কাতি বিহু: আশা আৰু সমৃদ্ধিৰ প্ৰকাশ

Story by  Pulin Deka | Posted by  Munni Begum • 1 Months ago
কাতি বিহুৰ দিনা অসমীয়া ৰাইজে পথাৰত চাকি জ্বলোৱা এক দৃশ্য
কাতি বিহুৰ দিনা অসমীয়া ৰাইজে পথাৰত চাকি জ্বলোৱা এক দৃশ্য
 
  পুলিন ডেকা
 
বিহু অসমীয়া সংস্কৃতিৰ বৰ্ণাঢ্য প্রকাশ। বিহুৱে জাতীয় জীৱনবোধৰ মাজেৰে সাংস্কৃতিক পৰিচয়লৈ ৰূপান্তৰিত হৈ অসমৰ স্বকীয়তাক অনন্য ৰূপ প্রদান কৰিছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টিৰ উপাদানেৰে পৰিপূৰ্ণ বিহু আমাৰ আৱেগ আৰু অনুভূতিৰ এক জীবন্ত স্রোত। হেজাৰ হেজাৰ বছৰীয়া সভ্যতাক এক নান্দনিক স্বৰূপৰে উদ্ভাসিত কৰা বিহুৰ সৈতে প্ৰকৃতিৰ নিবিড়তা, শ্ৰমৰ মূল্যাংকন সংলগ্ন হ'লেও জাতীয় প্ৰেৰণাৰ শক্তি হিচাপেও ইয়াৰ আত্মপ্রকাশ, সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবে আলোকোজ্জ্বল দিশ। 
 
বিহু সমন্বয়ৰ প্ৰতীক। ভাৰতীয় সংস্কৃতিৰ বৰ্ণময় স্বৰূপ। ঋতু ভিত্তিকভাৱে উদযাপিত ব'হাগ, কাতি আৰু মাঘ বিহুৱে সোক-সংস্কৃতিৰ মাজেৰে সুকীয়া তাৎপর্য বহন কৰি আহিছে। অসমৰ গ্ৰাম্য চহা জীৱনবোধত কৃষি তথা প্রকৃতিগত দিশেৰে বিকশিত উঠা প্রতিটো বিহুৱে আধ্যাত্মিকতাৰ পৰা বিচ্ছিন্ন হ'ব নোৱাৰা বাবেই নিৰবধি সোঁতলৈ গতি কৰিছে। বিহুৰ প্ৰতিটো উপাদানে কলাত্মক শৈলীত অভিনৱত্ব কঢ়িয়াই আনে। কিন্তু কাতি বিহুৰ মাজেৰে মানুহৰ আশা উজ্জীৱিত হৈ উঠে আৰু ইয়াৰ ফলতেই কল্পনাদ্ৰষ্ট মননৰ সুতীব্র প্রকাশো দেখা যায়।
 

কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱা এক দৃশ্য

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত উদযাপিত কাতি বিহুক কঙালী বিহু হিচাপে অভিহিত কৰি অহা হৈছে যদিও ইয়াত কলাৰ প্ৰাচুৰ্যতা এক লক্ষ্যণীয় দিশ। প্ৰকৃতিৰ সেউজ আভৰণ, সোণালী কল্পনাৰ শিহৰণ আৰু লোক-পৰম্পৰাৰ উপাদানসমূহে বিহুৰ সামগ্রিকতাক নৱৰূপ প্ৰদান কৰে। ব'হাগে শ্রম কৰাৰ বাবে কৃষকক উৎসাহিত কৰে আৰু নৱ উদ্দীপনা কঢ়িয়াই আনে। 
 
কাতি বিহুৱে ভৱিষ্যতৰ প্ৰতিশ্ৰুতি বহন কৰে- য'ত নিহিত থাকে সপোনৰ ৰহঘৰ। পথাৰৰ ধানৰ থোকবোৰ আশাৰেই অন্যৰূপ। বাৰিষাৰ গৰ্জনমুখৰ আকাশৰ পৰিবৰ্তে শৰতৰ শুকুলা ডাৱৰে প্ৰাকক্ষণে সিচি যায় আনন্দৰ নতুন লহৰ। কাতি বিহুৰ লগত জড়িত থকা লোকবিশ্বাসসমূহৰ মাজতেই আধ্যাত্মিক চেতনা প্রকাশি হৈ উঠে। কৃষকে তুলসী ৰোপণ কৰি এই বিহুতেই সন্ধিয়া চাকি জ্বলাই লক্ষ্মী দেৱীৰ প্ৰতি শ্ৰদ্ধা ভক্তি নিগৰাই অসমীয়া জাতিয়ে সনাতন সংস্কৃতিৰ প্ৰতি থকা গভীৰ আনুগত্য প্রকাশ কৰে। 
 
তুলা ৰাশিত সূৰ্য অধিষ্ঠান কৰাৰ সময়ত অনুষ্ঠিত সংক্রান্তিক কার্তিক সংক্রান্তি বা কাতি বিহু অথবা জলবিষ্ণুৰ সংক্ৰান্তি বোলে। কাতি বিহুত হোৱা বিবিধ ধর্মীয় কৰ্মৰ ভিতৰত বিষ্ণুপ্ৰীতি কামনাৰ অৰ্থে পালন কৰা জল সংক্রান্তি ব্ৰত অন্যতম লক্ষ্যণীয় দিশ। কাতি বিহুৰ পৰা আৰম্ভ কৰি সমগ্ৰ কাতি মাহটোত বিষ্ণুৰ প্ৰতি ১০৮ টা তুলসীৰ পাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। জনবিশ্বাস মতে, তুলসীক প্ৰণাম কৰি সন্তুষ্ট কৰিলে বিষ্ণু সন্তুষ্ট হয় লক্ষ্মী দেৱী আৰু তুলসী গছৰ সম্পৰ্কৰ মাজত গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পর্ক আছে। 
 
কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ এক দৃশ্য
 
লক্ষ্মী দেৱী হৈছে সম্পদ, সমৃদ্ধি, সৌভাগ্য আৰু ধন-সম্পত্তিৰ দেৱী। অসমীয়া মানুহে দুর্গা পূজাৰ পিছত লক্ষ্মী পূজা মহা আড়ম্বৰে উদযাপিত কৰে যদিও কাতি বিহুত তুলসীক প্রতীকিস্বৰূপে ভক্তি-অর্ঘ আগবঢ়ায়। লক্ষ্মী দেৱীক তুলসীৰ অন্য এক ৰূপ হিচাপে বিশ্বাস কৰা হয়। তুলসী দেৱী বিষ্ণুৰ এক ৰূপ শালগ্রামৰূপে বিবাহিত হয়। তুলসীৰ মাজেৰে বিষ্ণুলৈ ভক্তি প্রকাশ কৰা হয় আৰু লক্ষ্মী দেৱীও বিষ্ণুৰ পত্নী হিচাপে পূজিত। বিজ্ঞানসন্মতভাৱে তুলসী ঔষধি গুণযুক্ত, যিয়ে শৰীৰ আৰু মন নিৰোগী আৰু শুদ্ধ কৰে। আধ্যাত্মিক দৃষ্টিৰে তুলসী ভক্তি, শুদ্ধতা আৰু আধ্যাত্মিকতাৰ প্ৰতীক। কাতি বিহুত সেইবাবেই তুলসীক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। ইয়ে অশুভ শক্তিক আঁতৰাই বুলি মানুহে বিশ্বাস কৰে। 
 
কাতি বিহুত পথাৰত চাকি জ্বলোটা অন্য এক তাৎপৰ্যপূৰ্ণ পৰম্পৰা। চাকি হৈছে আলোকিত সত্ত্বা। এন্ধাৰ বিনাশী আলোকিত কৰা শক্তি। কাতি বিহুৰ দিনা পথাৰত চাকি জ্বলোৱাটো অসমীয়া লোকাচাৰৰ সৈতে জড়িত এক গভীৰ সাংস্কৃতিক আৰু ধর্মীয় প্রথা। কাতি বিহুত তুলসীৰ তলত চাকি জ্বলোৱা পৰম্পৰা অষ্ট্ৰিকসকলৰ পৰা আৰম্ভ হোৱা বুলি বিভিন্ন গৱেষক পণ্ডিতসকলে মত পোষণ কৰিছে। আনহাতে অষ্ট্ৰ-মংগোলীয়াসকলৰ ঝুম খেতিৰ পৰাও ই বিকশি উঠাৰ সম্ভাৱনাক অস্বীকাৰ কৰিব নোৱাৰি।
 
দেউৰীসকলে বিহুৰ দিনা ঘৰ আৰু গাঁৱৰ দেওশাঁলত পূজা অর্চনা কৰি কাতি বিহু পালন কৰে। সোণোৱাল কচাৰীসকলে এই বিহুৰ মাজেৰে শিৱক আৰধনা কৰি সকলোৰে মংগল কামনা কৰে। বড়ো, ৰাভা, হাছাং, ডিমাচা, মৰাণকে ধৰি প্ৰতিটো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে নিজস্ব ৰীতিৰে কাতি বিহু পালন কৰি আহিছে। 
 
ই কেৱল ধৰ্মীয় আচাৰেই নহয়, এই পৰম্পৰাই অসমীয়া লোকজীৱনত প্রকৃতি, কৃষি আৰু আধ্যাত্মিকতাৰ মাজত থকা সম্পৰ্কৰ পৰিচয় বহন কৰে। ধানৰ পথাৰত কৃষকে এটুকুৰা বাঁহৰ ওপৰত চাকি ৰাখিব পৰাকৈ সজাই ল'য়। সন্ধিয়া তেলৰ চাকি জ্বলাই নেদেখাজনক আৰধনা কৰাৰ জৰিয়তে ভাল ফচল লাভ কৰাৰ কামনা কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আনহাতে তুলসীৰ লগতে ভঁড়াল ঘৰ আৰু গোহালী ঘৰতো চাকি জ্বলোৱা হয়। কিয়নো কৃষিৰ সৈতে গৰু আৰু ভঁড়ালৰ সম্পৰ্ক অতি নিবিড়। ধানৰ অধিক উৎপাদনৰ আশা কৰাটো এগৰাকী কৃষকৰ কষ্টৰ সুফল হিচাপেও অভিহিত কৰিব পাৰি। কাতি বিহুত চাকি জ্বলাই ভগৱান বা প্রকৃতিক প্রসন্ন কৰিব বিচৰা হয়। পৰিৱেশগত দৃষ্টিকোণৰ পৰাও ইয়াক বিশ্লেষণ কৰিব পাৰি। এই সময়ত পোক-পতঙ্গই ধানৰ কোমল থোৰ খাবলৈ আহে। চাকি জ্বলাই দিলে এই পোক-পতঙ্গ আঁতৰি যায় বুলিও বিশ্বাস কৰা হয়।
 
কাতি বিহু কৃষি জীৱনৰ সৈতে সম্পর্কিত। অসমীয়া কৃষিজীৱী সমাজৰ আশা, উৎসৰ্গ আৰু প্রকৃতিপ্ৰেমৰ প্ৰকাশ। এই বিহু উদযাপনে মাটিৰ সৈতে মানুহৰ সম্পৰ্কক জীপাল কৰে আৰু ভৱিষ্যমুখী দৃষ্টিক প্ৰসাৰিত কৰে। ক'বলৈ গ'লে জাতীয় জীৱনৰ শ্ৰম আৰু ধৈৰ্যৰ ই একত্ৰিত প্রকাশ। এই বিহুত উল্লাসৰ স্থান গৌণ, কিন্তু ভক্তি, ধ্যান আৰু আশাৰ দীপ্তি থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত এক শৰণ হৰিনাম ধৰ্মই কাতি বিহুৰ পৰম্পৰাক প্ৰভাৱিত কৰে।
 
সেইবাবে কাতি বিহুৰ দিনা সত্ৰ, নামঘৰত শৰাই দি ভক্তসকলে শ্ৰীকৃষ্ণৰ ওচৰত নিজকে সমৰ্পণ কৰে। বৈষ্ণৱ পৰম্পৰাই বিহুত এক নতুন আয়তন সংযোজন কৰে। কাতি বিহুয়ে আধ্যাত্মিকভাৱে বিশিষ্ট স্থান অধিকাৰ কৰা বাবেই বৈষ্ণৱ পৰম্পৰাৰ মাজত ই অঝিক উজ্জীৱিত হৈ পৰে। ভক্তি, নাম-প্ৰসংগ আৰু অন্যান্য সাংস্কৃতিক পৰম্পৰাৰে পালন কৰা বাবেই কাতি বিহুৱে সকলোকে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।
 
(লেখক অসমৰ এগৰাকী বিশিষ্ট সাহিত্য়িক)