদান কৰিবলৈ ‘স্থগিতাদেশ’ৰ প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰে। তথাপি এই সুৰক্ষাসমূহে গতি, ৰেটিং আৰু দৃশ্যৰ সৌন্দৰ্যৰ দ্বাৰা পৰিচালিত মিডিয়া পৰিবেশতন্ত্ৰক প্ৰতিহত কৰিবলৈ সংগ্ৰাম কৰি আহিছে। সংবাদ মাধ্যমৰ বাতৰিয়ে কেনেকৈ ন্যায়ক বিকৃত কৰিব পাৰে, সেই কথা ইতিহাসে দুখজনকভাৱে মনত পেলাই দিয়ে।
দিল্লীৰ লালকিল্লাৰ সমীপত বিস্ফোৰিত হোৱা বগা হুণ্ডাই i20 বাহনখন
প্ৰায় ভাগ টিভি চেনেলৰ প্ৰাইমটাইম অনুষ্ঠানত বেপৰুৱা অভিযোগৰ সৈতে আৰুছি তালোৱাৰৰ গোচৰটোত আদালতে দোষমুক্ত কৰাৰ বহু আগতেই অভিভাৱকক দোষী সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল, যাৰ ফলত তেওঁলোকৰ সুনাম আৰু জীৱনত স্থায়ী দাগ পৰে। ইয়াৰ বিপৰীতে জেচিকা লালৰ গোচৰটোৰ ক্ষেত্ৰত তদন্তমূলক সাংবাদিকতা আৰু ৰাজহুৱা সংগঠনে গোচৰটোৰ পুনৰ বিচাৰ নিশ্চিত কৰাত সহায় কৰিছিল, যাৰ ফলত শেষত ন্যায়ৰ পথ প্ৰশস্ত হৈছিল।
এফালে ৰক্ষকৰ ভূমিকা, আনফালে ভাবুকি প্ৰদান সংবাদ মাধ্যমৰ এই দ্বৈত চৰিত্ৰ সুশান্ত সিং ৰাজপুতৰ গোচৰতকৈ কোনো গোচৰতে কেতিয়াও ইমান স্পষ্টকৈ প্ৰকাশ পোৱা নাছিল। সেই গোচৰত বোম্বে উচ্চ ন্যায়ালয়ে চেনেলসমূহক “তিৰস্কাৰমূলক” সংবাদ পৰিবেশনৰ বাবে তীব্ৰ ভৎসৰ্না কৰিছিল, যিবোৰ চেনেলে কোনো দোষী প্ৰমাণ নোহোৱাকৈ ৰিয়া চক্ৰৱৰ্তীক দোষী সাব্যস্ত কৰি অপমান কৰিছিল।
এই পটভূমিত লালকিল্লাৰ বিস্ফোৰণে গণতন্ত্ৰৰ বাবে প্ৰয়োজনীয় সাৱধানতা, বাস্তৱ প্ৰতিবেদন সংবাদ মাধ্যমৰ পৰা দাবী কৰিছিল। গোচৰটো নিঃসন্দেহে জটিলঃ ডাঃ উমৰ মহম্মদ জড়িত থকা, চিকিৎসা পেছাদাৰীৰ উগ্ৰপন্থী নেটৱৰ্কৰ সৈতে সন্দেহজনক সংযোগ থকা, এনক্ৰিপ্টেড টেলিগ্ৰাম চেনেল আৰু ইয়াৰ পূৰ্বে ৰাজ্যিক সীমান্তত প্ৰায় ২৯০০ কিলোগ্ৰাম বিস্ফোৰক প্ৰথমবাৰৰ বাবে জব্দ কৰা- এই সকলোবোৰে এটা বৃহৎ ষড়যন্ত্ৰৰ ইংগিত দিয়ে, যিবোৰ তদন্তকাৰী দলে সম্প্ৰতি একত্ৰিত কৰি আছে।
NIAৰ পৰৱৰ্তী গ্ৰেপ্তাৰসমূহৰ ভিতৰত আমিৰ ৰছিদ মীৰো অন্তৰ্ভুক্ত আছিল, যাৰ নামত বাহনখন পঞ্জীয়ন কৰা হৈছিল। এইসমূহে দিল্লী আৰু এনচিআৰত বৃহৎ সংখ্যক আক্ৰমণৰ পৰিকল্পনা কৰা এটা সন্ত্ৰাস মডিউলৰ তথ্য পোহৰলৈ আনে। ইতিমধ্যে ৭০ জনৰো অধিক সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে, প্ৰমাণসমূহ পৰীক্ষা কৰা হৈছে আৰু ৰাজ্যসমূহৰ মাজত থকা সংযোগসমূহ নিৰীক্ষণ কৰা হৈছে, এই সকলোবোৰে ভাবুকিৰ গভীৰতা তথা নিৰৱচ্ছিন্নতা, পদ্ধতিগত অনুসন্ধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
কিন্তু অনুসন্ধানকাৰীসকলে যেতিয়া কাম কৰি আছিল, তেতিয়াই বাস্তৱত এটা সমান্তৰাল কাহিনী সৃষ্টি কৰা হৈছিল। চেনেলসমূহে বিস্ফোৰক কেনেকৈ প্ৰস্তুত কৰা হয়, সেই সম্পৰ্কে ভিডিঅ' প্ৰচাৰ কৰিছিল। এটা বৃহৎ অগ্নিগোলকৰ ভুৱা ভিডিঅ' সামজিক মাধ্যমত ভাইৰেল হৈছিল, চৰকাৰে ইয়াক অস্বীকাৰ কৰাৰ পূৰ্বে সেই ভিডিঅ’টো এক মিলিয়নতকৈও অধিক বাৰ দৰ্শন কৰা হৈছিল। আনহাতে, যিসকল ব্যক্তিক আটক কৰা হৈছিল পিছত প্ৰমাণৰ অভাৱত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল, তেওঁলোকৰ নাম আৰু বৃত্তিৰ বিষয়সমূহ প্ৰাইম টাইমৰ আলোচনাৰ মাজলৈ অনা হৈছিল। দোষমুক্ত হোৱাৰ পিছতো তেওঁলোকৰ সুনাম বিনষ্ট হৈছিল।
উচ্চতম ন্যায়ালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে এক পৰামৰ্শ জাৰি কৰি সংযম ৰক্ষা কৰিবলৈ আহ্বান জনোৱাৰ লগতে হিংসাক মহিমামণ্ডিত কৰিব পৰা বা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰিব পৰা বিষয়বস্তুৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে। এই ঘটনাই এটা কথা প্ৰমাণ কৰে যে ভুল তথ্য, প্ৰাককালীন অনুমান আৰু চাঞ্চল্যকৰ দৃশ্যসমূহে কেৱল জনসাধাৰণৰ বোধগম্যতাক বিকৃত কৰাই নহয়, সাক্ষীৰ স্মৃতিত বিৰূপ প্ৰভাৱ পেলায়, স্মৃতিশক্তি বিকৃত কৰে আৰু ন্যায়িক প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে।
আদালতে দীৰ্ঘদিন ধৰি এই বিপদৰ কথা স্বীকাৰ কৰি আহিছে। সংবাদ মাধ্যমৰ কিদৰে বিচাৰ প্ৰক্ৰিয়াত প্ৰভাব বিস্তাৰ কৰিব পাৰে সেয়া শ্বেপাৰ্ড বনাম মেক্সৱেলৰ গোচৰত দেখিবলৈ পোৱা যায় আৰু ই বিশ্বব্যাপী প্ৰচাৰ হোৱা উদ্বেগক প্ৰতিফলিত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ বিচাৰ ব্যৱস্থাত মেক্সৱেলৰ মতে যেতিয়া জুৰীয়ে প্ৰমাণৰ ৰেকৰ্ডৰ বাহিৰত তথ্যৰ সন্মুখীন হয় তেতিয়া পক্ষপাতিত্ব হোৱা বুলি অনুমান কৰে। যদিও ভাৰতত জুৰী বিচাৰৰ প্ৰথা নাই, তথাপিও ন্যায়াধীশসকলে জনসাধাৰণৰ অপ্ৰতিৰোধ্য বক্তব্যৰ মাজত কাম কৰাৰ ক্ষেত্ৰত সূক্ষ্ম বিপদৰ সন্মুখীন হয় - যিটোক প্ৰাক্তন ছলিচিটৰ জেনেৰেল হৰিশ ছালভেয়ে এবাৰ ন্যায়িক ইনছুলেচনৰ "আইনী কল্পকাহিনী" বুলি অভিহিত কৰিছিল।
এই ক্ষতি কেৱল অভিযুক্তসকলৰ মাজতে সীমাবদ্ধ নহয়। ভুক্তভোগীৰ পৰিয়ালে তেওঁলোকৰ দুখক অতিশয় ভয়াৱহ নাটকলৈ ৰূপান্তৰিত হোৱা দেখিছে। সাক্ষীসকলক ভয় দেখুওৱা বা প্ৰভাৱিত কৰাৰ আশংকা থাকে। অনুসন্ধানকাৰীসকলে সঠিক ফলাফলৰ পৰিৱৰ্তে দ্ৰুত ফলাফলৰ বাবে চাপ অনুভৱ কৰে। যেতিয়া বিচাৰ ন্যায় প্ৰমাণৰ পৰিৱৰ্তে বাতৰিৰ শিৰোনামৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, তেতিয়া সমাজেও ন্যায় প্ৰক্ৰীয়াৰ ওপৰত বিশ্বাস হেৰুৱায় পেলায়। তথ্য আৰু মনোৰঞ্জনৰ মাজৰ সীমা যেতিয়া শেষ হৈ যায়, তেতিয়া জনসাধাৰণৰ বিশ্বাস কিমান দুৰ্বল হৈ পৰে, তাক ভাৰতৰ সাংবিধানিক প্ৰতিশ্ৰুতিৰ স্মাৰকৰ ছাঁত সংঘটিত লালকিল্লাৰ বিস্ফোৰণে পুনৰবাৰ প্ৰমাণ কৰে।
তথাপি এই ক্ষেত্ৰত আগুৱাই যোৱাৰ পথটো চেন্সৰশ্বিপ বা আত্মসমৰ্পণ নহয়। ইয়াৰ বাবে দৰকাৰ নৈতিক স্ব-নিয়ন্ত্ৰণক শক্তিশালী কৰা, প্ৰয়োজন সাপেক্ষে অৱমাননা আইন বলৱৎ কৰা, সংবাদ কক্ষৰ পৰা শুদ্ধতা দাবী কৰা, সংশোধনসমূহৰ বাবে গুৰুত্ব প্ৰদান কৰা আৰু নাগৰিকসকলৰ মাজত মিডিয়া সাক্ষৰতা প্ৰচাৰ কৰা। স্বাধীনতা, প্ৰমাণীকৰণ আৰু জবাবদিহিতাৰ ওপৰত প্ৰতিষ্ঠিত 'ৱাচডগ' সাংবাদিকতা আজিও অপৰিহাৰ্য। আলোড়নসৃষ্টিকাৰী সংবেদশীল সাংবাদিকতাই ভয়ৰ পৰা লাভৱান হোৱাসকলৰ বাহিৰে আন কাৰো উপকাৰ সাধন নকৰে।
শেষত, লালকিল্লা বিস্ফোৰণৰ বলি হোৱাসকলে এনে এক ন্যায় পোৱা উচিত যি কোনো গোলমাল, কু-অভিপ্ৰায় বা জল্পনা-কল্পনাৰ দ্বাৰা প্ৰভাৱিত নহয়। এই দুখজনক ঘটনাই যদি আমাক কিবা শিকাইছে, তেন্তে সেয়া হ'ল সত্যৰ বাবে ধৈৰ্য, সাহস আৰু সংযমৰ প্ৰয়োজন। এই গুণসমূহ সাংবাদিকতাই পুনৰ আহৰণ কৰিব লাগিব যদিহে তেওঁলোকে জনসাধাৰণৰ আস্থা লাভ কৰিব বিচাৰে। কাৰণ যেতিয়া ন্যায়ৰ সন্ধান বিনোদনৰ বিষয় হৈ পৰে, তেতিয়া দেশে কেৱল নিজৰ মৃত লোকসকলৰ বাবে দুখ প্ৰকাশে নকৰে, বৰঞ্চ দেশৰ সুৰক্ষা দিয়া প্ৰতিষ্ঠানসমূহৰ প্ৰতি ইয়াৰ বিশ্বাস হ্ৰাস পোৱাৰ বাবেও দুখ প্ৰকাশ কৰে।
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)