'ছাত্তাৰ মাষ্টৰ'ৰ ৰবীন্দ্ৰ-নজৰুল একাডেমী এতিয়া সকলোৰে বাবে আশাৰ ৰেঙনি

Story by  atv | Posted by  Munni Begum • 9 h ago
ৰবীন্দ্ৰ-নজৰুল একাডেমীৰ প্ৰতিষ্ঠাপক আব্দুল সত্তাৰ
ৰবীন্দ্ৰ-নজৰুল একাডেমীৰ প্ৰতিষ্ঠাপক আব্দুল সত্তাৰ
 
কুতুব আহমেদ/ মুৰ্ছিদাবাদ
 
পশ্চিম বংগৰ জালাঙী অঞ্চলৰ ৰাইজে তেওঁক মৰমতে 'ছাত্তাৰ মাষ্টৰ' বুলি মাতে। প্ৰকৃত নাম তেওঁৰ আব্দুল ছাত্তাৰ। শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত উদাৰতাৰ বাবেই তেওঁ জালাঙীৰ মানুহৰ গভীৰ শ্ৰদ্ধা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৭০০ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা ৰবীন্দ্ৰ-নজৰুল একাডেমী (Rabindra-Nazrul Academy)ৰ তেওঁ চালিকা শক্তি।
 
জালাঙী–ডমকাল ৰাজ্যিক ঘাইপথৰ পৰা মাত্ৰ কেইশ মিটাৰ দূৰত্বত থকা এই প্ৰতিষ্ঠানটো ভ্ৰমণৰ সময়ত কোষাধ্যক্ষ লুটফৰ ৰহমানে আমাক উষ্ম আদৰণি জনাইছিল। ইয়াৰ পিছতে আমাক সংগ দিছিল অত্যন্ত সহজ-সৰল ব্যক্তি আব্দুল ছাত্তাৰে। চশমা পিন্ধা ব্যক্তিজনৰ চকু দুটা আশাৰে জিলিকি উঠিছিল। তেওঁৰ লগত থিয় হৈ আছিল শিক্ষা অনুৰাগী ৰছিদুল ইছলাম, সচিব ইমৰাণ আলী ছেখ, সহকাৰী সম্পাদক জাহুৰা খাতুন, গোলাম মৰ্তুজা, হাছিনা খাতুন, আৰু ৰহমান। 
 
আব্দুল ছাত্তাৰক সম্বৰ্ধনা জনোৱা এক দৃশ্য
 
তেওঁলোক সকলোৱে মিলি এই পদক্ষেপৰ আৰম্ভণি কৰে। অভিভাৱকসকলৰ আগত স্পষ্টকৈ উল্লেখ কৰা এক দৃষ্টিভংগীৰে ২০২০ চনত আৰম্ভ হৈছিল ৰবীন্দ্ৰ-নজৰুল একাডেমী। “শিক্ষা হ’ল শিশুৰ মনত থকা অন্তৰ্নিহিত শক্তিসমূহ উলিয়াই অনাৰ এক প্ৰক্ৰিয়া। ৰবীন্দ্ৰ-নজৰুল একাডেমীৰ লক্ষ্য হৈছে প্ৰতিটো শিশুক এজন ভাল নাগৰিক হিচাপে গঢ় দিয়া,” আব্দুল ছাত্তাৰে ব্যাখ্যা কৰে।
 
বিদ্যালয়খনক যিটোৱে পৃথক কৰি তোলে সেয়া হ’ল ইয়াৰ সৰ্বাংগীন দৰ্শন। ইয়াত কোনো সম্প্ৰদায়ে বিশেষ সুবিধা লাভ নকৰে, আৰু প্ৰতিজন ছাত্ৰই নিজৰ ধৰ্মীয় বিশ্বাস পালন কৰিবলৈ স্বাধীন। ‘আমি মানৱতাক বিশ্বাস কৰোঁ। ইয়াৰ জৰিয়তে আমি নৈতিক মূল্যবোধ গঢ়ি তোলোঁ যাতে শিশুসকলে জাতিৰ সেৱা কৰিব পৰা নাগৰিক হিচাপে গঢ় লৈ উঠে। আমাৰ লক্ষ্য কেৱল চিকিৎসক আৰু অভিযন্তা উৎপাদন কৰাই নহয়, আৰ্থ-ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত প্ৰশাসক, নীতি নিৰ্ধাৰক, আৰু নেতাও উৎপাদন কৰা।” 
 
প্ৰতিষ্ঠানটোৱে আত্মনিৰ্ভৰশীল ব্যক্তিসকলক লালন-পালন কৰাত গুৰুত্ব দিয়ে, যিসকল সামাজিকভাৱে সচেতন, আৱেগিকভাৱে সংবেদনশীল আৰু দেশপ্ৰেমিক। ইয়াৰ বাবে একাডেমীয়ে আধুনিক আৰু বৈজ্ঞানিকভাৱে ডিজাইন কৰা শিক্ষণৰ সৈতে শক্তিশালী নৈতিক ভেটিৰ সংমিশ্ৰণ ঘটাই শিশুসকলক দায়িত্বশীল নাগৰিক আৰু সক্ষম নেতা হ’বলৈ প্ৰস্তুত কৰে। প্ৰতিষ্ঠানটোৰ এটা প্ৰধান শক্তি হ’ল ইয়াৰ সমন্বয়ৰ মনোভাৱ। ছাত্তাৰ মাষ্টাৰৰ সাম্প্ৰদায়িক ঐক্যৰ প্ৰতি অটল দায়বদ্ধতাৰ দ্বাৰা পৰিচালিত এই বিদ্যালয়খনে হিন্দু আৰু মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমান সুযোগ প্ৰদান কৰে। 
 
ৰবীন্দ্ৰ-নজৰুল একাডেমী
 
ছাত্তাৰৰ মানৱীয় দৃষ্টিভংগীয়ে তেওঁক সকলো সম্প্ৰদায়ৰ লোকৰ মাজত জনপ্ৰিয় কৰি তোলে, যাৰ ফলত অভিভাৱকসকলে নিজৰ সন্তানৰ সৈতে একাডেমীখনক নিঃসংকোচে বিশ্বাস কৰে। পশ্চিম বংগ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ব’ৰ্ডৰ পাঠ্যক্ৰম অনুসৰণ কৰা বিদ্যালয়খনত যোগ্য আৰু বিশেষভাৱে প্ৰশিক্ষিত শিক্ষক নিয়োগ কৰা হৈছে। দৃশ্য-শ্ৰাব্য সঁজুলিয়ে শ্ৰেণীসমূহক সমৃদ্ধ কৰে। আনহাতে প্ৰতিকাৰমূলক পাঠসমূহে দুৰ্বল ছাত্ৰ-ছাত্ৰীক সমৰ্থন কৰে। 
 
শৈক্ষিক বিষয়ৰ বাহিৰেও ইয়াত হিন্দী আৰু কম্পিউটাৰ সাক্ষৰতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ক্ৰীড়া, সংগীত, নৃত্য, কাৰাটে, আৰু শিল্পই শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰে। ল’ৰা-ছোৱালীৰ বাবে পৃথক পৃথক হোষ্টেলত পুষ্টিকৰ খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হয়। ছাত্তাৰ পৰিয়ালৰ মাটিৰ অংশ বৃহৎ খেলপথাৰখনে প্ৰতিষ্ঠানটোৰ চৌহদটোক সম্প্ৰসাৰিত কৰে। বিদ্যালয়ৰ মূল ভৱনটোও আব্দুল ছাত্তাৰৰ ব্যক্তিগত সম্পত্তিতে নিৰ্মাণ কৰা হৈছে। দেশৰ ভৱিষ্যতৰ বাবে নিজৰ ধন আৰু শক্তি উৎসৰ্গা কৰাটো সৰু কথা নহয়।
 
নিজৰ সপোনৰ কথা উল্লেখ কৰি আব্দুল ছাত্তাৰে কয়, “বাকীবোৰতকৈ পৃথক এখন বিদ্যালয় প্ৰতিষ্ঠা কৰাটো মোৰ বহুদিনীয়া ইচ্ছা আছিল।” ২০২০ চনত অৱসৰ লোৱাৰ পিছত তেওঁ ইয়াৰ ভেটি স্থাপন কৰিলে যদিও মহামাৰীয়ে এবছৰৰো অধিক সময় পাঠদান প্ৰক্ৰিয়া পলম কৰিলে। কেৱল সমাজ সেৱাৰ বাবে পৰিচালিত এই একাডেমীখনত এতিয়া ৭০০ শিক্ষাৰ্থী আৰু ৫৩ জন কৰ্মচাৰী আছে। এয়া কেৱল আব্দুল ছাত্তাৰৰ সৰলতা, মৰম আৰু দক্ষ নেতৃত্বৰ ফলত সম্ভৱ হৈছে।
 
ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ছাত্তাৰ মাষ্টৰ
 
এসময়ত ৰাজনীতিত সক্ৰিয় হৈ পৰা ছাত্তাৰ মাষ্টৰে নিজৰ আদৰ্শৰ লগত আপোচ নকৰাৰ বাবে আঁতৰি আহিছিল। আজিৰ সময়ত এনে ব্যক্তি পাবলৈ সঁচাকৈয়ে বিৰল৷  এই বাংলা মাধ্যমৰ বিদ্যালয়খন নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে আৰু আৱাসিক আৰু অ-আৱাসিক (residential and non-residential) উভয় ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়ায়।
 
যদিও মুছলমান সমাজ ঐতিহাসিকভাৱে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, আব্দুল ছাত্তাৰৰ দৰে নেতাই আগুৱাই যোৱাৰ পথ দেখুৱাইছে। তেওঁ কয়, “আমাক কেৱল চিকিৎসক আৰু অভিযন্তা হিচাপেই নহয়, প্ৰতিটো চৰকাৰী খণ্ডতে মুছলমান প্ৰতিনিধিৰ প্ৰয়োজন আছে। সুযোগ বহুত আছে, আৰু আমি সেইবোৰ যোগ্যতাৰে দাবী কৰিব লাগিব।”