দিল্লীৰ মচলাযুক্ত গন্তব্যস্থানসমূহ: শ্বাহীন বাগ আৰু ওখলা
দিল্লীত মচলাযুক্ত খাদ্যৰ কথা ক'বলৈ গ'লে শ্বাহীন বাগ আৰু ওখলা নাম ন'ললে ই অসম্পূৰ্ণ হৈ ৰব। এই অঞ্চলসমূহ কেৱল সামাজিক আৰু সাংস্কৃতিক গুৰুত্বৰ বাবেই নহয়, ইয়াৰ সুস্বাদু আৰু জলা খাদ্যৰ বাবেও বিখ্যাত। ইয়াৰ বাটবোৰত খোজকাঢ়ি বিচৰণ কৰি ফুৰিলে, মছলাযুক্ত সুগন্ধিবোৰে আপোনাক নিজৰ ফালে আকৰ্ষিত কৰে। প্ৰত্যেকটো কোণতে যেন লুকাই আছে এক বিশেষ স্বাদ, যি আপোনাৰ স্মৃতিত চিৰদিনৰ বাবে ৰৈ যাব। আন্তঃৰাষ্ট্ৰীয় হট এণ্ড স্পাইচি ফুড দিৱসৰ বিশেষ উপলক্ষে আহক আমি শ্বাহীন বাগ আৰু ওখলাৰ কিছুমান প্ৰসিদ্ধ মছলাযুক্ত খাদ্যৰ বিষয়ে জানো, যিবোৰ ইয়াৰ পৰিচয় হৈ পৰিছে।
শ্বাহীন বাগৰ আফগান শ্বাৱৰমা আৰু মচলাযুক্ত চিংৰা
শ্বাহিন বাগানত আফগানিস্তানৰ সোৱাদৰ কথা ক'লেই মনত পৰে এজন ব্যক্তিৰ নাম, ছোহাইব। যিগৰাকীয়ে আফগানিস্তানৰ বাসিন্দা আৰু বিগত বহু বছৰ ধৰি ইয়াত আফগানিস্তানৰ ষ্টাইলৰ শ্বাৱৰমা আৰু চিংৰা প্ৰস্তুত কৰি আহিছে। ছোহাইবে কয়, "আমাৰ শ্বাৱৰমা আৰু চিংৰাৰ মৌলিক সোৱাদ আফগানিস্তানৰ সোৱাদৰ সৈতে একে। কিন্তু ইয়াত থকা লোকসকলে সাধাৰণ সোৱাদ পছন্দ নকৰে, সেয়ে আমি ইয়াত ভাৰতীয় সুগন্ধি মছলাৰ বিশেষ প্ৰয়োগ কৰিছো।
প্ৰতিনিধিত্বমূলক ছবি
মাংসৰ কোমলতা, সতেজ মছলাৰ সুগন্ধি আৰু শ্বাৱৰমাৰ জলা সোৱাদেই এক নিখুঁত ভাৰসাম্য সৃষ্টি কৰে। ইফালে শ্বাহীন বাগৰ জলা আৰু মছমছীয়া চিংৰাই ইয়াৰ ৰাইজৰ অন্তৰত স্থান দখল কৰিছে। পাঁচ বছৰতকৈও অধিক সময় ধৰি তেওঁৰ দোকানখন সকলোৰে বাবে অতি প্ৰিয় আৰু কেৱল তেওঁৰ দোকানৰ আফগান চিংৰাৰ সোৱাদ লোৱাৰ বাবে বহু দূৰ-দূৰণিৰ পৰা মানুহ আহে।
HOD বাৰ্গাৰঃ নতুন ধৰণৰ মচলাযুক্ত বাৰ্গাৰ
শ্বাহীন বাগৰ মচলাযুক্ত খাদ্যৰ জগতখন কেৱল ভাৰতীয় খাদ্যৰ মাজতে সীমাবদ্ধ নহয়। ইয়াত HOD বাৰ্গাৰ নামৰ ৰেষ্টুৰেণ্ট এখন আছে, যি মছলাযুক্ত বাৰ্গাৰৰ বাবে বিখ্যাত। ৰেষ্টুৰেণ্টৰ মালিক মহম্মদ আৰিফ আহমেদে কয়, "আমাৰ বাৰ্গাৰবোৰ সাধাৰণতে সুষম মছলাৰে তৈয়াৰ কৰা হয়, কিন্তু যদি গ্ৰাহকে বিচাৰে তেন্তে আমি সেইবোৰ তেওঁলোকৰ পচন্দ অনুসৰি প্ৰস্তুত কৰি দিওঁ।"
বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ইয়াৰ ক্ৰিস্পি চিকেন বাৰ্গাৰ, চিকেন স্মেছ, বাফাৰ বাৰ্গাৰ জনপ্ৰিয়। বহুতে ইয়াৰ সোৱাদটো আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সোৱাদৰ সৈতে তুলনা কৰে। তদুপৰি বিৰিয়ানী, বাটাৰ চিকেন, বাটাৰ নান আদি দৰে মচলাযুক্ত খাদ্যও গ্ৰাহকসকলৰ অতি মাজত জনপ্ৰিয়।
শ্বাহীন বাগৰ বিখ্যাত হায়দৰাবাদী হালিম
যদি আমি মচলাযুক্ত খাদ্যৰ কথা কওঁ আৰু হায়দৰাবাদৰ হালিমৰ কথা উল্লেখ নকৰো, কেনেকৈ হ'ব? শ্বাহীন বাগৰ ৰমজান পাটনা হালিমৱালা ইয়াৰ বিশেষ হালিমৰ বাবে জনাজাত। এই হালিম মটন আৰু ঘেঁহু (বড়)ৰ উত্তম মিশ্ৰণৰে প্ৰস্তুত কৰা হয়। ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ মতে, "আমি প্ৰথমে মাংস ভালদৰে পিহি লওঁ। তাৰপিছত তাত জলকীয়া আৰু বিশেষ মছলা লগাই কিছু সময়ৰ বাবে মেৰিনেট কৰিবলৈ থৈ দিওঁ। তাৰ পিছত কম জুইত ইয়াক ধীৰে ধীৰে ৰন্ধা হয়। ইয়াৰ ফলত ইয়াৰ স্বাদ আৰু অধিক গভীৰ হৈ পৰে।"
সন্ধিয়া ৪ বজাৰ পৰা নিশা ১০ বজালৈ খোলা এই হালিম চেন্টাৰ মচলাযুক্ত খাদ্যৰ অনুৰাগীসকলৰ বাবে কোনো স্বৰ্গতকৈ কম নহয়।
প্ৰতিনিধিত্বমূলক ছবি
পশ্চিম উত্তৰ প্ৰদেশৰ জলা সোৱাদ
কেৱল দিল্লীৰেই নহয়, পশ্চিম উত্তৰ প্ৰদেশৰ টেঙা সোৱাদৰ ঘৰ শ্বাহীন বাগ। চাহাৰনপুৰৰ পৰা অহা সমীৰ ছিদ্দিকীয়ে কয় যে, "আমাৰ পৰম্পৰাগত খাদ্য হৈছে মচলাযুক্ত খাদ্য। তীক্ষ্ণ জলা অবিহনে আমাৰ আহাৰ অসম্পূৰ্ণ যেন লাগে।"
তেওঁলোকৰ খাদ্যৰ তীক্ষ্ণ জলা সোৱাদ আৰু ভাৰতীয় মছলাৰ বাবে জনাজাত আৰু শাহীন বাগানত তেওঁলোকৰ এক স্বকীয় পৰিচয় আছে।
আৰহাম ৯১বি: তন্দুৰী আৰু বৰৰাৰ স্থান
শ্বাহীন বাগৰ আৰহাম ৯১বি ৰেষ্টুৰেণ্টত মচলাযুক্ত খাদ্যৰ প্ৰেমীসকলৰ বাবে বিশেষ স্থান আছে। ইয়াত তন্দুৰী চিকেন, বৰৰা, আল-ফাহম আৰু কড়াই চিকেনৰ দৰে ব্যঞ্জন পোৱা যায়। ৰেষ্টুৰেণ্টখনৰ স্বত্বাধীকাৰীৰ মতে, "আমি ইয়াত থকা লোকসকলৰ পছন্দৰ ওপৰত ভিত্তি কৰি খাদ্য তালিকা (মেনু) প্ৰস্তুত কৰি আহিছো। ভাৰতীয় সোৱাদ আৰু মছলাৰ প্ৰতি ইয়াত বিশেষ গুৰুত্ব দিয়া হৈছে।"
ইয়াৰ প্ৰধান খাদ্য হল শীতকালত পোৱা শ'ল মাছ, যাৰ মূল্য প্ৰায় ১০০০ টকা প্ৰতি কিলোগ্ৰাম। এই খাদ্যবিধ ইয়াৰ বিশেষ সোৱাদ আৰু মচলাযুক্ত সোৱাদৰ বাবে জনাজাত।
মচলাযুক্ত সোৱাদৰ সৈতে সংস্কৃতিৰ আভাস
আন্তঃৰাষ্ট্ৰীয় হট এণ্ড স্পাইচি ফুড দিৱস উপলক্ষে শ্বাহীন বাগ আৰু ওখলাৰ খাদ্যই কেৱল সোৱাদেই নহয়, সংস্কৃতি, পৰম্পৰা আৰু বৈচিত্ৰ্যৰ আভাসৰো প্ৰতিফলন দাঙি ধৰিছে। ইয়াৰ শাৱৰমা, চিংৰা, বাৰ্গাৰ, হালিম আৰু তন্দুৰীআদি খাদ্যসমূহে প্ৰমাণ কৰিছে যে, মছলাই কেৱল আহাৰক জলাযুক্ত কৰি তোলে, তেনে নহয়, ই মানুহক সংযুক্ত কৰাৰো কাম কৰে। যদি আপুনি জলা আৰু মছলাযুক্ত খাদ্যৰ প্ৰতি আসক্ত, তেন্তে বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় হট এণ্ড স্পাইচি খাদ্য দিৱস উপলক্ষে শ্বাহীন বাগা আৰু ওখলা নামৰ এই সুস্বাদু পথবোৰ আপোনাৰ বাবে এক স্মৰণীয় অভিজ্ঞতা হ'ব।