মন্দাকিনী মিশ্ৰ / ৰায়পুৰ
সাংবাদিকতাৰ পৰিৱৰ্তনশীল পৰিবেশৰ মাজতো হাজী মহছিন আলী ছুহাইলে সাংবাদিকতাৰ মর্যাদা, সততা আৰু দায়বদ্ধতাক অক্ষুণ্ণ ৰাখিছে। তেওঁ ছত্তীশগড়ৰ আটাইতকৈ সন্মানীয় সাংবাদিকসকলৰ ভিতৰত অন্যতম। সত্যৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ সৈতে সাহসী আৰু জন-কেন্দ্ৰিক সাংবাদিকতাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
তেওঁ আশা কৰে যে যুৱ প্ৰজন্মৰ সাংবাদিকসকলে সততা আৰু গভীৰতাক সমৰ্থন কৰা উচিত। "কেৱল শেহতীয়া খবৰৰ পিছত দৌৰিব নালাগে। সমাজৰ মূলৰ গভীৰতালৈ আহক। সাংবাদিকতাৰ অৰ্থ হৈছে পৰিৱৰ্তন কঢ়িয়াই অনা, আৰু পৰিৱৰ্তন তেতিয়াহে আহে যেতিয়া আমি সত্য দেখুৱাম। যদিহে সততা আৰু তথ্যগত সঠিকতা থাকে, তেন্তে যিকোনো সাংবাদিকে সমাজত প্ৰভাৱ পেলাব পাৰে।"-ডঃ মহছিন আলী ছুহাইলে কয়।
প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ সৈতে হাজী ডাঃ মহছিন আলী ছুহাইলে
১৯৫৩ চনৰ ৭ মে'ত জন্মগ্ৰহণ কৰা মহছিন আলী ছুহাইলে সৰুৰে পৰাই কৌতূহল আৰু সামাজিক সচেতনতা প্ৰদৰ্শন কৰিছিল। তেওঁ মনত পেলাইছিল যে স্কুলীয়া ছাত্ৰ হৈ থাকোতেও তেওঁ সকলোকে প্ৰশ্ন কৰিছিল। তেওঁ কয়, "গাঁওখনত কিবা এটা সমস্যা হ'লে মই প্ৰথমেই মাত মাতিছিলো। মই আচৰিত হৈছিলো যে মানুহবোৰ কিয় নীৰৱ হৈ থাকে। সেই সময়ত মই সিদ্ধান্ত লৈছিলো যে যেতিয়া মই ডাঙৰ হ'ম, মই মোৰ কণ্ঠ আৰু ডাঙৰ কৰিম।"
উল্লেখ্য যে, মহছিন আলী ছুহাইলে ১৯৭৯ চনত এখন স্থানীয় বাতৰি কাকতত কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ হাতত সম্পদ সীমিত আছিল যদিও সংকল্প আছিল অসীম। তেওঁ এতিয়াও মনত ৰাখিছে যে তেওঁৰ প্ৰথম লেখাটো ছপা হোৱা দেখি কিমান উৎফুল্লিত হৈছিল আৰু যেতিয়া মানুহে তেওঁক কৈছিল যে তেওঁৰ বাতৰিয়ে সমাজৰ সমস্যা সমাধান কৰাত সহায় কৰিছে তেতিয়া তেওঁ কিমান সুখী হয়। ছুহাইলৰ বাবে সেয়া আছিল পৰম প্ৰাপ্তি।
ছপা মাধ্যমৰ পৰা তেওঁ লাহে লাহে ইলেক্ট্ৰনিক আৰু ডিজিটেল সাংবাদিকতালৈ আহে। ৰাজনীতি, শাসন, সামাজিক সমস্যা আৰু সাধাৰণ মানুহৰ দৈনন্দিন সংগ্ৰামৰ বিষয়ে তেওঁ বিভিন্ন বাতৰি পৰিৱেশন কৰে। অনুসন্ধানমূলক বাতৰি আৰু তথ্যসমৃদ্ধ প্ৰতিবেদনৰ বাবে জনাজাত প্ৰসিদ্ধ সাংবাদিকগৰাকীয়ে সঠিক বাতৰি আৰু দায়বদ্ধতাৰে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। তেওঁৰ বাতৰিত ৰাজনীতি, বৈষম্য, শিক্ষা, স্বাস্থ্যসেৱা আৰু জনসাধাৰণৰ দৈনন্দিন জীৱনক স্পৰ্শ কৰা তৃণমূল উন্নয়নৰ বিষয়বোৰত গুৰুত্ব আৰোপ কৰা হৈছে।
ক্ৰিকেটাৰ চৈয়দ কিৰমানীৰ সৈতে হাজী ডাঃ মহছিন আলী ছুহাইল
বৰ্তমান ছত্তীশগড়ৰ পৰা প্ৰকাশিত উৰ্দু দৈনিক 'আলমুকাদ্দাস' (Almukaddas)ৰ সম্পাদক হিচাপে ছুহাইল কৰ্মৰত। বিগত কেইবা দশকত তেওঁ ৰাজ এক্সপ্ৰেছত সংবাদ মুৰব্বী (ছত্তীশগড়), নেশ্যনেল লুক (ৰায়পুৰ) আৰু দৈনিক কৰ্ণপ্ৰিয়া (কোৰবা)ৰ উপদেষ্টা সম্পাদক, দৈনিক নায়াধীশ (লক্ষ্ণৌ, এলাহাবাদ), হিন্দুস্তান মেইল, ভায়াপাৰ হেৰাল্ড (লখনৌ) ৰ সম্পাদকীয় পদ আৰু ৰায়পুৰ সমাচাৰৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰচাৰক হিচাপে কাম কৰিছে।
তেওঁ লণ্ডন, জঞ্জিবাৰ, শ্বাৰজাহ, তেহৰাণ, মাছহাদ, কুম, আম্মান, ছিৰিয়া, কাৰবালা, নাজাফ, মক্কা, মদিনা, জেদ্দা, কুৱেইট, কৰাচী, হায়দৰাবাদ আৰু লাহোৰৰ লগতে আন ঠাইত উৰ্দু ভাষাৰ গুৰুত্বপূৰ্ণ সন্মিলন আৰু সাহিত্যিক সমাৰোহত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ বাবে সাহসী সাংবাদিকতাৰ পথ কেতিয়াও সহজ নাছিল। তেওঁৰ প্ৰতিবেদনসমূহ আঁতৰাই পেলাবলৈ আৰু তেওঁক মৌন কৰি ৰাখিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰা হৈছে। তেওঁ স্বীকাৰ কৰে, "কোনো সময়ত এনে লাগে যে সত্যক কোৱাটোৱেই আটাইতকৈ ডাঙৰ অপৰাধ। কিন্তু মই সিদ্ধান্ত লৈছো যে মোৰ কলমক ভয়-ভাবুকিৰে কেতিয়াও বন্ধ কৰিব নোৱাৰিব। চাপ যিয়েই নহওক, প্ৰকৃত সাংবাদিকতাৰ উদ্দেশ্য হ'ল সত্যটো লিখা।
ছত্তীশগড়ত ছুহাইলক সেই বিৰল সাংবাদিকসকলৰ ভিতৰত গণ্য কৰা হয় যিয়ে সাধাৰণ নাগৰিকৰ সংগ্ৰামক কণ্ঠ প্ৰদান কৰি জনস্বাৰ্থক সকলোতকৈ ওপৰত ৰাখিছে। চৰকাৰী নীতিৰ ভুলৰ বিৰুদ্ধে তেওঁৰ সৰল সমালোচনা প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। একে সময়তে ছ'চিয়েল আৰু ডিজিটেল মিডিয়াত সক্ৰিয় উপস্থিতিয়ে তেওঁক যুৱ শ্ৰোতাৰ মাজতো জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁৰ বাবে সাংবাদিকতা কেৱল এটা বৃত্তি নহয়, বৰঞ্চ ই এক সামাজিক দায়বদ্ধতা। তেওঁ কয়, "এজন সাংবাদিকৰ কাম ক্ষমতাৰ প্ৰচাৰ কৰা নহয়। জনসাধাৰণ আৰু ক্ষমতাত থকাসকলৰ মাজত সেতুবন্ধন স্থাপন কৰা, যাতে জনসাধাৰণৰ কণ্ঠস্বৰ কৰ্তৃপক্ষৰ ওচৰলৈ যায়।"
হাজী ডাঃ মহছিন আলী ছুহাইলে বঁটা গ্ৰহণ কৰাৰ এক দৃশ্য়
সাহসী সাংবাদিকগৰাকীৰ কেইবাটাও প্ৰতিবেদনত স্পষ্ট ফলাফল পোৱা গৈছে। ৰায়পুৰ আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ স্বাস্থ্য ব্যৱস্থাৰ বিফলতাৰ বিষয়ে তেওঁৰ বিস্তৃত বাতৰিয়ে চৰকাৰক চিকিৎসক, ঔষধ আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ অভাৱৰ বিষয়ে অনুসন্ধান কৰিবলৈ বাধ্য কৰায়।
গ্ৰাম্য শিক্ষাৰ ওপৰত তেওঁৰ ধাৰাবাহিক বাতৰিয়ে শিক্ষকবিহীন বিদ্যালয় আৰু ভাঙি পৰা ভৱনসমূহ উন্মোচিত কৰে, যাৰ ফলত তাত নতুন নিযুক্তি আৰু মেৰামতি সম্পূৰ্ণ হয়। স্থানীয় সংস্থাৰ দুৰ্নীতিৰ ওপৰত তেওঁৰ অনুসন্ধানমূলক প্ৰতিবেদনৰ পিছত বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। একেদৰে, তেওঁ 'সৰু' কিন্তু জৰুৰী সমস্যা যেনে--জল সংকট, বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা, ভাঙি যোৱা পথসমূহৰ ওপৰত আলোকপাত কৰি কয় যে সাংবাদিকতাই বৃহৎ নীতি আৰু দৈনন্দিন কষ্ট দুয়োটা বিষয়কে সামৰি ল'ব লাগিব।
তেওঁৰ কামে ব্যাপক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০১০ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ হুছেইনী ইছলামিক মিছন (লণ্ডন) ৰ দ্বাৰা নিছাৰে আদব বঁটা, পদ্মশ্ৰী ডঃ সৰদাৰ অঞ্জুমৰ দ্বাৰা মোহচিন আদব বঁটা আৰু উৰ্দু ভাষাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে ছত্তীশগড় সংখ্যালঘু আয়োগৰ পৰা সদ্ভাৱনা বঁটাৰে সন্মানিত হৈছে।
এক অনুষ্ঠানত হাজী ড° মহছিন আলী ছুহাইলে বঁটা বিতৰণ কৰিছে
অন্যান্য সন্মানৰ ভিতৰত আছে মোহচিন মিলাত বঁটা, আমিৰ খুছৰো বঁটা, সুজান শ্ৰী বঁটা (জয়পুৰ), ছত্তীশগড় ৰত্ন সন্মান, কোমি একতা বঁটা, পাছবেন আদব সন্মান আৰু সমাজ সেৱা সন্মান। লেখক হিচাপে ছুহাইলৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰ ভিতৰত আছেঃ এহছাছে পাঞ্জতান নাতে পাক ছালাত নাওহে (হিন্দী, উৰ্দু, ইংৰাজী); আন্ধাৰ উজলে (হিন্দী, উৰ্দু, ইংৰাজী ভাষাৰ গজল); এহছাছে ৱাতান (তিনিটা ভাষাৰ গজল); ৰোশনি কি লেকেৰেন; সুহেল কি গজল; আৰু ফিক্ৰ মোহচিন। তেওঁৰ কামবোৰে সত্যৰ প্ৰতি একেই প্ৰতিশ্ৰুতি, সংবেদনশীলতা আৰু সাংস্কৃতিক সমৃদ্ধি প্ৰতিফলিত কৰে যি তেওঁৰ সাংবাদিকতাক সংজ্ঞায়িত কৰে। বাতৰি কক্ষৰ বাহিৰেও তেওঁ সাহিত্য আৰু সামাজিক কামত গভীৰভাৱে জড়িত।
তেওঁ ছত্তীশগড় উৰ্দু একাডেমীৰ গঠন সমিতি (২০০৪, ২০০৫, ২০১৪)ৰ সদস্য আছিল; মাদ্ৰাছা বোৰ্ড আৰু ইছলামিক মাদ্ৰাছা কমিটীত বৰঙণি আগবঢ়াইছিল, আৰু পিছপৰা সম্প্ৰদায়ৰ শিশুসকলক বিনামূলীয়া উৰ্দু, আৰবী আৰু হিন্দী শিক্ষা প্ৰদানৰ বাবে কাম কৰিছিল। তেওঁ ৰাজ্যিক হজ কমিটি, ৱাকফ ব'ৰ্ড আৰু মাদ্ৰাছা ব'ৰ্ডত সেৱা আগবঢ়াইছিল, উৰ্দু ভাষা আৰু সংখ্যালঘু অধিকাৰক সৰ্বাত্মকভাৱে প্ৰচাৰ কৰিছিল।
তেওঁ ছত্তীশগড় গুলীস্তান আদব নামৰ উৰ্দু সাহিত্যিক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি। তেওঁ গুলীস্তান আদব (২০০০), গুলীস্তা (২০০১), ৰহবৰে উৰ্দু আৰু আমীৰ আলী আমীৰৰ ছফাৰ আমীৰ কে গজলেনৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থ সম্পাদনা আৰু প্ৰকাশ কৰিছে। তেওঁ তেওঁৰ পিতৃ হাজী হাছান আলী হাছানৰ কহিন ধূপ কহিন চাভ, ছিফাৰিছ হাছান, আৰু কচ সায়া কচ ধূপ আদি ৰচনাও সম্পাদনা কৰিছে।