পাঞ্জাৱৰ বানাক্ৰান্তৰ কাষত জামাতে-ইছলামী-হিন্দ

Story by  atv | Posted by  [email protected] • 7 h ago
পাঞ্জাৱৰ বানাক্ৰান্তৰ কাষত জামাতে-ইছলামী-হিন্দ
পাঞ্জাৱৰ বানাক্ৰান্তৰ কাষত জামাতে-ইছলামী-হিন্দ
 
নতুন দিল্লী
 
ভয়ংকৰ বানৰ কৱলত পৰিছে পাঞ্জাৱ প্ৰদেশ। বৰ্তমান পাঞ্জাৱৰ ২৩ খন জিলা  প্ৰভাৱিত হৈছে বানপানীত। দেশৰ বিভিন্ন প্ৰান্তৰ দল-সংগঠনে সহায়ৰ হাত আগবঢ়াইছে। জমিয়াত উলেমা-ই-হিন্দে পাঞ্জাৱৰ বানপীড়িত অঞ্চলসমূহত সাহায্য প্ৰদানৰ বাবে সাংগঠনিক স্তৰত সহায় আগবঢ়োৱাৰ পিছতে আন এটা মুছলিম সংগঠন জামাতে-ইছলামী-হিন্দ (জেআইএইচ) য়েও এই পদক্ষেপ গ্ৰহণ কৰিছে।
 
জামাতে-ইছলামী-হিন্দ (জেআইএইচ) হৈছে দেশৰ আগশাৰীৰ মুছলিম সংগঠনসমূহৰ ভিতৰত অন্যতম। তেওঁলোকে কেৱল সাহায্য সামগ্ৰী যোগান ধৰাই নহয়, বৰঞ্চ বান বিধ্বস্ত পঞ্জাৱক পুনৰ পথলৈ আনিবলৈ এক ব্যাপক পুনৰ্বাসন কাৰ্যসূচীৰ পৰিকল্পনাও কৰিছে।
 
বানপানীৰ ফলত ঘৰ, গাঁও, পথাৰ আৰু ৰাস্তা-ঘাট বিধ্বস্ত হৈছে। আন্তঃগাঁথনি আৰু সম্পত্তিৰ পুনৰ্নিৰ্মাণৰ ব্যাপক প্ৰয়োজন হৈছে।
এই উদ্দেশ্যে জামাতে-ইছলামী-হিন্দৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে শেহতীয়াকৈ পঞ্জাৱৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।
 
জেআইএইচৰ সদস্যসকলে এক দীৰ্ঘম্যাদী পুনৰ্বাসন পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে পৰিস্থিতিৰ মূল্যায়ন কৰে।
 
জামাতে-ইছলামী-হিন্দৰ ৰাষ্ট্ৰীয় সচিব মৌলানা শ্বাফি মাদনিয়ে চুলতানপুৰ লোধিৰ সংগ্ৰা আৰু বাউপুৰ জাদিদ গাঁৱলৈ যোৱা প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে।
 
এই অঞ্চলসমূহত বানপানীৰ ফলত হোৱা ধ্বংসাত্মক পৰিস্থিতি স্পষ্টভাৱে দেখা গৈছিল। পাঠানকোট জিলাৰ সুন্দৰ চক আৰু বাহাদুৰপুৰৰ দৰে গাঁওসমূহো ক্ষতিগ্ৰস্ত হৈছে। আটাইতকৈ দুখজনক পৰিস্থিতি কুলিয়া গাঁৱত, য'ত ৩০ টাতকৈ অধিক কংক্ৰিটৰ ঘৰ বানপানীয়ে উটুৱাই নিয়ে।
 
এই বানপানীত চাৰিজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। একেখন ঘৰৰে ৩ গৰাকী ভাতৃ-ভগ্নী আৰু তেওঁলোকৰ ৭৫ বছৰীয়া বৃদ্ধা আইতাও বানপানীত নিজৰ জীৱন দিবলগীয়া হয়। এই হৃদয় বিদাৰক ঘটনাই দেখুৱাইছে যে বানপানীয়ে কেৱল সম্পত্তিয়ে নহয়, মানুহৰ জীৱনকো ক্ষতিগ্ৰস্ত কৰে।
 
এই ভ্ৰমণৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে শিখ সম্প্ৰদায়ৰ নেতা, বিষয়া আৰু ক্ষতিগ্ৰস্তসকলৰ তাৎক্ষণিক প্ৰয়োজনীয়তা সম্পৰ্কে বুজ লোৱাৰ বাবে তেওঁলোকৰ সৈতে মত বিনিময় কৰে। গাঁওবাসীয়ে খাদ্য, বিশুদ্ধ খোৱা পানী, আশ্ৰয় আৰু চিকিৎসা সুবিধাৰ অভাৱৰ অভিযোগ উত্থাপন কৰে।
 
পাঞ্জাৱৰ বানপানীৰ দৃশ্য
 
জামাতে-ইছলামী-হিন্দৰ স্বেচ্ছাসেৱকসকলে 'ছচাইটি ফৰ ব্ৰাইট ফিউচাৰ'ৰ সহযোগত নিজ নিজ অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে।
 
তেওঁলোকে বানাক্ৰান্ত পৰিয়ালসমূহলৈ খাদ্য বস্তু, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে।
 
মৌলানা শ্বাফী মাদনীয়ে পৰিস্থিতিৰ ওপৰত নিজৰ উদ্বেগ প্ৰকাশ কৰি কয়, "আমি বানপীড়িতসকলৰ অসুবিধাৰ বিষয়ে অতিশয় উদ্বিগ্ন। জামাত-ই-ইছলামী হিন্দ ইয়াৰ সহযোগী সংগঠনৰ সৈতে খাদ্য, আশ্ৰয়, স্বাস্থ্যসেৱা আৰু পুনৰ্বাসনৰ দৰে সকলো ধৰণৰ মৌলিক সাহায্য প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"
 
সংগঠনটোৱে বিশ্বাস কৰে যে কেৱল তাৎক্ষণিক সাহায্য প্ৰদান কৰাটো যথেষ্ট নহয়। স্থায়ী সমাধানৰ বাবে, এটা পুনৰ্বাসন কাৰ্যসূচীৰ ওপৰত কাম কৰিব লাগিব। মৌলানা মাদনীয়ে কয়, "জামাতে-ইছলামী-হিন্দ বানাক্ৰান্ত সম্প্ৰদায়ৰ সৈতে থিয় হৈ থাকিব আৰু তেওঁলোকৰ সাহায্য আৰু পুনৰ্বাসনৰ বাবে একান্তভাৱে কাম কৰিব"। তেওঁ চৰকাৰক সাহায্য বিতৰণ ত্বৰান্বিত কৰিবলৈ, আন্তঃগাঁথনি উন্নত কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰণ পেকেজ ঘোষণা কৰিবলৈ আহ্বান জনায়।
 
এই সংকট দূৰ কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মৌলানা মাদনীয়ে সাধাৰণ জনতা আৰু শুভাকাংক্ষীসকলক এই পৰিয়ালসমূহলৈ আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।
 
জামাতে-ইছলামী-হিন্দৰ এই পদক্ষেপ কেৱল মুছলমান সম্প্ৰদায়ৰ বাবেই নহয়, সমগ্ৰ সমাজৰ বাবে এক প্ৰেৰণা। ই দেখুৱাইছে যে যেতিয়া দুৰ্যোগ আহে, সকলো সম্প্ৰদায় একত্ৰিত হ'ব লাগে আৰু মানৱতাৰ সেৱা কৰিব লাগে। এই সংস্থাটোৱে কেৱল সাহায্য সামগ্ৰী যোগান ধৰা নাই, বৰং এই অন্ধকাৰৰ মাজতো সহায় আৰু ভ্ৰাতৃত্ববোধৰ ৰশ্মি দেখুৱাই আশা আৰু বিশ্বাস জগাই তুলিছে।