অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত আটাইতকৈ বেছি উপাৰ্জন কৰা ছবি জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে'
আৱাজ-দ্য ভইচ ব্যুৰ'/গুৱাহাটী
সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত তেওঁৰ অন্তিম খন ছবি 'ৰৈ ৰৈ বিনালে' চাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। জুবিন গাৰ্গক মানুহে যিদৰে মৰম দিছিল, ঠিক একেদৰে তেওঁৰ অন্তিমখন চলচিত্ৰ ৰৈ ৰৈ বিনালেকো দৰ্শকে হিয়া উজাৰি মৰম দিছে। ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত ৰৈ ৰৈ বিনালে ছবিখন অসমৰ ইতিহাসৰ সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে।
শেহতীয়াকৈ মুক্তি পোৱা ডঃ বেজবৰুৱাৰ ২ আৰু কাঞ্চনজংঘাৰ মুঠ উপাৰ্জনতকৈ ১৪১ শতাংশ অধিক উপাৰ্জন কৰিছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে। ৩১ অক্টোবৰত মুক্তিপোৱা ছবিখনে বৰ্তমানলৈ প্ৰায় ৩০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
'ৰৈ ৰৈ বিনালে’ ছবিৰ এটি দৃশ্যত জুবিন গাৰ্গ
ছবিখনৰ সাপ্তাহিক বক্স অফিচ উপাৰ্জন এনেধৰণৰ:
প্ৰথম সপ্তাহত ১১.৪৮ কোটি।
দ্বিতীয় সপ্তাহত ৭.৪৭ কোটি।
তৃতীয় সপ্তাহত ৫.১৭ কোটি।
চতুৰ্থ সপ্তাহত ৩.০৫ কোটি।
পঞ্চম সপ্তাহত ১.৪৪ কোটি।
উল্লেখযোগ্য যে, বৰ্তমানলৈ সৰ্বমুঠ ২৮.৬১ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে। চিনেমাখন নির্মাণ কৰোঁতে খৰছ হৈছিল আনুমানিক ৫ কোটি টকা।
তাৰোপৰি ২০২৫ বৰ্ষত মুক্তি পোৱা ভাৰতৰ শীৰ্ষ উপাৰ্জনকাৰী ৭ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে 'ৰৈ ৰৈ বিনালে'।
তাৰোপৰি ভাৰতৰ বাহিৰতো যথেষ্ট মৰম বুটলিবলৈ সক্ষম হৈছে ছবিখনে। ওমানৰ দৰে দেশত আৰবী চাব-টাইটেল নোহোৱাকৈয়ে মুক্তি পাইছে 'ৰৈ ৰৈ বিনালে'। দৰ্শকে তেনেকৈয়ে উপভোগ কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি।
শেহতীয়া দুখন সৰ্বাধিক উপাৰ্জন কৰা ছবি হৈছে ড° বেজবৰুৱা ২ আৰু কাঞ্চনজংঘা, দুয়োখন ছবিয়ে বক্স অফিচত ৭ কোটি টকা উপাৰ্জন কৰিছিল। কৰ অন্তৰ্ভুক্ত কৰিলে 'ৰৈ ৰৈ বিনালে' বৰ্তমানলৈ মুঠ উপাৰ্জন ৩৩.৭৫ কোটি হয়। অৰ্থাৎ অসমীয়া ৰোমান্টিক মিউজিকেল ছবিখনে দুয়োখন ছবিৰ সংযুক্ত উপাৰ্জনৰ তুলনাত ১৪০ শতাংশতকৈও অধিক উপাৰ্জন কৰিছে।
সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে’
বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবিৰ শীৰ্ষ ১০ খন ছবি:
ৰৈ ৰৈ বিনালেঃ ৩৩.৭৫ কোটি (৩৫ দিনত)
বিদুৰভাইঃ ১৫.৭৫ কোটি।
ভাইমন দাঃ ১৪.৩১ কোটি টকা।
ৰঘুপতিঃ ১৩.৮১ কোটি।
ৰুদ্ৰঃ ১০.৫৬ কোটি টকা।
ৰত্নাকৰঃ ১০ কোটি টকা।
কাঞ্চনজংঘাঃ ৭ কোটি টকা।
ডাঃ বেজবৰুৱা ২: ৭ কোটি।
মিছন চাইনা: ৬ কোটি টকা।
ছিকাৰঃ ৫ কোটি টকা।