দীপাৱলীত দেশবাসীৰ ঘৰ আলোকিত কৰিবলৈ সাজু কাশ্মীৰৰ মহম্মদ উমৰ

Story by  atv | Posted by  [email protected] • 2 h ago
দীপাৱলীত দেশবাসীৰ ঘৰ আলোকিত কৰিবলৈ সাজু কাশ্মীৰৰ মহম্মদ উমৰ
দীপাৱলীত দেশবাসীৰ ঘৰ আলোকিত কৰিবলৈ সাজু কাশ্মীৰৰ মহম্মদ উমৰ
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

সাম্প্ৰদায়িক সম্প্ৰীতিৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে কাশ্মীৰৰ এগৰাকী মুছলমান মৃৎশিল্পীয়ে। কিয়নো তেওঁ পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বে ২০ হাজাৰ মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ দিনে-নিশাই কাম কৰি আছে। তেওঁৰ নাম হৈছে শ্ৰীনগৰৰ নিশাত অঞ্চলৰ বাসিন্দা মহম্মদ উমৰ।  

উমৰ হৈছে এগৰাকী উদ্যমী মৃৎশিল্পী। তেওঁ মৃৎশিল্পকলাক পুনৰুজ্জীৱিত কৰাৰ বাবে নিৰন্তৰ চেষ্টা কৰি আহিছে। বৰ্তমান মাটিৰ চাকি প্ৰস্তুতৰ বাবে বাবে নিজকে বান্ধি দিয়া সময়সীমা পূৰণৰ বাবে মৃৎশিল্পী মহম্মদ উমৰে দিনটোৰ প্ৰায় ২৪ ঘণ্টাই কাম কৰি আছে। 

সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত মহম্মদ উমৰে কয়, "ঈদৰ সময়ত হিন্দু ধৰ্মালম্বী লোকসকলে আমাৰ বাবে সামগ্ৰী তৈয়াৰ কৰে আৰু তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰে। একেদৰে দীপাৱলীৰ সময়ত আমি তেওঁলোকৰ বাবে সামগ্ৰী প্ৰস্তুত কৰি কৰ্মসংস্থাপন লাভ কৰোঁ। আমি সকলোৱে এইদৰে একতা-সম্প্ৰীতিৰে জীয়াই থাকিব লাগিব। আমি সদায় দীপাৱলীক আনন্দ আৰু একতাৰ উৎসৱ হিচাপে পালন কৰি আহিছো।"
 

দিপাৱলীৰ বাবে মাটিৰ চাকি প্ৰস্তুত কৰিছে মহম্মদ ওমৰে
 
তেওঁৰ দৰে উপত্যকাটোৰ কাৰিকৰসকলৰ বাবে দীপাৱলীৰ অৰ্থনৈতিক তাৎপৰ্য্যৰ বিষয়ে উমৰে কয়, "দীপাৱলী আহিলে আমিও কৰ্মসংস্থাপন লাভ কৰোঁ। আমি যিজন ব্যক্তিৰ ওচৰত মাটিৰ চাকিবোৰ বিক্ৰী কৰিম তেওঁ  এই চাকিবোৰ পাইকাৰী বজাৰত বিক্ৰী কৰিব আৰু তাৰ পৰা তেওঁ লাভৱান হ’ব। আমি দীপাৱলী আহিলে বহুত সুখ অনুভৱ কৰোঁ, কাৰণ আমি সৰহ সংখ্যক অৰ্ডাৰ লাভ কৰোঁ।" 

তেওঁ কয়, "এসময়ত কাশ্মীৰৰ ৬০০ৰো অধিক পৰিয়াল এই ব্যৱসায়ৰ সৈতে জড়িত আছিল, কিন্তু বৰ্তমান কেৱল কেইটামান পৰিয়ালহে মৃৎশিল্পৰ সৈতে জড়িত হৈ আছে।" উমৰৰ মতে জম্মু-কাশ্মীৰৰ শিল্পকলা পুনৰুজ্জীৱিত হ’লে উপত্যকাটোত নিবনুৱা সমস্যাৰ সম্পূৰ্ণৰূপে সমাধান হৈ যাব। তেওঁ কয়, "যদি আমি কাশ্মীৰত হেৰাবলৈ ধৰা তথা মৃত্যুমুখত পৰা এই শিল্পকলাক পুনৰুজ্জীৱিত কৰিব পাৰোঁ, তেন্তে ইয়াত নিবনুৱা সমস্যা স্বয়ংক্ৰিয়ভাৱে নাইকীয়া হ'ব।"

স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি উমৰে নিজৰ পুৰ্বপুৰুষৰ এই শিল্পকলাক সদায়ে সজীৱ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উমৰে তেওঁৰ পিতৃৰ পৰা মৃৎশিল্পৰ জ্ঞান লাভ কৰিছিল। তেওঁ কয়, "মৃৎশিল্প আমাৰ পাৰিবাৰিক পৰম্পৰা। মোৰ ককা আৰু দেউতাইও মৃৎশিল্পৰ কাম কৰিছিল। দেউতাৰ পৰা মই এই কলা শিকিছোঁ।" 

কাশ্মীৰী উদ্যোগী উমৰে কয় যে যেতিয়া মানুহে প্লাষ্টিকেৰে নিৰ্মিত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানিব পাৰিলে তেতিয়াৰ পৰাই তেওঁৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে। তেওঁ পুনৰ কয়, "যেতিয়া মানুহে প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানিছিল, তেতিয়াৰ পৰাই আমাৰ সামগ্ৰী (মৃৎশিল্পৰ সামগ্ৰী)ৰ চাহিদা বৃদ্ধি পাইছে। মানুহে বুজি পাইছিল যে প্লাষ্টিকৰ পাত্ৰ তথা গিলাচৰ তুলনাত আমাৰ সামগ্ৰীৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।"    
 

মাটিৰ চাকি ৰ'দত শুকুৱাইছে মহম্মদ উমৰে
 
উমৰে শেহতীয়াকৈ বিভিন্নজনৰ পৰা লাভ কৰা চাকিৰ অৰ্ডাৰৰ বিষয়ে কয়, "যোৱা বছৰ আমি ১৫০০০ মাটিৰ চাকি প্ৰস্তুত কৰাৰ অৰ্ডাৰ লাভ কৰিছিলোঁ। এইবাৰ আমি ২০ হাজাৰ চাকি প্ৰস্তুতিৰ কাম কৰি আছোঁ। বৰ্তমান ৫৫০০চাকি প্ৰস্তুত হৈছে। যিহেতু দীপাৱলীলৈ আৰু কিছুদিন বাকী আছে, গতিকে আমি এইবাৰ ২০ হাজাৰৰো অধিক চাকি প্ৰস্তুতি কৰিব পাৰিম।"  

পোহৰৰ উৎসৱ দীপাৱলী হৈছে আন্ধাৰৰ বিৰুদ্ধে পোহৰ, বেয়াৰ বিৰুদ্ধে ভাল আৰু অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞানৰ আধ্যাত্মিক বিজয়ৰ প্ৰতীক। প্ৰতি বছৰে কাৰ্তিক মাহৰ ১৫ তাৰিখৰ অমাৱস্যাৰ নিশা দীপাৱলী উদযাপন কৰা হয়। এইবাৰ ২০ অক্টোবৰত দেশজুৰি দীপাৱলী উদযাপন কৰা হ’ব।