ৰক্তদান জীৱন দান: ফৈজানৰ চিন্তাধাৰাই ৰক্ষা কৰিলে হাজাৰ জনৰ প্ৰাণ

Story by  atv | Posted by  Munni Begum • 9 h ago
ফাইজান আলী
ফাইজান আলী
 
নৌছাদ আখতাৰ / গয়া (বিহাৰ)
 
ৰক্তদান কৰি অজস্ৰ লোকক নতুন জীৱন দিয়া এজন যুৱকৰ ত্যাগ আৰু দৃঢ়তাৰ কাহিনীয়ে অজস্ৰ লোকৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। নাম তেওঁৰ ফাইজান আলী। বিহাৰৰ গায়ৰ যুৱকজনে ১৮ বছৰ বয়সত যেতিয়া বিজনেছ ষ্টাডী বিষয়ত অধ্যয়ন কৰি আছিল, তেতিয়া জীৱনৰ এক গভীৰ উদ্দেশ্য বিচাৰি পাইছিল। ভাল চাকৰি বা উচ্চ শিক্ষা গ্ৰহণ কৰাতকৈ তেওঁ মানুহৰ সেৱা কৰিব বিচাৰিছিল। 
 
আৱাজ দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফাইজান আলীয়ে এইদৰে কয়, "যদি আপুনি সঁচাকৈয়ে কাৰোবাৰ দুখ-বেদনাৰ সমভাগী হ'ব বিচাৰে, তেন্তে বয়স বা শিক্ষাৰ কোনো গুৰুত্ব নাই। আপোনাৰ আবেগ আৰু ইচ্ছা এই ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ। সমাজৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰাৰ মুহূৰ্ততেই আপোনাৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয়।" 
 
হিউমেন হুড অৰ্গেনাইজেচন (H2O)ৰ উদ্যোগত অনুষ্ঠিত এক ৰক্তদান শিবিৰত ফাইজান তেওঁৰ সতীৰ্থসকলৰ সৈতে
 
আজি মাত্ৰ ২৩ বছৰ বয়সতে ফাইজানে হিউমেন হুড অৰ্গেনাইজেচন (H2O) নামৰ এনে এক উল্লেখযোগ্য আন্দোলনৰ নেতৃত্ব দিছে, যি আৰ্তজনক সহায় কৰাৰ বাবে উৎসৰ্গিত। সহজ-সৰল, মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা ফাইজানে কেতিয়াও ভবা নাছিল যে তেওঁ এদিন কৰ্পৰেট পথ এৰিব৷ কিন্তু যেতিয়া ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ পৃথিৱীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তেতিয়া তেওঁ আৰু দ্বিতীয়বাৰ চিন্তা কৰা নাছিল। তেওঁ মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিল, আৰু H2O সমাজৰ বাবে এক শক্তিলৈ পৰিণত হ’ল।
 
যদিও ২০১৭ চনৰ পৰা এইচ টু অ’-এ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল, তথাপিও মহামাৰীয়ে ইয়াক প্ৰকৃত দিশ দিলে। ৰক্তদান অভিযানৰ পৰা আৰম্ভ হৈছিল যদিও ই চৌদিশে দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছিল।
 
এতিয়া, হিউমেন হুড অৰ্গেনাইজেচনে বহু ক্ষেত্ৰত কাম কৰে। সেইবোৰ হৈছেঃ চিনাক্ত নকৰা বা পৰিত্যক্ত মৃতদেহৰ বাবে শেষ ৰীতি-নীতি সম্পন্ন কৰা, ভোকাতুৰক খাদ্য প্ৰদান কৰা, দুখীয়াক কাপোৰ আৰু কম্বল বিতৰণ কৰা, প্লাজমা দান কাৰ্যসূচী আয়োজন কৰা আৰু জৰুৰীকালীন চিকিৎসা সহায় আগবঢ়োৱা, ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰিত কৰা আৰু দুৰ্যোগ সাহায্য কাৰ্যসূচী চলোৱা।
 
ফাইজানৰ হিউমেন হুড অৰ্গেনাইজেচন (H2O)ৰ সদস্যসকল
 
ফাইজানৰ যাত্ৰাই দেখুৱাইছে যে যেতিয়া আপোনাৰ হৃদয় সঠিক ঠাইত থাকে তেতিয়া বয়স কেতিয়াও বাধা হ'ব নোৱাৰে। সমমনা যুৱক-যুৱতীৰ এটা দলৰ সৈতে তেওঁ নিজৰ আবেগক জীৱন সলনি কৰা এক অভিযানলৈ ৰূপান্তৰিত কৰিছে। ক’ভিড লকডাউনৰ সময়ত যেতিয়া আনকি ব্লাড বেংকো খালী হৈ আছিল, তেতিয়া ফাইজান আলী আৰু তেওঁৰ দলটো বহি নাথাকিল৷ তেওঁলোকে জৰুৰীভাৱে ৰক্তদানৰ জৰিয়তে ২৪ জন লোকৰ জীৱন ৰক্ষা কৰিছিল।
 
আচৰিত কথাটো হ’ল যে H2O-ৰ দলটো অতি বৈচিত্ৰময়। ইয়াৰ ভিতৰত আছেঃ কলেজীয়া ছাত্ৰ-ছাত্ৰী, বৃদ্ধ লোক, হিন্দু আৰু মুছলমান, মহিলা স্বেচ্ছাসেৱক। ইয়াৰে অধিকাংশ মহিলাই হৈছে মুছলমান সম্প্ৰদায়ৰ, যিয়ে সামাজিক বাধা অথবা পৰম্পৰা ভংগ কৰি ৰক্তদান কৰি সমাজ সেৱা আগবঢ়াইছে।তেওঁলোকৰ শক্তিশালী মূলমন্ত্ৰ হ’ল: “যেতিয়া মানুহৰ জীৱন ৰক্ষাৰ প্ৰয়োজন হয়, তেতিয়া তেজ দিয়ক। আপোনাৰ তেজে অচিনাকি মানুহ এজনক জীয়াই থকাত সহায় কৰা বুলি জনাতকৈ ডাঙৰ পুৰস্কাৰ নাই।” 
 
মনীষা, জৈনাব, ছাদাফ, নিশাত, ৰুমান, অদিতি, শ্ববনম, অমৃতাৰ দৰে মহিলাই আনক সহায় কৰাৰ প্ৰবল আবেগৰ সৈতে পঢ়া-শুনাৰ ভাৰসাম্য ৰক্ষা কৰি আছে। ফাইজানৰ শক্তিশালী নেতৃত্বত এতিয়া H2O-ৰ এটা ডাঙৰ ৰক্তদান নেটৱৰ্ক আছে যিয়ে নিম্নোক্ত স্থানসমূহ সামৰি লয়--গয়া, জেহানাবাদ, ডেহৰি-অন-সোনে, শ্বেৰঘটি, দিল্লী আৰু বাৰাণসী। 
 
অসম আৰু বিহাৰৰ বানপীড়িতসকলক সহায় হাত আগবঢ়াইছে ফৈজান আৰু তেওঁৰ সতীৰ্থসকলে 
 
ফাইজানে তেওঁৰ অভিযানটো কৌশলগত, সংগঠিত আৰু প্ৰেৰণাদায়ক শৈলীৰে এজন পেছাদাৰী নেতাৰ দৰে চলায়। তেওঁৰ মনত আছে এটা মুহূৰ্ত যেতিয়া দিল্লীত কাৰোবাক জৰুৰীভাৱে তেজৰ প্ৰয়োজন হৈছিল, আৰু তেওঁলোকৰ দলৰ এজন স্বেচ্ছাসেৱকে পলম নকৰাকৈয়ে সঁহাৰি জনাইছিল। ইয়াৰ পৰা দেখা যায় যে H2O পৰিয়ালটো কিমান নিষ্ঠাবান। তেওঁলোকে কেৱল সহায় কৰাই নহয়—জীৱনো ৰক্ষা কৰিছে৷ হিউমেন হুড অৰ্গেনাইজেচন (H2O)ৰ আঁৰৰ স্বেচ্ছাসেৱকসকল কেৱল সহায়ক নহয়—তেওঁলোক বাস্তৱ জীৱনৰ নায়ক।
 
তেওঁলোকৰ কিছুমান কাহিনীয়ে প্ৰকৃত মানৱীয়তাক প্ৰদৰ্শন কৰিছে—য’ত হিন্দু আৰু মুছলমানসকলে একত্ৰিত হৈ আৰ্তজনক সহায় কৰে। কাৰোবাৰ জীৱন বিপদাপন্ন হ'লে ধৰ্মই কোনো গুৰুত্ব নাপায়। তেওঁলোকৰ সক্ৰিয় সদস্য ছাইফী খানে কৰ্কট ৰোগী অভয় শৰ্মাক ৰক্তদান কৰি বচাবলৈ সক্ষম হৈছে। একেদৰে, নবাব আলমে অলকা সিনহাক, হামিদ খানে উষা দেৱীক আৰু মহম্মদ আকিবে নীৰজ কুমাৰক তেজ দি বিপদৰ পৰা উদ্ধাৰ কৰিছে। 
 
H2O এ কেৱল স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ প্ৰতি সঁহাৰি জনোৱাতকৈও অধিক কাম কৰে। দলটোৱে ইয়াৰ লগতে গৃহহীনক খুৱাই, শীতকালত তেওঁলোকৰ মাজত কম্বল আৰু কাপোৰ বিতৰণ কৰে, পৰিত্যক্ত মৃতদেহৰ বাবে শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰে, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় কৰে, যেনে কেৰেলাৰ বানপানী বা বিহাৰৰ স্থানীয় জৰুৰীকালীন অৱস্থাত ফৈজান আৰু তেওঁৰ সতীৰ্থসকল বানপীড়িতসকলৰ সৈতে আছিল। 
 
ফাইজানৰ অন্যতম আৱেগিক মুহূৰ্ত আছিল ২০২১ চনৰ ৰমজানৰ সময়ছোৱাত। ক’ভিড-১৯ ৰোগীক অক্সিজেন চিলিণ্ডাৰ ডেলিভাৰী দি থাকোঁতে তেওঁ নিজৰ পিতৃ আতা-উল-ৰহমানৰ মৃত্যুৰ হৃদয় বিদাৰক খবৰ লাভ কৰিছিল। কিন্তু ফৈজান ৰৈ নাথাকিল৷ তেওঁ আনক সহায় কৰি থাকিল আৰু ভাবিব নোৱাৰা মনোবলৰ পৰিচয় দিয়ে। সাহস আৰু নিষ্ঠাৰ বাবে তেওঁ বিহাৰ শৌৰ্য্য সন্মান আৰু মগধ ৰত্ন বঁটাৰ দৰে সন্মান লাভ কৰে।
 
ফাইজানৰ হিউমেন হুড অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰ
 
ফাইজান কয়, “আমি আমাৰ তেজৰ যোগেদি জীয়াই থাকিব লাগিব। আমি কেৱল আমাৰ শৰীৰত নহয়, বেলেগৰ জীৱন উদ্ধাৰ কৰি তেওঁৰ শৰীৰৰ মাধ্যমেৰেও আমি জীয়াই থাকিব পাৰো।" গয়াত থকা শিবিৰৰ পৰা এতিয়া হিউমেন হুড অৰ্গেনাইজেচনে দিল্লী, বাৰাণসী, লক্ষ্ণৌ, আৰু বহুতো ঠাইত কাম কৰি আছে। 
 
ইয়াৰ লক্ষ্য স্পষ্ট: “সহায়ৰ অভাৱত কাৰো মৃত্যু হ’ব নালাগে।” অধিক যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিবলৈ ফাইজানে ছাত্ৰ-ছাত্ৰীসকলক সমাজ সেৱাৰ কাম আৰু মানৱীয় সেৱাৰ প্ৰশিক্ষণ দিয়া ইন্টাৰশ্বিপ কাৰ্যসূচী আৰম্ভ কৰিছে।
 
আজি বিহাৰত ফাইজান আলীক যুৱক-যুৱতীৰ নেতৃত্বত পৰিবৰ্তনৰ প্ৰতীক হিচাপে দেখা গৈছে। সমগ্ৰ ভাৰতবৰ্ষৰ ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলত তেওঁৰ এই কামৰ প্ৰশংসা দেখা গৈছে। তেওঁৰ দলটোৱে নিষ্ঠা, প্ৰেম আৰু ঐক্যৰে কাম কৰি আছে। ফাইজানে এবাৰ কৈছিল-“মই ১০০ বছৰ জীয়াই থাকিম নে নাই নাজানো—কিন্তু মই ১০০ বাৰ ৰক্তদান কৰি মানুহৰ হৃদয়ত চিৰদিন জীয়াই থাকিব বিচাৰো।” 
 
তেওঁৰ কাহিনীয়ে প্ৰমাণ কৰে যে পৰিৱৰ্তন আনিবলৈ ধনী বা উচ্চ শিক্ষিত হোৱাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথোঁ সহানুভূতি, সাহস আৰু মানুহক সেৱা কৰাৰ সদিচ্ছা। গয়াৰ ৰাজপথৰ পৰা সমগ্ৰ দেশৰ হৃদয়লৈকে ফাইজান আলীয়ে দেখুৱাইছে যে এজন ব্যক্তিয়ে সঁচা অৰ্থত পৃথিৱীখন সলনি কৰিব পাৰে।