দেৱকীশোৰ চক্ৰৱৰ্তী / কলকাতা
"ইচ্ছা শক্তি আৰু সৎ সাহস থাকিলে সমাজ সলনি কৰাটো সম্ভৱ"-এই বাক্যশাৰীক সত্য প্ৰমাণিত কৰিছে কলকাতাৰ এজন ব্যক্তিয়ে। সামাজিক অৱক্ষয়ৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ বিভিন্ন বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে।
কলকাতাৰ অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰাম যথেষ্ট কঠিন হ’লেও তেওঁলোকে ক্ৰমবৰ্ধমান সামাজিক অৱনতি ৰোধ কৰি বিভিন্ন ক্ষেত্ৰত সাধাৰণ জনতাক পোহৰৰ বাট দেখুৱাইছে। আজি তেওঁৰ সামাজিক কামৰ প্ৰতিফলন বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে।
স্বেচ্ছাসেৱকৰ সৈতে গোলাম ফাৰুক
তেওঁ হৈছে কলকাতাৰ সক্ৰিয় সমাজ কৰ্মী গোলাম ফাৰুক। ‘ৰাইটছ ফৰ অল’ (Right For All)- শীৰ্ষক এক সংগঠন গঠন কৰি তেওঁ মানৱ কল্যাণৰ প্ৰতিজ্ঞাৰে যাত্ৰা আৰম্ভ কৰিছিল। ‘ৰাইটছ ফৰ অল’ এতিয়া কেৱল এটা সংগঠন নহয়—ই এক আন্দোলন আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি। গোলাম ফাৰুক আৰু গীতি হাকিমৰ নেতৃত্বত সংগঠনটোৱে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ ন্যায়, সন্মান আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁ এই সংগঠনৰ সাধাৰণ সম্পাদক আৰু তেওঁৰ পত্নী গীতি হাকিম হৈছে ৰাজ্যিক সভাপতি। স্বামী-স্ত্ৰীয়ে সমাজৰ ভেটি সুদৃঢ় কৰাৰ বাবে নিজকে উৎসৰ্গা কৰিছে। বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ভিড-১৯-এ পশ্চিম বংগকো অচল কৰি তুলিছে। ২০২৩ বৰ্ষত মৃত্যুৰ ভয়ত সকলোৱে নিজৰ ঘৰত আৱদ্ধ হৈ আছিল। ধাৰাবাহিকভাৱে চলি থকা ‘লক-ডাউন’ৰ বাবে বহু লোক নিবনুৱা হৈ পৰিছিল। সেই সময়ত জনসাধাৰণৰ কাষত থিয় দি, সমাজৰ ভাল কামত তেওঁলোকৰ জীৱন জড়িত কৰাৰ ধাৰণাৰে ‘ৰাইটছ ফৰ অল’ সংগঠনটো প্ৰতিষ্ঠা কৰা হৈছিল।
সংগঠনটোৰ সম্পাদক গোলাম ফাৰুকে ‘আৱাজ দ্য ভইচ’ক সংগঠনটোৰ কাৰ্যকলাপৰ বিষয়ে এইদৰে কয়, 'আমাৰ লক্ষ্য হৈছে প্ৰতিজন ব্যক্তিৰ মৰ্যাদা ৰক্ষা কৰা আৰু তেওঁলোকৰ নুশুনা কণ্ঠক সৱল কৰা। এই সংগঠনৰ জৰিয়তে আমি পশ্চিম বংগ আৰু অন্যান্য ৰাজ্যৰ সকলোৰে বাবে সামাজিক অধিকাৰৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰো।'
গোলাম ফাৰুক আৰু গীতী হাকি
কথা-বতৰাৰ মাজতে গম পোৱা গ’ল যে এই সংগঠনটোৱে বিভিন্ন মৌলিক বিষয়ক নিজৰ পথ হিচাপে লৈছে। তেওঁলোকে সামাজিক বিপদ আৰু প্ৰত্যাহ্বানৰ মাজতো মানৱ কল্যাণ আৰু সামাজিক উন্নয়নৰ কাম অব্যাহত ৰাখিছে।‘ৰাইটছ ফৰ অল’ নামৰ সংগঠনটোৱে মানৱতা আৰু শান্তি, নাৰীৰ অধিকাৰ, শিশুৰ অধিকাৰ, পুৰুষৰ অধিকাৰ, হিজড়াৰ অধিকাৰ, জ্যেষ্ঠ নাগৰিকৰ অধিকাৰ, বিশেষভাৱে সক্ষম লোকসকলৰ অধিকাৰ, শ্ৰমিকৰ অধিকাৰ, গ্ৰাহকৰ অধিকাৰ, শিক্ষাৰ বিকাশ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সামাজিক উন্নয়ন, পশুৰ অধিকাৰ, পৰিৱেশ আৰু বন সংৰক্ষণৰ দিশত কাম কৰি আছে।
তেওঁলোক নিজৰ কামত সদায় সক্ৰিয় হৈ থাকে। প্ৰতিটো বিভাগ এক নিৰ্দিষ্ট লক্ষ্যৰ বাবে অভিজ্ঞ আৰু পেছাদাৰী কৰ্মচাৰীয়ে পৰিচালনা কৰে। বিভিন্ন সামাজিক সজাগতামূলক কাম-কাজে ইতিমধ্যে এই সংগঠনটোক ব্যতিক্ৰমী কৰি তুলিছে। কলকাতা পৰিষ্কাৰ কৰি ৰখাৰ বাবে তেওঁলোকে নিয়মিতভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। এই সংস্থাটোৱে ভাৰতীয় ৰে’লৱেৰ সৈতে যৌথভাৱে কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰিছে। মহানগৰখনক জাবৰমুক্ত কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে "স্বচ্ছ কলকাতা অভিযান"।
শেহতীয়াকৈ ভাৰতীয় ৰে’লৱে (পূব ৰে’লৱে)ৰ সহযোগত কলকাতা ৰে’লৱে ষ্টেচন পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিভাগীয় ৰে’লৱে প্ৰবন্ধক (ডি আৰ এম) আৰু ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এক সজাগতা কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰা হয়। স্বচ্ছ কলকাতা অভিযানৰ বেনাৰত "সকলোৰে বাবে অধিকাৰ"ৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পদ্ম ভূষণ বঁটা বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী উষা উথুপে শোভা বঢ়ায়। তেওঁৰ উপস্থিতিৰ লগে লগে এই স্বচ্ছতা অভিযানে এক নতুন মাত্ৰা লাভ কৰিছে।
যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা আঁতৰাই ৰাখিবলৈ গোলাম ফাৰুকৰ এই সংস্থাটোৱে কলকাতা আৰক্ষীৰ দক্ষিণ সংমণ্ডলৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযানৰ আয়োজন কৰে। তেওঁলোকৰ অদম্য প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিম, সাংসদ মালা ৰায়, বিধায়ক দেবাশীছ কুমাৰ, বিখ্যাত অভিনেতা জিছু সেনগুপ্ত, ক্ৰীড়া সংগঠক বাবুন বেনাৰ্জী, জাভেদ খান আৰু ডিচিপি প্ৰিয়ব্ৰত ৰায় (আই পি এছ)কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কলকাতাৰ বিভিন্ন সন্মানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও এই অভিযানত যোগদান কৰে। তেওঁলোকৰ ড্ৰাগছ বিৰোধী অভিযানে ব্যাপক জনসমৰ্থন লাভ কৰে।
সামাজসেৱামূলক কাম ব্যস্ত গোলাম ফাৰুক
‘ৰাইটছ ফৰ অল’ৰ শেহতীয়া প্লাষ্টিক নিষেধাজ্ঞা অভিযানেও বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। এনচিচি কেডেট আৰু কলকাতা পৌৰ নিগমৰ সহযোগত দক্ষিণ কলকাতাৰ চেতলাত এনচিচি আৰু কেএমচিয়ে আয়োজন কৰা প্ৰতিটো ক্ষেত্ৰতে তেওঁ এই অভিযানত যোগদান কৰে। এই পৰিৱেশ সজাগতা অভিযানত উপস্থিত বক্তাসকলে নাগৰিকৰ মাজত প্লাষ্টিক নিষিদ্ধ কৰাৰ সংকল্প গ্ৰহণ কৰে।
সংস্থাটোৰ সম্পাদক গোলাম ফাৰুকে কয়, “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত তেওঁলোকে ভাৰতীয় সংগ্ৰহালয় কৰ্তৃপক্ষৰ সহযোগত কলকাতাত শাৰীৰিক আৰু মানসিক সুস্থতাৰ উন্নতিৰ বাবে যোগ শিবিৰৰ আয়োজন কৰে। শৰীৰ সুস্থ কৰি ৰাখিবলৈ যোগাসন যথেষ্ট গুৰুত্বপূৰ্ণ। যোগাসনৰ প্ৰয়োজনীয়তাৰ বিষয়ে নাগৰিকসকলৰ মাজত বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি আগবাঢ়িছো।"
সমাজৰ পিছপৰা শিশুসকলক ‘ষ্ট্ৰীট টু মিউজিয়াম ড্ৰাইভ’ শীৰ্ষক আন এক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল। সেই শিশুসকলৰ বাবে শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছিল। ভাৰতীয় সংগ্ৰহালয়ত আয়োজিত এই কাৰ্যসূচীত ইতিহাস আৰু বিজ্ঞানৰ ওপৰত এখন আলোচনা সভা আয়োজন কৰা হয়। বক্তাসকলে ৰাজপথৰ ল’ৰা-ছোৱালীৰ লগত নিজৰ নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। ক’ৰ’না কালত যেতিয়া সমগ্ৰ মহানগৰীত লকডাউন চলি আছিল, এই সংস্থাটোৱে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পিছপৰা লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিছিল। গড়ে প্ৰতিদিনে পাঁচশতকৈ অধিক লোকে এই সেৱা লাভ কৰিছিল। এই কথা দাবী কৰিছে সংগঠনটোৰ সভানেত্ৰী গীতি হাকিমে।
তেওঁ কয়, "আমি নিয়মিতভাৱে মহিলাৰ অধিকাৰৰ বিষয়টোক লৈ অভিযান চলাইছো। বিশেষকৈ মুছলমান সমাজৰ মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ প্ৰতি সচেতন কৰাৰ বাবে এই সংগঠনটোৱে প্ৰচেষ্টা চলাই আহিছে।" এইদৰে গুলাম ফাৰুক আৰু গীতি হাকিমৰ নেতৃত্বত সংগঠনটোৱে সকলো নাগৰিকৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে নিজৰ কাম অব্যাহত ৰাখিছে।