নিজৰ অসম্পূৰ্ণ সপোনক আনৰ জীৱন গঢ়াৰ অভিযানলৈ ৰূপান্তৰ কৰিলে ইমৰাণ লোনে

Story by  atv | Posted by  Munni Begum • 2 h ago
শ্ৰীনগৰৰ ইমৰাণ লোনৰ একাডেমীত এক প্ৰশিক্ষণ অধিবেশন
শ্ৰীনগৰৰ ইমৰাণ লোনৰ একাডেমীত এক প্ৰশিক্ষণ অধিবেশন
 
ডেনিছ আলী / শ্ৰীনগৰ / নতুন দিল্লী
 
সেনা বা আৰক্ষীত যোগদান কৰি দেশ আৰু জম্মু-কাশ্মীৰক সেৱা আগবঢ়াব বিচাৰা হাজাৰ হাজাৰ কাশ্মীৰী যুৱকৰ বাবে আশাৰ ৰেঙনি হৈ পৰিছে ইমৰাণ লোন। কিয়নো মৌলিক সুবিধাৰ পৰা বঞ্চিত ইমৰাণ লোনে আজি  কাশ্মীৰৰ বান্দিপুৰা জিলাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আঁতৰত অৱস্থিত এখন গাঁৱৰ পৰা ওলাই আহিছিল, যদিও সঠিক নিৰ্দেশনা আৰু তথ্য নোপোৱাৰ বাবে ইমৰানৰ সেনাৰ ইউনিফৰ্ম পিন্ধা সপোন আধৰুৱা হৈ ৰৈছিল। তথাপিও ইমৰানে হতাশ নহয় নিজৰ অসম্পূৰ্ণ সপোনক আনক সহায় কৰাৰ অভিযানলৈ ৰূপান্তৰিত কৰিছে। আজি তেওঁ যুৱক-যুৱতীসকলক সঠিক পথৰ দিশে আগুৱাই লৈ যোৱাৰ দৰে  কাম কৰি আছে, যি তেওঁৰ বাবে কোনেও কেতিয়াও কৰা নাছিল।
 
ইমৰাণ লোনে কয়, "মই সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিলো। কিন্তু মই সঠিক সময়ত সঠিক নিৰ্দেশনা বা পদ্ধতি সম্পৰ্কে তথ্য লাভ কৰা নাছিলো। সকলো বুজি পোৱাৰ সময়লৈকে মোৰ বয়সৰ সীমা অতিক্ৰম কৰিছিল। মোৰ সপোন আছিল সেনাবাহিনীত যোগদান কৰি দেশৰ সেৱা কৰা।" যদিও তেওঁ নিজৰ সপোন পূৰণ কৰিব নোৱাৰিলে, তথাপিও আজি সেই সপোনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ কাশ্মীৰী যুৱক-যুৱতীক সেনা-আৰক্ষীৰ বাবে সাজু কৰি তুলিছে।   
 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা বাৰ্তালাপত ইমৰানে কয় যে, কাশ্মীৰৰ পৰিস্থিতি লাহে লাহে সলনি হৈ আহিছে। দীৰ্ঘদিন ধৰি নিবনুৱা সমস্যা আৰু সুযোগৰ অভাৱত বহু কাশ্মীৰী যুৱক হতাশা আৰু ড্ৰাগছৰ সন্মুখীন হৈছে। তেওঁ কয়, "প্ৰায় আশী শতাংশ যুৱক-যুৱতী হতাশাত ভুগিছে, ​​কাৰণ ইয়াত চাকৰি নাই। বহু যুৱকে হতাশাৰ বাবে ড্ৰাগছৰ ফালে গতি কৰিছে।" অৱশ্যে এতিয়া এই ছবিখনৰ উন্নতি হৈছে। কাশ্মীৰী যুৱক-যুৱতীসকলৰ মাজত সেনা-আৰক্ষী নিযুক্তিৰ প্ৰতি আগ্ৰহ বাঢ়িছে। হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে এতিয়া নিযুক্তি ৰেলী আৰু প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। 
 
ইমৰাণ লোন এই ইতিবাচক পৰিৱৰ্তনৰ এটি অংশ। তেওঁ সেনা আৰু আৰক্ষীৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলৰ বাবে বিনামূলীয়া ফিটনেছ একাডেমী আৰম্ভ কৰিছে। দিনটোত দুবাৰকৈ প্ৰশিক্ষণ অনুষ্ঠিত হয়— এবাৰ ৰাতিপুৱা ফজৰৰ নামাজৰ পিছত আৰু পুনৰ বিয়লি ৪ বজাত সন্ধিয়াৰ সময়ত।  
 
তেওঁৰ একাডেমীত কেৱল যুৱককে নহয়, বৃহৎ সংখ্যক যুৱতীকো প্ৰশিক্ষণ দিয়া হয়। শেহতীয়াকৈ তেওঁৰ একাডেমীৰ সাতগৰাকী যুৱতী আৰু ত্ৰিশজন যুৱকে কনিষ্টবলত সফলতাৰে নিযুক্তিত লাভ কৰিছে। বৰ্তমান তেওঁ অগ্নিবীৰ আঁচনিৰ অধীনত তেওঁলোকক নিযুক্তিৰ বাবে প্ৰস্তুত কৰি আছে। 
 
ইমৰাণ লোন
 
ইমৰাণ নিজেই এজন কেলিষ্টেনিক্স প্ৰেকটিচনাৰ। ই এক যুদ্ধ কলা আৰু ফিটনেছ ব্যৱস্থা, যিয়ে নিজৰ শৰীৰৰ ওজন ব্যৱহাৰ কৰি শক্তি, ভাৰসাম্য আৰু নিয়ন্ত্ৰণ বিকশিত কৰে। পুছ-আপ, পুল-আপ, স্কুৱেট, আৰু প্লেংকৰ দৰে ব্যায়ামৰ জৰিয়তে ই কেৱল শক্তি আৰু সহনশীলতা গঢ়ি তোলাই নহয়, ই আঘাত প্ৰতিৰোধ আৰু সামগ্ৰিকভাৱে কাৰ্য্যক্ষম ফিটনেছকো প্ৰসাৰিত কৰে। 
 
ষ্ট্ৰাইকিং, গ্ৰেপলিং আৰু ষ্টেবিলিটিৰ দৰে ক্ষমতা উন্নত কৰাত কেলিষ্টেনিক্সক অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ইমৰাণ লোনৰ দ্বাৰা পৰিচালিত কাশ্মীৰৰ এই কলাৰ প্ৰথম আৰু বৰ্তমান একমাত্ৰ একাডেমী।
 
ইমৰাণৰ ব্যক্তিগত যাত্ৰাও সংগ্ৰামতকৈ কম নাছিল। তেওঁৰ গাঁৱত পথ, বিদ্যুৎ, ইণ্টাৰনেট আদি মৌলিক সুবিধাৰ অভাৱ আছিল। কঠোৰ বতৰৰ পৰিস্থিতি সন্মুখীন হৈও তেওঁ দৈনিক সাত-আঠ কিলোমিটাৰ খোজ কাঢ়ি স্কুললৈ যাবলগীয়া হৈছিল। এই সমস্যাসমূহৰ বাবে তেওঁ আধাতে স্কুল এৰিবলগীয়া হৈছিল। অধিক শিক্ষা আৰু জীৱিকাৰ পথৰ সন্ধানত তেওঁ শ্ৰীনগৰলৈ গুচি আহিছিল।
 
শ্ৰীনগৰৰ প্ৰথম দিনবোৰ তেওঁৰ বাবে অত্যন্ত কঠিন আছিল। জীৱন নিৰ্বাহৰ বাবে তেওঁ হোটেলত বাচন ধোৱা কাম কৰিছিল। পিছলৈ ওৱেটাৰ আৰু ছেলচমেন হিচাপেও কাম কৰিছিল। কিন্তু বেলেগ কিবা এটা কৰাৰ হেঁপাহে তেওঁক ভিতৰি ভিতৰি অশান্তি দি আহিছিল। 
 
ইমৰাণ লোন
 
শৈশৱৰ পৰাই তেওঁ ব্ৰুচ লী আৰু জেকী চানৰ ছবিৰ পৰা অনুপ্ৰাণিত হৈছিল। সেই ছবিবোৰে তেওঁক যুদ্ধ কলাৰ প্ৰতি আকৰ্ষণ কৰিছিল। ইমৰানে কয় যে, সেই সময়ত শ্ৰীনগৰৰ প্ৰায় প্ৰতিটো গলিতে যুদ্ধ কলাৰ কোচিং ক্লাব আছিল। তেওঁ উপলব্ধি কৰিলে যে যদি তেওঁ কিবা এটা লাভ কৰিব বিচাৰে, তেন্তে তেওঁ বেলেগ কিবা এটা কৰিব লাগিব। 
 
এইখিনিতে তেওঁৰ জীৱনে নতুন ৰূপ লৈছিল। তেওঁ কেলিষ্টেনিক্স নামৰ এটা অতি কঠিন আৰু অনুশাসিত খেল হাতত লৈছিল।  বহু বছৰৰ কষ্ট আৰু অনুশীলনৰ অন্তত তেওঁ এই কলাটো আয়ত্ত কৰিছিল। আজি এই শিল্পই তেওঁৰ পৰিচয় আৰু জীৱিকাৰ মূল উৎস।  
 
তেওঁ কেলিষ্টেনিক্স আৰু ফিটনেছৰ বিষয়ে ভিডিঅ' নিৰ্মাণ কৰি সামাজিক মাধ্যমত পোষ্ট কৰিবলৈ আৰম্ভ কৰিছিল, যিবোৰ অতি সোনকালে জনপ্ৰিয় হৈ পৰিছিল। আজি ইমৰাণ লোনক কাশ্মীৰৰ অন্যতম আগশাৰীৰ সামাজিক মাধ্যম প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হয়। ফিটনেছ প্ৰশিক্ষক হিচাপে তেওঁ হাজাৰ হাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াই নহয় মানসিকভাৱেও শক্তিশালী কৰি আহিছে। 
 
ইমৰাণৰ মতে ফিটনেছৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে সামাজিক মাধ্যম এক অতি ফলপ্ৰসূ মাধ্যমত পৰিণত হৈছে। তেওঁ কয়, "যদি সঠিক দিশত ব্যৱহাৰ কৰা হয়, তেন্তে  সামাজিক মাধ্যমে যুৱক-যুৱতীসকলক নিচা আৰু হতাশা দূৰ কৰাত সহায় কৰিব পাৰে। আজি সামাজিক মাধ্যমৰ পৰা তেওঁৰ উপাৰ্জন তেওঁৰ প্ৰধান উপাৰ্জনৰ উৎস, কিন্তু তেওঁৰ অৱদান তাতকৈও বেছি, যুৱক-যুৱতীসকলৰ জীৱনলৈ তেওঁ কঢ়িয়াই অনা পৰিৱৰ্তনত। 
 
ইমৰাণ লোন
 
পেৰা ফৰ্চৰ পৰা অনুপ্ৰাণিত হৈ ইমৰানে যুৱক-যুৱতীসকলক একে স্তৰৰ প্ৰশিক্ষণ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁৰ একাডেমীলৈ অহা যুৱক-যুৱতীসকলৰ অধিকাংশই আৰ্থিকভাৱে  দূৰ্বল পটভূমিৰ। ইমৰানে তেওঁলোকৰ পৰা কোনো মাচুল লোৱা নাই কাৰণ তেওঁ জানে যে, সময়োপযোগী সুযোগ এটাই কাৰোবাৰ সমগ্ৰ জীৱন সলনি কৰিব পাৰে। 
 
আজি সেই সৰু বান্দিপোৰা গাঁৱৰ এই যুৱকজনক 'বাঘ' বুলি জনা যায়। তেওঁ কেৱল ফিটনেছ প্ৰশিক্ষক বা সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি নহয়, এসময়ত উপযুক্ত পথ প্ৰদৰ্শনৰ অভাৱত বিপথে পৰিচালিত হোৱা সেই যুৱক-যুৱতীসকলৰ কণ্ঠ। ইমৰাণ লোনৰ কাহিনীয়েই প্ৰমাণ কৰিছে যে, যদি কোনোবাই নিজৰ উদ্দেশ্যত অটল হৈ থাকে, তেন্তে সীমিত সম্পদেও তেওঁক বাধা দিব নোৱাৰে। তেওঁৰ জীৱন সংগ্ৰাম, দৃঢ়তা আৰু সেৱাৰ এক জীৱন্ত নিদৰ্শন, কাশ্মীৰৰ পৰিৱৰ্তিত ভৱিষ্যতৰ আভাস দিয়া এক  উৎকৃষ্ট উদাহৰণ।