মহিলা ক্ৰিকেট বিশ্বকাপত শিলিগুৰিৰ ৰিচা ঘোষ ভাৰতীয় মহিলা ক্ৰিকেটত এক উজ্জ্বল ভোটাতৰা

Story by  atv | Posted by  [email protected] • 20 h ago
ৰিচা ঘোষ
ৰিচা ঘোষ
 
শান্তিপ্ৰিয় ৰয় চৌধুৰী
 
সম্প্ৰতি মহিলা ক্ৰিকেট বিশ্বকাপ খেলত ব্যস্ত এগৰাকী যুৱতী। নাম ৰিচা ঘোষ। ভাৰতীয় মহিলা দলৰ এইগৰাকী উইকেটকীপাৰৰ নাম এতিয়া সকলোৱে জানে। বিশ্বকাপৰ প্ৰতিখন মেচতে নিজৰ সফলতা প্ৰদৰ্শন কৰি আহিছে ৰিচা ঘোষে।
 
অৱশ্যে এটা সময় আছিল যেতিয়া তেওঁৰ হাতত নিজৰ এখন বেট কিনিবলৈ পইচা নাছিল। আজি সেই যুৱতীগৰাকীয়ে ভাৰতীয় জাৰ্চি পিন্ধি বিশ্ব মঞ্চত খলকনি তুলিছে। সৌৰভ গাংগুলী আৰু ঝুলন গোস্বামীৰ পিছত শিলিগুৰিৰ ২২ বছৰীয়া ছোৱালী ৰিচা ঘোষে বংগ আৰু দেশৰ হৈ বিশ্বকাপ খেলিছে। ভাৰতীয় মহিলা দলৰ এইগৰাকী উইকেটকীপাৰ-বেটছমেনৰ এই যাত্ৰা একেবাৰেই সহজ নাছিল। ৰিচাই সকলো বাধা অতিক্ৰম কৰি এতিয়া বিশ্ব মঞ্চত প্ৰতিষ্ঠিত হৈছে।
 
ভাৰতীয় দলৰ জাৰ্চি পৰিধিত ৰিচা ঘোষ
 
ৰিচা ঘোষৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহ দেখি পিতৃ মনাবেন্দ্ৰই শিলিগুৰিৰ এটা ভাল ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰত নাম ভৰ্তি কৰাইছিল। পিতৃ মনাবেন্দ্ৰ নিজেও আগতে ক্ৰিকেট খেলিছিল, কিন্তু বেছি আগবাঢ়িব পৰা নাছিল। গতিকে তেওঁ নিজেই নিজৰ জীয়ৰীক ক্ৰিকেটৰ লগত চিনাকি কৰাই দিবলৈ অতি আগ্ৰহী আছিল। ইয়াৰ পিছত ৰিচাই পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল।
 
বংগৰ মহিলা দলৰ মুখ্য প্ৰশিক্ষক ঋতুপৰ্ণ ৰায়ে কয় যে ৰিচাই জুনিয়ৰ বংগ ক্ৰিকেটৰ দিনৰ পৰাই নিৰ্ভীক ক্ৰিকেট খেলি আহিছে। ৰিচা ৰাণৰ ভোকাতুৰ আছিল, উইকেটৰ পিছফালে ভাল কেচ ধৰিছিল, আনকি দ্ৰুতগতিত  বলও কৰিব পাৰিছিল। ৰিচাই ২০১২-১৩ চনত নিজৰ ক্লাবৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি থকাৰ সময়তে ছিনিয়ৰ বংগ শিবিৰৰ বাবে নিৰ্বাচিত হৈছিল।
 
১১ বছৰ বয়সত ৰিচা বংগৰ ১৯ বছৰ অনুৰ্ধ দলৰ বাবে নিৰ্বাচিত হয়। মাত্ৰ ১২ বছৰ বয়সতে ৰিচাই ২৩ বছৰ অনুৰ্ধ আৰু ছিনিয়ৰ দলত সুযোগ লাভ কৰে। ২০১৮ চনত ৰিচাই বছৰৰ বংগৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছিল। ২০২০ চনত টি-২০ বিশ্বকাপত খেলাৰ পূৰ্বে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টি-২০ ট্ৰাই-নেশ্যন ছিৰিজত অভিষেক ঘটাই ৰিচাই।
 
১৮ বছৰীয়া বেটছমেন তথা উইকেটকীপাৰ ৰিচা ঘোষে বৰ্তমান ভাৰতৰ হৈ বেছিভাগ টি-২০ খেল খেলিছে। দুয়োটা ফৰ্মেটতে নিজৰ স্থান নিশ্চিত কৰি তুলিছে আৰু আক্ৰমণাত্মক বেটিং আৰু আকৰ্ষণীয় কিপিঙৰ বাবে ভাৰতৰ অন্যতম আশাব্যঞ্জক ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয়।
 
প্ৰশিক্ষণৰ সময়ত ৰিচা ঘোষ
 
চলি থকা বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়ত পাঁচ বা তাতকৈ অধিক উইকেট লোৱা একমাত্ৰ খেলুৱৈ ৰিচা ঘোষ। ভাৰতীয় মহিলা উইকেটকীপাৰৰ এদিনীয়া ইনিংছত সৰ্বাধিক কেচ লোৱাৰ অভিলেখো ভংগ কৰে। ৰেকৰ্ড বুকত প্ৰৱেশ কৰাৰ পিছত ৰিচাই কয় যে মহেন্দ্ৰ সিং ধোনী তেওঁৰ অনুপ্ৰেৰণা।
 
বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়ত অবিশ্বাস্য প্ৰদৰ্শনেৰে সকলোকে আচৰিত কৰি তোলা ৰিচাক মানুহে ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা কৰিছে। ইমান কম বয়সতে ৰিচা ঘোষে ভাৰতীয় ক্ৰিকেটৰ অন্যতম প্ৰতিভাশালী আৰু প্ৰশংসিত খেলুৱৈ হিচাপে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়তে নিজকে প্ৰমাণ কৰি তুলিছে।
 
মন কৰিবলগীয়া যে ২০২৩ চনত মহিলা প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ দলে তেওঁক ১.৯০ কোটি টকা প্ৰদান কৰিছিল। ২০২৪ চনত বাংগালুৰুৰ হৈ ৰিচাই ভাল প্ৰদৰ্শন আগবঢ়াইছিল। দলটোৰ হৈ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল। ৰিচাই মহিলা প্ৰিমিয়াৰ লীগৰ লগতে মহিলা বিগ বেছ লীগ আৰু মহিলা হাণ্ড্ৰেডত খেলিছে।
 
ৰিচাই দেশৰ জাৰ্চিৰ বাবে ৬৭ খন টি-২০ মেচ খেলিছে। ১০৬৭ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও ৰিচাই ৪৭ খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ খেলিছে। এদিনীয়া খেলত ১০৭৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰে সৰ্বোচ্চ ৯৬। ইয়াৰ উপৰিও ৰিচাই ভাৰতৰ হৈ ২ খন টেষ্ট মেচ খেলিছে। তাত ১৫১ ৰান সংগ্ৰহ কৰে। সৰ্বোচ্চ ৮৬। ধৈৰ্য্য, অধ্যৱসায় আৰু কঠোৰ মনোভাৱৰ সৈতে ৰিচা ঘোষ আজি ভাৰতীয় মহিলা ক্ৰিকেটত পৰিচিত নাম।