আৱাজ দ্য ভইচ/ নতুন দিল্লী
পঞ্জাৱৰ বিধ্বংসী বানে ইতিমধ্যে হাজাৰ হাজাৰ পৰিয়ালক বিধ্বস্ত কৰিছে। বানে প্লাবিত কৰা ঘৰ-দুৱাৰ, খেতিপথাৰ, ৰাস্তা-ঘাট, দোকান-পোহাৰ আদিৰ পানী কমিবলৈ ধৰিছে যদিও সম্প্ৰতি বিভিন্ন ৰোগ আৰু নতুন প্ৰত্যাহ্বানে মূৰ দাঙি উঠিছে। বানাক্ৰান্তলৈ খাদ্য আৰু মৌলিক সামগ্ৰী যোগান ধৰাৰ পিছত এতিয়া তেওঁলোকৰ বাবে আটাইতকৈ বেছি প্ৰয়োজন হৈছে চিকিৎসাৰ সহায়। তেওঁলোকৰ এই প্ৰয়োজন পূৰণৰ বাবে এইমছ দিল্লী, লুধিয়ানাৰ মেডিকেল কলেজ আৰু জমিয়ত উলামা-ই-হিন্দৰ চিকিৎসককে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বহু সংগঠন আগবাঢ়ি আহিছে যদিও এই সকলোবোৰৰ মাজতে পাটনাৰ অতি জনপ্ৰিয় শিক্ষক খান ছাৰে গ্ৰহণ কৰা পদক্ষেপে অধিক গুৰুত্ব বহন কৰিছে।
খবৰ অনুসৰি খান ছাৰে পঞ্জাৱৰ বানাক্ৰান্ত অঞ্চলসমূহলৈ এটা চিকিৎসাৰ দল প্ৰেৰণ কৰিছে। যিয়ে তাত থকা ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আগবঢ়াই আছে। এই চিকিৎসকৰ দলটো তেওঁৰ সদ্য নিৰ্মাণ কৰা পাটনাৰ চিকিৎসালয়ৰ পৰা পঠিওৱা হৈছিল।
সমগ্ৰ দেশতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰা খান ছাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতি জনপ্ৰিয়। ইউ পি এছ চি আৰু বি পি এছ চিৰ দৰে কঠিন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পাটনাত তেওঁৰ শ্ৰেণীকোঠা সদায়ে ভৰি থাকে।
ছাত্ৰ-ছাত্ৰীৰ পৰা পোৱা মাচুলৰে খান ছাৰে পাটনাত এখন চিকিৎসালয় নিৰ্মাণ কৰিছিল। ক্ৰিকেটাৰ ইৰফান পাথানেও এই চিকিৎসালয়খনলৈ চাৰিখন এম্বুলেন্স দান কৰিছে। এই চিকিৎসালয়খন এতিয়া পঞ্জাৱৰ বানাক্ৰান্ত লোকসকলৰ বাবে আশাৰ ৰেঙণি হৈ পৰিছে।
চিকিৎসালয়খন উদ্বোধন কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে খান ছাৰে প্ৰথমে পঞ্জাৱ পালেগৈ। তেওঁ নিজৰ চিকিৎসকৰ দলৰ সৈতে সাহায্যৰ কাম আৰম্ভ কৰিছিল। এই দলটোৱে ক্ষতিগ্ৰস্ত জিলা যেনে তৰ্ণ তৰণ, কাপুৰথালা আৰু ফিৰোজপুৰত স্বাস্থ্য শিবিৰ স্থাপন কৰিছে। তাত থকা লোকসকলক বিনামূলীয়া চিকিৎসা পৰীক্ষা, অত্যাৱশ্যকীয় ঔষধ আৰু প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল।
মানৱতাই হৈছে সকলোতকৈ মহৎ উদ্দেশ্য
খান ছাৰে তেওঁৰ এই পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে, চিকিৎসালয়খন খোলাৰ উদ্দেশ্য টকা উপাৰ্জন কৰা নহয়। বৰঞ্চ মানৱতাৰ সেৱা কৰাহে। যদি মোৰ দলটোৱে এজন দুখীয়া মানুহৰ চিকিৎসা কৰিবলৈ সক্ষম হয়। তেতিয়া এইটোৱেই হ’ব মোৰ বাবে আটাইতকৈ ডাঙৰ সফলতা।
তেওঁৰ এই বক্তব্যই ইয়াকে প্ৰদৰ্শন কৰিছে যে, তেওঁ এগৰাকী প্ৰকৃত নায়ক। যিয়ে নিজৰ নামটো কেৱল খ্যাতিৰ বাবেই ব্যৱহাৰ কৰাৰ নাই বৰং আৰ্তজনৰ কষ্ট নিৰ্মূল কৰিবলৈ ব্যৱহাৰ কৰিছে।
পঞ্জাৱত চিকিৎসা সংকট
আচলতে বানপানীৰ পানী কমি যোৱাৰ পিছত আটাইতকৈ ডাঙৰ বিপদ হৈ দেখা দিছে সংক্ৰামক ৰোগবোৰে। দূষিত পানী আৰু মলিৰ বাবে কলেৰা, টাইফয়েড, ডায়েৰিয়া আৰু ছালৰ বিভিন্ন ৰোগ দ্ৰুতগতিত বিয়পিছে। এনে পৰিস্থিতিত চিকিৎসা সাহায্যৰ গুৰুত্ব আৰু অধিক বৃদ্ধি হৈছে। এই কাৰণেই খান ছাৰৰ চিকিৎসকৰ দলটোৱে গাঁৱে গাঁৱে গৈ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছিল। তেওঁলোকে বহু ঠাইলৈ যোৱাৰ বাবে নাও ব্যৱহাৰ কৰি ঔষধ আৰু চিকিৎসকৰ যোগান ধৰিছিল।
পাঞ্জাবৰ বানাক্ৰান্ত লোক
লুধিয়ানাৰ ডি এম চি মেডিকেল কলেজ আৰু এইমছ দিল্লীৰ চিকিৎসকসকলো এই কামত নিয়োজিত হৈ আছে। ইতিমধ্যে জমিয়ত উলামা-ই-হিন্দে সাহায্য সামগ্ৰী কঢ়িয়াই অনা বাহন প্ৰেৰণ কৰিছিল আৰু এতিয়া তেওঁলোকে পঞ্জাৱলৈ ঔষধ আৰু মেডিকেল কিট প্ৰেৰণ কৰিছে। কলগীধৰ ট্ৰাষ্টৰ দৰে স্থানীয় সংগঠনেও কম্বল, ঔষধ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।
বৃদ্ধ আৰু মহিলাৰ অৱদান
কেৱল পঞ্জাৱৰ পৰাই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰাও মানুহে সহায়ৰ হাত আগবঢ়াইছে। মেৱাট, বিহাৰ আৰু দিল্লীৰ পৰাও সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। বহু ঠাইত বৃদ্ধা মহিলাই তেওঁলোকৰ গহনা আৰু সঞ্চয়ৰ ধন দান কৰিছে। ইয়াৰ পৰা বুজা যায় যে, মানৱতাৰ কোনো সীমা নাই। খান ছাৰৰ চিকিৎসা দলটোও এই শৃংখলৰ এক শক্তিশালী সূত্ৰ হৈ পৰিছে।
পাটনাৰ পৰা পঞ্জাৱলৈ বাৰ্তা
খান ছাৰৰ এই পদক্ষেপৰ প্ৰভাৱ কেৱল পঞ্জাৱতে সীমাৱদ্ধ হৈ থকা নাই। এইটো এক প্ৰকাৰৰ বাৰ্তা যে, শিক্ষা প্ৰদান কৰা এজন শিক্ষকে যেতিয়া সমাজৰ সেৱাত যোগদান কৰে, তেতিয়া তেওঁৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পায়।
ছাত্ৰ-ছাত্ৰীক পঢ়োৱাটো তেওঁৰ বৃত্তি কিন্তু মানৱতাৰ সেৱা কৰাটো তেওঁৰ ধৰ্ম। তেওঁৰ এই কামে লাখ লাখ যুৱক-যুৱতীক ভাবিবলৈ বাধ্য কৰাইছে যে, পঢ়া-শুনাৰ আচল উদ্দেশ্য কেৱল চাকৰি পোৱাই নহয় সমাজলৈ কিবা এটা ঘূৰাই দিয়াও হয়।
আশাৰ এক ৰেঙনি
বানপানীয়ে নিশ্চিতভাৱে পঞ্জাৱবাসীৰ সন্মুখত অন্ধকাৰ নমাই আনিছে। কিন্তু খান ছাৰ আৰু তেওঁৰ চিকিৎসকৰ দলে গ্ৰহণ কৰা পদক্ষেপ আশাৰ ৰেঙণি হিচাপে প্ৰমাণিত হৈছে। বিনামূলীয়া চিকিৎসা আৰু ঔষধৰ ব্যৱস্থাই কেৱল ৰোগীক সকাহ দিয়াই নহয়। ইয়াৰদ্বাৰা এইটো আত্মবিশ্বাসো প্ৰদান কৰা হৈছে যে, সংকট যিমানেই ডাঙৰ নহওঁক কিয়, যদি আমি সকলোৱে একেলগে থিয় দিওঁ, তেন্তে মানৱতাৰ বিজয় হোৱাটো নিশ্চিত।
খান ছাৰৰ এই মানৱদৰদী অভিযানে প্ৰমাণ কৰিলে যে প্ৰকৃত সেৱা সেইটোৱে যিয়ে বৈষম্যহীন আৰু স্বাৰ্থপৰতা নোহোৱাকৈ আগবঢ়োৱা হয়। পঞ্জাৱৰ বান ট্ৰেজেডীয়ে বহু বেদনাদায়ক কাহিনী লিপিবদ্ধ কৰিছে যদিও ইয়াৰ মজতে খান ছাৰৰ দৰে মানৱসেৱাৰ উন্মেষও ঘটিছে। যিয়ে দেখুৱাইছে যে, মানৱতাই হৈছে সমাজখনক একত্ৰিত কৰাৰ আটাইতকৈ দৃঢ় শক্তি।