মন্দাকিনী মিশ্ৰ (ৰায়পুৰ)
ভাৰতীয় ৰাজ্যৰ ৰাজধানীসমূহৰ ভিতৰত অন্যতম এখন হৈছে ৰায়পুৰ। ২০২৩ চনত কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰালয়ৰ ভাৰতৰ শীৰ্ষ ২০খন পৰিষ্কাৰ চহৰৰ ভিতৰত স্থান লাভ কৰি ৰায়পুৰ চহৰখনে ৰাষ্ট্ৰীয় দৃশ্যপটত যথেষ্ট প্ৰভাৱ পেলাইছিল। কিন্তু চহৰখনৰ এই ৰূপান্তৰৰ আঁৰৰ মানুহজন আছিল চহৰখনৰ মেয়ৰ তথা এজন ৰাজনীতিবিদ এজাজ ধেবাৰ।
২০২৩ চনৰ এক সমীক্ষাত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ চহৰৰ স্বচ্ছ সৰ্বেক্ষন ৰেংকিঙত ৰায়পুৰে ১২ নম্বৰ স্থান লাভ কৰিছিল। এজাজ ধেবাৰে ৰায়পুৰৰ পুৰণি স্থানীয় মৌলানা আব্দুল ৰোউফ ৱাৰ্ডৰ এটা সাধাৰন মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। এজাজৰ দেউতাকৰ এখন সৰু দোকান আছিল আৰু সেই দোকানৰ উপাৰ্জন তেওঁ এজাজৰ পঢ়া-শুনা কৰোৱাৰ লগতে ঘৰখন চলোৱাত আৰ্থিকভাৱে সহায়ক হৈছিল। এজাজে প্ৰায়ে কয়, "মোৰ পৰিস্থিতিয়ে মোক কেতিয়াও বাধা দি ৰাখিব পৰা নাছিল; মোৰ মা-দেউতাই সদায়ে মোক আগুৱাই লৈ গৈছিল।"
২০২০ চনৰ জানুৱাৰী মাহত এজাজ ধেবাৰ ৰায়পুৰ পৌৰ নিগমৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল। কংগ্ৰেছ দলে তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত তেওঁ ৪১টা ভোটেৰে জয়লাভ কৰিছিল আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী মৃত্যুঞ্জয় ডুবেৰ বিপৰীতে ২৯টা ভোট লাভ কৰিছিল।
আইজাজ ধেবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ এক মূহুৰ্ত
এজাজে কয়, "মই কেতিয়াও নিজকে এটা বিশেষ ধৰ্মৰ প্ৰতিনিধি বুলি গণ্য কৰা নাছিলো।" এজাজৰ নেতৃত্বৰ স্বীকৃতি স্বৰূপে তেওঁক সৰ্বভাৰতীয় মেয়ৰ পৰিষদৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ছত্তীশগড়ৰ পৰা এই পদ লাভ কৰা প্ৰথমজন মেয়ৰ হিচাপে নিযুক্তি দিয়া হৈছিল। যুৱক-যুৱতীসকলৰ উদ্দেশ্যি দিয়া এজাজ ধেবাৰৰ বাৰ্তা সহজ আছিল যদিও ই অতি শক্তিশালীও আছিল। তেওঁ কয় আহিছে যে, "ঘৃণা আৰু নেতিবাচকতাত শক্তি নষ্ট নকৰিব। আজি ৰাজনীতি আৰু সমাজ দুয়োটাতে সৃষ্টিশীল আৰু উদ্ভাৱনী যুৱক-যুৱতীৰ প্ৰয়োজন।"
তেওঁ ছত্তীশগড়ৰ প্ৰথমজন মুছলমান মেয়ৰ হৈ প্ৰমাণ কৰিলে যে, যিকোনো ভাৰতীয়ই কঠোৰ পৰিশ্ৰম আৰু যথাযথ পৰিশ্ৰমেৰে নিজৰ সপোন পূৰণ কৰিব পাৰে। ১৬ বছৰ বয়সতে তেওঁ ৰাজনীতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। তেতিয়া তেওঁৰ ডাঙৰ ভাতৃয়ে তেওঁক পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰত সহায় কৰিবলৈ কৈছিল। তেওঁৰ ভাল লাগিছিল। তেতিয়াৰ পৰাই তেওঁ এজন সক্ৰিয় ৰাজনৈতিক কৰ্মী হৈ পৰিছিল।
প্ৰথম অৱস্থাত তেওঁক ৱাৰ্ড পৰ্যায়ত দায়িত্ব দিয়া হৈছিল। কিন্তু তেওঁৰ কঠোৰ পৰিশ্ৰম সাধাৰণভাষী আৰু তৃণমূল পৰ্যায়ৰ সংযোগৰ বাবে তেওঁ ৰায়পুৰ পৌৰ নিগমত স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ দুবাৰকৈ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হৈছিল, আৰু তাৰ পিছত ২০২০ চনৰ জানুৱাৰী মাহত ৰায়পুৰৰ মেয়ৰ হিচাপে ৰাজ্যখনৰ ইতিহাসত সেই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰকী মুছলমান ব্যক্তি। তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল উন্নয়ন, নগৰ সৌন্দৰ্য্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে স্মৰণীয়। তেওঁৰ কাৰ্যকালত তেওঁ বুঢ়া তালাবে মহিলাসকলৰ বাবে গোলাপী ৰঙৰ শৌচাগাৰ মুকলি কৰিছে, বহুস্তৰীয় পাৰ্কিং আৰু কুকুৰৰ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰিছে আৰু ৰায়পুৰক ৰাষ্ট্ৰীয় স্বচ্ছ সৰ্বেক্ষণ (স্বচ্ছ জৰীপ)ৰ শীৰ্ষ পাঁচখন চহৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰাত সহায় কৰিছে।
ক্ষেত্ৰ ভ্ৰমণৰ সময়ত এজাজ ধেবাৰ
এজাজ ধেবাৰৰ কাৰ্যকাল ইমানো সহজ নাছিল, সম্পূৰ্ণ প্ৰত্যাহ্বানেৰে ভৰা আছিল। কিয়নো এজাজৰ বিৰোধীসকলে তেওঁক উন্নয়নমূলক কাম-কাজত স্বচ্ছতাৰ অভাৱ আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁক এজন ব্যৰ্থ মেয়ৰ বুলি অভিহিত কৰাৰ চেষ্টা হৈছিল। কিন্তু ধেবাৰে প্ৰতিটো অভিযোগকে ৰাজনৈতিক কৌশল বুলি প্ৰতিপন্ন কৰাত সফল হৈছিল। ২০২৫ চনৰ পৌৰসভা নিৰ্বাচনত তেওঁ এটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছিল। সেই সময়ত তেওঁ কাউন্সিলাৰৰ আসন হেৰুৱাবলগীয়া হৈছিল। অৱশ্যে, তেতিয়া তেওঁৰ পত্নী অৰ্জুমান ধেবাৰে কাউন্সিলাৰ হিচাপে নিৰ্বাচনত জয়লাভ কৰিছিল।
এই নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতো এজাজে ৰাজনীতি আৰু সামাজিক কামত সক্ৰিয় হৈ আছিল। তেওঁ এতিয়া নগৰ উন্নয়নৰ ওপৰত আলোচনা চক্ৰ আয়োজন কৰা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বাবে শিক্ষাৰ ওপৰত কাম কৰা যুৱ নেতাসকলক প্ৰশিক্ষণ দিয়াত মনোনিৱেশ কৰিছিল। এজাজে ছাত্ৰ নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। ইয়াৰপূৰ্বে তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ ৰাজ্যিক সভাপতিও হৈছিল। ৰাজনৈতিক প্ৰত্যাৱৰ্তন কৰিব নেকি বুলি সোধাত এজাজে মিচিকিয়াই কয়, "যদি মানুহে মোক বিচাৰে, তেন্তে মই আকৌ থিয় দিম। কাৰণ মই ৰাইজৰ বাবেই আছো।"
এজাজে বুজাইছে যে, তেওঁ কেতিয়াও ৰাজনীতি কৰাৰ বাবে পদ লাভ কৰা নাছিল বৰঞ্চ সমাজ সেৱা কৰাৰ বাবেহে পদ লাভ কৰিছিল। তেওঁ কয়, "মই সৰুৰে পৰা দেখি আহিছো যে, সৰু সৰু বিষয়বোৰক লৈ সাধাৰণ মানুহে কেনেকৈ কষ্ট পাই আহিছে। সেই সময়ত মই ভাবিছিলো: কেৱল অভিযোগ কৰিলেই পৰিৱৰ্তন নাহে। ই ব্যৱস্থাৰ ভিতৰত থাকি কাম কৰিলেহে পৰিৱৰ্তন আহিব। সেইবাবেই মই ৰাজনীতিৰ পথ বাছি লৈছিলো।"
ৰাজহুৱা সভাত এজাজ ধেবাৰ
এজাজে কয়, "মই ৰাজনীতিত এই কাৰনে প্ৰৱেশ কৰিছিলো, যাতে উপপথৰ পৰা ৰায়পুৰৰ বসতিস্থললৈকে অনাময়, পানী, বিদ্যুৎ আৰু পথৰ দৰে মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়। এই তৃণমূল পৰ্যায়ৰ বুজাবুজিয়ে তেওঁৰ নেতৃত্বৰ শৈলী গঢ় দিছিল। মেয়ৰ হিচাপে মোৰ কাৰ্যকালত ৰায়পুৰে স্বচ্ছতা অভিযানত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। যিটো মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ গৌৰৱময় অধ্যায় আছিল। মই বুজি পাইছিলোঁ যে, যদি আপুনি মানুহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা হয়, তেন্তে তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হৈ পৰে।"
প্ৰাক্তন মেয়ৰগৰাকীয়ে আজিও হৃদয়ত এক অপূৰণীয় সপোন কঢ়িয়াই লৈ ফুৰিছে। তেওঁ কয়, "ৰায়পুৰ হৈছে মোৰ ঘৰ, মোৰ আত্মাৰ নগৰ। মই সপোন দেখিছিলো যে, ৰায়পুৰ ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ সেউজীয়া আৰু আধুনিক চহৰ হিচাপে পৰিগণিত হয়।"
তেওঁ বিচাৰে প্ৰতিজন যুৱকে কৰ্মসংস্থাপন লাভ কৰক প্ৰতিজন শিশুৱে ভাল শিক্ষা লাভ কৰক আৰু প্ৰতিটো পৰিয়ালে নিৰাপদ আৰু সুস্থ জীৱন-যাপন লাভ কৰক। মেয়ৰ হিচাপে তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতাক ৰায়পুৰৰ পৰিচয় কৰি তুলিবলৈ সক্ষম হৈছিল, যদিও তেওঁৰ ডাঙৰ সপোন এতিয়াও ৰায়পুৰক উদ্ভাৱন আৰু সুযোগৰ ৰাজধানী হিচাপে গঢ়ি তোলা, য’ত উন্নয়ন সমতা আৰু ভাতৃত্ববোধৰ সৈতে একত্ৰিত হৈ থাকে। তেওঁ কয়, "মই প্ৰযুক্তিৰ ষ্টাৰ্ট-আপ, ভাল শিক্ষা আৰু নিয়োগৰ পথত বিশ্বাস কৰো যে, যুৱক-যুৱতীসকলৰ হাতত অপৰিসীম সুযোগ আছে। এই শক্তি যদি সমাজ গঢ়ি তোলাত ব্যৱহাৰ কৰা হয়, তেন্তে দেশৰ পৰিস্থিতি আৰু অধিক উন্নত হ’ব৷ ৰাজনীতিক মই সদায় বিৰোধীৰ মঞ্চ হিচাপে নহয় সমাধানৰ মঞ্চ হিচাপেহে দেখি আহিছো আৰু যুৱক-যুৱতীসকলক মই সেইটোৱেই বাৰ্তা দিব বিচাৰো।"
আইজাজ ধেবাৰ মাকৰ সৈতে
এগৰাকী ক্ষূদ্ৰ দোকানীৰ পুত্ৰৰ পৰা ৰায়পুৰৰ প্ৰথম মুছলমান মেয়ৰলৈকে এজাজৰ নিজৰ জীৱনযাত্ৰাৰে ইয়াকে প্ৰতিফলিত কৰি দেখুৱাইছে যে, নিষ্ঠা আৰু জনসেৱাই দৰিদ্ৰতাৰ ধৰ্ম আৰু পক্ষপাতিত্বৰ হেঙাৰ উফৰাই পেলাব পাৰে। যিখন ৰাজ্যত পৰিচয়ৰ ৰাজনীতিয়ে প্ৰায়ে শিৰোনাম দখল কৰি আহিছে, সেইখন ৰাজ্যত এজাজ ধেবাৰৰ উত্থান উল্লেখযোগ্য। তেওঁ সমগ্ৰ কাৰ্যকালত এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যে, তেওঁ এটা সম্প্ৰদায়ৰ নহয়, সকলো নাগৰিকৰে নেতা।
ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলে তেওঁক বিভিন্ন বিষয়ত একাষৰীয়া কৰি ৰাখিব বিচাৰিলেও তেওঁ নাগৰিকৰ উন্নতি আৰু সৰ্বাংগীন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ৰাজহুৱা স্থান সজীৱ কৰাৰ পৰা আৰম্ভ কৰি মহিলাৰ অনুকূল সুবিধা প্ৰৱৰ্তনলৈকে তেওঁৰ প্ৰকল্পসমূহ সকলোৰে বাবে সুবিধাজনকভাৱে উত্থাপন কৰিছিল। ছত্তীশগড়ৰ বহুতৰে বাবে তেওঁ হৈ পৰিছিল যে, কেনেকৈ সংখ্যালঘু নেতাসকলে পৰিচয়ভিত্তিক ভূমিকাত কোনো ধৰনৰ ক্ৰুটি নোহোৱাকৈ মূলসুঁতিৰ ৰাজনীতিৰ নেতৃত্ব দিব পাৰে।
তেওঁৰ এই পথ কেতিয়াও সহজ নাছিল। দৰিদ্ৰতাৰ মাজত ডাঙৰ হোৱাৰ অৰ্থ আছিল কেৱল পঢ়া-শুনা আৰু কাম কৰা। কিশোৰ অৱস্থাত ৰাজনীতিত প্ৰৱেশ কৰাৰ অৰ্থ আছিল স্বীকৃতিৰ কোনো নিশ্চয়তা নোহোৱাকৈ একেবাৰে শিপাৰ পৰা আৰম্ভ কৰা। মেয়ৰ হোৱাৰ পিছতো তেওঁ অহৰহ নিৰীক্ষণৰ সন্মুখীন হৈ আছিল ৰাজনৈতিক বিৰোধিতা আৰু সীমিত সম্পদৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষাৰ কঠিন কামত।
এজাজ ধেবাৰে বক্তৃতা প্ৰদান কৰি থকা এক দৃশ্য
তথাপিও এই প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁক কিবা নহয় কিবা এটা শিকাই গৈছিল। দৰিদ্ৰতাই তেওঁক সাধাৰণ নাগৰিকৰ প্ৰতি সহানুভূতি প্ৰদান কৰিছিল। প্ৰাথমিক ৰাজনৈতিক কামে তেওঁক তৃণমূল পৰ্যায়ত মানুহক কেনেকৈ সংগঠিত কৰিব লাগে সেই বিষয়ে শিকাইছিল। বিৰোধীয়ে তেওঁৰ সংকল্প আৰু যোগাযোগক তীক্ষ্ণ কৰি তুলিছিল। আৰু নিৰ্বাচনত পৰাস্ত হোৱাটোৱে তেওঁক সোঁৱৰাই দিছিল যে, নেতৃত্ব সদায় জনসাধাৰণৰ আস্থাৰ দয়াতহে পোৱা যায়।
আজি ২০২৫ চনৰ নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতো এজাজ ধেবাৰ এটা বেমেজালিৰ সন্মুখীন হৈছে আৰু কাৰ্যভাৰত নথকাৰ বাবে তেওঁ নিজৰ সময়খিনি পৰৱৰ্তী প্ৰজন্মৰ নেতাসকলক পথ প্ৰদৰ্শন কৰিবলৈ, নগৰ শাসনৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত কৰিবলৈ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মাজত শৈক্ষিক পদক্ষেপৰ পোষকতা কৰিবলৈ ব্যৱহাৰ কৰিছে। এই পৰ্যায়টো বিষয়ে তেওঁ কয় যে, ই কোনো পশ্চাদপসৰণ নহয় বৰঞ্চ তেওঁৰ মিছনৰ ধাৰাবাহিকতা।
নিৰ্বাচনী ৰাজনীতিলৈ ঘূৰি আঁহক বা নাঁহক, ৰায়পুৰৰ নাগৰিক জীৱনত তেওঁৰ প্ৰভাৱ অনস্বীকাৰ্য। তেওঁৰ বহু প্ৰকল্পই চহৰখনক গঢ় দি আহিছে, আৰু তেওঁৰ কাহিনীয়ে বহু যুৱ আকাংক্ষীসকলক অনুপ্ৰাণিত কৰে, যিসকলে বিশ্বাস কৰে যে, ৰাজনীতি এতিয়াও ইতিবাচক পৰিৱৰ্তনৰ আহিলা হ’ব পাৰে। এজাজ ধেবাৰৰ কাহিনী ভাৰতীয় নগৰীয়া ৰাজনীতিৰ বিৱৰ্তনশীল মুখখনৰো প্ৰমাণ, য'ত নেতাসকলক কেৱল তেওঁলোকৰ সম্প্ৰদায়ৰ পৰিচয়ৰদ্বাৰাই নহয়, সৰ্বাংগীন উন্নয়ন প্ৰদানৰ ক্ষমতাৰদ্বাৰা বিচাৰ কৰা হয়। ৰায়পুৰক পৰিষ্কাৰ, সেউজ, ব্যৱসায়িক কেন্দ্ৰ হিচাপে ৰক্ষা কৰি ৰাখিবলৈ এজাজে ক্ষমতাৰ চাৰিসীমাৰ বাহিৰৰ পৰা কাম কৰি আছে।