জামিয়া মছজিদৰ পৰা সমাজ পৰিৱৰ্তনৰ মঞ্চলৈ মৌলানা ড° মাকছুদ ইমৰাণ ৰছাদীৰ অসাধাৰণ যাত্ৰা

Story by  atv | Posted by  Munni Begum • 7 h ago
মৌলানা ড° মাকছুদ ইমৰাণ ৰছাদী
মৌলানা ড° মাকছুদ ইমৰাণ ৰছাদী
 
ছানিয়া আঞ্জুম / বেংগালুৰু
 
সুগন্ধি মছলাৰ গোন্ধ আৰু নামাজৰ আহ্বান মিহলি হৈ থকা বেংগালুৰুৰ কে আৰ মাৰ্কেটৰ ব্যস্ত আৰু ৰঙীন ৰাজপথবোৰত মৌলানা ড° মহম্মদ মাকছুদ ইমৰাণ ৰছাদী এক আশা আৰু মানৱতাৰ প্ৰতীক হিচাপে উজলি আছে। কৰ্ণাটকৰ অন্যতম বৃহৎ মছজিদ জামিয়া মছজিদৰ অধ্যক্ষ, মুখ্য ইমাম আৰু খতিব হিচাপে তেওঁৰ জীৱনটোৱে বিশ্বাস, শিক্ষা আৰু ঐক্যতাৰ শক্তি প্ৰদৰ্শন কৰি আহিছে। এখন সৰু চহৰৰ ল'ৰাৰ পৰা, যিয়ে নিজৰ ককাকৰ ঘৰত অতিথিৰ সৈতে কথা পাতিবলৈ ভাষণ আবৃত্তি কৰিছিল। তেওঁ বৰ্তমান এগৰাকী পণ্ডিত হৈ হাজাৰ হাজাৰ লোকৰ পথ প্ৰদৰ্শনকাৰী হ'বলৈ সক্ষম হৈছে। তেওঁৰ এই যাত্ৰা কঠোৰ পৰিশ্ৰম, মৰম আৰু সাহসৰ এক শক্তিশালী কাহিনীৰে ভৰপূৰ। বিজয় আৰু নীৰৱ সাহসিকতাৰে ভৰা তেওঁৰ জীৱনটোৱে আমাক শিকাইছে যে, এজন ব্যক্তিৰ দৃষ্টিভংগীয়ে বিভাজন দূৰ কৰিব পাৰে আৰু সমাজলৈ প্ৰগতি কঢ়িয়াই আনিব পাৰে।  
 
কৰ্ণাটকৰ কোলাৰ চহৰত জন্মগ্ৰহণ কৰা মৌলানা মাকছুদৰ প্ৰাৰম্ভিক জীৱন প্ৰেম আৰু শিক্ষাৰ এক সমাহাৰ আছিল। তেওঁৰ ককাক আলহাজ আব্দুল গফুৰ নকছবান্দি এগৰাকী কাপোৰৰ ব্যৱসায়ী আছিল। জীৱনৰ গভীৰ পাঠৰ প্ৰতি আকৰ্ষণ থকা তেওঁৰ ককাকে অতিথিসকলৰ আগত ভাষণ দিবলৈ যুৱক মাকছুদক অনুপ্ৰাণিত কৰিছিল। তেওঁৰ ককাকে (নানা) তেওঁক কৈছিল যে, "হৃদয়েৰে কথা ক'ব লাগে।" তেওঁক শিষ্টাচাৰৰ কলা শিকোৱা, মানুহৰ লগত কেনেকৈ সন্মান আৰু বুজাবুজিৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়েও তেওঁক শিকাইছিল। 
 
মৌলানা মাকছুদ ইমৰাণ ৰাছাদীয়ে মিলাদ-উন-নবীৰ সমাৱেশৰ সময়ত স্বামী বেলিমাথ শ্ৰীশ্ৰী উধয় জীক সাক্ষাৎ কৰাৰ এক দৃশ্য
 
মাকছুদৰ পিতৃ এগৰাকী শিক্ষক আছিল। তেওঁৰ মাতৃয়ে ধ্যৰ্য সহকাৰে লালন-পালন কৰি তেওঁক তিনিজন ভাতৃ আৰু দুগৰাকী ভগ্নীৰ ভিতৰত দ্বিতীয় কনিষ্ঠ হিচাপে ডাঙৰ-দীঘল কৰি নম্ৰতা আৰু সেৱাৰ শিক্ষা প্ৰদান কৰিছিল।
 
তেওঁ মুলবাগলত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত এক আকৰ্ষণীয় শৈক্ষিক যাত্ৰা আৰম্ভ হৈছিল। তেওঁ দশম শ্ৰেণীৰ পিছত মাত্ৰ ডেৰ বছৰতে কোৰাণ মুখস্থ কৰিছিল, সাত বছৰত ফাৰ্ছী ভাষাৰ আলিম পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল আৰু ২০০১ চনত উৰ্দুত এম এ ডিগ্ৰী লাভ কৰিছিল। "মৌলানা মুফতি আশ্ৰফ আলী: জীৱন আৰু কীৰ্ত্তন" বিষয়ত তেওঁৰ পিএইচডিৰ গৱেষণাত কবিৰ আৱেগিক নাট আৰু নাজমসমূহ অন্বেষণ কৰিছিল। যাৰ দ্বাৰা মৌলানা মাকছুদৰ জ্ঞান আৰু সৃষ্টিশীলতাৰ নিজস্ব সংমিশ্ৰণ প্ৰতিফলিত হৈছিল।  
 
১৯৯৯ চনত ২৪ বছৰ বয়সত তেওঁ নিষ্ঠাৰে এক বছৰৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াইছিল। ২০০০ চনত তেওঁ জামিয়া মছজিদত নাইব ইমাম হিচাপে যোগদান কৰিছিল আৰু ২০১১ চনত তেওঁ স্থায়ী ইমাম, খাতিব আৰু জামিউল উলুম আৰবী কলেজৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এয়া কেৱল এটা পদোন্নতি নাছিল, এয়া আছিল এক শক্তিশালী পৰিৱৰ্তনশীল অভিযানৰ আৰম্ভণি। 
 
শেহতীয়াকৈ ইৰাণৰ তেহৰাণত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু ভাতৃত্ববোধ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছে মৌলানা মকছুদ ইমৰাণ ৰাছাদীয়ে
 
জমিউল উলুমত মৌলানা মাকছুদে বহু যুৱক-যুৱতীক সুযোগৰ প্ৰয়োজন হোৱা দেখিছিল। গতিকে তেওঁ জমিউল উলুম, শ্বাহীন গ্ৰুপ আৰু খাদিম মইমন ট্ৰাষ্টক একত্ৰিত কৰি এটা নতুন বিভাগ আৰম্ভ কৰিছিল। আজি এই শক্তিশালী অংশীদাৰিত্বই ২০০গৰাকী আবাসিক ছাত্ৰ-ছাত্ৰী, ১০০ গৰাকী  পণ্ডিত আৰু ১০০ গৰাকী এনআইঅ'এছৰ আৱাসিক ছাত্ৰ-ছাত্ৰীক সমৰ্থন আগবঢ়াই আছে। ইয়াত পত্ৰৰ জৰিয়তে দশম, পি ইউ চি আৰু ডিগ্ৰী কাৰ্য্যসূচী প্ৰদান কৰা হয়। তেওঁৰ নেতৃত্বত, এই কাৰ্যসূচীয়ে একেৰাহে চাৰি বছৰ ধৰি ১০০% উত্তীৰ্ণৰ হাৰ লাভ কৰে। যি এখন সমাজৰ বাবে এক আশ্চৰ্যকৰ সাফল্য। 
 
এনে এটা কাহিনী হৈছে ১৬ বছৰীয়া কিশোৰী জৈনাবৰ কাহিনী। তেওঁৰ পৰিয়ালে খাদ্যৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছিল। সেয়েহে জৈনাবে সোনকালে বিবাহপাশত আৱদ্ধ ন'হলে অন্য একো উপায় নাই বুলি ভাবি লৈছিল। কিন্তু মৌলানাৰ দলটোৱে তেওঁক বিনামূলীয়াকৈ কিতাপ আৰু পৰামৰ্শ আগবঢ়াইছিল। তেওঁ দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰি এতিয়া তেওঁ এগৰাকী শিক্ষয়িত্ৰী হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। বৰ্তমান তেওঁ আনক সহায় কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰি কয় যে, "জ্ঞান হৈছে আল্লাই আমাক প্ৰদান কৰা এক জ্যোতি।" শিক্ষাৰ ক্ষেত্ৰত মাকছুদৰ প্ৰচেষ্টাই শ শ ছাত্ৰ-ছাত্ৰীৰ সপোনক সফলতালৈ ৰূপান্তৰিত কৰিছে। তেওঁ প্ৰমাণ কৰিছে যে, বিশ্বাস আৰু শিক্ষাই দৰিদ্ৰতাৰ শিকলি ছিঙিব পাৰে।  
 
যিখন চহৰত প্ৰায়ে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পায়, সেইখন চহৰত মৌলানা মাকছুদৰ শান্তি প্ৰতিষ্ঠা কৰাটো সঁচাকৈয়ে  বীৰত্বপূৰ্ণ কাম।  তেওঁ এটা ভয়ানক ঘটনাৰ কথা স্মৰণ কৰি কয়, যেতিয়া অশান্তি সৃষ্টিকাৰীয়ে মছজিদত গাহৰিৰ মাংস আৰু মন্দিৰৰ সমীপৰ গৰুৰ মাংস দলিয়াই সংঘৰ্ষৰ সূচনা কৰিছিল, তেতিয়া হিংসা বৃদ্ধি হ’বলৈ দিয়াৰ পৰিৱৰ্তে তেওঁ মনে মনে বস্তুবোৰ আঁতৰাই পেলাইছিল। তেওঁ কয়, "ঐক্য হৈছে প্ৰগতি", নিজৰ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ তেওঁ কয়, "ঈশ্বৰৰ আনন্দ আৰু সম্প্ৰদায়ৰ কল্যাণ।" 
 
এক অনুষ্ঠানত মৌলানা ড° মাকছুদ ইমৰাণ ৰছাদী
 
২০২৫ চনৰ ঈদ মিলাদ-উন-নবীৰ সময়ত “আই লাভ মহম্মদ” বেনাৰ বিতৰ্কৰ আৰম্ভ হৈছিল আৰু ইয়াৰ বাবে দেশজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছিল। সেই সময়ত তেওঁ বুদ্ধিমত্তাৰে কাম কৰিছিল। যেতিয়া বেনাৰবোৰে মানুহক বিভাজিত কৰাৰ ভাবুকি দিছিল, তেতিয়া তেওঁ ইয়াৰ হস্তক্ষেপ কৰিছিল। তেওঁ শান্তভাৱে কৈছিল, “প্ৰেম বেনাৰেৰে নহয়, ঐক্য আৰু কৰ্মৰদ্বাৰাহে প্ৰদৰ্শন কৰা হয়।” তেওঁৰ এই বক্তব্যই সকলোৰে মন শান্ত কৰিছিল আৰু আলোচনাক উৎসাহিত কৰিছিল। উত্তেজিত ওচৰ-চুবুৰীয়াই আকৌ শান্তিৰে সহাৱস্থান কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ নেতৃত্বত এই কথা প্ৰমাণিত হয় যে, "বিশ্বাস সংঘাতৰ দ্বাৰা নহয়, প্ৰেমৰ দ্বাৰাহে বৃদ্ধি হয়।"
 
যেতিয়া লাউডস্পীকাৰ বিতৰ্কসমূহে সম্প্ৰদায়সমূহৰ মাজত উত্তেজনা সৃষ্টি কৰিছিল, তেতিয়া তেওঁ হিন্দু আৰু খ্ৰীষ্টান নেতাসকলৰ সৈতে সাক্ষাৎ কৰিছিল আৰু সকলো ধৰ্মৰ বাবে সু-শৃংখলিত সুৰক্ষিত নিয়ম সুনিশ্চিত কৰিছিল। তেওঁ যুক্তি দিছিল যে, যদি এটা সম্প্ৰদায়ৰ বাবে নিয়ম প্ৰযোজ্য হয়, তেন্তে সেইবোৰ সকলোৰে বাবে প্ৰযোজ্য হ’ব লাগিব। মন্দিৰৰ ওচৰত মুছলমান বিক্ৰেতা আৰু মছজিদৰ ওচৰত হিন্দু ব্যৱসায়ীসকলক ব্যৱসায় কৰিবলৈ সক্ষম কৰি মৌলানা মাকছুদে সম্ভাৱ্য উত্তেজনাপূৰ্ণ  অঞ্চলসমূহক শান্তিপূৰ্ণ সহাৱস্থানৰ ভাগ-বতৰা কৰা স্থানলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছিল আৰু ঐক্যৰ বাবে ইচ্ছাকৃত প্ৰচেষ্টাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছিল। 
 
এগৰাকী মুফতি হিচাপে মৌলানা মাকছুদে সাৱধানে ধৰ্মীয় ৰায় জাৰি কৰি আহিছে। তেওঁ পিয়ৰ জুলফিকাৰৰ পৰামৰ্শ অনুসৰণ কৰে: "আপুনি আল্লাহৰ বাবে কাম কৰক, তেওঁক কৃতিত্ব দিয়ক আৰু প্ৰেমক পথ প্ৰদৰ্শন কৰক।" সংবাদ মাধ্যমৰ চাঞ্চল্যবাদৰ বিৰুদ্ধে তেওঁৰ ফাতোৱাই কে আৰ মাৰ্কেটৰ যুৱক-যুৱতীসকলৰ মাজত 'ট্ৰুথ ইন মিডিয়া' শীৰ্ষক এক অভিযানৰ সূচনা হৈছিল, যাৰ অধীনত ন্যায্য প্ৰতিবেদন বিচৰা হৈছিল আৰু ই অনলাইনত বহু হাজাৰবাৰ শ্বেয়াৰ হৈছিল। ৱাকফ বিবাদৰ আইনী সমাধানৰ বাবেও তেওঁ  পৰামৰ্শ আগবঢ়াইছিল আৰু ২০২৫ চনত তেওঁ পেলেচ গ্ৰাউণ্ডত ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে শান্তিপূৰ্ণ মানৱ শৃংখলৰ প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰিছিল, য'ত বিভিন্ন সম্প্ৰদায়ৰ লোকে যোগদান কৰিছিল।  তেওঁ কয়, "ন্যায় আমাৰ কৰ্তব্য"। পৰিৱৰ্তনক অনুপ্ৰাণিত কৰিবলৈ ইছলামিক শিক্ষাক আধুনিক সজাগতাৰ সৈতে একত্ৰিত কৰা হৈছে। 
 
অমুছলমান নেতাসকলৰ সৈতে এক আলোচনাত মিলিত হৈছে মৌলানা ড° মাকছুদ ইমৰাণ ৰছাদী
 
নবীৰ মীছাক-ই-মদীনাৰ পৰা অনুপ্ৰাণিত হৈ মৌলানা মাকছুদে সম্প্ৰদায়সমূহৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ কাম কৰি আহিছে। লাউডস্পীকাৰৰ বিবাদৰ সময়ত অমুছলমান নেতাৰ সৈতে তেওঁৰ আলোচনাই বিভাজন নহয়, ন্যায়পৰায়ণতা আৰু সমতা নিশ্চিত কৰিছিল। “আই লাভ মহম্মদ” বিষয়টোৰ সময়ত তেওঁ মানুহক বুজোৱাত সহায় কৰিছিল যে “প্ৰেম বেনাৰৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে দেখুওৱা হয়।” তেওঁ জামিয়া মছজিদৰ দুৱাৰ হিন্দু, খ্ৰীষ্টান আৰু দলিত নেতাৰ বাবে মুকলি কৰি দিছিল। য'ত তেওঁলোকে দৰিদ্ৰতা আৰু বৈষম্যৰ দৰে সমস্যাৰ বিষয়ে আলোচনা কৰিছিল।
 
এটা অবিস্মৰণীয় মুহূৰ্ত আছিল, যেতিয়া তেওঁ আন্তঃধৰ্মীয় ইফতাৰ আয়োজন কৰিছিল। এগৰাকী হিন্দু চুবুৰীয়াই কৈছিল, "মই ইয়াত মোৰ মন্দিৰৰ দৰেই শান্তি অনুভৱ কৰিছো।" তেওঁৰ বৈচিত্ৰ্যত ঐক্যৰ ধাৰণাটোৱে ভাৰতৰ প্ৰকৃত মনোভাৱক প্ৰতিফলিত কৰি আহিছে আৰু ই প্ৰমাণ কৰি দেখুৱাইছে যে, "বিশ্বাসে মানুহক একত্ৰিত কৰিব পাৰে, য’ত ৰাজনীতিয়ে প্ৰায়ে তেওঁলোকক পৃথক কৰি ৰাখে।" 
 
মৌলানা মাকছুদৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতি হৈছে যুৱক-যুৱতীসকলৰ বাবে এক স্পষ্ট আহ্বান। ২০২৫ চনৰ পহলগাম আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত তেওঁ বেংগালুৰু প্ৰেছ ক্লাবত থিয় হৈ ইয়াক কাপুৰুষ আৰু অ-ইছলামিক কাৰ্য বুলি গৰিহণা দি ন্যায় আৰু ভুক্তভোগীৰ সমৰ্থনৰ দাবী উত্থান কৰিছিল। তেওঁ কয় যে, "আতংকৰ কোনো ধৰ্ম নাই", তেওঁ দৃঢ়তাৰে কয়, "আমি হিন্দুস্তানক ভাল পাওঁ।" তেওঁ ভুল তথ্যৰ বিৰুদ্ধে নিয়মীয়াকৈ আৰক্ষী-সম্প্ৰদায়ৰ মাজত বৈঠকক আহ্বান জনায় আহিছে, যিটো প্ৰথা এতিয়া স্থানীয়ভাৱে আঁকোৱালি লোৱা হৈছে। যেতিয়া ছৌদি আৰু আমেৰিকা চৰকাৰে তেওঁক খুতবা পঢ়িবলৈ তেওঁক আমন্ত্ৰণ জনাইছিল, তেতিয়া তেওঁ নবীৰ জীৱনৰ উদ্ধৃতি দি যুৱক-যুৱতীসকলক সম্বোধন কৰি কয়: "উগ্ৰবাদক জ্ঞানেৰে প্ৰতিহত কৰক; ঐক্যৰে জৰিয়তে সমাজ গঢ়ি তোলক।" তেওঁৰ এই বাৰ্তাই যুৱ মুছলমানসকলক শান্তি আৰু দেশপ্ৰেম বাছি ল’বলৈ অনুপ্ৰাণিত কৰিছিল। 
 
অমুছলমান নেতাসকলৰ সৈতে এক আলোচনাত মিলিত হৈছে মৌলানা ড° মাকছুদ ইমৰাণ ৰছাদী
 
কোলাৰৰ ধূলিময় পথবোৰৰ পৰা জামিয়া মছজিদৰ গুৰুত্বপূৰ্ণ মঞ্চলৈকে মৌলানা মাকছুদৰ যাত্ৰা পৰিৱৰ্তন সাধনৰ এক মাষ্টাৰক্লাছ আছিল। তেওঁৰ শৈক্ষিক সংস্কাৰে ৪০০ ছাত্ৰ-ছাত্ৰীক সহায় কৰিছিল, তেওঁৰ শান্তি প্ৰতিষ্ঠাই উত্তেজনা হ্ৰাস কৰিছিল আৰু তেওঁৰ ফতোৱাই ন্যায়পৰায়ণতাক প্ৰসাৰিত কৰিছিল। ১৯,৫০০ৰো অধিক ফেচবুক অনুগামী আৰু হাজাৰ হাজাৰ লোকে ইউটিউবত তেওঁৰ খুতবা চোৱাৰ লগতে তেওঁ ডিজিটেল ডাৱাহৰ পথ প্ৰদৰ্শক আছিল। ২০২৫ চনৰ ৰমজানৰ ঘোষণা আৰু মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ দৰে নেতাৰ সৈতে হোৱা আলোচনাই প্ৰতিফলিত কৰিছে যে, তেওঁ কেনেকৈ পৰম্পৰাক প্ৰগতিৰ সৈতে একত্ৰিত কৰিছে। তেওঁ আত্মবিশ্বাস আৰু আবেগেৰে কয়, "প্ৰগতিৰ বাবে বিভাজনক অতিক্ৰম কৰক।" 
 
জামিয়া মছজিদৰ নৱনিৰ্মিত চৌহদত মোলানাই জুম্মা বায়ানৰ নেতৃত্ব দিয়া, জামিউল উলুমত ছাত্ৰ-ছাত্ৰীসকলে কিতাপ পঢ়া, অথবা কে আৰ মাৰ্কেটত হিন্দু আৰু মুছলমান ব্যৱসায়ীসকলে একেলগে হাঁহি থকা। এই ছবিসমূহত তেওঁৰ উত্তৰাধিকাৰ প্ৰতিফলিত হৈ আহিছে।
 
মৌলানা মাকছুদ কেৱল এগৰাকী নেতা নহয়, তেওঁ হৈছে এক আন্দোলন। তেওঁৰ জীৱনটোৱে আমাক ধৈৰ্য্য আৰু উৎকৃষ্টতাৰে কাম কৰিবলৈ সোঁৱৰাই দিয়ে আৰু বিশ্বাসক বাস্তৱিক কাৰ্যলৈ ৰূপান্তৰিত কৰে। জামিয়া মছজিদৰ শক্তিশালী মঞ্চৰ পৰা তেওঁৰ কণ্ঠ বেংগালুৰুৰ আকাশত প্ৰতিধ্বনিত হৈ আছে। যিয়ে প্ৰমাণ কৰে যে, এখন হৃদয় আৰু এটা দৃষ্টিভংগীয়ে এখন দেশ সলনি কৰিব পাৰে। তেওঁক নেতৃত্ব দিয়া, একত্ৰিত কৰা আৰু অনুপ্ৰাণিত কৰা দেখি আমাৰ এটায়ে প্ৰশ্ন মনলৈ আহে যে, "এতিয়া আপুনি বিশ্বক পৰিৱৰ্তন কৰিবলৈ কি কৰিব?"