শিশু এগৰাকীক চিকিৎসা কৰি থকা মুহূৰ্তত আৰু স্বৰ্ণ পদক লাভ কৰা মুহূৰ্তত ডাঃ য়াছিন আলী
মুন্নী বেগম / গুৱাহাটী
শিশুৰ শ্বাসনলীৰ জটিল ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসমত এক নতুন দিশৰ উদ্ভাৱন হৈছে। যি চিকিৎসা পূৰ্বে অসমত উপলব্ধ নাছিল আৰু যাৰ বাবে শিশুসকলক বহিঃৰাজ্যলৈ লৈ যাব লগা হৈছিল। বৰ্তমান শিশুৰ সেই অতি জটিল ৰোগৰ চিকিৎসা এতিয়া অসমত সহজে সম্ভৱ হৈ উঠিছে। বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ য়াছিন আলীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে ব্ৰংকস্কোপীৰে শিশুক চিকিৎসা প্ৰদান কৰি অসমৰ চিকিৎসাৰ ক্ষেত্ৰখনত এক নতুন অধ্যায় আৰম্ভ কৰিছে।
শেহতীয়াকৈ গুৱাহাটীৰ খানাপাৰাৰ হেলথ চিটি হাস্পতালৰ শিশু চিকিৎসা বিভাগৰ মুৰব্বী বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ য়াছিনৰ নেতৃত্বত এটা অভিজ্ঞ চিকিৎসকৰ দলে নাগালেণ্ডৰ আঢ়ৈমহীয়া এটি শিশুক এই ব্ৰংক'স্কোপী প্ৰযুক্তিৰে চিকিৎসা সম্পন্ন কৰিছে আৰু বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ হৈ আছে।
দিল্লীৰ গুড়গাৱৰ ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত ইণ্ডিয়ান একাডেমী অফ পেডিয়েট্ৰিকছৰ 'ব্ৰংকস্কোপী' পাঠ্যক্ৰম সম্পূৰ্ণ কৰা প্ৰাৰ্থীসকলৰ সৈয়ে ডাঃ য়াছিন আলী
ব্ৰংক'স্কোপী মূলতঃ শ্বাসনলীৰ ভিতৰলৈ সৰু পাইপ সোমুৱাই কৰা এক চিকিৎসা। নৱজাতকৰ ক্ষেত্ৰত এই পদ্ধতি অতি প্ৰত্যাহ্বানজনক, কিয়নো নৱজাতকৰ শ্বাসনলী খুব সুক্ষ্ম, সেয়েহে ইয়াৰ ভিতৰেৰে যন্ত্ৰ সোমুৱালে সিহঁতৰ শৰীৰত অক্সিজেনৰ পৰিমাণ তীব্ৰভাৱে কমি যায়। কিয়নো নৱজাতকৰ এনে ধৰণৰ চিকিৎসাৰ বাবে সুক্ষ্ম যন্ত্ৰ-পাতিৰ অভাৱ আছিল। কিন্তু সম্প্ৰতি নতুন চিকিৎসা প্ৰযুক্তি আৰু সৰু সৰু যন্ত্ৰপাতি উদ্ভাৱনৰ ফলত শিশুৰ জীৱন ৰক্ষা কৰাটো সহজ হৈ উঠিছে। নতুনকৈ উদ্ভাৱিত ২ মিমি আৰু ৩ মিমি আকাৰৰ চুলিতকৈও মিহি সৰু-সৰু যন্ত্ৰৰ সহায়ত এতিয়া শিশুৰ জীৱন ৰক্ষা কৰাটো এতিয়া সম্ভৱ। এই চিকিৎসা প্ৰযুক্তিৰে ৮০০ গ্ৰামৰ নৱজাতকৰ পৰাই প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত আগবঢ়োৱা হৈছে। সাধাৰণতে প্ৰাপ্তবয়স্ক ৰোগীৰ ক্ষেত্ৰত এই পাইপৰ আকাৰ ১৫-১৬ মিমি। যিবোৰ নৱজাতকৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য নহয়।
চিকিৎসক য়াছিন আলীয়ে কয়, "অসমত এই শ্বাসনলীৰ জটিল ৰোগৰ চিকিৎসা উপলব্ধ নাছিল। যাৰ বাবে এই ৰোগৰ চিকিৎসাৰ বাবে বহু শিশুক বহিঃৰাজ্যলৈ পঠিয়াই দিয়া হৈছিল। য'ত অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসা কৰা হৈছিল। মই প্ৰায়ে এইবোৰ দেখি আহিছিলো আৰু মনতে এই চিকিৎসাৰ বাবে কিবা এটা কৰাৰ কথা ভাবিছিলো। কিয়নো কোনোবা নহয় কোনোবাইটো এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। সেয়েহে মই ২০২৪ চনত দিল্লীৰ গুড়গাৱৰ ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত ইণ্ডিয়ান একাডেমী অফ পেডিয়েট্ৰিকছে 'ব্ৰংকস্কোপী' সন্দৰ্ভত আয়োজন কৰা বুনিয়াদী পাঠ্যক্ৰম (বেছিক কোৰ্চ) সফলতাৰে সম্পন্ন কৰিছিলো আৰু চলিত বৰ্ষত এই পাঠ্যক্ৰমৰ এডভান্স কোৰ্চটো মই প্ৰথমবাৰতে সম্পন্ন কৰিবলৈ সক্ষম হৈছো। এই পাঠ্যক্ৰমৰ বাবে চেন্নাই, মহাৰাষ্ট্ৰ, পুনেই, উৰিষ্যা, দিল্লী, হাৰিয়ানা, চণ্ডিগড় আদিকে ধৰি সমগ্ৰ দেশৰ পৰা বহু শিশু চিকিৎসক আৰু পালমোনোল'জিষ্টয়ে আবেদন জনাইছিল আৰু মাত্ৰ ২০ গৰাকী প্ৰাৰ্থীকহে নিৰ্বাচন কৰা হৈছিল। মই এই পাঠ্যক্ৰমত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিলো।"
ডাঃ য়াছিন আলীয়ে এটি নৱজাতকক পৰীক্ষা কৰি থকা এক দৃশ্য
পূৰ্বতে শিশুৰ এই ৰোগৰ চিকিৎসাৰ বাবে কোনো সুবিধাজনক যন্ত্ৰপাতি উপলব্ধ নাছিল আৰু চিকিৎসাৰ বাবে শিশুসকলৰ বুকু ফালি শৈল্যচিকিৎসা কৰাটো বাধ্যতামূলক আছিল। কিন্তু যোৱা ৫ ৰ পৰা ১০ বছৰৰ ভিতৰত এই ক্ষেত্ৰত অতি উন্নত প্ৰযুক্তি আহিছে। এতিয়া ২-৩ মিমি আকাৰৰ বিশেষ পাইপ নাকেৰে শ্বাসনলীত সোমাই এণ্ডোস্কোপীৰে সহজে পৰীক্ষা আৰু চিকিৎসা কৰিব পৰা হৈছে।
ডা: য়াছিনৰ মতে, “পূৰ্বে শিশুসকলৰ অস্ত্ৰোপচাৰৰ জৰিয়তে এই ৰোগৰ চিকিৎসা কৰা হৈছিল। কিন্তু এতিয়া এই প্ৰযুক্তিৰ জৰিয়তে আমি প্ৰায় ৯৫ শতাংশ পৰ্যন্ত শিশুৰ শৈল্যচিকিৎসা নকৰাকৈ চিকিৎসা কৰিব পাৰিম। এতিয়া শিশুসকলে কোনোধৰণৰ কষ্ট নপোৱাকৈয়ে আমি শিশুসকলৰ নাকৰ পৰা হাওঁফাওঁলৈ হব পৰা বিভিন্ন ধৰণৰ বিসংগতি চিনাক্ত কৰাৰ লগতে চিকিৎসাও কৰিব পাৰি। আনহাতে বহু শিশুৱে শ্বাসনলীৰ বিভিন্ন ধৰণৰ বিসংগতি লৈয়ে জন্ম হয়। যিবোৰ এই চিকিৎসাৰ জৰিয়তে ঠিক কৰিব পৰাও যাব। এই প্ৰযুক্তিৰে আমি লেজাৰ চিকিৎসা, ক্ৰাইয়ো, সৰু সুৰা কটা-ছিঙা, শ্বাসনলীত ষ্টেণ্ড বহুৱোৱা, টিউমাৰ পৰীক্ষা, শ্বাসনলীত সোমুৱা খাদ্য উলিওৱা আদিৰ দৰে জটিল চিকিৎসাও সৰলভাৱে কৰা সম্ভৱ হব।"
চাৰ্টিফিকেট আৰু স্বৰ্ণ পদক লাভ কৰাৰ মূহুৰ্ত
ডাঃ য়াছিন আলীয়ে ১৯৯৪ চনত কে কে বি বি গোলাঘাটৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি ১৯৯৬ শ্ৰীমন্ত শংকৰ একাডেমী গুৱাহাটীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী লাভ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা 'ডিপ্লমা ইন চাইল্ড হেথল' লাভ কৰে। নতুন দিল্লীৰ এম এ এম চিৰ পৰা এম ডি (শিশু চিকিৎসা)ৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰোপৰি সামাজিক শিশু চিকিৎসা বিষয়ক গৱেষণা পত্ৰ শিতানত আই এ পি দিল্লীৰ বাৰ্ষিক অনুষ্ঠানত তেওঁ ২০১৭ চনৰ ডাঃ সত্য গুপ্ত বঁটাও লাভ কৰিছে। তেওঁ ২০১৮ চনত হেল্থ চিটি হাস্পতালত যোগদান কৰিছিল আৰু বৰ্তমান তেওঁ হেল্থ চিটি হাস্পতালত শিশু চিকিৎসা বিভাগৰ মুৰব্বী হিচাপে কাম কৰি আছে।
ডাঃ ইয়াছিনে কয়, "এই চিকিৎসা প্ৰযুক্তিক আৰু উন্নত কৰাৰ উদ্দেশ্যে হেল্থ চিটি হাস্পতালত এক পূৰ্ণাংগ ইউনিট খোলাৰ পৰিকল্পনা কৰা হৈছে। এতিয়া শিশুৰ সাধাৰণ শৈল্যচিকিৎসাৰ প্ৰয়োজন হ্ৰাস কৰি এণ্ডোস্কোপীৰ জৰিয়তে চিকিৎসা কৰা সম্ভৱ হ’ব। যদিও এই চিকিৎসাৰ ব্যয় তুলনামূলকভাৱে অলপ বেছি, তথাপিও প্রচলিত শৈল্যচিকিৎসাৰ খৰচৰ তুলনাত কম আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল শিশুৰ জীৱন ৰক্ষা অধিক সহজ আৰু নিৰাপদ হৈ পৰিব।"
এটি শিশুৰ চিকিৎসা কৰি থকা দৃশ্য
উল্লেখ্য যে, ডাঃ য়াছিন আলীয়ে ২০২২ চনত চিকিৎসা বিজ্ঞানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এটি শিশুৰ দেহত তিনিটাকৈ অতি বিৰল ৰোগ একেলগে চিনাক্ত কৰিছিল। ১২ মাহ ধৰি চলোৱা নিৰন্তৰ গৱেষণাৰ পিছত ডাঃ আলীয়ে এটি শিশুটিৰ দেহত হৰ্ছ শ্বু কিডনী (Horse Shoe Kidney), প্ৰাইমেৰী চিলিয়াৰী ডিছকাইনেচিয়া (Primary Ciliary Dykinesia), আৰু নুনানচ ছিন্ড্ৰোম (Nonaan's Syndrome) শীৰ্ষক অতি বিৰল ৰোগ চিনাক্ত কৰিছিল।
সম্প্ৰতি এই উদ্ভাৱনীমূলক ব্ৰংক'স্কোপী চিকিৎসা প্ৰযুক্তি অসমৰ শিশু চিকিৎসাৰ ইতিহাসত এক সোনালী অধ্যায় হিচাপে অঙ্কিত হৈ থাকিব। কিয়নো এই চিকিৎসা পূৰ্বে দিল্লী, চেন্নাই বা অন্যান্য উন্নত চিকিৎসা কেন্দ্ৰতহে সম্ভৱ আছিল, এতিয়া অসমত সহজে উপলব্ধ হ’ব। যি শিশুসকলৰ জীৱন ৰক্ষা কৰাত এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হব।