তিনিচুকীয়াৰ জাগুনত অস্ত্ৰ-শস্ত্ৰসহ দুজন আলফা(স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ

Story by  atv | Posted by  Munni Begum • 7 h ago
তিনিচুকীয়াৰ জাগুনত অস্ত্ৰ-শস্ত্ৰসহ দুজন আলফা(স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ
তিনিচুকীয়াৰ জাগুনত অস্ত্ৰ-শস্ত্ৰসহ দুজন আলফা(স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ
 
গুৱাহাটী 
 
গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক বিশেষ অভিযানত তিনিচুকীয়া আৰক্ষীয়ে জিলাখনৰ সীমান্তৱৰ্তী জাগুন অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ শুকুৰবাৰে আলফা(স্বাধীন)ৰ দুজন কেডাৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত কেডাৰ দুজন হৈছে আলফা(স্বাধীন)ৰ ছেকেণ্ড লেফটেনেণ্ট চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা (২৭)। তেওঁৰ ঘৰ তিনিচুকীয়া জিলাৰ পানীতোলা অঞ্চলত আৰু পিতৃৰ নাম উত্তম বৰুৱা। আনজন হৈছে ছেকেণ্ড লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণ (২৭)। তেওঁৰ ঘৰ তিনিচুকীয়া জিলাৰ বাঘজান অঞ্চলত আৰু পিতৃৰ নাম ডিচেম মৰাণ।
 
আৰক্ষীৰ তথ্য অনুসৰি, ধৃত দুয়োজনে ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশ হৈ অসমত প্ৰৱেশ কৰিছিল। তেওঁলোকে AR-২০ A-৫৮৯২ নম্বৰৰ এখন বগা ৰঙৰ ছুইফ্ট বাহনত জাগুনত প্ৰৱেশ কৰিছিল। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে পূৰ্বৰে পৰা খাপ পিটি থকাৰ পাছত বাহনখন আগুচি ধৰি দুয়োকে অস্ত্ৰ-শস্ত্ৰসহ কৰায়ত্ত কৰে।
 
আৰক্ষীয়ে ধৃত কেডাৰ দুজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে আপত্তিজনক বহু সামগ্ৰী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে দুটা AK-৫৬ ৰাইফল, ১৭২ ৰাউণ্ড সজীৱ গুলী, দুটা হেণ্ড গ্ৰেনেড, জৰুৰীকালীনভাৱে ব্যৱহাৰযোগ্য ঔষধ, চিৰিঞ্জ আৰু জংঘলত দীঘলীয়া সময় ধৰি আত্মগোপন কৰি থাকিবলৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী। 
 
ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে দুয়োকে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিবলৈ দিয়ে যে, ধৃত দুয়োজনক জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰাৰ লগতে তিনিচুকীয়া চহৰত নিৰীহ লোকক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ দায়িত্ব দিয়া হৈছিল বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই অভিযোগসমূহৰ তদন্ত চলি আছে আৰু আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ কাম অব্যাহত ৰাখিছে। 
 
এই সফল অভিযানক তিনিচুকীয়া আৰক্ষীৰ এক উল্লেখযোগ্য সাফল্য হিচাপে গণ্য কৰা হৈছে। আৰক্ষীৰ তৎপৰতাৰ ফলতেই এক সম্ভাৱ্য সন্ত্ৰাসজনক ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই প্ৰতিহত কৰা সম্ভৱ হৈছে বুলি আৰক্ষী মহলে মত প্ৰকাশ কৰিছে। লগতে এই ঘটনাৰ সৈতে জড়িত আন কোনো ব্যক্তি বা নেটৱৰ্ক আছে নেকি, সেই দিশতো তদন্ত অব্যাহত আছে।