অচিৰে দেশত প্ৰতি ১০ গ্রাম সোণৰ মূল্য হ'ব ₹১.৫৫ লাখ

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
চলিত সপ্তাহটোত সোণ-ৰূপৰ মূল্য যথেষ্ট বৃদ্ধি পায়। ইণ্ডিয়ান বুলিয়ন জুয়েলাছ এছ'চিয়েচনে প্রকাশ কৰা তথ্য অনুসৰি, দেশজুৰি প্ৰতি ১০ গ্রাম ২৪ কেৰেটৰ সোণৰ মূল্য এই সপ্তাহটোত ৪,৫৭১ টকা বৃদ্ধি হৈ ১,২১,৫২৫ টকা হৈছে। যোৱা সপ্তাহৰ অন্তিমটো দিনলৈকে (৩ অক্টোবৰ) ইয়াৰ মূল্য আছিল ১,১৬,৯৫৪ টকা।   
 
মর্গান ষ্টেনলীৰ শেহতীয়া এক প্রতিবেদন অনুসৰি, যোৱা জুন মাহলৈকে ভাৰতৰ ওচৰত জমা থকা মুঠ সোণৰ পৰিমাণ হৈছে ৩৪,৬০০ টন। বৰ্তমানৰ সোণৰ বজাৰ মূল্যৰ ওপৰত ভিত্তিত কৰি এই জমা সোণৰ মূল্য হৈছে $৩,৭৮৫ বিলিয়ন। এই জমা সোণৰ পৰিমাণ ভাৰতৰ জি ডি পিৰ ৮৮.৮ শতাংশ। 
 
আনহাতে বৰ্তমান ভাৰতত বিভিন্ন ২ পৰিয়ালৰ ওচৰত থকা ইকুইটিৰ তুলনাত এই জমা সোণৰ পৰিমাণ ৩.১ গুণ অধিক। এনে ইকুইটিৰ মূল্য হৈছে $১,১৮৫ বিলিয়ন। 
 
উল্লেখযোগ্য যে, বিশ্বৰ ভিতৰতে সোণৰ অন্যতম বৃহৎ বজাৰ হিচাপে বিবেচিত ভাৰতত সোণৰ চাহিদা হ্রাস পোৱা পৰিলক্ষিত নহয়। অৱশ্যে যোৱা কেইটামান মাহত সোণৰ মূল্য অস্বাভাবিক হাৰত বৃদ্ধিৰ ফলত সোণৰ অলংকাৰৰ বিক্ৰী কিছু পৰিমাণে হ্রাস পাইছে। 
 
বর্ল্ড গ'ল্ড কাউন্সিলৰ প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জুনলৈকে বিশ্বৰ বজাৰত সোণৰ চাহিদা ২৬ শতাংশই পূৰণ কৰিছিল ভাৰতে। সোণ ক্রয়ৰ ক্ষেত্ৰত ২৮ শতাংশ চাহিদা পূৰণেৰে ভাৰততকৈ ওপৰত আছে চীন। 
 
সোণৰ সমান্তৰালকৈ ৰূপৰ মূল্যও অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ৩ অক্টোবৰত প্রতি কেজি ৰূপৰ মূল্য ১,৪৫,৬১০ টকাৰ পৰা ১০ অক্টোবৰত প্ৰায় ১২.৯০ শতাংশ বৃদ্ধি হৈ ১,৬৪,৫০০ টকা হয়।
 
চলিত বৰ্ষৰ এই পর্যন্ত সোণৰ মূল্য ৪৫,৩৬৩ টকা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্যও ৭৮,৪৮৩ টকা বৃদ্ধি পাইছে। গ'ল্ডমেন ছেচ্চৰ এক প্রতিবেদন অনুসৰি অচিৰে প্ৰতি ১০ গ্রাম সোণৰ মূল্য হ'বগৈ ১.৫৫ লাখ টকাকৈ।